“তোমালোকো যুগুত হৈ থাকা”
১ এই ৰীতি-ব্যৱস্থাৰ ধ্বংসৰ বিষয়ে কৰা তেওঁৰ গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণীত যীচুৱে সাংসাৰিক জীৱনধাৰাত অধিককৈ নিমগ্ন হৈ নপৰিবলৈ সতৰ্ক কৰিছিল। (মথি ২৪:৩৬-৩৯; লূক ২১:৩৪, ৩৫) যিহেতু মহা-ক্লেশ যিকোনো সময়তে আহিব পাৰে, গতিকে আমি যীচুৰ এই গুৰুত্বপূৰ্ণ উপদেশ পালন কৰাটো অতি আৱশ্যক, যʼত তেওঁ এইদৰে কৈছিল: “এতেকে তোমালোকো যুগুত হৈ থাকা; কিয়নো যি সময়ত তোমালোকে নাভাবা, সেই সময়তে মানুহৰ পুত্ৰ আহিব।” (মথি ২৪:৪৪) এই ক্ষেত্ৰত যুগুত হৈ থাকিবলৈ আমাক কিহে সহায় কৰিব?
২ ব্যাকুল আৰু বিহ্বলতাত জয়ী হোৱা: আধ্যাত্মিকৰূপে ফান্দত নপৰিবলৈ দৈনন্দিন বিষয়বোৰত আমাৰ “হৃদয় যেন ভাৰগ্ৰস্ত” নহয় তাৰ বাবে আমি নিজকে প্ৰতিৰক্ষা কৰা উচিত। (লূক ২১:৩৪) কিছুমান দেশত দৰিদ্ৰতা, নিবনুৱা সমস্যা আৰু জীৱন-যাপন কৰিবলৈ অধিক খৰচী হোৱাৰ বাবে জীৱনৰ আৱশ্যকতাসমূহ পূৰণ কৰাটো কঠিন হৈ পৰিছে। আনবোৰ দেশত নিজলৈ ভৌতিক বস্তু একত্ৰিত কৰাটো এটা সচৰাচৰ বিষয় হৈ পৰিছে। যদি আমাৰ মনটোত ভৌতিক বস্তুবোৰৰ প্ৰতি চিন্তা আৰম্ভ হৈছে তেন্তে আমি ঈশ্বৰৰ ৰাজ্যৰ বাস্তৱিকতাৰ ওপৰত মনোযোগ ভঙ্গ হৈ পৰাৰ বিপদজনক অৱস্থাত আছোঁ। (মথি ৬:১৯-২৪, ৩১-৩৩) খ্ৰীষ্টান সভাবোৰে আমাক সেই মনোযোগ বজাই ৰাখাত সহায় কৰে। গতিকে আমি প্ৰত্যেকখন সভাত উপস্থিত থকাটো আমাৰ লক্ষ্যনে?—ইব্ৰী ১০:২৪, ২৫.
৩ বৰ্তমান সময়ৰ জগতখনত লক্ষ্যসমূহৰ পৰা আমাৰ মনোযোগ আঁতৰাই নিয়া বিষয়সমূহেৰে ভৰি আছে, যিয়ে সহজে আমাৰ বহুমূলীয়া সময় কাঢ়ি নিব পাৰে। উদাহৰণস্বৰূপে, কম্পিউটাৰ এটা ফান্দ হʼব পাৰে। কিয়নো ইন্টাৰনেট ব্যৱহাৰ, ই-মেইল পঢ়া বা পঠোৱা বা কম্পিউটাৰ গেমছৰ বাবে ভালেমান সময় অতিবাহিত হয়। তদুপৰি টেলিভিছন, চিনেমা, নিজৰ মনোৰঞ্জক কাৰ্য্য, বাহিৰা কিতাপ পঢ়া, খেল-ধেমালীত অধিক সময় আৰু আধ্যাত্মিক বিষয়বোৰত কম সময় অতিবাহিত হʼব পাৰে। যিহেতু খেল-ধেমালী আৰু মনোৰঞ্জনে অস্থায়ী সতেজতা, কিন্তু ব্যক্তিগত বা পৰিয়াল বাইবেল অধ্যয়নে চিৰস্থায়ী লাভসমূহ কঢ়িয়াই আনে। (১ তীম. ৪:৭, ৮) আপুনি প্ৰত্যেক দিনা ঈশ্বৰৰ বাক্যক ধ্যান কৰাৰ দ্বাৰা নিজলৈ বহুমূলীয়া সময় কিনি লয়নে?—ইফি. ৫:১৫-১৭.
৪ “এই সকলো ঘটিব লগা ঘটনাৰ পৰা . . . সাৰিবলৈ, আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ” হওঁ, এইবাবে যিহোৱাৰ সংগঠনে আমাক আধ্যাত্মিক নিৰ্দ্দেশনা দি সহায় কৰিবলৈ ব্যৱস্থা কৰাৰ বাবে আমি কিমান যে কৃতজ্ঞ হওঁ! (লূক ২১:৩৬) গতিকে আঁহক আমি সকলোৱে সেই আধ্যাত্মিক প্ৰবন্ধবোৰৰ পৰা সম্পূৰ্ণৰূপে সহায় লৈ ‘নিজকে যুগুত’ কৰোঁহঁক যাতে আমাৰ বিশ্বাস “যেন যীচু খ্ৰীষ্ট প্ৰকাশিত হোৱা কালত, প্ৰশংসা, গৌৰৱ আৰু সমাদৰ-জনক দেখা” যায়।—১ পিত. ১:৭.