এটা গুৰুত্বপূৰ্ণ কাৰ্য্যৰ বাবে আমাক সুসজ্জিত কৰি তুলা এখন স্কুল
১ লোকবিলাকে স্কুললৈ এইবাবে যায় যাতে তেওঁলোকে তাৰ পৰা শিক্ষা লাভ কৰি নিজৰ জীৱনৰ লক্ষ্যসমূহত উপনীত হʼব পাৰে। জীৱন দান কৰোঁতা জনক স্তুতি, আনক তেওঁৰ উদ্দেশ্য আৰু পথৰ বিষয়ে শিকাত সহায় কৰা লক্ষ্যতকৈ আন কি গুৰুত্বপূৰ্ণ হʼব পাৰে? আন একোৱেই গুৰুত্বপূৰ্ণ হʼব নোৱাৰে। ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ প্ৰধান অভিপ্ৰায় হৈছে আমি কৰা বিশ্বাসৰ বিষয়ে আনক শিক্ষাদান কৰিবলৈ সাজু হোৱা। সেয়েহে আমি প্ৰত্যেক সপ্তাহে হোৱা স্কুলত উপস্থিত থকা আৱশ্যক। ইয়াৰ দ্বাৰা আমি জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য কৰাত পাকৈত হʼব পাৰিম।
২ যোৱা মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত “২০০৩ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা” দিয়া হৈছে। সেই তালিকাখনত স্কুল কেনেকৈ পৰিচালনা কৰা আৱশ্যক এই বিষয়ে সকলো বৰ্ণনা কৰা হৈছে। আপোনাৰ বাবে হয়তো এই তালিকাখন ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভবান হোৱা নামৰ পাঠ্যপুস্তকখনত ৰাখিলে অধিক ব্যৱহাৰিক হʼব। কিয়নো এই পাঠ্যপুস্তকখন আপুনি প্ৰত্যেক সপ্তাহে হোৱা ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত নিজৰ লগত অনা আৱশ্যক। ২০০৩ চনত হʼবলগীয়া ঈশ্বৰশাসিত স্কুলৰ কিছুমান বৈশিষ্ট্যতাৰ বিষয়ে বিবেচনা কৰক।
৩ বক্তৃতাৰ বৈশিষ্ট্য: জানুৱাৰী মাহৰ আৰম্ভণিৰ পৰা প্ৰত্যেকখন স্কুল ৫ মিনিটৰ ভাষণৰ সৈতে আৰম্ভ হʼব। সেই ভাষণত কথোপকথনৰ গুণ বা পাঠ, অধ্যয়ন বা শিক্ষা দিয়া দিশৰ বিষয়ে উল্লেখ কৰা হʼব। স্কুল অধ্যক্ষই এই ভাষণটো নিজেই প্ৰস্তুত কৰিব বা ইয়াৰ বাবে তেওঁ আন এজন উপযুক্ত প্ৰাচীনক নিযুক্তি দিব। বক্তাজনে হয়তো ব্যাখ্যাটোৰ পৰা আলোচনা আৰু কথোপকথনৰ গুণৰ ওপৰত গুৰুত্ব দিব। তাৰ পিছত তেওঁ শাস্ত্ৰীয় উদাহৰণবোৰ আলোচনা কৰি বিষয়বস্তুটোক ব্যাখ্যা, সেই গুণটোৰ ভিত্তিত কাৰ্য্য আৰু কেনেকৈ আমাৰ প্ৰচাৰ কাৰ্য্যক উন্নত কৰিব পাৰে এই বিষয়ে মনোনিবেশ কৰা উচিত।
৪ ভাষণ নং ১: এই ভাষণ দিবলৈ যি ভাইসকলক নিযুক্তি দিয়া হয় তেওঁলোকক পৰামৰ্শ দিয়া হৈছে যে, তেওঁলোকে যেন “বিষয়বস্তুত দিয়া ব্যৱহাৰিক অৰ্থৰ প্ৰতি মনোযোগ দি আলোচনা কৰে।” ইয়াৰ অৰ্থ হৈছে মণ্ডলীক কোৱা উচিত যে সেই বিষয়টোক তেওঁলোকে কেনেকৈ নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰে। যদি আপুনি এই নিযুক্তি পাইছে, তেনেহʼলে পৰিচৰ্য্যা স্কুলʼৰ পাঠ্যপুস্তকত দিয়া ৪৮-৯ পৃষ্ঠাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। যʼত কেনেকৈ ভাষণৰ বাবে তৈয়াৰ কৰিব পাৰি তাৰ বাবে সুপৰামৰ্শ আৰু কিতাপখনৰ নিৰ্ঘন্টত দিয়া “ব্যৱহাৰিক নিয়োজন” নামৰ বিষয়টোৰ অন্তৰ্গত উদ্ধৃতসমূহক অধ্যয়ন কৰাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
৫ বাইবেল পাঠ কৰা তালিকা: অতীতত যদি আপুনি সপ্তাহিক বাইবেল পাঠ কৰাৰ তালিকাক অনুকৰণ কৰিব নোৱাৰিলে, তেনেহʼলে এই বছৰৰ বাইবেল পাঠৰ তালিকাক নিবিড়ভাৱে অনুকৰণ কৰিবলৈ কিয় দৃঢ় সঙ্কল্প নলয়? যিসকলে এই বছৰৰ শেষৰলৈকে খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰ অৰ্থাৎ নতুন নিয়মৰ অংশত থকা কিতাপসমূহৰ পাঠ কৰি শেষ কৰিব, তেওঁলোকে খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ সৈতে বাইবেল পাঠৰ কাৰ্য্যক্ৰমৰ সম্বন্ধে পৰিচৰ্য্যা স্কুল কিতাপখনৰ ১০ পৃষ্ঠাৰ ৪ অনুচ্ছেদত আলোচনা কৰা বিষয়টোৰ পৰা অধিক লাভবান হʼব।
৬ বাইবেল পাঠৰ আলোকপাত: এই ভাগটো পৰিচালনা কৰাৰ সময় দহ মিনিটলৈ বঢ়াই দিয়া হৈছে যাতে শ্ৰোতাসকলে নিযুক্ত কৰা সেই সপ্তাহটোৰ বাইবেল পাঠৰ অধ্যায়সমূহৰ ওপৰত মন্তব্য দিব পাৰে। যিসকলক এই ভাগটোৰ বাবে নিযুক্তি দিয়া হয় তেওঁলোকে নিৰ্ধাৰিত সময়ৰ ভিতৰত ভাষণ শেষ কৰা আৱশ্যক। এই ভাগটো প্ৰত্যেক সপ্তাহে প্ৰস্তুত কৰা হʼব, যʼত মৌখিক পুনৰ নিৰীক্ষণ কৰাৰ সপ্তাহো সন্মিলিত আছে। যেতিয়া আপুনি নিযুক্তি কৰা অধ্যায়সমূহ পাঠ কৰে তেতিয়া এনেবোৰ বিষয়ক আপোনাৰ পৰিয়াল অধ্যয়ন, প্ৰচাৰ কাৰ্য্য আৰু নিজৰ ব্যক্তিগত জীৱনত প্ৰয়োগ কৰিবলৈ সুযোগ লওক যাৰ যোগেদি আপুনি অধিক লাভবান হʼব পাৰিব। সেই বিষয়বোৰ হৈছে যেনে, যিহোৱাই লোক আৰু জাতিসমূহৰ সৈতে আচৰণ কৰোঁতে কেনে গুণবোৰ প্ৰকাশ কৰিলে? যিহোৱাৰ প্ৰতি কৃতজ্ঞতা বৃদ্ধি আৰু নিজৰ বিশ্বাস শক্তিশালী কৰি তুলিবলৈ আপুনি কি শিকিব পাৰিলে? এই ভাগত নিযুক্ত কৰা আৰু ২ নং ভাষণৰ বক্তাই তেওঁ পাঠ কৰা অংশটোৰ পৰা কোনো মন্তব্য নিদিয়াৰ বাবে সেই ভাগটোৰ পৰা মুকলিকৈ মন্তব্য দিয়ক।
৭ ভাষণ নং ২: এই ভাগটোক প্ৰথম বিদ্যাৰ্থীৰ নিযুক্তি হিচাবে প্ৰত্যেক সপ্তাহে নিযুক্তি ভাইজনে ৰাজহুৱা পাঠ কৰিব। প্ৰত্যেক মাহৰ শেষৰ সপ্তাহৰ বাহিৰে বিদ্যাৰ্থীজনে বাকী তিনি সপ্তাহ নিযুক্তি কৰা বাইবেলৰ অধ্যায়ৰ পৰা পাঠ কৰিব। কিয়নো মাহটোৰ শেষৰ সপ্তাহটোৰ পাঠ কৰিবলগীয়া বিষয়বস্তুসমূহ প্ৰহৰীবুৰুজ আলোচনীখনৰ পৰা লোৱা হʼব। বিদ্যাৰ্থীজনে কোনো পৰিচয় বা উপসংহাৰ নিদিয়াকৈ নিজৰ ভাগটোক পাঠ কৰা উচিত। এইদৰে বিদ্যাৰ্থীজনে বিশেষকৈ নিজৰ পাঠ কৰা দক্ষতাৰ ওপৰত মনোযোগ দিব পাৰিব।—১ তীম. ৪:১৩.
৮ ভাষণ নং ৩ আৰু ৪: এই নিযুক্তিৰ বেছিভাগ ভাষণৰ বাবে ৰীজনিং পুস্তক অথবা যʼত এই পুস্তক উপলব্ধ নাই তাৰ বাবে অতিৰিক্ত উদ্ধৃতি দিয়া হৈছে; কেৱল কিছুমান ভাষণৰ বাবেহে মাত্ৰ এটা বিষয়বস্তু দিয়া হৈছে। যিসকলে এই ভাষণৰ বাবে নিযুক্তি পায় তেওঁলোকৰ বাবে সীমিত বিষয়বস্তুৰ তথ্য বা মাত্ৰ কেৱল এটা বিষয়বস্তু দিয়া থাকে। গতিকে তেওঁলোকে আমাৰ খ্ৰীষ্টান সাহিত্যসমূহত ভালদৰে অনুসন্ধান কৰি তেওঁলোকৰ ভাষণ প্ৰস্তুত কৰিবলৈ সুযোগ পায়। এই ভাগটোক সহজ কৰি তুলিবলৈ ভনীসকলে তেওঁলোকৰ সহায়কাৰীৰ সৈতে চৰ্চ্চা কৰিব পাৰে।
৯ পটভূমিসমূহ: এই বিষয়ে পৰিচৰ্য্যা স্কুল কিতাপখনৰ ৪৫ পৃষ্ঠাত নিৰ্দ্দেশনা দিয়া হৈছে আৰু স্কুল অধ্যক্ষজনে ভাষণৰ পটভূমিৰ বাবে এই পৃষ্ঠাৰ পৰা কোনো এটা পটভূমি নিযুক্তি দিব পাৰে। যদি তেওঁ কোনো পটভূমিৰ নিযুক্তি দিয়া নাই তেনেহʼলে ভনীসকলে সেই কিতাপখনৰ ৮২ পৃষ্ঠাৰ পৰা কোনো এটা পটভূমি নিৰ্ব্বাচিত কৰিব পাৰে। যদি এগৰাকী ভনীয়ে প্ৰত্যেক দুমাহৰ মূৰে মূৰে ভাষণ দিয়ে তেনেহʼলে ৩০ টা বিভিন্ন পটভূমি দিয়া হৈছে, যিটো পাঁচ বছৰলৈকে অক্ষত থাকিব। যিসকল ভনীয়ে “আপোনাৰ এলেকাত প্ৰযোজ্য হোৱা উপযুক্ত পটভূমি” নামৰ ৩০ নং বিষয়টো নিৰ্ব্বাচিত কৰে, তেওঁলোকে নিজৰ পটভূমিৰ বিষয়ে নিযুক্তি পত্ৰখনৰ (S-89) তলৰ ভাগত বা পিছৰফালে লিখা আৱশ্যক। স্কুল অধ্যক্ষজনে বিদ্যাৰ্থীজনৰ পাঠ্যপুস্তকখনৰ ৮২ পৃষ্ঠাত তেওঁৰ বা তাইৰ ভাষণৰ তাৰিখ আৰু কাম কৰিবলগীয়া পৰৱৰ্তী পটভূমিৰ বিষয়ে লিখি ৰাখিব। একেই সময়ত তেওঁ বিদ্যাৰ্থীজনৰ পৰামৰ্শ ফৰ্মখনত লিখি ৰাখিব।
১০ পৰামৰ্শ ফৰ্ম: এই পৰামৰ্শ ফৰ্মখন আপোনাৰ পাঠ্যপুস্তকখনৰ ৭৯-৮১ পৃষ্ঠাত দিয়া হৈছে। গতিকে আপুনি প্ৰত্যেকটো ভাষণ দিয়াৰ শেষত এই পাঠ্যপুস্তকখন স্কুল অধ্যক্ষক দিয়া আৱশ্যক। তদুপৰি স্কুল অধ্যক্ষজনেও বিদ্যাৰ্থীসকলে কাৰ্য্য কৰা ভাষণৰ বৈশিষ্ট্যৰ বিষয়ে দিয়া পৰামৰ্শৰ ৰেকৰ্ড ৰাখা প্ৰয়োজন।
১১ মৌখিক পুনৰ নিৰীক্ষণ: মৌখিভাৱে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল বিষয়বস্তুক পুনৰ নিৰীক্ষণ কৰা হʼব। এই পুনৰ নিৰীক্ষণ প্ৰত্যেক দুমাহত এবাৰকৈ পৰিচালনা কৰা হব আৰু ইয়াৰ সময়ৰ অৱধি হৈছে ৩০ মিনিট। আমাৰ ৰাজ্য পৰিচৰ্য্যা পাঠ্যপুস্তকখনত দিয়া সকলোবোৰ প্ৰশ্ন বিবেচনা কৰা হʼব। যদি পুনৰ নিৰীক্ষণ হোৱা সপ্তাহটোত কোনো চাৰ্কিট সন্মিলন বা পৰিব্ৰাজক অধ্যক্ষই মণ্ডলীক সাক্ষাৎ কৰে তেনেহʼলে পৰৱৰ্তী সপ্তাহৰ ভাষণসমূহ আগতীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা আৱশ্যক আৰু সেই সপ্তাহটোত পুনৰ নিৰীক্ষণৰ বাবে ব্যৱস্থা কৰা উচিত।
১২ সহকাৰী শ্ৰেণীসমূহ: মণ্ডলীত ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত ভাগ লোৱা বিদ্যাৰ্থীসকলৰ সংখ্যা যদি ৫০ জনৰো অধিক হয়, তেনেহʼলে প্ৰাচীনসকলে সহকাৰী শ্ৰেণীৰ বাবে বিবেচনা কৰিব পাৰে। “এই ব্যৱস্থাত সকলো বিদ্যাৰ্থীৰ ভাগবোৰ অথবা মাত্ৰ ৩ আৰু ৪ নং ভাষণ সন্মিলিত কৰা হয়।” (পৰিচৰ্য্যা স্কুল, ২৮৫ পৃষ্ঠা) শেষৰ পৰামৰ্শটো কেৱল সেইবোৰ মণ্ডলীত প্ৰযোজ্য হয় যিবোৰ মণ্ডলীত ভনীসকলৰ সংখ্যা সৰহ আৰু পাঠ কৰা নিযুক্তিত ভাগ লোৱা ভাইবিলাকৰ সংখ্যা তাকৰ। এই শ্ৰেণীবোৰ পৰিচালনা কৰিবলৈ প্ৰাচীনসকলে এজন উপযুক্ত ভাইক বাছনি কৰা আৱশ্যক।
১৩ সহকাৰী পৰামৰ্শদাতা: ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকাত উল্লেখ কৰা সহকাৰী পৰামৰ্শদাতাক প্ৰাচীন গোষ্ঠীয়ে ব্যক্তিগত বা অকলশৰীয়াকৈ উপদেশমূলক ভাষণ আৰু বাইবেলৰ আলোকপাত দিয়া প্ৰাচীন বা সহায়ক সেৱকসকলক পৰামৰ্শ দিবলৈ নিযুক্তি কৰা হয়। সহকাৰী পৰামৰ্শদাতা হিচাবে যি ভাইক নিযুক্তি দিয়া হয়, তেওঁ অনুভৱী হোৱা উচিত যিজনৰ পৰামৰ্শক আন প্ৰাচীনসকলে সন্মান কৰে। তেওঁৰ পৰামৰ্শত উন্নতিসাধকতা, কথা কোৱা আৰু শিক্ষা দিয়া দক্ষতাৰ বাবে কৃতজ্ঞতা, তদুপৰি অধিক উন্নতি কৰিবলৈ এটা বা দুটা বিষয় সন্মিলিত হোৱা উচিত। যিজন ভায়ে প্ৰায়ে ভাষণ দিয়ে তেওঁক প্ৰত্যেকটো ভাষণৰ শেষত পৰামৰ্শ দিয়াৰ কোনো আৱশ্যক নাই। তদুপৰি যি ভাইক সহকাৰী পৰামৰ্শদাতা হিচাবে নিযুক্ত কৰা হয় তেওঁ বিবেচনাশীল আৰু জ্ঞাত হোৱা আৱশ্যক যে বৰ্তমানে যি ভাইসকলে ৰাজহুৱা ভাষণ দিয়ে তেওঁলোককো আগন্তুক বৃদ্ধিৰ বাবে সহায় কৰা প্ৰয়োজন।—১ তীম. ৪:১৫.
১৪ পৰামৰ্শদাতাই কিহৰ ওপৰত মনোনিৱেশ কৰা আৱশ্যক: এটা ভাষণক বিশ্লেষণ কৰিবলৈ এজন পৰামৰ্শদাতাক কিহে সহায় কৰিব পাৰে? কিহৰ ওপৰত মনোনিৱেশ কৰিব এই বিষয়ে পৰিচৰ্য্যা স্কুল কিতাপখনৰ ৫৩ টা অধ্যায়ৰ বেছিভাগতেই উল্লেখ কৰা তৃতীয় বক্সত পৰামৰ্শদাতাই মনোযোগ দিবলগীয়া বিষয়ৰ সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা হৈছে। ইয়াৰ উপৰিও স্কুল অধ্যক্ষই কিতাপখনত দিয়া আন স্মাৰক বা পৰামৰ্শসমূহক লক্ষ্য কৰা উচিত, যিহে তেওঁক কম সময়ৰ ভিতৰত ভালকৈ সঙ্গতিপূৰ্ণ আৰু ব্যৱহাৰিকৰূপে প্ৰস্তুত কৰাত সহায় কৰিব। উদাহৰণস্বৰূপে, ৫৫ পৃষ্ঠাৰ ওপৰৰ অংশত ক্ৰমানুসাৰে দিয়া প্ৰশ্নসমূহ আৰু ১৬৩ পৃষ্ঠাৰ শেষৰ অনুচ্ছেদত দিয়া অভিমতবোৰক নিৰীক্ষণ কৰক।
১৫ খালী ঠাই পূৰণ কৰা: পৰিচৰ্য্যা স্কুল কিতাপখনৰ দাঁতিত অতিৰিক্ত ঠাই দিয়াৰ উপৰিও ভালেমান খালী ঠাই দিয়া হৈছে। সেইবোৰ এইবাবে দিয়া হৈছে যাতে ব্যক্তিগত অধ্যয়ন আৰু ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত উপস্থিত হোৱাৰ সময়ত আপুনি সেই স্থানবোৰত মনত ৰাখা কিছুমান বিষয় লিখিব পাৰে। (৭৭, ৯২, ১৬৫, ২৪৩ আৰু ২৫০ পৃষ্ঠা চাওক।) প্ৰত্যেক সপ্তাহে নিজৰ সৈতে এই পাঠ্যপুস্তকখন আনিবলৈ নাপাহৰিব। সেইখন আৰম্ভণিৰ ভাষণৰ পৰা লৈ শেষৰ ভাষণৰ লৈকে নজপাকৈ ৰাখক। স্কুল অধ্যক্ষই দিয়া পৰামৰ্শবোৰত লক্ষ্য কৰক। বক্তাসকলে ব্যৱহাৰ কৰা শিক্ষা দিয়া পদ্ধতি, প্ৰশ্ন, উদাহৰণ, কথা কোৱাৰ ধৰণ, দৃষ্টান্ত, দৃশ্যৱিক বস্তু আৰু বৈসাদৃশ্যতাক মনোযোগ দিয়ক। সেই বিষয়বোৰক ভালদৰে মনত ৰাখা বা লিখি ৰাখাৰ দ্বাৰা আপুনি স্কুলত শিকা গুৰুত্বপূৰ্ণ বিষয়বোৰক স্মৰণ কৰিব পাৰিব।
১৬ যীচুৱে জানিছিল যে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আনক প্ৰচাৰ কৰাটো হৈছে এটা বিশেষ অধিকাৰ। এইটোৱেই তেওঁৰ মুখ্য দায়িত্ব আছিল। (মাৰ্ক ১:৩৮) সেয়েহে তেওঁ এইদৰে কৈছিল: “মই . . . ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিব লাগে; কিয়নো সেই নিমিত্তে মোক পঠোৱা হল।” (লূক ৪:৪৩) যিসকলে আমন্ত্ৰণ গ্ৰহণ কৰিল তেওঁলোক তেওঁৰ অনুগামী হʼল আৰু আমিও গুৰুত্বৰে আনক শুভবাৰ্ত্তা প্ৰচাৰ কৰাত ভাগ লওঁ। গতিকে আমি “ওঁঠৰ ফল উৎসৰ্গ” কৰাত উন্নতি কৰিবলৈ সদায়ে প্ৰচেষ্টা কৰা আৱশ্যক। (ইব্ৰী ১৩:১৫) সেই লক্ষ্যত উপনীত হʼবলৈ আমি নিয়মীয়াকৈ ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত ভাগ লʼবলৈ দৃঢ় নিৰ্ণয় লোৱা আৱশ্যক। কিয়নো এই স্কুলে আমাক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ বাবে প্ৰস্তুত হোৱাত সহায় কৰিব।