টেলিফোনৰ দ্বাৰা বহুতকে সাক্ষী দিব পাৰি
১ আমি যে একেবাৰে “শেষ-কালত” জীয়াই আছোঁ তাৰ বহুতো প্ৰমাণ দেখিবলৈ পাওঁ। (২ তীম. ৩:১) ইয়াত কোনো সন্দেহ নাই যে ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আমাৰ হাতত মাত্ৰ অলপহে সময় বাকী আছে। সেইবাবে আমাৰ সকলোৱে যিহোৱাৰ সত্য উপাসনাক গ্ৰহণ কৰিবলৈ আনক সহায় কৰা উচিত।
২ পাঁচনি পৌলে নিজে কৰা বিশ্বাসক ৰাইজৰ আগত প্ৰচাৰ কৰিবলৈ কৰ্তব্যবোধ কৰিছিল। (ৰোমী. ১০:১০) তেওঁ জানিছিল যে ঈশ্বৰৰ “ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীম. ২:৪) তেওঁ জনা সত্য জ্ঞানৰ আধাৰত, পৌলে সকলোৰে ওচৰত নিজকে ধৰুৱা বুলি গণ্য কৰিছিল। ইয়ে তেওঁক প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা গুৰুত্বক বুজি কাৰ্য্য কৰিবলৈ প্ৰেৰণা যোগাইছিল। সেইবাবে তেওঁ কৈছিল: “এইহেতুকে . . . মই সাধ্য অনুসাৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ। কিয়নো শুভবাৰ্ত্তাত মই লাজ নাপাওঁ; কাৰণ . . . বিশ্বাস কৰা প্ৰত্যেক জনলৈ, সেয়ে পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।”—ৰোমী. ১:১৪-১৭.
৩ ঠিক সেইদৰে আমিও পৌলৰ নিচিনাকৈ নিজকে ধৰুৱা আৰু আমাৰ এলেকাত থকা সকলোকে ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ কৰ্তব্যবোধ কৰোঁনে? আমি ঘৰে-ঘৰে বা ৰাস্তা-ঘাটত শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো কিয় সীমিত ৰাখিম? কিয়নো আমাৰ মণ্ডলীৰ প্ৰচাৰ এলেকাত এনে বহুতো ব্যক্তি আছে যিসকলে যিহোৱা সাক্ষীসকলৰ সৈতে কেতিয়াও সাক্ষাৎ হোৱা নাই। তেনে ব্যক্তিসকলক কেনেকৈ সাক্ষাৎ কৰিব পৰা যায়?
৪ যিবিলাক এলেকাত প্ৰচাৰ কাৰ্য্য কৰা হোৱা নাই: আপোনাৰ এলেকাত এনে কিছুমান এপাৰ্টমেন্ট আছেনে যিবোৰ কেইবা মহলীয়া আৰু সংৰক্ষিত? হয়তো এনে কিছুমান বিল্ডিং থাকিব পাৰে যিবিলাকত চোকা পহৰাৰ ব্যৱস্থা থাকে আৰু সকলো ঘৰতে শুভবাৰ্ত্তা কʼব পৰা নাযায়। আপোনাৰ এলেকাবিলাকত এনে বিল্ডিঙবোৰ আছেনে যʼত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ চকীদাৰে অনুমতি নিদিয়ে? অৱশ্যে, তেনে এলেকাবিলাকত বহুতো ব্যক্তি আছে যিসকলে কেতিয়াও ঈশ্বৰৰ ৰাজ্যৰ আশীৰ্ব্বাদৰ বিষয়ে শুনা নাই। তদুপৰি তাত এনে কিছুমান ব্যক্তি আছেনে যিসকলক কেতিয়াও ঘৰত লগ পোৱা নাযায়?
৫ তেনে ধৰণৰ ব্যক্তিসকলক যদিও লগ পোৱাটো সহজ নহয় আমি নিৰাশ হʼব নালাগে। কিন্তু যিহোৱা ঈশ্বৰে এই পৰিস্থিতিক কিদৰে লক্ষ্য কৰে? এই প্ৰশ্নৰ উত্তৰৰ বাবে পৌলে এইদৰে লিখিছিল: ‘যিহোৱাই . . . কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটনত প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰি, তোমালোকলৈ দীৰ্ঘ-সহিষ্ণু হয়।’ (২ পিত. ৩:৯, ১৫) সকলোৰে জীৱন বিপদগ্ৰস্ত অৱস্থাত আছে আৰু যিহোৱাই প্ৰত্যেক ব্যক্তিক ৰক্ষা কৰিবলৈ আগ্ৰহী। (মথি ১৮:১৪) প্ৰত্যেক ব্যক্তিলৈ যিহোৱাই যি সহানুভূতি আৰু দয়া দেখুৱাই তাক আমি কেনেকৈ প্ৰদৰ্শন কৰিব পাৰোঁ? আমি আমাৰ প্ৰচাৰ ক্ষেত্ৰত থকা সকলো ব্যক্তিক শুভবাৰ্ত্তা জনোৱাৰ দ্বাৰা।—পাঁচ. ২০:২০, ২১; প্ৰকা. ১৪:৬, ৭.
৬ সম্পূৰ্ণকৈ এলেকাবোৰত প্ৰচাৰ কৰিবলৈ সংগঠিত কৰক: কিছু বছৰৰ আগতে সংস্থাই উৎসাহিত কৰি এইদৰে পৰামৰ্শ দিছিল যে যিসকল প্ৰচাৰক শাৰীৰিকভাৱে অক্ষম বা ৰোগত পীড়িত হোৱাৰ বাবে ঘৰৰ পৰা কʼলৈকো যাব নোৱাৰে, তেনে ভাই-ভনীসকলে আনক শুভবাৰ্ত্তা জনাবলৈ টেলিফোন ব্যৱহাৰ কৰিব পাৰে। সংস্থাই প্ৰাপ্ত কৰা এনে ৰিপৰ্টসমূহে দেখুৱাইছে যে বহুতো ভাই-ভনী, সহযোগী আৰু নিয়মিত অগ্ৰগামীসকলে, ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যৰ উপৰিও টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া কাৰ্য্য কৰিছে।
৭ কিছুমান মণ্ডলীয়ে টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ ঐক্যতাবদ্ধভাৱে চেষ্টা কৰিছে। প্ৰাচীনসকলে এনে ব্যৱস্থা কৰি ব্যক্তিগত বা কোনো প্ৰচাৰকৰ দ্বাৰা সহায় আগবঢ়াই ভাল ফল লাভ কৰিছে। সেৱা ওভাৰচিয়াৰে এই সংগঠিত কাৰ্য্যক নিৰীক্ষণ কৰা আৱশ্যক। আৰু এই কাৰ্য্যত সেৱা ওভাৰচিয়াৰক সহায় কৰিবলৈ প্ৰাচীন গোষ্ঠীয়ে কোনো উপযুক্ত প্ৰাচীন বা সহায়ক সেৱকক নিযুক্ত কৰা আৱশ্যক।
৮ যিসকল ভাই-ভনীয়ে প্ৰচাৰ প্ৰতি থকা দুৰ্ব্বলতাক আতঁৰাই টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া কাৰ্য্য কৰিছিল, তেওঁলোকেও ভাল অনুভৱ লাভ কৰিছে। আৰম্ভণিতে হয়তো কম সংখ্যক প্ৰচাৰক আৰু অগ্ৰগামীসকলে এই কাৰ্য্যত ভাগ লৈছিল। পাছলৈ যেতিয়া তেওঁলোকে টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া কাৰ্য্যত পাকৈত হৈ সহজে প্ৰচাৰ কাৰ্য্যত ভাগ লʼব পাৰিছিল। তেওঁলোকৰ উৎসাহজনক অনুভৱে আনকো এইধৰণে কাৰ্য্য কৰিবলৈ প্ৰেৰণা যোগাব পাৰিছে।
৯ কেনেকৈ টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া কাৰ্য্য আৰম্ভ কৰিব: আপুনি, এপাৰ্টমেন্টৰ নটিচ্ বোৰ্ড বা মেইল বক্সৰ পৰা গৃহস্থসকলৰ নাম টোকি ৰাখিব পাৰে। তাৰ পাছত শেহতীয়াকৈ প্ৰকাশ কৰা টেলিফোন ডাইৰেক্টৰীৰ পৰা তেওঁলোকৰ ফোন নম্বৰ বিচাৰি উলিয়াওঁক। তাৰ পাছত তেওঁলোকৰ নাম পোৱা পৃষ্ঠাসমূহক কিছু সৰু আকৰত ফটোকপি কৰক। এই ফটোকপিখনে আপোনাক টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ সহায় কৰিব।
১০ যেনেকৈ প্ৰচাৰ কাৰ্য্যৰ বাবে সঠিক ৰেকৰ্ড ৰখাটো লাভদায়ক হয়, ঠিক তেনেদৰে, টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া ৰেকৰ্ড ৰখাটোও লাভজনক। আপুনি ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যৰ সঠিক ৰেকৰ্ড লিখি ৰাখক। যেনে, কি বিষয়ে আলোচনা কৰা হৈছিল, গৃহস্থই কি বিষয়সমূহত আগ্ৰহী, আৰু কি বিষয়বোৰ তেওঁৰ সৈতে পুনৰ আলোচনা কৰা হʼব, ইত্যাদি। এই ৰেকৰ্ডে আপোনাক, গৃহস্থসকলক কোন দিনত টেলিফোন কৰিব বা তেওঁলোকৰ সৈতে কোন সময়ত ব্যক্তিগতৰূপে সাক্ষ্যাৎ কৰিব, এই বিষয়ে বিবেচনা কৰিবলৈ সহায় কৰিব।
১১ এই কাৰ্য্যৰ বাবে ব্যক্তিগতৰূপে তালিকা তৈয়াৰ কৰা আৱশ্যক: নিয়মীয়াকৈ তৈয়াৰ কৰা তালিকাই আপোনাক আত্মবিশ্বাস আৰু নিৰ্ভয়শীল হʼবলৈ সহায় কৰিব। আপুনি সেই গৃহস্থসকলক আবেলি বা সপ্তাহৰ শেষৰফালে টেলিফোন কৰিলে লাভদায়ক হʼব। প্ৰত্যেক সপ্তাহৰ সেই একেই সময়ত ফোন কৰিবলৈ তালিকা তৈয়াৰ কৰক। উদাহৰণস্বৰূপে কিছুমান ভাই-ভনীয়ে মণ্ডলীৰ পুস্তক অধ্যয়ন আৰম্ভ হোৱাৰ আগতে ফোন কৰি ভাল ফল লাভ কৰিছে। সেইকাৰণে এনে এলেকাবিলাকৰ বাচঁনি কৰক যিবোৰত কাৰ্য্য কৰি ভাল প্ৰতিফল পোৱা যায়।
১২ টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ কেনেকৈ তৈয়াৰী কৰিব: এই বিষয়ে আপুনি এনে অনুভৱী ভাই বা ভনীৰ সৈতে আলোচনা কৰক যিসকলে তেনে ধৰণে সাক্ষী দিয়াৰ সুযোগ পাইছিল। এই কাৰ্য্যৰ প্ৰতি সঠিক মনোবৃত্তি ৰাখক। এই কাৰ্য্য সঠিকৈ কৰিবলৈ যিহোৱালৈ শক্তি, সমৰ্থ আৰু তেওঁৰ নিৰ্দ্দেশনা বিচাৰি প্ৰাৰ্থনা কৰক। (গীত. ২৭:১৪; ফিলি. ৪:১৩) আপুনি আন আন প্ৰকাৰে সাক্ষী দিয়া কাৰ্য্য কৰাৰ দৰে টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈও সম্পূৰ্ণ হৃদয়ৰে চেষ্টা কৰক।—মাৰ্ক ১২:৩৩ পদটো তুলনা কৰক।
১৩ এই অনুভৱবোৰে এইটো দেখুৱাইছে যে টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ আপোনাৰ সৈতে এখন চকী আৰু এখন টেব্ল ৰখা আৱশ্যক। কিয়নো পোনকৈ চকীত বহি আপুনি স্পষ্টকৈ বিবেচনা কৰিব পাৰিব আৰু প্ৰচাৰ কাৰ্য্যৰ প্ৰতি মনোযোগ দিব পাৰিব। আপুনি এই বস্তুসমূহকো টেব্লত ৰাখক; যেনে—ট্ৰেক্ট, চলিত আলোচনী, আকৰ্ষণীয় বিষয় থকা কিছুমান পুৰণি আলোচনী, বাইবেল, ৰীজনিং কিতাপ, সভাৰ সময় আৰু ৰাজ্যগৃহৰ ঠিকনা লিখি ৰখা টোকা বহী, কলম আৰু ঘৰে-ঘৰে প্ৰচাৰ কৰা ৰেকৰ্ড পত্ৰ। আপোনাৰ ওচৰত থকা আলোচনীৰ বিশেষ লেখসমূহৰ পৃষ্ঠা খুলি ৰাখক। আপুনি গৃহস্থক কি কʼব তাৰ বিষয়ে ভালকৈ তৈয়াৰী কৰক। টেলিফোনৰ দ্বাৰা সাক্ষী দিয়াৰ সময়ত সদায়ে এইটো কথা মনত ৰখা উচিত যে কোনো পলম নকৰাকৈ যিমান সম্ভৱ আপুনি তেওঁক ব্যক্তিগতৰূপে পুনৰ সাক্ষাৎ কৰা উচিত।
১৪ সঠিকৰূপে কথা-বতৰা হʼবলৈ তৈয়াৰী কৰক: আপুনি যেতিয়া টেলিফোনৰ দ্বাৰা সাক্ষী দিব তেতিয়া আপোনাৰ কণ্ঠস্বৰ মৃদু, হাঁহি মুখীয়া আৰু আনন্দদায়ক হোৱা উচিত, তেতিয়াহে আপুনি ফলদায়কৰূপে সাক্ষী দিব পাৰিব। তাৰ ওপৰিও আপুনি গভীৰ আৰু স্পষ্টৰূপে আৰু সঠিক ধ্বনিত কথা কোৱা উচিত। এইধৰণে কথা-বতৰা হওঁতে সদায়ে আপুনি সতৰ্ক, ধৈৰ্য্যশীল আৰু বন্ধুত্ব হোৱা আৱশ্যক। যেতিয়া কোনো গৃহস্থই আপোনাৰ কথা শুনিবলৈ আগ্ৰহী নহয় তেতিয়া আপুনি ভয়-ভীত নহʼব। কিয়নো এইটো সত্য যে সকলোৱে আপোনাৰ বাৰ্ত্তাৰ প্ৰতি ইচ্ছুক নহʼবও পাৰে। এই ক্ষেত্ৰত আপুনি সেই একেই দৃষ্টিভঙ্গী ৰাখিব লাগে যেনেকৈ ঘৰে-ঘৰে কৰা প্ৰচাৰ ক্ষেত্ৰৰ সময়ত ৰাখে।
১৫ আপুনি আপোনাৰ সম্পূৰ্ণ নাম কৈ পৰিচয় দিয়ক। তেওঁলোকক এইটো কোৱা উচিত নহʼব যে আপুনি বিশেষ কিছুমান এপাৰ্টমেন্টৰ লোকহে ফোন কৰিছে, কিয়নো তেনে কৰিলে আপোনাৰ সাক্ষী দিয়া কাৰ্য্যত বাধা আহিব।
১৬ আপুনি ৰীজনিং কিতাপত দিয়া মন্তব্যৰ দৰে পৰিচয় দিব পাৰে। উদাহৰণ স্বৰূপে, আপুনি এইদৰে কʼব পাৰে: “নমস্কাৰ, মোৰ নাম ________। মই আপোনাক এইবাবে ফোন কৰিছোঁ কিয়নো মই আপোনাৰ সৈতে সাক্ষাৎ কৰিবলৈ সক্ষম নহয়।” তাৰ পাছত আপুনি কʼব পাৰে: “আজি আমি যি পৰিস্থিতিসমূহৰ সন্মূখীন হৈ আছোঁ সেইবোৰ কেতিয়াবা ঠিক হʼবনে? এই বিষয়ে মই আপোনাৰ মতামত জানিব বিচাৰিছোঁ। আমি সকলোৱে জীয়াই থাকিবলৈ আনন্দিত হওঁ, কিন্তু বহুতে বিবেচনা কৰে যে, ‘কেতিয়াবা এক সুখী জীৱন সম্ভৱ হʼবনে?’ এই বিষয়ে আপুনি কেতিয়াবা চিন্তা কৰিছেনে? [উত্তৰৰ বাবে কিছু সময় অপেক্ষা কৰক।] আপুনি কʼব পাৰিবনে যে বৰ্তমান সময়ত আমি কিয় সুখী জীৱন নিৰ্বাহ কৰিব পৰা নাই?” বা আপুনি উপৰত উল্লেখ কৰা পৰিচয়টো দিয়াৰ পাছত আপুনি এইদৰে কʼব পাৰে: “মই এজন অন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাকৰ্মী হওঁ, মই, জীৱনৰ সম্পৰ্কে থকা আপোনাৰ বিচাৰধাৰা জানিব বিচাৰিছোঁ। কিয়নো যেনেকৈ আমাৰ বয়স বাঢ়ি আহিছে আমি জানিব পাৰিছোঁ যে আমাৰ জীৱনৰ কালছোৱা একেবাৰে কম। এয়াই জীৱনৰ আচল অৰ্থনে? আপুনি ইয়াৰ বিষয়ে কি ভাবে?” (ৰীজনিং কিতাপৰ ১৩ পৃষ্ঠাত দিয়া “জীৱন/সুখ” নামৰ উপশীৰ্ষটো চাওঁক।) জুলাই ১৯৯০ আমাৰ ৰাজ্যৰ পৰিচৰ্য্যা ৪ নং পৃষ্ঠাত পৰামৰ্শ দিয়া হৈছে যে কেনেকৈ বিনা কোনো বাধাৰে টেলিফোনৰ দ্বাৰা সাক্ষী সফলতাৰে দিব পৰা যায়। সেই পৰামৰ্শবোৰক পুনৰ আলোচনা কৰক।
১৭ আলোচনাৰ সময়ত স্পষ্টকৈ বাইবেলৰ ব্যৱহাৰ কৰক। কিছুমান বিষয়ত কথা-বতৰা হওঁতে যদি পৰিস্থিতি অনুকুলজনক হয় তেন্তে আপুনি কʼব পাৰে যে আপুনি এজন যিহোৱাৰ সাক্ষী। এই ধৰণৰ আলোচনাত গৃহস্থক কথা কবলৈ সুযোগ দিয়া আৱশ্যক। যদি এজন ব্যক্তিয়ে তেওঁৰ মতামত কʼব বিচাৰিছে, তেনেহʼলে ভয়-ভীত নহʼব। তেওঁৰ মতামত প্ৰকাশ কৰাৰ বাবে আপুনি তেওঁক ধন্যবাদ জনাওঁক। তেওঁক প্ৰশংসা কৰিবলৈ প্ৰস্তুত থাকক। যদি গৃহস্থই তৰ্ক কৰে বা ক্ৰোধ হৈ কথা-বতৰা আৰম্ভ কৰে তেনেহʼলে সতৰ্কতাৰে আপুনি কথা-বতৰা বন্ধ কৰিব পাৰে। ঈশ্বৰৰ আত্মাই ধাৰ্ম্মিক লোকক অৰ্থাৎ যিসকলে তেওঁক বিচাৰে তেনে লোকসকলক বিচাৰি পোৱাত আপোনাৰ চেষ্টাক পৰিচালিত কৰক।
১৮ গৃহস্থক আপোনাৰ কথা-বতৰাৰ দ্বাৰাই সকলোবোৰ বুজাই দিয়াৰ পাছত, সেই বিষয়বোৰ পৰীক্ষা কৰি চাবলৈ তেওঁৰ হাতত এৰি দিয়ক। আপুনি তেওঁক জন ভাষণ আৰু সভাবোৰৰ সময় আৰু ৰাজ্য গৃহত উপস্থিত হʼবলৈ ঠিকনা দি সৰলভাৱে আমন্ত্ৰণ কৰি আপোনাৰ কথা-বতৰা শেষ কৰক। এই কথাও উল্লেখ কৰক যে তেওঁ যি বিষয়বোৰ আলোচনা কৰিলে এই সম্পৰ্কে আপুনি তেওঁক অধিক জনাবৰ বাবে সাক্ষাৎ কৰিব বিচাৰে। টেলিফোনৰ দ্বাৰা সাক্ষী দি আপোনাৰ বাবে আলোচনী দিয়াতো সম্ভৱ হʼব পাৰে। আলোচনী প্ৰৱাহ আৰম্ভ কৰাৰ কথা মনত ৰাখি আপুনি আলোচনী আগবঢ়াব পাৰে।
১৯ টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া কাৰ্য্য কৰি আনন্দ লাভ কৰক: আপুনি টেলিফোন কৰা সকলো ব্যক্তিয়ে বাইবেল অধ্যয়ন স্বীকাৰ কৰিবনে? সকলোৱে স্বীকাৰ নকৰে মাত্ৰ কিছুমানেহে কৰিব। উদাহৰণস্বৰূপে এগৰাকী ভনীয়ে মাহত ৩০০ তকৈও অধিক বাৰ ফোন কৰিছিল। প্ৰথমতে ভনী গৰাকীয়ে ফোনত নিজৰ পৰিচয় দিছিল। তাৰ পাছত গৃহস্থৰ প্ৰত্যেককে ব্যক্তিগতৰূপে সাক্ষাৎ কৰাৰ পৰিৱৰ্তে মাত্ৰ ফোনৰ দ্বাৰাই তেওঁৰ উদ্দেশ্যৰ বিষয়ে সংক্ষেপতে বৰ্ণনা কৰিছিল। তাৰ ফলস্বৰূপে ১২ জন গৃহস্থই সঠিক পৰিণামৰ সৈতে ফোন কৰে। এতিয়াও সেই ভনী গৰাকীয়ে তিনি জন আগ্ৰহী ব্যক্তিৰ সৈতে টেলিফোনৰ দ্বাৰা যোগা-যোগ কৰি আছে আৰু আন চাৰি জনে ভনীগৰাকীক তেওঁলোকৰ ঘৰলৈ আমন্ত্ৰণ কৰিছে।
২০ যীচুৱে তেওঁৰ শিষ্যসকলক ‘পৃথিৱীৰ সীমালৈকে’ সাক্ষী দিবলৈ আজ্ঞা দিছিল। (পাঁচ. ১:৮) গতিকে আমি কিছুমান এলেকাত টেলিফোনৰ যোগেদি সাক্ষী দিয়াৰ দ্বাৰাও এই আজ্ঞাৰ পালন কৰিব পাৰোঁ। উপৰত উল্লেখ কৰা সকলোবোৰ বিষয়ত পুনৰ দৃষ্টি ৰাখি আপুনি নিজকে প্ৰশ্ন কৰক: ‘মোৰ মণ্ডলীৰ এলেকাত থকা যিসকল লোকে কেতিয়াও ৰাজ্যৰ বাৰ্ত্তা শুনা নাই, মই তেনে লোকক অৰ্থাৎ “সকলো মানুহে” পৰিত্ৰাণ পাবলৈ প্ৰচাৰ কৰিছোঁনে?’ যি ভাই-ভনীসকলে এই পৰামৰ্শ পালন কৰিছে তেওঁলোকে আনন্দত হৰ্ষিত হৈছে। তেওঁলোকে সাক্ষী দিয়া কাৰ্য্যত টেলিফোন ব্যৱহাৰ কৰি ‘তেওঁলোকৰ পৰিচৰ্য্যা-পদৰ গৌৰৱ’ পাইছে। আপুনি টেলিফোনৰ দ্বাৰা সাক্ষী দি সেই একেই আনন্দ লাভ কৰিব পাৰে।