‘যিসকল তিৰোতাই প্ৰভুত কঠোৰ পৰিশ্ৰম কৰে’
১ এই কথাষাৰ পৌলে ৰোমৰ মণ্ডলীত থকা ত্ৰুফেণা আৰু ত্ৰুফোচ নামৰ দুজনী প্ৰৰিশ্ৰমী ভনীৰ বিষয়ে বৰ্ণনা কৰি কৈছিল। অন্যহাতে তেওঁ পৰ্চীৰ বিষয়ে কৈছিল যে তাই “প্ৰভুত বহু পৰিশ্ৰম কৰিলে।” ঠিক সেইদৰে পৌলে ফৈবীৰ বিষয়েও “উপকাৰ কৰোঁতা” বুলি উল্লেখ কৰিছিল। (ৰোমী. ১৬:১, ২, ১২) শাস্ত্ৰত পোৱা এটা ভাল উদাহৰণ হৈছে টবিথা যাক দৰ্কা বুলি কোৱা হয়, তাইক “সৎকৰ্ম্মেৰে পূৰ হোৱা” এজনী শিষ্য বুলি বৰ্ণনা কৰিছে। (পাঁচ. ৯:৩৬) এনে আধ্যাত্মিক তিৰোতাসকল মণ্ডলীৰ বাবে কিযে আশীৰ্ব্বাদপ্ৰাপ্ত!
২ ঠিক তেনেদৰে আমাৰ মণ্ডলীত কঠোৰ পৰিশ্ৰম কৰা ভনীসকলক আমি প্ৰশংসা কৰোঁনে? তেওঁলোকে অধিকৰূপে প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰে, আনৰ সৈতে বাইবেল অধ্যয়ন সঞ্চালন কৰে আৰু প্ৰচাৰ কাৰ্য্যত নতুন ব্যক্তিসকলক সহায় আগবঢ়ায়। ইয়াৰ ওপৰিও তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক আধ্যাত্মিকৰূপে উন্নতি কৰাত সহায় কৰিবলৈ নিজৰ সময় অতিবাহিত কৰে। খ্ৰীষ্টান তিৰোতাসকলে মণ্ডলীত আত্মাৰ ফল যেনে প্ৰেম, আনন্দ, শান্তি আৰু উৎসাহ বৃদ্ধি কৰাত এক বিশেষ ভূমিকা গ্ৰহণ কৰে। তেওঁলোকে বহুতো ক্ষেত্ৰত নিজৰ স্বামী আৰু পৰিয়ালৰ অন্য সদস্যসকলকো যিহোৱাৰ সেৱা অধিকৰূপে কৰিবলৈ সহায় আগবঢ়ায়।
৩ পূৰ্ণ-সময় সেৱা কৰা ভনীসকল: যিসকল তিৰোতাই প্ৰভুৰ কাৰ্য্যত কঠোৰ পৰিশ্ৰম কৰে তেওঁলোকৰ ভিতৰত ট্ৰেভেলিং ওভাৰচিয়াৰৰ পত্নীসকল লেখত লʼবলগীয়া। কিয়নো তেওঁলোকে নিজৰ স্বামীৰ কাৰ্য্য-নিযুক্তিত সমৰ্থন কৰে। যেতিয়া তেওঁলোকৰ স্বামীসকলে মণ্ডলীৰ কাৰ্য্যত ব্যস্ত থাকে, তেওঁলোকে নিজকে প্ৰচাৰ কাৰ্য্যত ব্যস্ত ৰখাৰ ওপৰিও মণ্ডলীৰ ভনীসকলক আধ্যাত্মিকতাত উন্নতি কৰিবলৈ উৎসাহিত কৰে। এই ক্ষেত্ৰত, বেথেলৰ ভনীসকলকো আওকাণ কৰিব নোৱাৰি কিয়নো তেওঁলোকে যিহোৱাৰ সংগঠনক সমৰ্থন কৰিবলৈ পবিত্ৰ সেৱাত উৎসাহেৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ ওপৰিও নিয়মীত অগ্ৰগামী ভনীসকলৰ কাৰ্য্যক প্ৰশংসা কৰা আৱশ্যক, কাৰণ তেওঁলোকেও হাজাৰ হাজৰ লোকক সত্য শিকাই কঠোৰ পৰিশ্ৰমৰ দ্বাৰা ঈশ্বৰক স্তুতি কৰে।
৪ এই বিশ্বাসী তিৰোতাসকলে নিজৰ জীৱনত আত্ম-বলিদানৰ কাৰ্য্যত মহান সন্তোষ্টি লাভ কৰিছে। (১ তীম. ৬:৬, ৮) সেইবাবে তেওঁলোক প্ৰশংসা পোৱাৰ যোগ্য আৰু যিকোনো সময়ত আমি তেওঁলোকক উৎসাহিত আৰু সমৰ্থন কৰা উচিত।
৫ যিহোৱাৰ সংগঠনত খ্ৰীষ্টান তিৰোতাসকল হৈছে মহত্বপূৰ্ণ ব্যক্তি আৰু তেওঁলোকৰ বিশ্বাসৰ কাৰ্য্য হৈছে সকলোৰে বাবে আশীৰ্ব্বাদযুক্ত। সেইবাবে আহঁক আমি এনে তিৰোতাসকলক প্ৰশংসা কৰি যিহোৱাৰ আশীৰ্ব্বাদ তেওঁলোকৰ সৈতে থাকিবলৈ প্ৰাৰ্থনা কৰোঁহঁক, যাতে তেওঁলোকে ‘প্ৰভুত কঠোৰ পৰিশ্ৰম’ কৰিব পাৰে।