ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৪ পৃষ্ঠা ৩
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীসমূহৰ পৰা একেৰাহে লাভবান হওঁক
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • গ্ৰাহকতা নৱীকৰণ কৰা পদ্ধতিক সৰলীকৰণ কৰা হ’ল
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৪ পৃষ্ঠা ৩

প্ৰশ্ন বক্স

◼ আমি যে বিশ্বব্যাপী কাৰ্য্যৰ বাবে দান-বৰঙণি গ্ৰহণ কৰোঁ এই বিষয়ে গৃহস্থক কৰা প্ৰত্যেকটো সাক্ষাততে উল্লেখ কৰা আৱশ্যকনে?

No. প্ৰত্যেকটো সাক্ষাততে উল্লেখ কৰা আৱশ্যক নহয়। ডিচেম্বৰ ১৯৯৯ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত প্ৰকাশ কৰা “আমাৰ আলোচনীবোৰক সঠিকৰূপে ব্যৱহাৰ কৰক” নামৰ লেখটোত এইদৰে বৰ্ণনা কৰা হৈছিল: “কিছুমান ক্ষেত্ৰত, আমাৰ বিশ্বজুৰি কাৰ্য্যৰ বাবে দিয়া বৰঙণিৰ বিষয়ে আলোচনা কৰাটো অস্বস্তিকৰ যেন বোধ হʼব পাৰে।” গতিকে এই ক্ষেত্ৰত বিবেচনাপূৰ্ণ হোৱা আৱশ্যক। কিয়নো আমি বিচাৰোঁ যে আমাৰ এই বাইবেল শিক্ষাদান কাৰ্য্য কোনো ব্যৱসায়িক কাৰ্য্য নহয় বুলি লোকসকলে যেন স্পষ্টকৈ বুজি পায়। কিয়নো আমি দান-বৰঙণি সংগ্ৰহ কৰাৰ উদ্দেশ্যৰে লোকসকলক সাক্ষাৎ নকৰোঁ।

সাধাৰণতে আমি যেতিয়া আগ্ৰহী ব্যক্তিজনক প্ৰথমবাৰৰ বাবে কোনো প্ৰকাশন দিওঁ তেতিয়াই স্পষ্টকৈ বৰ্ণনা কৰা উচিত যে আমাৰ কাৰ্য্য সম্পূৰ্ণকৈ স্বেচ্ছামূলক দান-বৰঙণিৰ ওপৰত আধাৰিত। যদি আমি কেৱল আগ্ৰহ দেখুৱা বা পঢ়িবলৈ ইচ্ছুক থকা ব্যক্তিসকলক আমাৰ প্ৰকাশনসমূহ দিয়াৰ বিষয়ে মনত ৰাখোঁ, তেনেহʼলে দান-বৰঙণিও পোৱা যায়।

আগ্ৰহীলোকৰ বহুতে পিছৰ সাক্ষাতত স্বইচ্ছাৰে দান-বৰঙণি দিবলৈ আগবাঢ়ি আহে। আন কিছুমানে হয়তো সুধিব পাৰে যে প্ৰকাশনখনৰ মূল্য কিমান। তেতিয়া আমি চমুকৈ বৰ্ণনা কৰিব পাৰোঁ যে আমি প্ৰকাশনবোৰ বিক্ৰি কৰিবলৈ নহয় কিন্তু আগ্ৰহী লোকবিলাকক কোনো মূল্য নোলোৱাকৈহে দিওঁ। তদুপৰি তেওঁলোকক কোৱা আৱশ্যক যে আমাৰ বিশ্বজুৰি কাৰ্য্যক সমৰ্থন কৰিবলৈ যদি কোনোবাই দান-বৰঙণি দিবলৈ ইচ্ছা কৰে, তেনেহʼলে আমি তাক গ্ৰহণ কৰিবলৈ পাই অধিক আনন্দিত হওঁ। যদি আগ্ৰহী ব্যক্তিজনে দান-বৰঙণি দিয়া নাই তেন্তে আমি পুনৰ সাক্ষাতৰ সময়ত বিশ্বব্যাপী কাৰ্য্যক কেনেকৈ সমৰ্থন কৰিব পাৰি, এই বিষয়ে গৃহস্থক সোঁৱৰাই দিলে উত্তম হʼব।

আমি মনত ৰাখা উচিত যে যদিও আমি আগ্ৰহীলোকক কোনো মূল্য নোলোৱাকৈ আমাৰ প্ৰকাশন দিওঁ, তথাপিও এইবোৰক ছপা আৰু প্ৰকাশ কৰাত খৰচ সন্মিলিত আছে। আমি নিশ্চিত যে যিহোৱাৰ পবিত্ৰ আত্মাই বিশ্বব্যাপী কাৰ্য্যৰ বাবে স্বইচ্ছাৰে দান-বৰঙণি দিবলৈ তেওঁৰ উপাসক আৰু প্ৰচাৰ ক্ষেত্ৰত থকা আগ্ৰহীলোকক অৱশ্যেই প্ৰেৰিত কৰিব।

◼ কিদৰে প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ ব্যক্তিগত কপি লাভ কৰিব পাৰি?

যিহেতু প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ গ্ৰাহকতা কৰাৰ প্ৰবন্ধ কিছু বছৰৰ পূৰ্বেই স্থগিত কৰা হʼল, সেয়েহে প্ৰকাশকসকলে তেওঁলোকৰ ব্যক্তিগত কপিবোৰ স্থানীয় মণ্ডলীৰ পৰা প্ৰাপ্ত কৰিব পাৰে। কেৱল ব্ৰেইলি আখৰ আৰু গ্ৰাহকতা ব্যৱস্থাৰ বাবে উপযুক্ত হোৱা লোকক কোনো মূল্য নোলোৱাকৈ আলোচনীবোৰ পঠোৱা হয়। অনুগ্ৰহ কৰি লক্ষ্য কৰক যে মণ্ডলীবোৰে বিদেশী ভাষা আৰু ডাঙৰ আখৰৰ সংস্কৰণ প্ৰকাশনসমূহ মণ্ডলীৰ আৱেদনসমূহ (M-202) নামৰ ফৰ্মখনৰ জড়িয়তে নিৱেদন কৰিব পাৰে।

আপোনাৰ প্ৰচাৰ এলেকাত যদি কোনোবা আগ্ৰহী ব্যক্তিয়ে নিয়মীয়াকৈ আলোচনী দিবলৈ অনুৰোধ কৰে, তেন্তে অনতিপলমে কোনো এটা সংখ্যা অব্যাহতি নকৰাকৈ তেওঁলোকক দিবলৈ যেন নিশ্চিত কৰে। মণ্ডলীৰ পৰা বহিষ্কাৰ কৰা ব্যক্তিসকলে ব্যক্তিগত ব্যৱহাৰৰ বাবে ৰাজ্য গৃহত থকা আলোচনী আৰু সাহিত্য বিভাগৰ পৰা প্ৰকাশনসমূহ সংগ্ৰহ কৰিব পাৰে। প্ৰকাশকসকলে বহিষ্কৃত ব্যক্তিসকলক আলোচনী বা সাহিত্য দিয়া উচিত নহয়।

ভাৰতৰ শাখা কাৰ্য্যালয়ে কেৱল তেনে আগ্ৰহী ব্যক্তিসকলৰ গ্ৰাহকতাৰ ৰিকৰ্ড ৰাখিছে যিসকলক মণ্ডলীৰ প্ৰকাশকসকলে আলোচনী প্ৰবাহৰ দ্বাৰা আলোচনী দিব নোৱাৰে। যদি মণ্ডলীৰ সেৱা কমিটিয়ে এনে কোনো এজন গ্ৰাহকতাৰ বাবে অনুৰোধ কৰিছে যিজনক প্ৰকাশকসকলে আলোচনী প্ৰবাহৰ দ্বাৰা আলোচনী দিয়াটো সুবিধা নহয়, তেন্তে মণ্ডলীৰ চেক্ৰেটাৰীয়ে সেই অনুৰোধৰ সৈতে চমুকৈ এটা টোকা লিখি পঠোৱা আৱশ্যক যে সেই অনুৰোধতো ভালকৈ পৰীক্ষা কৰা হৈছে আৰু মণ্ডলীৰ সেৱা কমিটিৰ দ্বাৰা অনুমোদন প্ৰাপ্ত।

ইয়াৰ অৰ্থ এইটো যে প্ৰকাশকসকলে ব্যক্তিগত গ্ৰাহকতাৰ বাবে শাখা কাৰ্য্যালয়লৈ লিখা উচিত নহয়। প্ৰকাশক বা আগ্ৰহী ব্যক্তিসকলে কৰা তেনে ব্যক্তিগত অনুৰোধবোৰ তেওঁলোকৰ অঞ্চলত থকা মণ্ডলীলৈ ঘূৰাই পঠোৱা হʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক