দুৱাৰমুখত আৰু টেলিফোনেৰে বাইবেল অধ্যয়ন আৰম্ভ কৰা
১ বৰ্তমান সময়ত লোকসকলক অধিক ব্যস্ত দেখা গৈছে। তথাপিও তেওঁলোকৰ বহুতে আধ্যাত্মিক বিষয়ৰ প্ৰতি আগ্ৰহকতা প্ৰকাশ কৰে। তেওঁলোকৰ আধ্যাত্মিক আৱশ্যকতা পূৰণ কৰাত আমি কেনেকৈ সহায় কৰিব পাৰোঁ? (মথি ৫:৩) বহুতো প্ৰকাশকে তেনে লোকসকলৰ দুৱাৰমুখত বা তেওঁলোকক টেলিফোনৰ দ্বাৰা বাইবেল অধ্যয়ন কৰিবলৈ সক্ষম হৈছে। একেইদৰে আপুনিও নিজৰ পৰিচৰ্য্যা কাৰ্য্যক বিস্তাৰিত কৰিব পাৰেনে?
২ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ যেতিয়া কোনো সুবিধা পোৱা যায়, তেতিয়া অধ্যয়ন আৰম্ভ কৰিবলৈ নিজকে প্ৰস্তুত কৰা উচিত। কেনেকৈ আৰু কʼত বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰি?
৩ দুৱাৰমুখত: বাইবেলৰ বিষয়ে কথোপকথন কৰিব বিচৰা আগ্ৰহী লোকসকলক আপুনি যেতিয়া সাক্ষাৎ কৰে, তেতিয়া বিচাৰে ব্ৰচাৰৰ পৰা আগতীয়াকৈ তৈয়াৰ কৰা ১ নং পাঠটোৰ এটা অনুচ্ছেদ খুলি কথোপকথন আৰম্ভ কৰক। অনুচ্ছেদটো পঢ়ি প্ৰশ্নসমূহ বিবেচনা কৰক আৰু এটা বা দুটা শাস্ত্ৰ পদ দাঙি ধৰক। ব্যক্তিসকলৰ দুৱাৰমুখত পাঁচৰ পৰা দহ মিনিটিৰ ভিতৰত তেনেদৰে অধ্যয়ন আৰম্ভ কৰিব পাৰে। যদি ব্যক্তিজনে আলোচনা কৰিবলৈ আগ্ৰহী, তেনেহʼলে অন্য এক সময়ত দ্বিতীয় অনুচ্ছেদটো আলোচনা কৰিবলৈ নিশ্চিত ব্যৱস্থা কৰক। অধ্যয়ন আৰম্ভ কৰিবলৈ দিয়া অতিৰিক্ত পৰামৰ্শৰ বাবে জানুৱাৰী ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৬ পৃষ্ঠাত চাওক।
৪ পুনৰ সাক্ষাৎ কৰাৰ সময়টো সেই একেইদৰে বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰি। উদাহৰণস্বৰূপে, আপুনি হয়তো বিচাৰে ব্ৰচাৰখনৰ ২ নং পাঠৰ ১-২ অনুচ্ছেদৰ পৰা যিহোৱাৰ নামৰ পৰিচয় দিলে। দ্বিতীয় সাক্ষাতত ৩-৪ অনুচ্ছেদৰ পৰা যিহোৱা ঈশ্বৰৰ গুণসমূহৰ বিষয়ে আলোচনা কৰিব পাৰে। পিছৰ সাক্ষাতত আপুনি হয়তো ৫-৬ অনুচ্ছেদ বিবেচনা আৰু ৫ পৃষ্ঠাত দিয়া ছবিখনৰ পৰা আলোকপাত কৰি কʼব পাৰে যে কেনেকৈ এনে অধ্যয়নে যিহোৱাৰ বিষয়ে জানিবলৈ আমাক সহায় কৰে। এনে ধৰণৰ অধ্যয়ন এজন ব্যক্তিৰ ঘৰৰ দুৱাৰমুখত আৰম্ভ কৰিব পাৰি।
৫ টেলিফোনৰ দ্বাৰা: কিছুমানে হয়তো পোনপটীয়াকৈ অধ্যয়ন নকৰি টেলিফোনৰ দ্বাৰা অধ্যয়ন আৰম্ভ কৰিবলৈ আগ্ৰহী হʼব পাৰে। তলত দিয়া অনুভৱটোৰ বিষয়ে লক্ষ্য কৰক। এগৰাকী ভনীয়ে ঘৰে-ঘৰে প্ৰচাৰ কৰাৰ সময়ত এগৰাকী কৰ্ম্মব্যস্ত যুৱা মাতৃক সাক্ষাৎ কৰে। পিছলৈ বাৰে বাৰে চেষ্টা কৰিও ঘৰত লʼগ পাব নোৱাৰাত ভনী গৰাকীয়ে সেই মহিলাগৰাকীক টেলিফোনৰ দ্বাৰা কথোপকথন হʼবলৈ নিৰ্ণয় লয়। সেই যুৱতী মহিলাগৰাকীয়ে ভনী গৰাকীক জনাই যে বাইবেলৰ বিষয়ে আলোচনা কৰিবলৈ তাইৰ ওচৰত বাস্তৱতে সময় নাই। তেতিয়া ভনী গৰাকীয়ে এইদৰে কয়: “১০ বা ১৫ মিনিট সময়ত আনকি টেলিফোনৰ দ্বাৰা আপুনি নতুন কিবা এটা শিকিব পাৰে।” তাতে মহিলাগৰাকীয়ে উত্তৰ দি কয়: “যদি টেলিফোনৰ দ্বাৰা কৰিব পাৰি, তেন্তে ঠিক আছে!” কম সময়ৰ ভিতৰতে টেলিফোনৰ দ্বাৰা এটা নিয়মিত বাইবেল অধ্যয়ন আৰম্ভ হয়।
৬ আপুনি সাক্ষাৎ কৰা লোকসকলে টেলিফোনৰ দ্বাৰা অধ্যয়ন আৰম্ভ কৰিবলৈ আগ্ৰহীনে? আপুনি হয়তো ওপৰত উল্লেখ কৰা ভনী গৰাকীয়ে লোৱা পদ্ধতি অৱলম্বন বা লোকসকলক এইদৰে কʼব পাৰে: “যদি আপুনি বিচাৰে, তেন্তে আমি টেলিফোনৰ দ্বাৰা বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰোঁ। এইটো আপোনাৰ বাবে সুবিধাজনক হʼবনে?” লোকসকলৰ পৰিস্থিতিৰ অনুসাৰে বাইবেল অধ্যয়নৰ তালিকা তৈয়াৰ কৰি আমি তেওঁলোকক “ঈশ্বৰবিষয়ক জ্ঞান” পাবলৈ সহায় কৰিব পাৰোঁ।—হিতো. ২:৫; ১ কৰি. ৯:২৩.
[Study Questions]
১, ২. ব্যস্ত লোকসকলক সহায় কৰিবলৈ আমি কেনে ধৰণৰ বাইবেল অধ্যয়নৰ তালিকা তৈয়াৰ কৰিব পাৰোঁ?
৩. প্ৰথম সাক্ষাততে কিয় বাইবেল অধ্যয়ন প্ৰদৰ্শন কৰা আৱশ্যক আৰু ইয়াক কেনেকৈ কৰিব পাৰি?
৪. পুনৰ সাক্ষাতৰ সময়ত আমি কেনেকৈ দুৱাৰমুখত বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰোঁ?
৫, ৬. (ক) কিছুমানে কিয় টেলিফোনৰ দ্বাৰা বাইবেল অধ্যয়ন কৰিবলৈ আগ্ৰহী হয়? (খ) টেলিফোনৰ দ্বাৰা অধ্যয়ন কৰোঁতে আমি কেনেদৰে কথোপকথন আৰম্ভ কৰিব পাৰোঁ?