ঈশ্বৰৰ বিষয়ে শিকি পোৱা জ্ঞান
১ কিছুমানে ভাবে যে যিহোৱাৰ সাক্ষীসকলে পোনপটীয়াকৈ মানুহে বৰ্তমান সময়ত সম্মুখীন হোৱা সমস্যাৰ উপশম কৰিবলৈ চেষ্টা কৰা উচিত। আচলতে তেনে ব্যক্তিসকলে আমি বাইবেলৰ পৰা দিয়া শিক্ষাদানৰ প্ৰকৃত মূল্যক উপলব্ধি কৰাত বিফল হয়। এইটো ঠিক সেইদৰে যিদৰে পাঁচনি পৌলে লিখিছিল: “সেই [যাতনা স্তম্ভৰ, NW] কথা বিনাশৰ পাত্ৰ-বিলাকলৈ মূৰ্খতা; কিন্তু পৰিত্ৰাণ পাত্ৰ যি আমি, আমালৈ ঈশ্বৰৰ শক্তিস্বৰূপ।” (১ কৰি. ১:১৮) আমি সঠিকভাৱে জানো যে প্ৰকৃত খ্ৰীষ্টানসকলে কৰা পৰিচৰ্য্যা কাৰ্য্যই হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ, যিটো গোটেই পৃথিৱীতে সম্পন্ন কৰা হৈছে।
২ বৰ্তমান এক উত্তম জীৱন: মানৱজাতিৰ সমস্যাক সমাধান কৰিবলৈ কৰা মানুহৰ চেষ্টাই কেৱল সীমিত ফল কঢ়িয়াই আনে। আইনে অপৰাধ বৃদ্ধি হোৱাক প্ৰতিৰোধ কৰিব নোৱাৰে। শান্তি চুক্তি আৰু শান্তিৰক্ষকসকলে কোনো এখন যুদ্ধ শেষ কৰিব পৰা নাই। মানৱতাৰ কল্যাণৰ হকে চেষ্টা কৰি সমাজে বনোৱা আচনিসমূহে দৰিদ্ৰতাক লোপ কৰাত বিফল হʼল। (গীত ১৪৬:৩, ৪; যিৰি. ৮:৯) ইয়াৰ বিপৰীতে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাই বহুতো লোকৰ জীৱনধাৰা সলনি কৰি ঈশ্বৰৰ গ্ৰহণযোগ্য নতুন ব্যক্তিত্বক ধাৰণ কৰাত সহায় কৰিছে। (ৰোমী. ১২:২; কল. ৩:৯, ১০) এইদৰে বৰ্তমান সময়ত তেওঁলোকে উন্নত প্ৰকাৰৰ জীৱন যাপন কৰিছে।—১ তীম. ৪:৮.
৩ এক উজ্জ্বল ভৱিষ্যত: তদুপৰি আমাক জীৱনত সম্মুখীন হোৱা অসহনীয় পৰিস্থিতিত সহায় আৰু ভৱিষ্যতৰ বাবে ব্যৱহাৰিক পৰিকল্পনা তৈয়াৰ কৰিবলৈ ঈশ্বৰীয় জ্ঞানে সহায় কৰে। (গীত ১১৯:১০৫) ইয়ে আমাক বৰ্তমানৰ ৰীতি ব্যৱস্থাত অযুক্তিকৰৰূপে চেষ্টা নকৰিবলৈ প্ৰতিৰক্ষা প্ৰদান কৰে। (উপ. ১:১৫; ৰোমী. ৮:২০) আমাৰ জীৱনত ভ্ৰান্তিদায়ক লক্ষ্য নাৰাখিবলৈ সহায় কৰাত আমি বাস্তৱতে কৃতজ্ঞ নহওঁনে বাৰু! ইয়াৰ পৰিৱৰ্তে আমি যিহোৱাই দিয়া নিশ্চিত প্ৰতিজ্ঞা যি ‘নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱীৰ’ প্ৰতি অধিক মনোযোগ দিওঁ, যʼত ধাৰ্ম্মিকতা বাস কৰিব। যিদিনা যিহোৱাই ন্যায়-বিচাৰ কৰিব সেইদিনা স্পষ্টকৈ প্ৰমাণিত হʼব যে ঈশ্বৰৰ জ্ঞান পাবলৈ কৰা বাছনিয়ে হৈছে সকলোতকৈ উত্তম বাছনি।—২ পিত. ৩:১০-১৩; গীত ৩৭:৩৪.
৪ যদিও ‘জগতৰ জ্ঞানৰ’ বাবে এজনে ঈশ্বৰৰ পৰা লাভ কৰা জ্ঞানক অনুপযোগী বুলি বিবেচনা কৰে তথাপিও ইয়াক অনুকৰণ কৰাটোৱে হৈছে বুদ্ধিমানৰ কাৰ্য্য। (১ কৰি. ১:২১; ২:৬-৮) গতিকে আঁহক আমি একেৰাহে গোটেই পৃথিৱীত ঈশ্বৰৰ পৰা পোৱা বাৰ্ত্তাক প্ৰচাৰ কৰোঁহঁক, কিয়নো একমাত্ৰ তেওঁৱেই হৈছে “প্ৰজ্ঞাৱান ঈশ্বৰ।”—ৰোমী. ১৬:২৭.