ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৩ পৃষ্ঠা ৬
  • “নিৰূপিত” থকাসকলক সহায় কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “নিৰূপিত” থকাসকলক সহায় কৰক
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • পুনৰ সাক্ষাতে বাইবেল অধ্যয়নলৈ পৰিচালিত কৰে
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৩ পৃষ্ঠা ৬

“নিৰূপিত” থকাসকলক সহায় কৰক

১ প্ৰত্যেকজন ব্যক্তিৰ লাক্ষণিক হৃদয়ত এটা প্ৰৱণতাই দৃঢ়ভাৱে বাহ লৈ আছে। (মথি ১২:⁠৩৫) বাইবেলে কৈছে যে কিছুমান ব্যক্তিৰ “অন্তৰ যুদ্ধময়।” (গীত. ৫৫:⁠২১) আন কিছুমানৰ ‘ক্ৰোধীত’ হোৱাৰ প্ৰৱণতা থাকে। (হিতো. ২৯:⁠২২) কিন্তু এনে কিছুমান লোকো আছে যিসকল “অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল।” (পাঁচ. ১৩:⁠৪৮) আমাৰ সময়ত যিহোৱা ঈশ্বৰে নিজেই উপযুক্তৰূপে নিৰূপিত লোকক একত্ৰিত কৰিছে। (হগ্‌. ২:⁠৭) আমি তেনেলোকক যিহোৱাৰ উপাসনা কৰাত কেনেকৈ সহায় কৰিব পাৰোঁ?

২ একেৰাহে পুনৰ সাক্ষাৎ কৰক: শিষ্য বনোৱা আজ্ঞাটোক সম্পন্ন কৰিবলৈ আমি পুনৰ সাক্ষাৎ কৰাৰ প্ৰতি সঠিক দৃষ্টিভঙ্গী বজাই ৰাখা উচিত। (মথি ২৮:⁠১৯, ২০) আমি আগ্ৰহী ব্যক্তিসকলক অনতিপলমে পুনৰ সাক্ষাৎ কৰোঁনে? যিসকলে আমাৰ প্ৰকাশনসমূহ গ্ৰহণ কৰে বা শুভবাৰ্ত্তাৰ প্ৰতি আগ্ৰহ দেখুৱাই তেওঁলোকক পুনৰ সাক্ষাৎ কৰোঁনে? আমি তেওঁলোকক আধ্যাত্মিক ক্ষেত্ৰত আগবঢ়াত সহায় কৰিবলৈ সকলো প্ৰচেষ্টা কৰোঁনে? যিহেতু ইয়াত জীৱন-মৰণৰ বিষয় সন্মিলিত আছে, গতিকে আমি সকলো আগ্ৰহীলোকক বিচাৰি উলিয়াবলৈ হৃদয়েৰে ইচ্ছুক হোৱা উচিত।

৩ আপুনি এজন আগ্ৰহী ব্যক্তিৰ সৈতে কেনে বিষয়বোৰ আলোচনা কৰিছিল, এই বিষয়ে মনত সতেজ হৈ থাকোঁতেই সেই ব্যক্তিজনৰ নাম আৰু ঠিকনা লিখি ৰাখক। তদুপৰি আপোনাৰ নোট বহীখনত আলোচনা কৰা বিষয়, ব্যৱহাৰ কৰা শাস্ত্ৰপদটো আৰু ব্যক্তিজনক দিয়া প্ৰকাশনৰ বিষয়ে টোকি ৰাখক। তাৰ পিছত যিমান সোনকালে পাৰে তেওঁক পুনৰ সাক্ষাৎ কৰিবলৈ নিৰ্ণয় লওক।

৪ কেনেকৈ পুনৰ সাক্ষাৎ কৰিব: পুনৰ সাক্ষাৎ কৰাৰ সময়ত আপুনি গৃহস্থৰ সৈতে বন্ধুত্ব আচৰণ আৰু তেওঁৰ প্ৰতি ব্যক্তিগত আগ্ৰহকতা দেখুৱাটো অধিক লাভজনক হʼব। আপুনি আলোচনা আৰু ব্যৱহাৰ কৰা শাস্ত্ৰৰ পদসমূহ সৰলভাৱে প্ৰস্তুত কৰক। গৃহস্থৰ সৈতে আলোচনা কৰিবলৈ এটা আকৰ্ষণীয় বাইবেলৰ বিষয়ক আগতীয়াকৈ তৈয়াৰ কৰক। আলোচনাৰ শেষত পুনৰ সাক্ষাতৰ সময়ত আলোচনা কৰিবলৈ গৃহস্থক এটা প্ৰশ্ন সোধক আৰু কওক যে সেই প্ৰশ্নটোৰ উত্তৰ আপুনি পিছত দিব। গৃহস্থই হয়তো অশাস্ত্ৰীয় বিষয়বোৰ উত্থাপন কৰিব পাৰে, গতিকে অনাৱশ্যকীয়ভাৱে তেনে বিষয়বোৰত জড়িত হোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰা উচিত। এনে বিষয়বোৰক উল্লেখ কৰিবলৈ চেষ্টা কৰক যাৰ দ্বাৰা আপুনি শাস্ত্ৰীয় সত্যতা শিকাব পাৰে।​—⁠কল. ৪:⁠৬.

৫ পুনৰ সাক্ষাৎ কৰিবলৈ প্ৰচেষ্টাৰ আৱশ্যক, কিন্তু তাৰ পৰা পোৱা লাভসমূহে আপোনাক অৱশ্যেই সন্তুষ্টি প্ৰদান কৰিব। উদাহৰণস্বৰূপে, জাপানত এজন অগ্ৰগামী ভায়ে প্ৰত্যেক মাহে অধিক পুনৰ সাক্ষাৎ কৰিবলৈ এটা লক্ষ্য ৰাখিলে। তেওঁ ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত লগ পোৱা লোকসকলৰ নাম আৰু ঠিকনা তেওঁ নিজৰ নোট বহীত টোকিলে আৰু সাতদিনৰ ভিতৰতে তেওঁলোকক পুনৰ সাক্ষাৎ কৰিলে। তেওঁ পুনৰ সাক্ষাৎ কৰাৰ সময়ত গৃহস্থক কি কʼব সেই বিষয়ে সম্পূৰ্ণকৈ তৈয়াৰী কৰিছিল আৰু পৰিচৰ্য্যাত সম্পূৰ্ণ নিশ্চয়তাৰে শুভবাৰ্ত্তা আনক শুনাইছিল। তেওঁ পুনৰ সাক্ষাৎ কৰা এজন ব্যক্তিয়ে বাইবেল অধ্যয়ন আৰম্ভ কৰে, যিজনে এইদৰে কৈছিল: “মই প্ৰায়ে আপোনাৰ লোকসকলক উভটাই পঠিয়াইছিলোঁ। আজি মই প্ৰথমবাৰৰ বাবে আপোনাৰ বাৰ্ত্তাৰ প্ৰতি মনোযোগ দিছোঁ।” একেৰাহে কৰা প্ৰচেষ্টাৰ ফলস্বৰূপে অগ্ৰগামী ভাইজনে লাভৱান হʼল। ভাইজনে মাহটোৰ শেষত ১০ টা বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ বিষয়ে ৰিপোৰ্ট কৰিব পাৰিলে।

৬ লোকসকলৰ পৰিস্থিতি সদায়ে সলনি হৈ থাকে। (১ কৰি. ৭:⁠৩১) গতিকে আগ্ৰহী লোকবিলাকক পুনৰ লগ পাবলৈ প্ৰায়ে অধিক প্ৰচেষ্টাৰ প্ৰয়োজন। আমি তেওঁলোকক পুনৰ সাক্ষাৎ কৰিবলৈ কৰা চেষ্টাৰ দ্বাৰা অনন্ত জীৱন পাবলৈ নিৰূপিত থকাসকলক জীৱনৰ পথত চলাত সহায় কৰিব পাৰিম।​—⁠মথি ৭:⁠১৩, ১৪.

[Study Questions]

১. যিহোৱা ঈশ্বৰে আমাৰ সময়ত কোনসকলক নিজেই একত্ৰিত কৰিছে?

২. শিষ্য বনোৱা আজ্ঞাক সম্পন্ন কৰাত কি সন্মিলিত আছে?

৩. আমি প্ৰচাৰ ক্ষেত্ৰত কোনো এজন আগ্ৰহী ব্যক্তিৰ সৈতে কথোপকথন কৰাৰ পিছত কি কৰা উচিত?

৪. আমি কেনেকৈ কাৰ্য্যকাৰী পুনৰ সাক্ষাৎ কৰিব পাৰোঁ?

৫. এজন অগ্ৰগামী ভায়ে কেনে প্ৰচেষ্টা কৰিছিল আৰু তেওঁ তাৰ কেনে ফলসমূহ লাভ কৰিলে?

৬. পুনৰ সাক্ষাৎ কৰিবলৈ আমি কিয় একেৰাহে প্ৰচেষ্টা কৰা উচিত?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক