ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
তলত দিয়া প্ৰশ্নসমূহ ২০০৩ চনৰ ডিচেম্বৰ মাহৰ ২৯ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৩ চনৰ নবেম্বৰ ৩ তাৰিখৰ পৰা লৈ ডিচেম্বৰ ২৯ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।—পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৭ পৃ. চাওক।]
বক্তৃতাৰ বৈশিষ্ট্য
১. প্ৰচাৰ কাৰ্য্যত বাইবেলখন ব্যৱহাৰ কৰাটো কিয় গুৰুত্বপূৰ্ণ? [ht-AE ২৫ পৃ. ১ অনু.–২৬ পৃ. ২ অনু.]
২. যেতিয়া এটা শাস্ত্ৰীয় পদ উল্লেখ কৰা হয় তেতিয়া তাৰ পৰা আনুষঙ্গিক বিষয়টোৰ উপৰত কেনে প্ৰভাৱ পৰে? [be ১৪৯ পৃ.]
৩. বাইবেলৰ পৰা এটা পদ পঢ়াৰ সময়ত কিয় সঠিক শব্দবোৰত জোৰ দিয়া উচিত আৰু ইয়াক কেনেকৈ কৰিব পাৰিব? [ht-AE ৩০ পৃ. ৪-৫ অনু.]
৪. আনক শিকাওঁতে পাঁচনি পৌলে ‘সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰা’ পৰামৰ্শটো কেনেকৈ প্ৰয়োগ কৰিব পাৰি আৰু কিয় তেনে কৰাটো অতি আৱশ্যক? (২ তীম. ২:১৫) [ht-AE ৩২ পৃ. ১৬-১৭ অনু.]
৫. পাঁচনি পৌলে কেনেকৈ “শাস্ত্ৰৰ পৰা যুক্তি দেখুৱাই, ভাঙি বুজাই দিলে”? (পাঁচ. ১৭:২, ৩) [be ১১৫ পৃ. ৫ অনু.–১৫৬ পৃ. ১ অনু.]
ভাষণ নং ১
৬. যেতিয়া আমি এটা ভাষণ তৈয়াৰ কৰিবলৈ আমাৰ শ্ৰেষ্ঠ অনুসন্ধান সঁজুলি অৰ্থাৎ বাইবেলখন ব্যৱহাৰ কৰোঁ তেতিয়া (১) পদবোৰৰ আনুষঙ্গিক বিষয়বোৰক পৰীক্ষা, (২) ক্ৰচ ৰিফাৰেন্সত দিয়া পদসমূহ আৰু (৩) বাইবেল নিৰ্ঘন্টৰ পৰা কিয় লাভৱান হʼব পাৰোঁ? [be ৩৪ পৃ. ৩ অনু.–৩৫ পৃ. ২ অনু.]
৭. প্ৰকৃত আনুগত্য কেনেকৈ আৰু কালৈ প্ৰকাশ কৰা হয়? [w০১ ১০/১ ২২-৩ পৃ.]
৮. কিহে প্ৰকাশ কৰে যে যিহোৱা হৈছে সময়ৰ সঠিক হিছাপ ৰাখোঁতা? (দানি. ১১:৩৫-৪০; লূক ২১:২৪) [si ২৮৪ পৃ. ১ অনু.]
৯. অনুসন্ধান কৰা বিষয়বোৰ এটা ভাষণত ব্যৱহাৰ কৰিবলৈ নিৰ্ণয় লোৱাৰ সময়ত আমি কেনে কাৰণসমূহক মনত ৰাখা উচিত? [be ৩৮ পৃ.]
১০. “নোহৰ দিন যেনে” বুলি উল্লেখ কৰা যীচুৰ এই উক্তিটো কিয় আমাৰ দিনৰ সৈতে পোনে পোনে সম্পৰ্ক আছে? (মথি ২৪:৩৭) [w০১-AE ১১/১ ৩২ পৃ. ৩-৪ অনু.]
সপ্তাহিক বাইবেল পাঠ
১১. পৌলে ফিলীমনলৈ লিখা পত্ৰখনে কেনেকৈ দেখুৱাইছে যে এজন ব্যক্তিক সামাজিক সংশোধন কৰিবলৈ উৎসাহিত নহয় কিন্তু প্ৰকৃত খ্ৰীষ্টান হʼবলৈ সহায় কৰাত আজ্ঞা দিয়া হৈছে? (ফিলী. ১২)
১২. ‘ভটিয়াই যোৱা,’ ‘খহি পৰা’ আৰু “ধৰ্ম্ম ভ্ৰষ্ট” উক্তিবোৰৰ মাজত কেনে ভিন্নতা দেখিবলৈ পোৱা যায়? (ইব্ৰী ২:১; ৩:১২; ৬:৫) [২, w৯৯ ৭/১৫ ১৯ পৃ. ১২ অনু.; w৮৬ ৬/১ ১৪ পৃ. ১৬-১৭ অনু.; w৮০ ১২/১ ২৩ পৃ. ৮ অনু.]
১৩. সাধাৰণ বিষয়বোৰত “যিহোৱাৰ ইচ্ছা” বুলি উল্লেখ কৰা উক্তিটোৰ পৰা আমি কেনেকৈ বিৰত থাকিব পাৰোঁ? (যাকো. ৪:১৫, NW) [৪, cj ১৭১ পৃ. ১-২ অনু.]
১৪. বাইবেলত ‘যিহোৱা ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা’ বুলি উল্লেখ কৰা উক্তিটোৰ অৰ্থ কি আৰু আমি কেনেকৈ তেনে কৰিব পাৰোঁ? (২ পিত. ৩:১১) [w৯৭ ৯/১ ১৯-২০ পৃ.]
১৫. প্ৰকাশিত বাক্য ২ আৰু ৩ অধ্যায়ত সাতখন মণ্ডলীলৈ দিয়া বাৰ্ত্তাৰ বিষয়ে উল্লেখ কৰা বিৱৰণীৰ পৰা বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলে কেনে গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পাৰে? (প্ৰকা. ২:৪, ৫, ১০, ১৪, ২০; ৩:৩, ১০, ১১, ১৭, ১৯)