২০০১ চনৰ ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল
১ বহুতো শাস্ত্ৰীয় পদে দৰ্শাইছে যে আমি সকলোৱে কিয় ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলত ভাগ লোৱাটো অতি আৱশ্যক।—হিতো. ১৫:২৩; মথি ২৮:১৯, ২০; পাঁচ. ১৫:৩২; ১ তীম. ৪:১২, ১৩; ২ তীম. ২:২; ১ পিত. ৩:১৫.
২ বহু বছৰৰ পৰাই সপ্তাহিকৰূপে বাইবেল পাঠ কৰাটো ঈশ্বৰ শাসিত স্কুলৰ এটা মুখ্য ভাগ হিচাপে প্ৰস্তুত কৰি অহা হৈছে। সেই স্কুলত দিয়া তালিকাৰ অনুসাৰে প্ৰত্যেক দিনে বাইবেলখনৰ পৰা একোখনকৈ পৃষ্ঠা পঢ়া আৱশ্যক। এই বছৰৰ পৰা প্ৰত্যেক লিখিত পুনৰ নিৰীক্ষণৰ সপ্তাহতো বাইবেলৰ পৰা পাঠ কৰিবলৈ শাস্ত্ৰৰ পদবোৰ উল্লেখ কৰা হৈছে। যোৱা তিনি বছৰৰ ধৰি যি অতিৰিক্ত বাইবেল পাঠৰ তালিকা দিয়া হৈছিল তাৰ সমাপ্তি হʼল। কিন্তু যদি আপুনি ইয়াতকৈ অধিক বাইবেলখন পঢ়িবলৈ বিচাৰে তেনেহʼলে আপুনি নিজৰ বাবে এখন তালিকা তৈয়াৰ কৰিব পাৰে।
৩ ভাষণ নং দুইত, ঈশ্বৰৰ বাক্যক “ৰাজহুৱাভাৱে পাঠ” কৰিবলৈ ভাইসকলক প্ৰশিক্ষিত কৰা হয়। (১ তীম. ৪:১৩) এতেকে যেতিয়া আপোনাক এই ভাষণৰ বাবে নিযুক্ত কৰা হয়, তেতিয়া বাইবেল পাঠটোক ভালকৈ প্ৰস্তুত কৰিবলৈ উচ্চ স্বৰত নিৰ্দিষ্ট শাস্ত্ৰৰ পদটো বাৰে বাৰে পঢ়ক। ইয়াৰ ওপৰিও, স্কুল গাইড বুক নামৰ কিতাপখনত উচ্চাৰণ, কন্ঠস্বৰ আৰু স্পষ্টকৈ বাইবেলৰ পৰা আপোনাক নিযুক্ত কৰা পদটো উন্নতজনকভাৱে পঢ়িবলৈ আন আন আৱশ্যকীয় সহায় আগবঢ়োৱা হৈছে।
৪ ভাষণ নং ৩ আৰু ৪ বিভিন্ন ব্ৰচাৰ আৰু সৰ্বশ্ৰেষ্ঠ মানৱ কিতাপৰ ওপৰত আধাৰিত কৰি প্ৰস্তুত কৰা হৈছে। যদি আপোনাৰ ভাষণৰ বিষয়বস্তুৱে নিযুক্তি সময়তকৈ অধিক সময় লয়, তেনেহʼলে আপোনাৰ মণ্ডলীৰ বাবে যি ব্যৱহাৰিক সেই বিষয়বোৰক বাছনি কৰি আপুনি ভাষণ প্ৰস্তুত কৰাটো উত্তম হʼব। ইয়াৰ বাবে আপুনি যি কোনো ক্ষেত্ৰৰ বাছনি কৰিব পাৰে যʼত আপোনাৰ ভাষণত উল্লেখ কৰা বিষয়বস্তুবোৰ মিল খাই।
৫ ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলত আপোনাৰ নিযুক্তি বিষয়বস্তুক উত্তম আৰু যুক্তিসঙ্গতৰূপে প্ৰস্তুত কৰিবলৈ সম্পূৰ্ণ মনে-প্ৰাণে চেষ্টা কৰক। আপোনাৰ ভাষণক ভালদৰে প্ৰস্তুত কৰিবলৈ অধিক সময় ব্যয় কৰি বিষয়বস্তুক নিজ শব্দত সহজ আৰু সৰলভাৱে কবলৈ চেষ্টা কৰক। যদি আপুনি আন্তৰিকতাৰে ২০০১ চনৰ ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলত ভাগ লয়, তেন্তে মণ্ডলীক উৎসাহিত কৰিব পাৰিব আৰু নিজেও ব্যক্তিগতৰূপে লাভৱান হʼব।