ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৪ পৃষ্ঠা ৪
  • ব্যৱসায় এলেকাবোৰত কেনেকৈ প্ৰচাৰ কৰিব পাৰি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ব্যৱসায় এলেকাবোৰত কেনেকৈ প্ৰচাৰ কৰিব পাৰি
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • যোগ্য ব্যক্তিসকলক বিচাৰি উলিওৱা
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৪ পৃষ্ঠা ৪

ব্যৱসায় এলেকাবোৰত কেনেকৈ প্ৰচাৰ কৰিব পাৰি

১ আপুনি এনে এটা এলেকাত প্ৰচাৰ কাৰ্য্য কৰিবলৈ বিচাৰিবনে যʼত লোকসকলক প্ৰায়ে লগ পোৱা যায় আৰু অতিথিক আমন্ত্ৰণ জনোৱা হয়? তেনেদৰে আপুনি নিশ্চয়ে আপোনাৰ মণ্ডলীৰ এলেকাত কৰিবলৈ সক্ষম হʼব। সেইটো কেনেকৈ? লোকবিলাকক দোকানত সাক্ষাৎ কৰাৰ দ্বাৰা তেনে কৰিব পাৰে। প্ৰকাশকসকলে দোকানে দোকানে সাক্ষী দি প্ৰায়ে ভাল পৰিণাম লাভ কৰে।

২ কিছুমান মণ্ডলীক তেওঁলোকৰ প্ৰচাৰ এলেকাৰ বাবে ব্যৱসায় অঞ্চলবোৰত নিযুক্ত কৰা হয়। এলেকাৰ মানচিত্ৰ বনোৱা ভাইজনে তেনে ব্যৱসায় এলেকাবোৰত ভালদৰে সাক্ষী দিবলৈ বিশেষ মেপ তৈয়াৰ কৰিব পাৰে। ব্যৱসায় এলেকাৰ সৈতে যদি কোনো বসতি এলেকা সংযোগ থাকে, তেন্তে মেপখনত স্পষ্টকৈ নিৰ্দ্দেশনা দিয়া উচিত যাতে ব্যৱসায় এলেকাক বসতি এলেকাৰ ভাগ হিচাবে সাক্ষী নিদিয়ে। আন প্ৰচাৰ এলেকাবোৰত বসতি এলেকাৰ সৈতে ব্যৱসায় স্থানবোৰতো সাক্ষী দিয়া কাৰ্য্য কৰা হয়। যদি আপুনি আগতে কেতিয়াও ব্যৱসায় এলেকাত কাৰ্য্য কৰা নাই তেন্তে সৰু সৰু দোকানবোৰত সাক্ষী দিবলৈ চেষ্টা কৰি আৰম্ভ কৰিব পাৰে।

৩ এক সহজ অভিগমন: যেতিয়া দোকানে দোকানে সাক্ষী দিয়া হয় তেতিয়া আপোনাৰ সাজ-পোছাক মণ্ডলীৰ সভাত উপস্থিত হোৱাৰ দৰে পৰিধান কৰাটো অতি গুৰুত্বপূৰ্ণ। তদুপৰি সাক্ষী দিবলৈ এনে সময়ৰ বাছনি কৰা আৱশ্যক, সাধাৰণতে যি সময়ত দোকানবোৰত অধিক গ্ৰাহক নাথাকে। যদি সম্ভৱ হয়, গ্ৰাহক নথকা সময়ত সাক্ষী দিবলৈ দোকানত প্ৰৱেশ আৰু দোকানৰ মেনেজাৰ বা দায়িত্বত থকা ব্যক্তিজনৰ সৈতে কথোপকথন হʼবলৈ চেষ্টা কৰক। চমু আৰু নিৰ্দ্দিষ্ট উদ্দেশ্যৰ বিষয়ে কওক। আপুনি কি কʼব?

৪ যেতিয়া আপুনি দোকানৰ মেনেজাৰ বা দোকানীজনৰ সৈতে কথোপকথন কৰে, আপুনি হয়তো এইদৰে কʼব পাৰে: “ব্যৱসায় কৰা লোকসকলে অধিক ব্যস্ত হোৱাৰ বাবে নিজৰ ঘৰখনত অতিবাহিত কৰিবলৈ নিচেই কম সময় পায় আৰু সেয়েহে আমি আপোনাক দোকানত সাক্ষাৎ কৰিবলৈ আহিছোঁ। আমাৰ আলোচনীবোৰে বিশ্বব্যাপী হোৱা চলিত ঘটনাবোৰৰ এক আভাস দিয়ে।” তাৰ পিছত আলোচনীখনৰ পৰা চমুকৈ নিৰ্দ্দিষ্ট এটা বিষয় উল্লেখ কৰক।

৫ অন্যথা আপুনি এইদৰে সহজে কথোপকথন আৰম্ভ কৰিব পাৰে: “আপুনি কেতিয়াবা ভাবি আচৰিত হৈছেনে যে লোকসকলে কোনো ভুল কাৰ্য্য নকৰাৰ স্বত্বেও কিয় দুখ-কষ্ট ভুগীবলগীয়া হয়? তেওঁলোক হয়তো অত্যন্ত দৰিদ্ৰতাত থকা পৰিয়ালত জন্ম আৰু কিছুমানে কুৰূপ বা বিকলাঙ্গৰূপে জন্ম গ্ৰহণ কৰে। বহুতে বিশ্বাস কৰে যে এজন ব্যক্তিয়ে পিছৰ জীৱনত কোনো বেয়া কাৰ্য্য কৰাৰ বাবে এই জীৱনত তেনেদৰে ভুগীবলগীয়া হৈছে। এইটো প্ৰকৃততে সঁচা হʼব পাৰেনে? মানুহে তেনেদৰে দুখ-কষ্ট ভুগাটো সৃষ্টিকৰ্ত্তাৰ উদ্দেশ্য আছিলনে? এই ট্ৰেক্টখনত আপুনি এই প্ৰশ্নবোৰৰ প্ৰত্যয়জনক উত্তৰ বিচাৰি পাব।” তাৰ পিছত, ভুগী থকা দুখ-কষ্টৰ কেতিয়াবা অন্ত হবনে? নামৰ নতুন ট্ৰেক্টখন দিয়ক। যদি বাইবেলৰ প্ৰতি ব্যক্তিজনে সন্মান দেখুৱাই, তেন্তে ট্ৰেক্টখনৰ ৫-৬ পৃষ্ঠাত দিয়া উপযুক্ত শাস্ত্ৰীয় পদবোৰত তেওঁক মনোযোগ দিবলৈ কওক।

৬ যদি দোকানী বা মেনেজাৰ জন অধিক ব্যস্ত থাকে, তেন্তে ট্ৰেক্টখন দি এইদৰে কওক: “আপুনি এই ট্ৰেক্টখন পঢ়ি কেনে পালে, এই বিষয়ে জানিবলৈ মই আপুনি ব্যস্ত নথকাৰ সময়ত পুনৰাই আহিম।”

৭ আগ্ৰহকতা বিকশিত কৰা: আপুনি হয়তো ব্যৱসায় এলেকাত এটা বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ সক্ষম হʼব। এজন বিশেষ অগ্ৰগামী সেৱা কৰা ভায়ে এজন ব্যৱসায়ী ব্যক্তিক নিয়মীয়াকৈ আলোচনী দিয়ে। যেতিয়া সেই ব্যক্তিজনে আলোচনীবোৰ পঢ়ি প্ৰসংশা কৰে তেতিয়া অগ্ৰগামী ভাইজনে বিচাৰে ব্ৰচাৰখন ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰা হয় সেই বিষয়ে বৰ্ণনা কৰি দেখুৱায়। ব্যক্তিজনৰ ঠিক ব্যৱসায়ৰ স্থানত এক অধ্যয়ন আৰম্ভ কৰা হয়। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অগ্ৰগামী ভাইজনে প্ৰত্যেকবাৰ ১০ বা ১৫ মিনিট সময় অধ্যয়ন পৰিচালনা কৰে। এতেকে আঁহক আমিও সেই অগ্ৰগামী ভাইজনৰ দৰে আমাৰ ব্যৱসায় এলেকাত নম্ৰ হৃদয়ৰ লোকক বিচাৰি উলিয়াই সাক্ষী দিবলৈ একেৰাহে প্ৰচেষ্টা কৰোঁহঁক।

[Study Questions]

১. ব্যৱসায় এলেকাবোৰত সাক্ষী দি কেনে সুযোগবোৰ পাব পাৰি?

২. ব্যৱসায় এলেকাবোৰত সাক্ষী দিবলৈ কিদৰে সংগঠিত কৰা হয়?

৩. দোকানে দোকানে সাক্ষী দিয়াত কৃতকাৰ্য্য হʼবলৈ আমাক কিহে সহায় কৰিব?

৪-৬. দোকানী বা মেনেজাৰক আমি কেনেকৈ সাক্ষী দিব পাৰোঁ?

৭. ব্যৱসায় এলেকাত লগ পোৱা ব্যক্তিসকলৰ আগ্ৰহকতা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক