ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ১২/১ পৃষ্ঠা ১৯-২৪
  • “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ”
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • নিৰন্তৰে ‘ঈশ্বৰবিষয়ক জ্ঞান’ লওক
  • যিহোৱাৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰক
  • প্ৰাৰ্থনাৰ যোগেদি এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলা
  • “তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব”
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপুনি ঈশ্বৰৰ লগত কেনেকৈ বন্ধুত্ব গঢ়ি তুলিব পাৰিব?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • আপুনি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰে
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
    বাইবেলে প্ৰকৃততে কি শিকায়?
আৰু চাওক
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ১২/১ পৃষ্ঠা ১৯-২৪

“ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ”

“ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।”—যাকোব ৪:৮.

১, ২. (ক) মানুহে প্ৰায়েই কেনে ধৰণৰ দাবী কৰি আহিছে? (খ) যাকোবে কেনেধৰণৰ উদগণি বাক্য কৈছিল আৰু সেইটো কিয় উচিত আছিল?

“ঈশ্বৰ আমাৰ সৈতে আছে।” এই বাক্যশাৰী ৰাষ্ট্ৰীয় প্ৰতীকৰ উপৰিও সৈনিকসকলৰ পোছাকতো দেখিবলৈ পোৱা গৈছিল। বৰ্তমান সময়ত বহুতো প্ৰচলিত নোট, মুদ্ৰা আৰু স্মাৰক পত্ৰত “আমি ঈশ্বৰত ভাৰসা কৰোঁ” বুলি অঙ্কিত কৰা দেখিবলৈ পোৱা যায়। ঈশ্বৰৰ সৈতে নিবিড় সম্পৰ্ক আছে বুলি কোৱাটো মানুহৰ বাবে সামান্য বিষয় হৈ পৰিছে। তেনে সম্বন্ধ ৰাখিবলৈ, আমাক কেৱল কথা বা নীতিবাক্যবোৰৰ দ্বাৰা প্ৰকাশ কৰাই যথেষ্ট নহয়, কিন্তু ইয়াৰ বাবে অধিক কৰা আৱশ্যক বুলি আপুনি মান্তি নহʼবনে?

২ বাইবেলে কৈছে যে ঈশ্বৰৰ সৈতে সম্বন্ধ গঢ়ি তুলাটো সম্ভৱ। সেই সম্বন্ধ কেৱল প্ৰচেষ্টাৰ যোগেদিহে স্থাপন কৰিব পাৰি। আনকি প্ৰথম শতিকাৰ কিছুমান অভিষিক্ত লোকসকলকো যিহোৱাৰ সৈতে নিজৰ সম্বন্ধ দৃঢ় কৰি তুলাৰ আৱশ্যক আছিল। তেওঁলোকৰ কিছুমানে শাৰীৰিক ইচ্ছা বিকাশিত কৰি আধ্যাত্মিক শুদ্ধতাক হেৰুৱা বিষয়ে খ্ৰীষ্টান অধ্যক্ষ যাকোবে সতৰ্কবাণী দিছিল। তেওঁ দিয়া সতৰ্কবাণীৰ মাজভাগত এই শক্তিশালী উদগণি বাক্য পাওঁ যʼত এইদৰে কোৱা হৈছিল: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” (যাকোব ৪:১-১২) তেওঁ “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ” বুলি উল্লেখ কৰাৰ অৰ্থ কি আছিল?

৩, ৪. (ক) প্ৰথম শতিকাত যাকোবৰ কিছুমান পাঠকক “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ” বুলি কোৱা বাক্যশাৰীৰ দ্বাৰা কি সোঁৱৰাই দিয়া হৈছিল? (খ) ঈশ্বৰৰ কাষ চপাটো যে সম্ভৱ তাক আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ?

৩ যাকোবে এনে এক অভিব্যক্তিৰ বিষয়ে উল্লেখ কৰিছিল যি হয়তো তেওঁৰ বাক্য পঢ়োতাসকলৰ বাবে পৰিচিত আছিল। মোচিৰ নিয়মত পুৰোহিতবিলাকক লোকসকলৰ হৈ কেনেকৈ যিহোৱাৰ “ওচৰলৈ” আহিব লাগে তাৰ বিষয়ে নিৰ্দ্ধাৰিত নিৰ্দ্দেশ দিয়া হৈছিল। (যাত্ৰাপুস্তক ১৯:২২) ইয়াৰ দ্বাৰা যাকোবৰ পাঠকসকলক সোঁৱৰাই দিয়া হৈছিল যে ঈশ্বৰৰ কাষ চপাতো এক গভীৰ বিষয়। কিয়নো সমূদায় বিশ্বত যিহোৱা সকলোতকৈ মহান।

৪ আনহাতে, এজন বাইবেল বিদ্বানে এইদৰে কয় যে “[যাকোব ৪:৮ পদত] উল্লেখ কৰা এই উদগণিয়ে এক শক্তিশালী আশা প্ৰকাশ কৰিছে।” যাকোবে জানিছিল যে যিহোৱাই সদায়ে প্ৰেমেৰে অসিদ্ধ মানৱক তেওঁৰ ওচৰ চাপিবলৈ আমন্ত্ৰণ কৰে। (২ বংশাৱলি ১৫:২) যীচুৰ মুক্তিপণ বলিদানে মানৱজাতিক অধিককৈ যিহোৱাৰ কাষ চাপিবলৈ সুযোগ প্ৰদান কৰিলে। (ইফিচীয়া ৩:১১, ১২) বৰ্তমান সময়ত লাখ লাখ লোকে ঈশ্বৰৰ কাষ চাপিবলৈ সুযোগ পাইছে! আমি এই মহান সুযোগৰ পৰা কেনেকৈ লাভবান হʼব পাৰোঁ? আঁহক আমি যিহোৱা ঈশ্বৰৰ কাষ চপাৰ সম্পৰ্কে চমুকৈ তিনিটা বিষয়বস্তুক আলোচনা কৰোঁহঁক।

নিৰন্তৰে ‘ঈশ্বৰবিষয়ক জ্ঞান’ লওক

৫, ৬. সৰু কালৰ চমূৱেলৰ উদাহৰণে ঈশ্বৰৰ ‘জ্ঞান লোৱাৰ’ সৈতে কি সন্মিলিত আছে বুলি প্ৰকাশ কৰিছে?

৫ যোহন ১৭:৩ পদৰ অনুসাৰে যীচুৱে এইদৰে কৈছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” কিন্তু নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ বাইবেলত এই পদটোক অলপ বেলেগকৈ বৰ্ণনা কৰা হৈছে। তাত সাধাৰণতে আন বাইবেলবোৰত উল্লেখ কৰা “জনা” বা “জানি থকা” উক্তিটোৰ পৰিৱৰ্তে “জ্ঞান লোৱা” বুলি ব্যৱহাৰ কৰিছে। তদুপৰি বহুতো বিদ্বানে নিৰীক্ষণ কৰি পাইছে যে মূল গ্ৰীক ভাষাত এই শব্দটোত ইয়াতকৈ অধিক অন্তৰ্ভূক্ত আছে—এইটো হৈছে একেৰাহে হোৱা কাৰ্য্য, যিহে এজনে আন এজনৰ সৈতে ভালকৈ পৰিচিত হʼবলৈ পৰিচালিত কৰিব পাৰে।

৬ যীচুৰ সময়ত ঈশ্বৰৰ সৈতে ভালদৰে পৰিচিত হোৱাটো কোনো নতুন বিষয় নাছিল। উদাহৰণস্বৰূপে, যেতিয়া আমি হিব্ৰু শাস্ত্ৰ অৰ্থাৎ পুৰণি নিয়মত চমূৱেলৰ বিষয়ে পঢ়ো, তাত এইদৰে পঢ়িবলৈ পাওঁ যে তেওঁৰ বয়স কম আছিল, তেওঁ “যিহোৱাৰ পৰিচয় পোৱা নাছিল।” (১ চমূৱেল ৩:৭) ইয়াৰ অৰ্থ এইটোনে যে ঈশ্বৰৰ বিষয়ে চমূৱেলৰ অলপমাত্ৰাতহে জ্ঞান আছিল? অৱশ্যই নহয়। কিয়নো তেওঁৰ পিতৃ-মাতৃ আৰু পুৰোহিতসকলে নিশ্চয়ে তেওঁক ঈশ্বৰৰ বিষয়ে শিকাইছিল। এজন বিদ্ধানৰ অনুসাৰে সেই পদত উল্লেখ কৰা হিব্ৰু শব্দটো “অতি ভালদৰে পৰিচিত” হোৱাৰ সৈতে ব্যৱহাৰ কৰা হয়। চমূৱেলে যিহোৱাৰ বক্তা হিচাবে কাৰ্য্য নকৰালৈকে ঈশ্বৰৰ সৈতে ভালদৰে পৰিচিত নাছিল। লাহে লাহে তেওঁ ডাঙৰ হৈ যিহোৱাৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ পাৰিছিল।—১ চমূৱেল ৩:১৯, ২০.

৭, ৮. (ক) বাইবেলৰ গভীৰ বিষয়বোৰ বুজাত কঠিন হোৱা যেন বোধ হʼলে আমি কিয় নিৰুৎসাহিত হোৱা উচিত নহয়? (খ) ঈশ্বৰৰ বাক্যত কেনেবোৰ সত্যতাৰ গভীৰ বিষয় আছে যাক আমি ভালদৰে অধ্যয়ন কৰা উচিত?

৭ যিহোৱাৰ সৈতে ভালদৰে পৰিচিত হʼবলৈ আপুনি তেওঁৰ বিষয়ে জ্ঞান লৈছেনে? দৰাচলতে যিহোৱাৰ বিষয়ে জ্ঞান লʼবলৈ হʼলে আপুনি তেওঁ প্ৰবন্ধ কৰা আধ্যাত্মিক আহাৰৰ প্ৰতি “হাবিয়াহ” হোৱা আৱশ্যক। (১ পিতৰ ২:২) আপুনি বাইবেলৰ মূল শিক্ষাবোৰ গ্ৰহণ কৰিয়েই কেৱল সন্তুষ্টি হোৱা উচিত নহয়। ইয়াৰ উপৰিও আপুনি বাইবেল শিক্ষাৰ কিছুমান গভীৰ বিষয়ক বুজিবলৈ যত্ন কৰক। (ইব্ৰী ৫:১২-১৪) তেনে গভীৰ বিষয়বোৰক শিকিবলৈ সহজ নহয় বুলি ভাবি আপুনি নিৰুৎসাহিত হৈছেনে? যদি নিৰুৎসাহিত হৈছে, তেন্তে মনত ৰাখক যে যিহোৱা হৈছে আমাৰ “মহান শিক্ষক।” (যিচয়া ৩০:২০, NW) গতিকে অসিদ্ধ মানৱক কেনেকৈ শিক্ষা প্ৰদান কৰিব লাগে তাক তেওঁ ভালদৰে জানে। ইয়াৰ উপৰিও তেওঁৰ শিক্ষা গ্ৰহণ কৰি আপুনি বুজিবলৈ যি চেষ্টা কৰিছে তাত তেওঁ আশীৰ্ব্বাদ প্ৰদান কৰিব পাৰে।—গীতমালা ২৫:৪.

৮ “ঈশ্বৰৰ গভীৰ কথাক” বুজিবলৈ নিজেই পৰীক্ষা নকৰে কিয়? (১ কৰিন্থীয়া ২:১০) সেইবোৰ কোনো আগ্ৰহীন বিষয় নহয় যিবোৰত ধৰ্ম্মগুৰু আৰু তত্ববিদসকলে তৰ্ক-বিতৰ্ক কৰে। সেইবোৰ হৈছে জীৱন্ত বিষয় যিয়ে প্ৰেমময় পিতৃৰ সম্বন্ধে জানিবলৈ আমাৰ মন আৰু হৃদয়ত অন্তৰ্দৃষ্টি প্ৰদান কৰে। উদাহৰণস্বৰূপে, যিহোৱাই তেওঁৰ লোকসকলৰ লাভৰ আৰু তেওঁৰ উদ্দেশ্য পূৰ্ণ কৰাৰ অৰ্থে মুক্তিপণ বলিদান অৰ্থাৎ “নিগূঢ়-তত্ব” আৰু আন বহুতো প্ৰতিশ্ৰুতি ব্যৱহাৰ কৰিছিল। এই বিষয়বস্তু আৰু তাৰ দৰে আন আন বিষয়বোৰত ব্যক্তিগত অনুসন্ধান আৰু অধ্যয়ন কৰাৰ দ্বাৰা আনন্দিত আৰু লাভবান হʼব পাৰি।—১ কৰিন্থীয়া ২:৭.

৯, ১০. (ক) অহঙ্কাৰ কৰাটো কিয় বিপদজনক আৰু কিহে আমাক তেনে কৰাৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিব? (খ) আমি যিহোৱাৰ বিষয়ে জ্ঞান লওঁতে কিয় নম্ৰ হোৱা উচিত?

৯ যেনেকৈ আপুনি আধ্যাত্মিক সত্যতাৰ গভীৰ বিষয়বোৰৰ জ্ঞান লৈ উন্নতি কৰিব, তেনেকৈ ইয়াৰ সৈতে থকা এটা বিপদৰ পৰা আঁতৰি থকা আৱশ্যক আৰু সেইয়া হৈছে অহঙ্কাৰ। (১ কৰিন্থীয়া ৮:১) কিয়নো অহঙ্কাৰ হৈছে বিপদজনক, যিয়ে মানুহক ঈশ্বৰৰ বিপক্ষে পৰিচালিত কৰে। (হিতোপদেশ ১৬:৫; যাকোব ৪:৬) গতিকে সদায়ে মনত ৰাখা উচিত যে মানুহে নিজৰ জ্ঞানত দৰ্প কৰাৰ কোনো কাৰণ নাই। ইয়াকে বুজিবলৈ অলপতে মানৱজাতিৰ বৈজ্ঞানীক অগ্ৰগতিৰ ওপৰত কৰা এটা জৰীপৰ বিষয়ে প্ৰকাশ কৰা এখন কিতাপৰ আৰম্ভণিৰ বাক্যই এইদৰে কয়: “আমি যিমানেই জানি পাওঁ সিমানেই কম জানো বুলি অনুভৱ কৰোঁ। . . . যিবোৰ শিকিবলৈ বাকী আছে তাৰ তুলনাত আমি এতিয়ালৈকে যি শিকিলোঁ সেইবোৰ অতি সামান্য।” তেনেধৰণৰ মনোবৃত্তিয়ে বাস্তৱতে প্ৰণোদিত কৰে। কিয়নো যেতিয়া যিহোৱা ঈশ্বৰৰ বিষয়ে জ্ঞান লোৱা প্ৰশ্ন উঠে তেতিয়া আমাক অধিক নম্ৰ হোৱা আৱশ্যক। কিয় নম্ৰ হোৱা আৱশ্যক?

১০ যিহোৱাৰ সম্বন্ধে উল্লেখ কৰা এনে কিছুমান বাইবেল বিবৃতিত ধ্যান দিয়ক। “তোমাৰ সঙ্কল্পবোৰ অতি গভীৰ।” (গীতমালা ৯২:৫) “[যিহোৱাৰ] জ্ঞান অসীম।” (গীতমালা ১৪৭:৫) “[যিহোৱাৰ] বুদ্ধি অগম্য।” (যিচয়া ৪০:২৮) “ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ!” (ৰোমীয়া ১১:৩৩) প্ৰকৃততে আমাৰ কোনেও ঈশ্বৰে কৰা কাৰ্য্যৰ তত্ব উলিয়াব নোৱাৰে। (উপদেশক ৩:১১) যদিও তেওঁ অনেক আচৰিত বস্তুৰ সম্বন্ধে জ্ঞান দিছে তথাপিও আমাক অনেক শিকিবলৈ বাকী আছে। তেনেধৰণৰ অন্বেষণৰ বিষয়ে জানিবলৈ পাই আমি ৰোমাঞ্চিত আৰু বিনীত নহওঁনে? আঁহক আমি শিক্ষা গ্ৰহণ কৰি সদায়ে নিজৰ জ্ঞানক যিহোৱাৰ কাষ চাপিবলৈ আৰু আনকো তেনে কৰিবলৈ সহায় কৰাত ব্যৱহাৰ কৰোঁহঁক। তদুপৰি আমাৰ জ্ঞানক নিজকে আনতকৈ বৰ বুলিবলৈ কেতিয়াও ব্যৱহাৰ নকৰোঁহঁক।—মথি ২৩:১২; লূক ৯:৪৮.

যিহোৱাৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰক

১১, ১২. (ক) যিহোৱাৰ সম্বন্ধে লোৱা জ্ঞানে আমাক কেনেদৰে প্ৰভাৱিত কৰা উচিত? (খ) যিহোৱা প্ৰতি থকা এজন ব্যক্তিৰ প্ৰেম অকৃত্ৰিম হয় নে নহয় তাক কিহে নিৰ্দ্ধাৰণ কৰে?

১১ যথোপযুক্তভাৱে পাঁচনি পৌলে জ্ঞান আৰু প্ৰেমৰ মাজত এক সন্ধি স্থাপন কৰিছিল। সেই বিষয়ে তেওঁ এনেদৰে লিখিছিল: “তোমালোকৰ প্ৰেম যেন জ্ঞানত আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে, . . . মই এই প্ৰাৰ্থনা কৰোঁ।” (ফিলিপীয়া ১:১০-১১) এতেকে আমি অহঙ্কাৰত দৰ্প কৰাৰ পৰিৱৰ্তে, যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে শিকা সকলো মূল্যৱান সত্যতাই আমাৰ স্বৰ্গীয় পিতৃৰ প্ৰতি প্ৰেম বৃদ্ধি কৰা উচিত।

১২ প্ৰকৃততে বহুতে ঈশ্বৰক প্ৰেম কৰা বুলি দাবী কৰে যদিও বাস্তৱতে তেওঁলোকে ঈশ্বৰক প্ৰেম নকৰে। তেওঁলোকৰ হৃদয়ত থকা দৃঢ় ভাৱনাৰ প্ৰতি তেওঁলোকে হয়তো অকপট হʼব পাৰে। তেনে ভাৱনা যদি যথাৰ্থ জ্ঞানৰ সামঞ্জস্যত, তেন্তে অতি উত্তম আৰু শলাগ লবলগীয়া। কিন্তু সেইবোৰ স্বয়ং ঈশ্বৰৰ প্ৰতি থকা প্ৰেমৰ সমান হʼব নোৱাৰে। কিয় হʼব নোৱাৰে? লক্ষ্য কৰক যে ঈশ্বৰৰ বাক্যই সেই প্ৰেমক কেনেদৰে বৰ্ণনা কৰিছে। তাত এইদৰে কোৱা হৈছে: “আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই।” (১ যোহন ৫:৩) এতেকে যিহোৱাৰ প্ৰতি থকা প্ৰেম তেতিয়াহে অকৃত্ৰিম প্ৰমাণিত হয়, যেতিয়া সেই প্ৰেমত আজ্ঞাকাৰীতা প্ৰকাশ পায়।

১৩. ঈশ্বৰৰ প্ৰতি ৰখা ভয়ে আমাক কেনেকৈ যিহোৱাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিবলৈ সহায় কৰিব?

১৩ ঈশ্বৰীয় ভয়ে আমাক যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ সহায় কৰিব। যিহোৱাৰ অনন্তকলীয়া পবিত্ৰতা, মহিমা, শক্তি, ন্যায়, বুদ্ধি আৰু প্ৰেমৰ বিষয়ে লোৱা জ্ঞানে আমাক তেওঁৰ প্ৰতি সশ্ৰদ্ধ ভয় আৰু গভীৰ সন্মান বিকাশিত কৰিবলৈ পৰিচালিত কৰে। তেনে সশ্ৰদ্ধ ভয়ে আমাক ঈশ্বৰৰ কাষ চপাবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে। তদুপৰি গীতমালা ২৫:১৪ পদত এই বিষয়ে কি কৈছে তাৰ প্ৰতি মনোযোগ দিয়ক। তাত এইদৰে কোৱা হৈছ: “যিহোৱালৈ ভয় ৰাখোঁতাবিলাক তেওঁৰ নিগূঢ় মন্ত্ৰণাৰ অধিকাৰী; তেওঁ সিবিলাকক নিজ নিয়মটি জনাব।” যদি ঈশ্বৰক অসন্তুষ্ট নকৰিবলৈ এক হিতকাৰক ভয় উৎপন্ন কৰোঁ তেতিয়া আমি তেওঁৰ কাষ চাপিব পাৰিম। আনকি এই ঈশ্বৰীয় ভয়ে আমাক হিতোপদেশ ৩:৬ পদত উল্লেখ কৰা উত্তম পৰামৰ্শটো পালন কৰিবলৈ সহায় কৰিব, যʼত এইদৰে কৈছে: “তোমাৰ সকলো কাৰ্য্যত তেওঁক স্বীকাৰ কৰা; তাতে তেওঁ তোমাৰ পথবোৰ সমান কৰিব।” ইয়াৰ অৰ্থ কি?

১৪, ১৫. (ক) দৈনন্দিন জীৱনত আমি কেনেধৰণৰ নিৰ্ণয়ৰ লবলগীয়া হয়? (খ) আমি কেনে ধৰণে নিৰ্ণয় লম যিয়ে ঈশ্বৰীয় ভয় প্ৰকাশ কৰে?

১৪ আপুনি প্ৰত্যেক দিনাই সৰু বৰ নিৰ্ণয় লবলগীয়া হয়। উদাহৰণস্বৰূপে, আপোনাৰ সহকৰ্ম্মী, সহপাঠী আৰু চুবুৰীয়াসকলৰ সৈতে কেনে ধৰণৰ কথা-বতৰা পাতিব? (লূক ৬:৪৫) আপুনি সম্পূৰ্ণ মনেৰে কাৰ্য্য কৰাৰ পৰিৱৰ্তে গতানুগতিৰে তাক সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰেনে? (কলচীয়া ৩:২৩) আপুনি যিহোৱাক প্ৰেম নকৰা লোকবিলাকৰ সৈতে সঙ্গতি কৰেনে বা আপুনি আধ্যাত্মিক মনৰ লোকসকলৰ সৈতে নিজৰ সম্বন্ধ দৃঢ় কৰিব বিচাৰে? (হিতোপদেশ ১৩:২০) কোনো এক সামান্য প্ৰকাৰে হʼলেও যদি ঈশ্বৰৰ ৰাজ্যৰ হিতকাৰ্য্য কৰিব পৰা যায় তেন্তে আপুনি কি কৰিব? (মথি ৬:৩৩) যদি উল্লেখ কৰা তেনে শাস্ত্ৰীয় সিদ্ধান্তবোৰ যদি আপুনি লোৱা দৈনন্দিন জীৱনৰ নিৰ্ণয়বোৰত প্ৰভাৱ পেলাই তেন্তে আপুনি নিশ্চয়ে যিহোৱাক আপোনাৰ ‘সকলো পথতে’ দেখিবলৈ পাইছে।

১৫ আমি জীৱনত যিয়েই নিৰ্ণয় নলওঁ কিয়, সকলো সময়তে আমি এই চিন্তাধাৰাৰ যোগেদি পথ-প্ৰদৰ্শিত হোৱা উচিত: মই কেনেধৰণে কাৰ্য্য কৰাটো যিহোৱাই অপেক্ষা কৰে? আমাৰ কেনে কাৰ্য্য পদ্ধতিয়ে তেওঁৰ মন আনন্দিত কৰিব? (হিতোপদেশ ২৭:১১) এনে ঈশ্বৰীয় ভয় প্ৰকাশ কৰাটো হৈছে এটা উত্তম পথ, যাৰ যোগেদি আমি যিহোৱাৰ প্ৰতি থকা প্ৰেমৰ প্ৰমাণ দিব পাৰোঁ। তদুপৰি ঈশ্বৰীয় ভয়ে আমাক আধ্যাত্মিক, নৈতিক আৰু শাৰীৰিক শুদ্ধতা বজাই ৰাখিবলৈ উৎসাহিত কৰিব। স্মৰণ কৰক যে যাকোবে খ্ৰীষ্টানসকলক “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ” বুলি উৎসাহিত কৰা সেই একেই পদটোত তেওঁ এইদৰেও পৰামৰ্শ দিছিল: “তোমালোকৰ হাত শুচি কৰা; হে দুই মনৰ মানুহ, তোমালোকৰ হৃদয় শুদ্ধ কৰা।”—যাকোব ৪:৮.

১৬. যিহোৱাক দিয়াৰ দ্বাৰা আমি কেতিয়াও কি সম্পন্ন কৰিব নোৱাৰোঁ আৰু তথাপিও আমি সদায়েই কি কৰাত সফলতা লাভ কৰিব পাৰোঁ?

১৬ অৱশ্যে, যিহোৱালৈ আমাৰ প্ৰেম প্ৰকাশ কৰাত কেৱল বেয়াক ঘৃণা কৰাটোৱেই সন্মিলিত আছে এনে নহয়, কিন্তু ইয়াত অধিক কিছু জড়িত হৈ আছে। ইয়াৰ উপৰিও প্ৰেমে আমাক উচিত কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰে। উদাহৰণস্বৰূপে, অভিভূত কৰা যিহোৱাৰ উদাৰতাৰ প্ৰতি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱাওঁ? এই সন্দৰ্ভে যাকোবে এইদৰে লিখিছিল: “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয়, অৰ্থাৎ যি জনাৰ অৱস্থান্তৰ আৰু পৰিবৰ্ত্তনৰ ছাঁও নাই, জ্যোতিঃবিলাকৰ সেই পিতৃৰ পৰাহে নামি আহে।” (যাকোব ১:১৭) গতিকে যেতিয়া তেওঁলৈ আমাৰ সা-সম্পত্তি আগবঢ়াওঁ তেতিয়া আমি তেওঁক সমৃদ্ধিশালী নকৰোঁ। কিয়নো তাত থকা সকলো উত্তম আৰু মূল্যৱান বস্তুৰ গৰাকী তেওঁহে। (গীতমালা ৫০:১২) যিহোৱাক আমি আমাৰ শক্তি আৰু সময় দি তেওঁৰ কোনো আৱশ্যকতাক পূৰ কৰা নাই। যদি আমি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ সন্মত নহওঁ, তেতিয়া যিহোৱাই শিলবোৰক ঘোষণা কৰিবলৈ আজ্ঞা দিব পাৰে! তেনেহলে আমি যিহোৱাক কিয় আমাৰ সা-সম্পত্তি, শক্তি আৰু সময় দিয়া উচিত? কিয়নো তেনে কৰাৰ দ্বাৰা আমি তেওঁক সম্পূৰ্ণ মন, হৃদয় আৰু সামৰ্থেৰে প্ৰেম কৰোঁ বুলি প্ৰমাণ দিওঁ।—মাৰ্ক ১২:২৯, ৩০.

১৭. হৰ্ষিত মনেৰে দান কৰিবলৈ কিহে আমাক প্ৰেৰিত কৰিব পাৰে?

১৭ আমি যিহোৱাক আনন্দেৰে দান কৰা উচিত, কিয়নো “হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।” (২ কৰিন্থীয়া ৯:৭) হৰ্ষিত মনেৰে দান কৰিবলৈ দ্বিতীয় বিবৰণ ১৬:১৭ পদত উল্লেখ কৰা সিদ্ধান্তটোৱে আমাক সহায় কৰিব, যʼত এইদৰে কোৱা হৈছে: “ঈশ্বৰ যিহোৱাই তোমাক দিয়া আশীৰ্ব্বাদ অনুসাৰে প্ৰতিজনে নিজ সমৰ্থ অনুসাৰে উপহাৰ আনিব।” যেতিয়া আমি যিহোৱাৰ উদাৰতাৰ বিষয়ে বিবেচনা কৰোঁ তেতিয়া তেওঁক হৰ্ষিত মনেৰে দান কৰিবলৈ আগ্ৰহী হওঁ। যিদৰে এটি সৰু লʼৰাৰ পৰা পোৱা উপহাৰে পিতৃ-মাতৃৰ মন আনন্দিত কৰে, ঠিক সেইদৰে যিহোৱাৰ মনো আনন্দিত হয়। এনেধৰণে প্ৰকাশ কৰা প্ৰেমে আমাক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰিব।

প্ৰাৰ্থনাৰ যোগেদি এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলা

১৮. আমি আমাৰ প্ৰাৰ্থনাৰ গুণগত বৈশিষ্ট্যতাক কেনেকৈ উন্নত কৰিব পাৰোঁ, এই বিষয়ে বিবেচনা কৰাটো কিয় লাভজনক?

১৮ ব্যক্তিগতভাৱে কৰা প্ৰাৰ্থনাই আমাক স্বৰ্গীয় পিতৃৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ আৰু গুপ্ত কথা-বতৰা পাতিবলৈ সুযোগ দিয়ে। (ফিলিপীয়া ৪:৬) যিহেতু প্ৰাৰ্থনা হৈছে যিহোৱাৰ কাষ চপাৰ এক মুখ মাধ্যম, সেয়েহে আমি আমাৰ প্ৰাৰ্থনাৰ গুণগত বৈশিষ্ট্যক বিবেচনা কৰাটো উত্তম হʼব। ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ প্ৰাৰ্থনাত উল্লেখনীয় বাক্য ব্যৱহাৰ আৰু শব্দ গঠন হোৱা আৱশ্যক। দৰাচলতে আমাৰ প্ৰাৰ্থনা হৃদয়ৰ পৰা কৰা উচিত। আমি আমাৰ প্ৰাৰ্থনাৰ গুণগত বৈশিষ্ট্যতাক কেনেকৈ উন্নত কৰিব পাৰোঁ?

১৯, ২০. প্ৰাৰ্থনা কৰা পূৰ্বেই কিয় ধ্যান কৰা আৱশ্যক আৰু কেনেবোৰ বিষয়ৰ ওপৰত ধ্যান কৰাটো উপযুক্ত?

১৯ প্ৰাৰ্থনা কৰাৰ পূৰ্বেই আমি ধ্যান কৰিবলৈ চেষ্টা কৰা আৱশ্যক। যদি আমি আগতিয়াকৈ ধ্যান কৰোঁ তেনেহʼলে আমাৰ প্ৰাৰ্থনা নিৰ্দিষ্ট আৰু অৰ্থপূৰ্ণ হʼব। এইদৰে আমি প্ৰাৰ্থনাত একেটা শব্দকে পুনৰাবৃতি কৰাৰ পৰা বিৰত থাকিম। (হিতোপদেশ ১৫:২৮, ২৯) সম্ভৱতঃ যীচুৰ আদৰ্শ প্ৰাৰ্থনাত উল্লেখ কৰা বিষয়বোৰত ধ্যান কৰা আৰু সেইবোৰে আমাৰ পৰিস্থিতিৰ সৈতে কেনেকৈ মিল খায় তাৰ ওপৰত বিবেচনা কৰিব পাৰোঁ। (মথি ৬:৯-১৩) উদাহৰণস্বৰূপে, আমি নিজকে এইদৰে সুধিব পাৰোঁ যে পৃথিৱীৰ প্ৰতি থকা যিহোৱাৰ উদ্দেশ্যত আমি কেনে এক ক্ষুদ্ৰ অংশ বহন কৰিম বুলি আশা কৰিব পাৰোঁ। আমি তেওঁৰ কাৰ্য্য কৰিবলৈ আগ্ৰহ প্ৰকাশ আৰু তেওঁ আমাক কৰিবলৈ দিয়া যিকোনো কাৰ্য্যক সম্পূৰ্ণ কৰিবলৈ তেওঁৰ সহায় বিচাৰি নিৱেদন কৰোঁনে? আমি ভৌতিক বস্তুৰ চিন্তাত ডুব গৈছোঁনে? কেনেধৰণৰ পাপৰ বাবে আমাক ক্ষমা আৰু কাক আমি ক্ষমা কৰা আৱশ্যক? আমি কেনেধৰণৰ পৰীক্ষাৰ সম্মুখীন হৈছোঁ আৰু কিমান শীঘ্ৰেই আমাক যিহোৱাৰ সুৰক্ষাৰ আৱশ্যক?

২০ ইয়াৰ উপৰিও আমি তেনে লোকসকলৰ বিষয়ে ভাবিব পাৰোঁ যিসকলক বিশেষকৈ যিহোৱাৰ সহায়ৰ প্ৰয়োজন। (২ কৰিন্থীয়া ১:১১) কেতিয়াও কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ নাপাহৰিব। যদি আমি এই বিষয়ে চিন্তা কৰোঁ তেন্তে নিশ্চয়ে তেওঁৰ প্ৰতি প্ৰত্যেকদিনা কৃতজ্ঞ হোৱা আৰু উদাৰতাৰ বাবে স্তুতি কৰাৰ কাৰণ বিচাৰি পাম। (দ্বিতীয় বিবৰণ ৮:১০; লূক ১০:২১) তেনে কৰাৰ দ্বাৰা আমি লাভবান অৰ্থাৎ ইয়ে আমাক জীৱনৰ সঠিক আৰু গুণগ্ৰাহী দৃষ্টিভঙ্গী লাভ কৰাত সহায় কৰিব পাৰে।

২১. কেনে শাস্ত্ৰীয় উদাহৰণসমূহে যিহোৱালৈ প্ৰাৰ্থনা দ্বাৰা কাষ চপাৰ সময়ত সহায় কৰিব?

২১ অধ্যয়নৰ দ্বাৰাও আমি আমাৰ প্ৰাৰ্থনাক উন্নত কৰিব পাৰোঁ। কিয়নো ঈশ্বৰৰ বাক্যত বিশ্বাসী পুৰুষ আৰু স্ত্ৰীসকলে কৰা কিছুমান উল্লেখনীয় প্ৰাৰ্থনা উদ্ধৃত কৰা আছে। উদাহৰণস্বৰূপে, যদি আমাক কোনো সমস্যাই চাৰিওফালৰ পৰা বেৰি ধৰিছে, যিয়ে আমাক অধিক চিন্তাগ্ৰস্ত কৰি তুলিছে আৰু আমাৰ বা আমাৰ প্ৰিয়জনৰ হিতসাধকত কোনো ভয়ৰ কাৰণ উৎপন্ন কৰিছে, তেন্তে আমি যাকোবে নিজৰ আক্ৰোহী ভায়েক এচৌক সাক্ষাৎ কৰা সময় কাষ চাপি অহাৰ সময়ত প্ৰাৰ্থনা কৰাৰ বিষয়ে পঢ়িব পাৰোঁ। (আদিপুস্তক ৩২:৯-১২) নতুবা আমি প্ৰায় দহ লাখ কুচীয়া সৈন্যই কৰিবলগীয়া আক্ৰমণত ঈশ্বৰৰ লোকবিলাকে আতঙ্কিত হোৱাত আচা ৰজাই কৰা প্ৰাৰ্থনাৰ বিষয়ে পঢ়িব পাৰোঁ। (২ বংশাৱলি ১৪:১১, ১২) যদি আমি এনে এক সমস্যাৰ সম্মুখীন হৈছোঁ যাৰ বাবে যিহোৱাৰ নাম অপমান হোৱাৰ আশঙ্কা আছে, তেতিয়া আমি কৰ্মিল পৰ্ব্বতৰ ওচৰত একগোট হোৱা বাল উপাসকসকলৰ সম্মুখত কৰা এলিয়াৰ প্ৰাৰ্থনা অথবা নহমিয়াই যিৰূচালেমৰ অৱস্থা দেখি কৰা প্ৰাৰ্থনাক বিবেচনা কৰাটো উপযুক্ত হʼব। (১ ৰাজাৱলি ১৮:৩৬, ৩৭; নহিমিয়া ১:৪-১১) তেনে বৃতান্তবোৰ অধ্যয়ন আৰু ধ্যান কৰাৰ দ্বাৰা আমাৰ বিশ্বাস দৃঢ় আৰু দুচিন্তাগ্ৰস্তৰ সময়ত কেনেকৈ যিহোৱাৰ কাষ চাপিব পাৰোঁ এই বিষয়ে জ্ঞান প্ৰদান কৰে।

২২. ২০০৩ চনৰ বাৰ্ষিক পাঠটো কি আৰু গোটেই বছৰজুৰি আমি নিজকে কি সুধিব পাৰোঁ?

২২ স্পষ্টকৈ, “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ” বুলি কোৱা যাকোবৰ পৰামৰ্শ পালন কৰাৰ বাহিৰে আন একোৱেই উত্তম লক্ষ্য আৰু সন্মানযুক্ত হʼব নোৱাৰে। (যাকোব ৪:৮) আঁহক আমি ক্ৰমান্বয়ে ঈশ্বৰৰ প্ৰতি অধিক প্ৰেম প্ৰকাশ কৰিবলৈ বিচৰাৰ দ্বাৰা ঈশ্বৰবিষয়ক জ্ঞান লোৱাত উন্নতি আৰু প্ৰাৰ্থনাৰ যোগেদি তেওঁৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰোঁহক। তদুপৰি ২০০৩ চনৰ গোটেই বছৰটোত যাকোব ৪:৮ পদৰ পৰা উদ্ধৃত কৰা বাৰ্ষিক পাঠটো মনত ৰাখি, আমি সঁচাকৈ ঈশ্বৰৰ কাষ চাপিছোঁ নে নাই তাক একেৰাহে পৰীক্ষা কৰোঁহঁক। কিন্তু সেই পদটোৰ বাকী থকা অংশটোৰ বিষয়ে কি কʼব পাৰি? কি অৰ্থত যিহোৱাই আপোনাৰ “ওচৰ চাপি” আহিব আৰু তাৰ পৰা আপুনি কেনেদৰে লাভবান হʼব? এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w02 12/15)

আপুনি মনত পেলাব পাৰেনে?

• ঈশ্বৰৰ কাষ চপাটো কিয় এক গভীৰ বিষয়?

• যিহোৱাবিষয়ক জ্ঞান লোৱা সম্বন্ধে আমি কেনে লক্ষ্যসমূহ ৰাখিব পাৰোঁ?

• আমি যে বাস্তৱতে যিহোৱাক প্ৰেম কৰোঁ তাক কেনেকৈ প্ৰকাশ কৰিম?

• প্ৰাৰ্থনাৰ দ্বাৰা আমি কি কি প্ৰকাৰে যিহোৱাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ?

[২২ পৃষ্ঠাৰ ব্লাৰ্ব]

২০০৩ চনৰ বাবে বাৰ্ষিক পাঠ হৈছে: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।”—যাকোব ৪:৮.

[২১ পৃষ্ঠাৰ ছবি]

চমূৱেলে যেনেকৈ বয়সত ডাঙৰ হৈ আহিল তেওঁ ভালদৰে যিহোৱাৰ সৈতে পৰিচিত হʼব পাৰিলে

[২২ পৃষ্ঠাৰ ছবি]

কৰ্মিল পৰ্ব্বতত এলিয়াই কৰা প্ৰাৰ্থনা হৈছে আমাৰ বাবে এক উত্তম আৰ্হি

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক