ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুন পৃষ্ঠা ৮
  • আপোনাৰ ব্যক্তিগত অধ্যয়ন আৰু লাভদায়ক কৰি তোলক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ ব্যক্তিগত অধ্যয়ন আৰু লাভদায়ক কৰি তোলক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • অধ্যয়নে ফলদায়ক আৰু আনন্দিত কৰি তোলে
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ৰাজকীয় আৰ্হিক অনুকৰণ কৰা
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক বিকাশিত কৰা
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ব্যক্তিগতৰূপে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি আনন্দিত হওক
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুন পৃষ্ঠা ৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপোনাৰ ব্যক্তিগত অধ্যয়ন আৰু লাভদায়ক কৰি তোলক

কিয় গুৰুত্বপূৰ্ণ: যদি আমি ঈশ্বৰৰ বাক্য ব্যক্তিগতভাৱে অধ্যয়ন কৰোঁ, তেনেহʼলে ইয়ে আমাক সত্যৰ “বহল, দীঘল, ওখ আৰু দৰ অনুভৱ” কৰিবলৈ সহায় কৰে। (ইফি ৩:১৮) ইয়াৰ উপৰিও, ইয়ে আমাক এই দুষ্ট জগতত নিষ্কলঙ্ক হৈ থাকিবলৈ আৰু ঈশ্বৰৰ বাক্য “দৃঢ়তাৰে ধৰি ৰাখিবলৈ” সহায় কৰে। (ফিলি ২:১৫, ১৬, NW) ব্যক্তিগতভাৱে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবলৈ আমি নিজৰ প্ৰয়োজনীয়তা অনুসৰি বিষয় বাছনি কৰিব পাৰোঁ। বাইবেল পঢ়া আৰু অধ্যয়ন কৰাৰপৰা বেছিকৈ লাভৱান হʼবলৈ আমি কি কৰিব পাৰোঁ?

ইয়াক কেনেকৈ কৰিব:

  • নিজৰ বাইবেলৰ পদবোৰত দাগ দিয়ক আৰু টোকা লিখক। আপুনি ফোন বা টেবলেটটো এইদৰে কৰিব পাৰে

  • ঈশ্বৰৰ বাক্য পঢ়াৰ সময়ত নিজকে এইদৰে সোধক: ‘কোন? কি? কেতিয়া? কʼত? কিয়? কেনেকৈ?’

  • তথ্যবোৰ বিচাৰক। উপলব্ধ থকা অনুসন্ধানৰ সঁজুলি ব্যৱহাৰ কৰক, কোনো এটা বিষয় বা বাইবেলৰ পদ অনুসন্ধান কৰক

  • আপুনি পঢ়া বিষয়বোৰ নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰে, তাৰ ওপৰত ধ্যান কৰক

  • শিকা বিষয়বোৰ আপুনি নিজৰ দৈনন্দিন জীৱনত পালন কৰক।​—লূক ৬:৪৭, ৪৮

দৃঢ়তাৰে ধৰি ৰাখক—প্ৰভাৱশালী ব্যক্তিগত অধ্যয়নৰ যোগেদি নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ব্যক্তিগত অধ্যয়নৰ বিষয়ে কিছুমান ভাই-ভনীয়ে কি কয়?

  • ব্যক্তিগত অধ্যয়ন কৰাৰ আগতে আমি কিয় প্ৰাৰ্থনা কৰা উচিত?

  • বাইবেলৰ পদ ভালদৰে বুজিবলৈ আমাক কিহে সহায় কৰিব?

  • বাইবেল অধ্যয়ন কৰাৰ সময়ত আমি কেনেধৰণৰ দাগ দিব পাৰোঁ?

  • ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ সময়ত ধ্যান কৰাটো কিয় অতি প্ৰয়োজন?

  • শিকাৰ পাছত আমি কি কৰা উচিত?

এগৰাকী ভনীয়ে গভীৰভাৱে ব্যক্তিগত বাইবেল অধ্যয়ন কৰিছে; এজন ভায়ে নিজৰ বাইবেলত বেলেগ বেলেগ ৰং ব্যৱহাৰ কৰিছে; এগৰাকী ভনীয়ে নিজৰ বাইবেলত লোৱা টোকা দুজন ব্যক্তিক জনাইছে; এজন ভায়ে প্ৰাৰ্থনা কৰিছে

“মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ। ওৰে দিনটো সেয়ে মোৰ ধ্যানৰ বিষয়।” —গীত ১১৯:৯৭

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক