প্ৰশংসাই উৎসাহিত কৰি তুলে
১ “মই আজি ভাল ছোৱালীৰ দৰে আচৰণ কৰা নাছিলোঁনে?” এই বুলি কৈ এজনী কণমাণি ছোৱালীয়ে বিছনাত উচুপি উচুপি কান্দিছিল। এই প্ৰশ্নটোৱে তাইৰ মাকক আচৰিত কৰি তুলিলে। সেই দিনটোত কণমাণি জীয়েকে ভাল ছোৱালীৰ দৰে আচৰণ কৰিবলৈ যিমান চেষ্টা কৰিলে তাৰ প্ৰতি মাকে এষাৰো প্ৰশংসাসূচক বাক্য নকলে। সেই কণমাণি ছোৱালীজনীৰ চকু পানীয়ে আমাক সোঁৱৰাই দিয়ে যে ডেকা আৰু বৃদ্ধ সকলোকে প্ৰশংসাৰ আৱশ্যক। তেওঁলোকে কৰা ভাল কাৰ্য্যৰ বাবে আমি এষাৰ প্ৰশংসাসূচক বাক্য কৈ তেওঁলোকক উৎসাহিত কৰোঁনে?—হিতো. ২৫:১১.
২ সঙ্গী খ্ৰীষ্টান ভাই-ভনীসকলে এনে বহুতো ভাল কাৰ্য্য কৰে যাৰ বাবে আমি তেওঁলোকক প্ৰশংসা কৰা আৱশ্যক। প্ৰাচীন, সহায়কসেৱক আৰু অগ্ৰগামীসকলে তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ অনেক প্ৰচেষ্টা কৰে। (১ তীম. ৪:১০; ৫:১৭) ঈশ্বৰলৈ ভয় ৰাখোঁতা পিতৃ-মাতৃয়ে তেওঁলোকৰ লʼৰা-ছোৱালীক যিহোৱাৰ অনুসাৰে প্ৰতিপালন কৰিবলৈ সকলো প্ৰচেষ্টা কৰে। (ইফি. ৬:৪) খ্ৰীষ্টান যুৱক-যুৱতীসকলে “জগতৰ আত্মা” প্ৰতিৰোধ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। (১ কৰি. ২:১২; ইফি. ২:১-৩) তদুপৰি বৃদ্ধ ভাই-ভনীসকলে তেওঁলোকৰ শাৰীৰিক অসুস্থতা বা আন কোনো সমস্যাৰ মাজতো বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰিছে। (২ কৰি. ১২:৭) এনে প্ৰচেষ্টা কৰা সকলো ভাই-ভনী বাস্তৱতে প্ৰশংসাৰ যোগ্য। আমি তেওঁলোকৰ প্ৰশংসাসূচক প্ৰচেষ্টাৰ প্ৰতি দৃষ্টি কৰোঁনে?
৩ ব্যক্তিগত আৰু নিৰ্দিষ্টভাৱে প্ৰশংসা কৰা: মঞ্চৰ পৰা প্ৰশংসাসূচক বাক্য শুনি আমাৰ সকলোৱে আনন্দিত হওঁ। প্ৰকৃততে সেইটো তেতিয়া অধিক উৎসাহিতজনক হয় যেতিয়া ব্যক্তিগতভাৱে পোনপটীয়াকৈ প্ৰশংসা কৰা হয়। উদাহৰণস্বৰূপে, ৰোমীয়া ১৬ অধ্যায়ত পাঁচনি পৌলে লিখা পত্ৰত ফৈবী, প্ৰিষ্কা, আক্কিলা, ত্ৰুফেণা, ত্ৰুফোচ আৰু আনসকলক নিৰ্দিষ্টভাৱে প্ৰশংসা কৰিছিল। (ৰোমী. ১৬:১-৪, ১২) সেই বিশ্বাসীসকলৰ বাবে পৌলে কোৱা বাক্য কিমান যে উৎসাহজনক আছিল! আমাৰ আধ্যাত্মিক ভাই-ভনীসকলে আমাৰ সৈতে তেনে নিবিড় সম্পৰ্ক বজাই ৰাখি ঈশ্বৰৰ সেৱা কৰিবলৈ তেওঁলোককো তেনে প্ৰশংসাৰ আৱশ্যক। অলপতে আপুনি কোনো এজন ভাই বা ভনীক প্ৰশংসাসূচক বাক্য কৈ উৎসাহিত কৰিলেনে?—ইফি. ৪:২৯.
৪ হৃদয়েৰে প্ৰশংসা কৰা: এজন ব্যক্তিক বাস্তৱতে উৎসাহিত কৰি তুলিবলৈ আমি কৰা প্ৰশংসা অৱশ্যেই অকপট হোৱা উচিত। কিয়নো লোকসকলে আমি কৰা প্ৰশংসা হৃদয়েৰে কৰিছোঁনে, নতুবা ‘জিবাৰে খোচামোদ কৰিবলৈ’ কৰিছোঁ তাক সহজে বুজিব পাৰে। (হিতো. ২৮:২৩) আমি আনৰ উত্তমতাৰ প্ৰতি লক্ষ্য কৰিবলৈ যেনেকৈ নিজকে প্ৰশিক্ষণ দিম, আমাৰ হৃদয় তেওঁলোকক প্ৰশংসা কৰিবলৈ প্ৰেৰিত হʼব। এতেকে আঁহক আমি অকপটভাৱে আনক প্ৰশংসা কৰি জ্ঞাত হওঁহঁক যে “উচিত সময়ত কোৱা বাক্য কেনে উত্তম!”—হিতো. ১৫:২৩.