যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক বিকাশিত কৰা
১ এগৰাকী খ্ৰীষ্টান ভনীয়ে এইদৰে কয় যে, “মই প্ৰায় ২০ বছৰ ধৰি কেৱল গতানুগতিকৰূপে সভাত উপস্থিত আৰু আগ্ৰহহীনভাৱে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ সত্যত আছোঁ।” তদুপৰি ভনী গৰাকীয়ে আগলৈ এইদৰে কয়: “মই এনে সিদ্ধান্তত উপনীত হৈছিলোঁ যে যদিও তেনে কৰাটো গুৰুত্বপূৰ্ণ কিন্তু কোনো সমস্যাৰ সময়ত সেইবোৰে মোক সহায় কৰিব নোৱাৰে। . . . এতেকে মই জানিব পাৰিলোঁ যে মোৰ বিচাৰধাৰা সলনি কৰি অৰ্থপূৰ্ণভাৱে সভাবোৰত ভাগ লৈ যিহোৱাৰ সৈতে প্ৰকৃততে অৱগত হোৱা আৰু আমালৈ তেওঁৰ একমাত্ৰ পুত্ৰক দিয়াৰ বাবে মূল্যাঙ্কন দেখুৱা আৱশ্যক।”
২ যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰচেষ্টাৰ আৱশ্যক। ইয়াত খ্ৰীষ্টান কাৰ্য্যক্ৰমৰ তালিকাক অনুকৰণ কৰাতকৈ অধিক কিছু সন্মিলিত আছে। যদি আমি যিহোৱাৰ সৈতে নিয়মীয়াকৈ কথোপকথন কৰাত বিফল হওঁ তেতিয়াহʼলে তেওঁ আমাৰ অতীতত থকা বন্ধুৰ দৰে হৈ পৰিব আৰু ক্ৰমান্বয়ে আমি তেওঁৰ সৈতে যোগাযোগ হেৰুৱাই পেলাম। (প্ৰকা. ২:৪) গতিকে আঁহক আমি পৰীক্ষা কৰোঁহঁক যে ব্যক্তিগত বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনাই যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখাত আমাক কেনেকৈ সহায় কৰিব পাৰে।—গীত. ২৫:১৪.
৩ প্ৰাৰ্থনা আৰু ধ্যান কৰা আৱশ্যক: ব্যক্তিগত অধ্যয়নে হৃদয়ৰ বাবে পোষকাত প্ৰমাণিত হʼবলৈ অধ্যয়ন কৰা মুখ্য বিষয়বোৰৰ তলত চিন দিয়া আৰু উল্লেখ থকা শাস্ত্ৰীয় পদবোৰ খুলি চোৱাতকৈ অধিক কিছু সন্মিলিত আছে। ব্যক্তিগত অধ্যয়ন কৰা লেখটোৱে কেনেকৈ যিহোৱাৰ পথ, স্তৰ আৰু ব্যক্তিত্বক প্ৰকাশ কৰিছে সেই বিষয়ে বুজি পোৱা আৱশ্যক। (যাত্ৰা. ৩৩:১৩) আধ্যাত্মিক বিষয়বোৰক বুজি পোৱাৰ দ্বাৰা আমাৰ অনুভূতি জগাই তুলা আৰু আমাৰ জীৱন-প্ৰণালীত সেইবোৰক কেনেকৈ প্ৰযোজ্য কৰিব পাৰি তাৰ বিষয়ে বিবেচনা কৰিবলৈ প্ৰেৰিত হʼম। (গীত. ১১৯:৩৫, ১১১) যিহোৱাৰ কাষ চাপিবলৈ লক্ষ্য ৰাখাৰ উদ্দেশ্যৰে ব্যক্তিগত অধ্যয়ন কৰা উচিত। (যাকো. ৪:৮) গভীৰভাৱে অধ্যয়ন কৰিবলৈ সময় অতিবাহিত, সঠিক পৰিৱেশ আৰু নিয়মিতৰূপে নিজকে নিয়ন্ত্ৰণ কৰা আৱশ্যক। (দানি. ৬:১০) আপুনি যদি অতি ব্যস্ত তেন্তে যিহোৱাৰ আশ্চৰ্যজনক গুণসমূহৰ ওপৰত ধ্যান কৰিবলৈ প্ৰত্যেকদিনা সময় উলিয়াব পাৰিবনে?—গীত. ১১৯:১৪৭, ১৪৮; ১৪৩:৫.
৪ অৰ্থপূৰ্ণভাৱে ব্যক্তিগত অধ্যয়ন কৰিবলৈ আন্তৰিকতাৰে প্ৰাৰ্থনা কৰাটো অতি আৱশ্যক। বাইবেলৰ সত্যতাই আমাৰ হৃদয়ত অনুভূতি জগাই তুলি “ভক্তি আৰু ভয়েৰে সন্তোষৰূপে ঈশ্বৰৰ আৰাধনা” কৰাত প্ৰেৰিত কৰিবলৈ আমাক ঈশ্বৰৰ পবিত্ৰ আত্মাৰ আৱশ্যক। (ইব্ৰী ১২:২৮) সেয়েহে আমি যিহোৱাৰ পৰা তেওঁৰ পবিত্ৰ আত্মা বিচাৰি প্ৰত্যেকটো অধ্যয়ন আৰম্ভ কৰা উচিত। (মথি ৫:৩) আমি শাস্ত্ৰীয় পদ আৰু যিহোৱাৰ সংগঠনে প্ৰবন্ধ কৰা বাইবেল আধাৰিত সাহিত্যবোৰৰ লেখবোৰৰ ওপৰত ধ্যান কৰি যিহোৱালৈ আমাৰ হৃদয় মুকলি কৰিবলৈ প্ৰেৰিত হʼম। (গীত. ৬২:৮) এইদৰে অধ্যয়ন কৰাটো হৈছে আমাৰ উপাসনাৰ এটা ভাগ যাৰ দ্বাৰা আমি যিহোৱালৈ ভক্তি প্ৰকাশ আৰু তেওঁৰ সৈতে থকা আমাৰ প্ৰেম শক্তিশালী কৰি তুলিম।—যিহূ. ২০, ২১.
৫ আনৰ সৈতে ৰাখা সম্বন্ধৰ নিচিনাকৈ যিহোৱাৰ সৈতে থকা সম্বন্ধ আমাৰ গোটেই জীৱনছোৱাত বজাই ৰাখিবলৈ একেৰাহে প্ৰচেষ্টা কৰা উচিত। সেয়েহে আঁহক আমি সুসময়ক কিনি প্ৰত্যেকদিনা ঈশ্বৰৰ কাষ চাপি যাওঁহঁক তাতে ঈশ্বৰেও আমাৰ কাষ চাপিব।—গীত. ১:২, ৩; ইফি. ৫:১৫, ১৬.
[Study Questions]
১. এগৰাকী ভনীয়ে নিজৰ নিয়মীয়া আধ্যাত্মিক কাৰ্য্যসমূহৰ বিষয়ে কি জানিব পাৰিলে?
২. যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখাটো কিয় এক গুৰুত্বপূৰ্ণ বিষয়?
৩. ব্যক্তিগত অধ্যয়ন সম্পৰ্কে লোৱা কেনে পদক্ষেপে আমাক যিহোৱাৰ নিকটৱৰ্তী হʼবলৈ সহায় কৰিব?
৪. আমাৰ ব্যক্তিগত অধ্যয়নৰ সৈতে জড়িত থকা প্ৰাৰ্থনাই কেনেকৈ যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক বিকাশিত কৰাত সহায় কৰে?
৫. প্ৰত্যেকদিনা ঈশ্বৰৰ বাক্যত ধ্যান কৰাটো কিয় গুৰুত্বপূৰ্ণ?