পৰিচৰ্য্যা সভাৰ তালিকা
নবেম্বৰ ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২১২
১০ মি: স্থানীয় ঘোষণাসমূহ আৰু আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ নবেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু নবেম্বৰ ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে দুটা জীৱন্ত উপস্থাপন প্ৰস্তুত কৰক। যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰা হয় তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। এটা উপস্থাপনত গৃহস্থক বৰ্ণনা কৰক যে কেনেকৈ আমাৰ বিশ্বব্যাপী কাৰ্য্যৰ বাবে আৰ্থিক নিয়োজন কৰা হয়।—প্ৰহৰীবুৰুজ ২ পৃষ্ঠা বা সচেতন! ৫ পৃষ্ঠা চাওক।
১৫ মি: “তোমালোকো যুগুত হৈ থাকা।”a শ্ৰোতাসকলক আমন্ত্ৰণ কৰি কʼবলৈ কওক যে কিহে তেওঁলোকক বৰ্তমানৰ জীৱনধাৰাৰ প্ৰতি চিন্তিত আৰু বিভ্ৰান্ত নহৈ আধ্যাত্মিক বিষয়বোৰক মনোযোগ দিয়াত সহায় কৰিছে।
২০ মি: আপুনি কেনেকৈ সঙ্গীক বাছনি কৰে? ঈশ্বৰক উপাসনা নামৰ কিতাপখনৰ ৪৭-৯ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা। কিতাপখনৰ ১৩ অনুচ্ছেদত দিয়া শাস্ত্ৰীয় পদ আৰু প্ৰশ্নটো ব্যৱহাৰ কৰি সঙ্গী বাছনি কৰাৰ ক্ষেত্ৰত আমি কেনেকৈ বাইবেলৰ সিদ্ধান্তৰ পথ-প্ৰদৰ্শনা লোৱা উচিত এই বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
গীত ১২৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
নবেম্বৰ ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৯৬
১২ মি: স্থানীয় ঘোষণাসমূহ। এনে প্ৰকাশকসকলৰ সাক্ষ্যাৎকাৰ গ্ৰহণ কৰক যিসকলে চলিত আলোচনীক ব্যৱহাৰ কৰি প্ৰচাৰ ক্ষেত্ৰত মনোগ্ৰাহী অভিজ্ঞতা লাভ কৰিলে। তেওঁলোকৰ কিছুমানে হয়তো আগ্ৰহী লোকবিলাকৰ সৈতে বাইবেল অধ্যয়ন পৰিচালনা কৰাত সফলতা লাভ কৰিছে।
১৫ মি: দানশীল মনোবৃত্তি বিকাশিত কৰক। এজন প্ৰাচীনে নবেম্বৰ ১, ২০০৩ চনৰ প্ৰহৰীবুৰুজ, ২৭-৩০ পৃষ্ঠাত দিয়া লেখটোৰ ওপৰত আধাৰিত কৰি ভাষণৰ দ্বাৰা এই ভাগটো প্ৰস্তুত কৰে।
১৮ মি: “প্ৰশংসাই উৎসাহিত কৰি তুলে।”b পৰিয়ালৰ সুখৰ ৰহস্য নামৰ কিতাপখনৰ ৪৯-৫০ পৃষ্ঠা, ২১ অনুচ্ছেদৰ পৰা মন্তব্য সন্মিলিত কৰক। আনৰ পৰা প্ৰশংসা লাভ কৰি উৎসাহিত হোৱা ভাই-ভনীসকলক সেই বিষয়ে তেওঁলোকৰ মন্তব্য কʼবলৈ কওক।
গীত ৫৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
নবেম্বৰ ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২১৩
১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ নবেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু ডিচেম্বৰ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহৰ পৰা বিভিন্ন শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰক। যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰা হয় তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। এটা উপস্থাপনত ৰাজহুৱা পৰিবহন বা স্থানীয়ভাৱে ব্যৱহাৰিক হোৱা পটভূমি ব্যৱহাৰ কৰক।
১০ মি: প্ৰশ্ন বক্স। এজন প্ৰাচীনৰ দ্বাৰা ভাষণ।
২৩ মি: “যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক বিকাশিত কৰা।”c লেখটোত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰক। শাস্ত্ৰীয় পদবোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে এই বিষয়ে শ্ৰোতাসকলক তেওঁলোকৰ মন্তব্য কʼবলৈ কওক। ব্যক্তিগত বাইবেল অধ্যয়ন উন্নত কৰিবলৈ কিহে তেওঁলোকক সহায় কৰিলে এই বিষয়ে কʼবলৈ আগতীয়াকৈ এজন বা দুজন প্ৰকাশকক সাজু কৰক।
গীত ২০২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ডিচেম্বৰ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৩৮
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক নবেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ডিচেম্বৰ মাহত বিতৰণ কৰিবলগীয়া আলোচনীবোৰৰ বিষয়ে উল্লেখ কৰক। চমুকৈ এটা বা দুটা উপস্থাপন পুনৰ নিৰীক্ষণ কৰক। প্ৰকাশকসকলে ৱাচ্টাৱাৰ পাব্লিকেশ্বন ইনডেক্স কেনেকৈ ব্যৱহাৰ কৰিব পাৰে এই বিষয়ে বৰ্ণনা কৰক। অতিৰিক্ত পৰামৰ্শৰ বিষয়ে জানিবলৈ ছেপ্টেম্বৰ ২০০১ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ২ পৃষ্ঠাত চাওক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: আনক শিক্ষাদান কৰাত উপযুক্তভাৱে যোগ্য হোৱা। জুন ১, ২০০০ চনৰ প্ৰহৰীবুৰুজ, ১৬-১৭ পৃষ্ঠা, ৯-১৩ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা। আনক কাৰ্য্যকাৰীৰূপে শিক্ষাদান কৰাটো আমাৰ পৰিচৰ্য্যাৰ মুখ্য লক্ষ্য হোৱা উচিত। মেৰতুল্য লোকক সহায় কৰাত সফলতা লাভ কৰাটো ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা বিদিত কৰা আমাৰ পাৰগতা আৰু কিদৰে তেওঁলোকক প্ৰেৰিত কৰোঁ তাৰ ওপৰত নিৰ্ভৰ কৰে। এই প্ৰশ্নসমূহক বিবেচনা কৰক: (১) প্ৰচাৰ আৰু শিক্ষাদান কৰাত কেনে প্ৰভেদতা আছে? (it-২ ৬৭২ পৃ. ২ অনু.) (২) এটা বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ কিছুমানে কিয় সংকোচবোধ কৰে? (৩) আমি কেনেকৈ নিজৰ শিক্ষাদান কৰা পাৰগতাক উন্নত কৰিব পাৰোঁ? (৪) বিদ্যাৰ্থীজনে যি শিকিছে সেই বিষয়ে তেওঁ ভালকৈ বুজি পাইছে নে নাই তাক আমি কেনেকৈ নিশ্চিত কৰিব পাৰোঁ? (৫) বিদ্যাৰ্থীজনে কেনে উন্নতি কৰাত সহায় কৰাটো আমাৰ লক্ষ্য হোৱা উচিত?
গীত ৭০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।