২০০২ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল
১ বহুতে কথা কবলৈ পৰা দক্ষতাক অনুদান হিচাপে সহজে গ্ৰহণ কৰে। দৰাচলতে, কথা কবলৈ পৰা ক্ষমতা হৈছে যিহোৱাৰ পৰা পোৱা এক উপহাৰ। ইয়াৰ দ্বাৰা আমি আনৰ সৈতে কথো-পকথন, আমাৰ অনুভূতি আৰু চিন্তাধাৰাক প্ৰকাশ কৰোঁ। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে, আমি ইয়াৰ দ্বাৰা ঈশ্বৰক স্তুতি কৰোঁ।—গীত. ২২:২২; ১ কৰি. ১:৪-৭.
২ পুৰুষ, স্ত্ৰী আৰু লʼৰা-ছোৱালী, এই সকলোৱে যিহোৱাৰ নামক ঘোষণা কৰিবলৈ এই ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলত প্ৰশিক্ষণ লাভ কৰে। (গীত. ১৪৮:১২, ১৩) ২০০২ চনৰ এই ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ তালিকাত বাইবেল বিষয়সমূহৰ এক দীঘল তালিকা দিয়া হৈছে, যাৰ দ্বাৰা আমি ব্যক্তিগতভাৱে লাভৱান হম আৰু সেইবোৰক প্ৰচাৰ কাৰ্য্যত কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰিব পাৰিম। এই স্কুলৰ বাবে প্ৰস্তুত হৈ আৰু ইয়াত ভাগ লোৱাৰ দ্বাৰা আমি ঈশ্বৰৰ বাক্যৰ জ্ঞান লাভ কৰিব পাৰিম। তদুপৰি, আমি ঈশ্বৰৰ বাক্যত নিপুণ শিক্ষক হʼম।—গীত. ৪৫:১.
৩ প্ৰত্যেক দিনা বাইবেল পঢ়ক: যদি আমি বাইবেলখন সদায়ে নিজৰ লগত ৰাখোঁ, তেনেহʼলে সুবিধা পালেই আমি সময় উলিয়াই ইয়াক পঢ়িব পাৰিম। দিনটোত আমাৰ বহুতৰে ওচৰত কিছুমাত্ৰাত আছুতীয়া সময় থাকে, সেই সময়খিনি আমি বাইবেল পাঠ কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰত্যেক দিনা এটাকৈ বাইবেলৰ পৃষ্ঠা পঢ়াৰ যোগেদি আমি বাইবেল পাঠ কৰাৰ বাবে প্ৰস্তুত কৰা তালিকাখন নিবিড়ভাৱে অনুকৰণ কৰি কিমান যে লাভৱান হʼম!—গীত. ১:১-৩.
৪ বাইবেল পাঠ কৰা আমাৰ নিপুণতাই আমাৰ শ্ৰোতাসকলৰ হৃদয় স্পৰ্ষ কৰি যিহোৱাক স্তুতি কৰিবলৈ উত্তমৰূপে সহায় কৰিব। যিসকল বিদ্যাৰ্থীক ঈশ্বৰ-শাসিত স্কুলত ২ নং. ভাষণৰ বাবে নিযুক্ত কৰা হয়, তেওঁলোকে নিযুক্তি কৰা বাইবেলৰ অধ্যায়টো উচ্চ স্বৰত বাৰে বাৰে অভ্যাস কৰা আৱশ্যক। স্কুলৰ অধ্যক্ষজনে বিদ্যাৰ্থীজনক বাইবেল পাঠ কৰাত উন্নতি কৰাৰ বাবে শলাগ লʼব আৰু একেৰাহে উন্নতি কৰিবলৈ পৰামৰ্শ আগবঢ়াব।
৫ ব্যৱহাৰিকভাৱে প্ৰয়োগ কৰক: তিনি নম্বৰৰ ভাষণটো বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপ খনৰ ওপৰত আৰু চাৰি নম্বৰৰ ভাষণটো সৰ্বশ্ৰেষ্ট মানৱ নামৰ কিতাপখনৰ ওপৰত আধাৰিত কৰি প্ৰস্তুত কৰা হৈছে। এই কিতাপবোৰত উল্লেখ কৰা বিষয়বোৰৰ যোগেদি নতুন ব্যক্তিসকলে বাইবেল আৰু যীচু খ্ৰীষ্টৰ জীৱনীৰ সৈতে ভালদৰে পৰিচিত হʼবলৈ সহায় পোৱা আৱশ্যক। ইয়াৰ ওপৰিও বিদ্যাৰ্থীজনে ব্যৱহাৰিক পটভূমি, যদি সম্ভৱ হয় তেনেহʼলে প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ হোৱা সিদ্ধান্তসমূহক বৰ্ণনা কৰা উচিত। স্কুল ওভাৰচিয়াৰ জনে বিশেষভাৱে মনোযোগ দিব যে বিদ্যাৰ্থী জনে কিদৰে শিকাইছে আৰু শাস্ত্ৰীয় পদসমূহ ব্যৱহাৰ কৰিছে।
৬ গতিকে ঈশ্বৰৰ পৰা উপহাৰ হিচাপে পোৱা যি কথা কোৱা ক্ষমতা, তাক একেৰাহে উন্নত কৰি শুভবাৰ্ত্তা প্ৰচাৰ আৰু যিহোৱাক স্তুতি কৰিবলৈ আমাৰ সকলোকে ঈশ্বৰ-শাসিত স্কুলৰ তালিকাখনে সহায় কৰে!—গীত. ৩৪:১; ইফি. ৬:১৯.