ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। জানুৱাৰী: ১৯৮৮ চনৰ পূৰ্বে প্ৰকাশিত হোৱা যিকোনো কিতাপ যদি মণ্ডলীৰ ষ্টকত আছে তেন্তে বিতৰণ কৰক। যদি নাই তেন্তে পুৰণি প্ৰকাশনসমূহ উপলব্ধ থকা ওচৰৰ কোনো মণ্ডলীৰ সৈতে যোগাযোগ কৰিব পাৰে। যিবোৰ মণ্ডলীত পুৰণি প্ৰকাশনসমূহ নাই তেওঁলোকে পৰিয়ালৰ সুখৰ ৰহস্য বা যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ—ব্যৱহাৰিক উত্তৰ নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। ফেব্ৰুৱাৰী: ঈশ্বৰৰ কাষ চাপা। যদি এই কিতাপখন মণ্ডলীত উপলব্ধ নাই তেনেহʼলে আপুনি হয়তো জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? অথবা নিগূঢ় বাক্যসমূহৰ প্ৰকাশ—এক চৰম অৱস্থাত উপনীত হৈছে! কিতাপখনক বিকল্পৰূপে বিতৰণ কৰিব পাৰে। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এক বিশেষ প্ৰচেষ্টা কৰা আৱশ্যক। যদি লোকসকলে ইতিমধ্যেই এই কিতাপখন লৈছে, তেন্তে দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! নামৰ কিতাপখন তেওঁলোকক দিব পাৰে। এপ্ৰিল: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীখন বিতৰণ কৰক। যেতিয়া পুনৰ সাক্ষাৎ কৰা হয় তেতিয়া লোকসকলক স্মৰণীয় পৰ্ব্ব বা সংস্থাই ব্যৱস্থা কৰা আন উপলক্ষবোৰত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক। একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন বিতৰণ কৰিবলৈ মনোযোগ দিয়ক। বিশেষকৈ জ্ঞান কিতাপ বা বিচাৰে ব্ৰচাৰখন অধ্যয়ন কৰা লোকসকলৰ সৈতে এটা গৃহ বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ সকলো প্ৰকাৰে প্ৰচেষ্টা কৰক।
▪ মাৰ্চ ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহৰ পৰা ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখন মণ্ডলীৰ পুস্তক অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা হʼব। এই কিতাপখন ইংৰাজী, কানাড়া, তামিল, তেলেগু, মালায়ালম, পাঞ্জাৱী, বাংলা আৰু হিন্দী ভাষাত উপলব্ধ আছে। মণ্ডলীৰ পুস্তক অধ্যয়ন সমূহক যদি অতিৰিক্ত কিতাপৰ আৱশ্যক তেন্তে অনতিপলমে সংস্থালৈ আপোনালোকৰ আৱেদন পঠাওক।
▪ মণ্ডলীসমূহে এপ্ৰিল মাহৰ ৪ তাৰিখ দেওবাৰে, সূৰ্য্য অস্ত যোৱাৰ পাছত স্মৰণীয় পৰ্ব পালন কৰিবলৈ আগতীয়াকৈ সুবিধাজনক ব্যৱস্থা কৰা উচিত। যদিও ভাষণ সূৰ্য্য অস্ত যোৱাৰ আগতে আৰম্ভ কৰা হয়, কিন্তু স্মৰণীয় প্ৰতীক সূৰ্য্য অস্ত যোৱাৰ পাছতহে ৰাইজৰ আগেদি সঞ্চালিত কৰা আৱশ্যক। আপোনাৰ অঞ্চলত সূৰ্য্য অস্ত যোৱাৰ সঠিক সময়ৰ বিষয়ে জানিবলৈ স্থানীয় বাতৰিকাকতত চাওক। যিহেতু উক্তদিনা প্ৰচাৰ কাৰ্য্যৰ বাহিৰে আন কোনো সভা পৰিচালনা কৰা নহʼব। গতিকে প্ৰহৰীবুৰুজ অধ্যয়ন আন এটা উপযুক্ত সময়ত আয়োজন কৰা উচিত। তদুপৰি পৰিব্ৰাজক অধ্যক্ষই স্থানীয় ভাই-ভনীসকলৰ সুবিধা অনুসৰি সপ্তাহৰ আন এটা সময়ত সভা আয়োজন কৰা আৱশ্যক। যদিও প্ৰত্যেক মণ্ডলীয়ে পৃথকে স্মৰণীয় পৰ্ব পালন কৰাটো বাঞ্চনীয় তথাপিও সকলো সময়তে সেইটো সম্ভৱ নহʼবও পাৰে। সাধাৰণতে যি ৰাজ্য গৃহবোৰক এটাতকৈ বেছি মণ্ডলীয়ে ব্যৱহাৰ কৰে, তেওঁলোকে এই পৰ্ব পালন কৰিবলৈ আগতীয়াকৈ অন্য ব্যৱস্থা কৰিব পাৰে। যদি সম্ভৱ হয় দুটা মণ্ডলীৰ কাৰ্য্যক্ৰমৰ মাজত অন্ততঃ ৪০ মিনিট সময়ৰ ব্যৱধান থকা আৱশ্যক, যাতে সকলোৱে লাভৱান হʼব পাৰে। গাড়ী বা আন যান-বাহন ৰাখা বা আনক গাড়ীৰে অনা-নিয়া কৰাৰ সময়ত সতৰ্কতা অৱলম্বন কৰা আৱশ্যক, যাতে ই আনৰ বাবে কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে। স্থানীয়ভাৱে কেনে ব্যৱস্থা কৰিলে উত্তম হʼব এই বিষয়ে প্ৰাচীনগোষ্ঠীয়ে আগতীয়াকৈ ব্যৱস্থা কৰা উচিত।
▪ নতুন প্ৰকাশন উপলব্ধ:
মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা —ইংৰাজী, তামিল
ঈশ্বৰৰ কাষ চাপা —কানাড়া, তামিল, তেলেগু, পাঞ্জাৱী, বাংলা, মালায়ালম, হিন্দী
‘উত্তম দেশখন চাওক’ —ইংৰাজী, কানাড়া, তামিল, তেলেগু, মালায়ালম, হিন্দী
যিহোৱালৈ স্তুতি গীত গোৱা (সৰু আকাৰত) —কানাড়া
যিহোৱালৈ স্তুতি গীত গোৱা (২৯ টা গীত) —নেপালী
এই জগতখন ৰক্ষা পাব নে? (ট্ৰেক্ট নং. ১৯) —অসমীয়া
হতাশগ্ৰস্ত লোকলৈ শান্ত্বনা (ট্ৰেক্ট নং. ২০) —অসমীয়া
পৰিয়াল জীৱনৰ আনন্দ লওক (ট্ৰেক্ট নং. ২১) —অসমীয়া
বাস্তৱতে জগতখনত কোনে শাসন কৰিছে? (ট্ৰেক্ট নং. ২২) —অসমীয়া
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় —গুজৰাটী
আলোচনাৰ বাবে বাইবেলৰ বিষয় —নেপালী
যিহোৱালৈ স্তুতি গীত গোৱা (২৯ গীত) —তেলেগু
এক শান্তিপূৰ্ণ নতুন জগতত জীৱন (ট্ৰেক্ট নং. ১৫) —কানাড়া, গুজৰাটী, জ্জোংখা, তামিল, নেপালী, পাঞ্জাৱী, বাংলা, মিজো, মাৰাঠী, হিন্দী
মৃত আপোনজনাৰ বাবে কি আশা? (ট্ৰেক্ট নং. ১৬) —কানাড়া, কংকনি (কানাড়া আৰু ৰোমান লিপি), মিজো
এই জগতখন ৰক্ষা পাব নে? (ট্ৰেক্ট নং. ১৯) —গুজৰাটী, তামিল, বাংলা, মাৰাঠী, হিন্দী
আপোনাৰ আত্মা অমৰনে? (ট্ৰেক্ট নং. ২৫) —মিজো