ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ
১ যিহোৱাৰ লোকসকলৰ বাবে ঈশ্বৰশাসিত প্ৰশিক্ষণ লাভ কৰাটো এক বিশেষাধিকাৰ। (যিচ. ৫৪:১৩; যোহ. ৬:৪৫) এই ব্যৱস্থাৰ পৰা সম্পূৰ্ণকৈ লাভৱান হোৱাটো আমি সযত্নৰে কৰা পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে। আপোনাৰ আধ্যাত্মিকতাত ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলে উপযুক্তভাৱে প্ৰভাৱিত কৰাৰ বিষয়ে আপুনি উপলব্ধি কৰিব পাৰিছেনে?
২ গুণগ্ৰাহী মন্তব্যসমূহ: বহুতো স্কুল অধ্যক্ষই লক্ষ্য কৰিছে যে বক্তৃতাৰ বৈশিষ্ট্যবোৰক গভীৰভাৱে অধ্যয়ন কৰাৰ দ্বাৰা মণ্ডলীবোৰে প্ৰচাৰ কাৰ্য্যত কাৰ্য্যকাৰী হʼব পাৰিছে। তদুপৰি এজন স্কুল অধ্যক্ষই পাইছে যে শ্ৰোতাসকলক বাইবেল পাঠৰ আলোকপাতবোৰত উত্তৰ দিবলৈ কৰা ব্যৱস্থাৰ বাবে বহুতে সপ্তাহিক বাইবেল পাঠৰ বাবে দিয়া তালিকাখনক নিয়মীয়াকৈ অনুকৰণ কৰিছে। দুই নং ভাষণ দিয়া বহুতো ভায়ে কোনো পাতনি আৰু সমাপ্তি নোহোৱাকৈ বিষয়টোৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰি লাভৱান হোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে। যিসকলক এই ভাষণৰ বাবে নিযুক্তি কৰা হৈছিল, এতিয়া তেওঁলোকে অধিক মনোযোগেৰে তেওঁলোকৰ পাঠ কৰা দক্ষতাক অধিককৈ উন্নতি কৰিব পাৰিছে।—১ তীম. ৪:১৩.
৩ সকলোৱে লাভৱান হʼব পাৰে: মণ্ডলীৰ সভাবোৰত মন্তব্য দিয়াটো এক আনন্দৰ বিষয়। (হিতো. ১৫:২৩) আগতীয়াকৈ মৌখিক প্ৰশ্নসমূহক পুনৰ নিৰীক্ষণ কৰাৰ দ্বাৰা সভাৰ বাবে আগতীয়াকৈ তৈয়াৰ আৰু পুনৰ নিৰীক্ষণৰ সময়ত উত্তৰ দিয়াত আমাৰ বাবে সহায়ক হৈছে। ইয়াৰ উপৰিও জানুৱাৰী ১, ২০০৪ চনৰ প্ৰহৰীবুৰুজ আলোচনীৰ সৈতে বাইবেল কিতাপবোৰৰ আলোকপাত নামৰ লেখটো দিয়া হৈছে, যিটো আমাৰ ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত দিয়া সপ্তাহিক বাইবেল পাঠৰ সৈতে সম্পৰ্ক আছে। বাইবেলৰ আলোকপাত কৰাৰ সময়ত এই লেখবোৰে বহুতকে উন্নতিসাধক মন্তব্য দিবলৈ সহায় কৰিলে।
৪ এই স্কুলত ভাগ লোৱা সকলোৰে বাবে তৈয়াৰ আৰু নিজৰ নিযুক্তি ভাষণ দিয়াটো হৈছে এটা বিশেষাধিকাৰ। আমাৰ সকলোৱে স্কুল অধ্যক্ষই মঞ্চৰ পৰা দিয়া উন্নতিসাধক মন্তব্যৰ দ্বাৰা লাভৱান হʼব পাৰোঁ। বিদ্যাৰ্থীসকলে ব্যক্তিগতভাৱে সভাৰ পিছত হয়তো স্কুল অধ্যক্ষই দিয়া ব্যক্তিগত পৰামৰ্শ বা উপদেশৰ দ্বাৰা লাভৱান হʼব পাৰে। ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভৱান হোৱা নামৰ কিতাপখনত প্ৰত্যেকটো অধ্যায়ৰ শেষত দিয়া অনুশীলনীত আলোচনা কৰা বক্তৃতাৰ গুণসমূহে অতিৰিক্তভাৱে সহায় কৰিব।
৫ সভাৰ সময়ত আৰু পিছত শাস্ত্ৰীয় কাৰ্য্যকাৰী ভাৱধাৰাৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰা বিষয়বোৰক আপোনাৰ ওচৰত থকা পৰিচৰ্য্যা স্কুল পাঠ্যপুথিখনৰ ব্যক্তিগত কপিবোৰত চমুকৈ টোকি ৰাখক। এই ঈশ্বৰীয় প্ৰশিক্ষণৰ দ্বাৰা আপোনাৰ আধ্যাত্মিকতাক উন্নত কৰিবলৈ শিকা আৰু আলোচনা কৰা বিষয়বোৰক পুনৰ নিৰীক্ষণ কৰক।