গ্ৰাহকতা নৱীকৰণ কৰা পদ্ধতিক সৰলীকৰণ কৰা হʼল
পূৰ্বেই গৃহস্থসকলে প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ গ্ৰাহকতা শেষ হোৱাৰ সূচনাৰূপে দুখনকৈ জাননী পত্ৰ দিয়া হৈছিল। প্ৰথম জাননী পত্ৰখন মণ্ডলীৰ জৰিয়তে আগতীয়াকৈ গ্ৰাহকতা লোৱা গৃহস্থক দিয়া হৈছিল। ইয়াৰ জৰিয়তে গৃহস্থক তেওঁৰ গ্ৰাহকতা নৱীকৰণ কৰিবলৈ আমন্ত্ৰণ কৰা হৈছিল।
দ্বিতীয় জাননী পত্ৰখন আলোচনীৰ সৈতে গৃহস্থজনলৈ ডাক যোগে পঠোৱা হৈছিল। কিন্তু যেতিয়া আলোচনীসমূহৰ বিতৰণ কৰা পদ্ধতি সৰলীকৰণ কৰা হʼল, তেতিয়া এই ব্যৱস্থাত ব্যাঘাত জন্মিল। কিন্তু যিসকলে ব্ৰেইল আখৰৰ আলোচনীৰ অভিদান স্বীকাৰ কৰিছে তেওঁলোকলৈ গ্ৰাহকতা নৱীকৰণ কৰা পদ্ধতিৰ কোনো পৰিৱৰ্ত্তন কৰা নহʼব।
প্ৰচাৰক আৰু অগ্ৰগামীসকলক উৎসাহিত কৰা হৈছে যে তেওঁলোকে ব্যক্তিগতভাৱে আলোচনীৰ গ্ৰাহকতা কৰাৰ পৰিৱৰ্ত্তে, তেওঁলোকৰ আলোচনীৰ কপিবোৰ যেন মণ্ডলীৰ পৰা গ্ৰহণ কৰে। এনে কৰাৰ ফলস্বৰূপে সংস্থাই অধিক সময় আৰু খৰচ কৰাৰ পৰা ৰেহাই পাব।—সংস্থাই সকলো মণ্ডলীলৈ ডাক যোগে পঠোৱা অক্টোবৰ ১৫, ১৯৯৯ চনৰ চিঠীখনৰ ২ পৃষ্ঠাত দিয়া “প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ অভিদানৰ সম্বন্ধে কি?” বিষয়টো চাওঁক।
প্ৰথমতে প্ৰচাৰ এলেকাত লগ পোৱা গৃহস্থক গ্ৰাহকতাৰ শেষ হোৱাৰ বিষয়ে মণ্ডলীৰ জৰিয়তে জাননী পত্ৰ দিয়া হৈছিল। মণ্ডলীয়ে যেনেকৈ সেই জাননী পত্ৰসমূহ পায়, কোনো পলম নকৰাকৈ সেই পত্ৰসমূহ প্ৰচাৰকসকলক দিছিল, মূলতে যিসকলে গৃহস্থসকললৈ গ্ৰাহকতা আগবঢ়াইছিল। কিন্তু পাছলৈ গ্ৰাহকতা কৰাসকলে আলোচনীসমূহৰ সৈতে নৱীকৰণ জাননী পত্ৰ নোপোৱা হʼল। গতিকে এনে আগ্ৰহীলোকক সাক্ষাৎ কৰাটো অতি আৱশ্যক। আমি তেওঁলোকৰ সৈতে সাক্ষাত কৰি নিৰ্দ্ধাৰিত কৰা প্ৰয়োজন যে বাস্তৱেতে সেই গৃহস্থজন আগ্ৰহী হয়নে আৰু আলোচনী নিয়মিতৰূপে দিলে লাভৱান হʼবনে। যদি গৃহস্থজন আগ্ৰহী তেনেহʼলে আমি ঠিৰাং কৰা আৱশ্যক যে গ্ৰহকাতা নৱীকৰণ কৰাৰ পৰিৱৰ্ত্তে গৃহস্থজনক নিয়মীয়াকৈ ব্যক্তিগতভাৱে প্ৰত্যক মাহৰ আলোচনীৰ কপি দি ডাক যোগে আলোচনীসমূহ পঠোৱাৰ খৰচ হ্ৰাস কৰিব পাৰোঁ। যদি গৃহস্থজনক আলোচনীৰ কপিবোৰ হাতে-হাতে দিয়াটো ব্যৱহাৰিক নহয়, তেনেহʼলে আমি গ্ৰাহকতা নৱীকৰণ কৰাৰ বিষয়ে বিবেচনা কৰিব পাৰোঁ। গ্ৰাহকতা নৱীকৰণ কৰা সময়ত গ্ৰাহকতা শেষ হোৱা সেই একেইখন জাননী পত্ৰ ভৰ্তি কৰিলে উত্তম হʼব, কিয়নো ইয়ে গৃহস্থজনক নিয়মীয়াকৈ আলোচনী পায় থকাত সহায় কৰিব। নৱীকৰণ কৰা গ্ৰাহকতাৰ পত্ৰখন সদায়ে মণ্ডলীৰ যোগেদি পঠোৱা উচিত।—আমাৰ ৰাজ্য পৰিচৰ্য্যা, ১৯৮৮ চনৰ নবেম্বৰ মাহৰ ৪ পৃষ্ঠাত আৰু ১৯৮৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ৪ পৃষ্ঠা চাওঁক।
যিসকল গৃহস্থই এনেবোৰ এলেকাত বাস কৰে যিবোৰত যোগাযোগৰ কোনো ব্যৱস্থা নাই অথবা দুৰ্গম্য, এনে ক্ষেত্ৰত মণ্ডলীয়ে তেওঁলোকলৈ গ্ৰাহকতা শেষ হোৱাৰ পত্ৰ ডাক যোগেও পঠিয়াব পাৰে।
সঠিক সময়ত প্ৰদান কৰা আলোচনীসমূহে এই আন্ধকাৰময় জগতত একেৰাহে আধ্যাত্মিক পোহৰেৰে দীপ্তিময় কৰিব। তদুপৰি আমি নিশ্চিত যে গ্ৰাহকতাৰ বাবে ব্যৱস্থা কৰা এই নতুন পদ্ধিতিয়ে গৃহস্থসকলক প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীসমূহৰ প্ৰত্যেকখন কপি পায় থকাত সহায় কৰিব।