প্ৰশ্ন বক্স
▪ সঠিক সময়ত সভাৰ ভাগবোৰ পৰিচালনা আৰু সমাপ্তি কৰাটো আমি কেনেকৈ নিশ্চিত কৰিব পাৰোঁ?
কোনো এজন বন্ধুৰ সৈতে যেতিয়া আমি কোনো উত্তম বিষয়ে কথোপকথন কৰোঁ তেতিয়া সময় অতি বেগেৰে গতি কৰে। সেইবাবে সভাৰ ভাগবোৰ নিৰ্দ্ধাৰিত সময়ত সমাপ্ত কৰিবলৈ অসুবিধা হʼব পাৰে। এনে পৰিস্থিতিত কিহে সহায় কৰিব?
সময়ত আৰম্ভ কৰক। যেতিয়া মণ্ডলীৰ সকলোৱে একত্ৰিত হয় তেতিয়া হয়তো এক বা দুই মিনিটৰ পূৰ্বেই শ্ৰোতাসকলক তেওঁলোকৰ আসন গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ কৰিব পাৰে যাতে সভা নিৰ্দ্ধাৰিত সময়ত আৰম্ভ কৰিবলৈ সহায়ক হয়। (উপ. ৩:১) পৰিচৰ্য্যা সভাত পলমকৈ উপস্থিত হোৱাৰ সম্ভাৱনা থকাসকলৰ বাবে অপেক্ষা কৰি সভা পলমকৈ আৰম্ভ কৰা উচিত নহয়।
সযত্নে তৈয়াৰ কৰক। নিৰ্দ্ধাৰিত সময়ত ভাগটো সমাপ্ত কৰিবলৈ আগতীয়াকৈ তৈয়াৰ কৰা আৱশ্যক। আপোনাৰ নিযুক্তি ভাগটোৰ উদ্দেশ্যটোৰ বিষয়ে স্পষ্টকৈ মনত ৰাখক। মুখ্য বিষয়সমূহৰ বিষয়ে মনত ৰাখক আৰু সেইবোৰক গুৰুত্বতাৰে প্ৰকাশ কৰক। অনাৱশ্যকীয় বিষয়বোৰক গুৰুত্ব দিয়াৰ পৰা বিৰত থাকক। প্ৰস্তুতিকৰণটো সৰলভাৱে প্ৰকাশ কৰক। যদি নিযুক্তি ভাগটোত উপস্থাপন বা সাক্ষাতকাৰ সন্মিলিত আছে তেন্তে আগতীয়াকৈ অনুশীলন কৰক। আপোনাৰ ভাগ বা নিযুক্তিটো উচ্চস্বৰে অভ্যাস কৰাৰ সময়ত নিৰ্দ্ধাৰিত সময়ৰ পৰিধিৰ ভিতৰত সমাপ্তি কৰিবলৈ যিমান সম্ভৱ প্ৰচেষ্টা কৰক।
আপোনাৰ নিযুক্তি বিষয়বস্তুটো ভাগ কৰক। আপোনাৰ নিযুক্তি ভাষণ বা শ্ৰোতাসকলৰ সৈতে কৰা আলোচনাৰ বিষয়বস্তুক কেইবাটাও ভাগত বিভক্ত কৰিলে লাভদায়ক হʼব। তাৰ পাছত কোনটো ভাগত কিমান সময় অতিবাহিত কৰিব সেইটো আপোনাৰ পৰিলেখৰ দাঁতিত লিখি ৰাখক। প্ৰস্তুতিৰ সময়ত সময়ৰ প্ৰতি লক্ষ্য ৰাখক। শ্ৰোতাসকলৰ সৈতে আলোচনা কৰাৰ সময়ত অনাৱশ্যকীয়ভাৱে বহুতো প্ৰশ্ন সুধা বা মন্তব্য দিয়াৰ পৰা বিৰত থাকক অন্যথা আপুনি আপোনাৰ নিযুক্তি বা ভাষণৰ পৰিৱৰ্তি ভাগত থকা গুৰুত্বপূৰ্ণ বিষয়বোৰক খৰখেদাকৈ সমাপ্তি অথবা পাৰ কৰিবলগীয়া হʼব পাৰে। প্ৰহৰীবুৰুজ অধ্যয়ন পৰিচালকে নিজৰ হাতত যথেষ্ট সময় ৰাখা উচিত যাতে পুনৰ নিৰীক্ষণ বক্সটো বিবেচনা কৰিবলৈ উপযুক্ত সময় থাকে। তদুপৰি তেওঁলোকে গীত আৰু প্ৰাৰ্থনাৰ বাবে নিৰ্দ্ধাৰিত কৰা সময়ৰ প্ৰতিও মনত ৰাখা উচিত যাতে অধ্যয়ন সেই সময়ৰলৈকে পৰিচালিত নহয়।
সময়ত সমাপ্তি কৰক। যদি সভাত কেইবাটাও ভাগ সন্মিলিত থাকে, যেনে, সেৱা সভা, তেতিয়া বক্তাসকলে তেওঁলোকৰ ভাগটো কেতিয়া আৰম্ভ আৰু সমাপ্তি কৰে তাৰ প্ৰতি সতৰ্ক হোৱা উচিত। যদি কোনো সভা নিৰ্দ্ধাৰিত সময়তকৈ অতিৰিক্ত সময়লৈ পৰিচালিত হৈছে তেন্তে কি কৰিব পাৰি? এজন বা দুজন ভায়ে হয়তো নিজৰ ভাগটোত থকা গুৰুত্বপূৰ্ণ মুখ্য বিষয়বোৰক মনোযোগ দি কম গুৰুত্ব থকা বিষয়বোৰক বাদ দিয়া আৱশ্যক। যিজনে তেনে কৰাৰ ক্ষমতা আছে ইয়ে তেওঁক নিপুণ শিক্ষক হোৱাৰ পৰিচয় দিয়ে।
শ্ৰোতা হিচাবে আমি আমাৰ উত্তৰ বা মন্তব্য চমু আৰু নিৰ্দ্দিষ্টভাৱে দি পৰিচালিত কৰা ভাইজনক নিৰ্ধাৰিত সময়ত তেওঁৰ ভাগটো সমাপ্তি কৰাত সহায় কৰিব পাৰোঁ। গতিকে আঁহক আমি সকলো সভাক “সুন্দৰকৈ আৰু শৃঙ্খলা লগাই” পৰিচালিত কৰিবলৈ আৱশ্যকীয় অৱদান আগবঢ়াওঁহঁক।—১ কৰি. ১৪:৪০.