ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ১৪ পৃষ্ঠা ১৭
  • মূল বিষয়বোৰ স্পষ্ট কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মূল বিষয়বোৰ স্পষ্ট কৰক
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • মূখ্য বিষয়বোৰ পুনৰ আলোচনা কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • প্ৰশ্ন বক্স
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰভাৱশালী সামৰণি
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ১৪ পৃষ্ঠা ১৭

অধ্যায় ১৪

মূল বিষয়বোৰ স্পষ্ট কৰক

শাস্ত্ৰপদ

ইব্ৰী ৮:১

সাৰাংশ: আপোনাৰ ভাষণ মনোযোগেৰে শুনিবলৈ শ্ৰোতাসকলক সহায় কৰক। প্ৰতিটো মূল বিষয়ৰ লগত, আপোনাৰ ভাষণৰ উদ্দেশ্য আৰু ভাষণৰ বিষয়বস্তু কেনেকৈ জড়িত আছে, তাক স্পষ্টৰূপে বৰ্ণনা কৰক।

ইয়াক কেনেকৈ কৰিব:

  • এক উদ্দেশ্য ৰাখক। প্ৰথমে বিবেচনা কৰক যে আপোনাৰ ভাষণৰ উদ্দেশ্য কি, শ্ৰোতাসকলক শিক্ষা দিয়া, বিশ্বাস জন্মোৱা নে অনুপ্ৰাণিত কৰা? সেই অনুসৰি আপোনাৰ ভাষণটো প্ৰস্তুত কৰক। মনত ৰখা উচিত হʼব যে মূল বিষয়বোৰে আপোনাৰ উদ্দেশ্য সফল কৰাত সহায় কৰিব।

    ব্যৱহাৰিক পৰামৰ্শ

    নিজকে সোধক: ‘এই বিষয়টোৰ ওপৰত শ্ৰোতাসকলৰ হয়তো কি কি প্ৰশ্ন বা আপত্তি থাকিব পাৰে? তেওঁলোকে কি কি যুক্তিৰে এই প্ৰশ্ন বা আপত্তিবোৰ উত্থাপন কৰিব পাৰে?’ তাৰ পাছত আপুনি বিষয়বোৰ এনেকৈ তুলি ধৰক, যাতে শ্ৰোতাসকলে আপোনাৰ ভাষণ মনোযোগেৰে শুনিব পাৰে, বুজিব পাৰে আৰু আপুনি আগবঢ়োৱা তথ্যবোৰ গ্ৰহণ কৰিব পাৰে।

  • ভাষণৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰক। ভাষণৰ সময়ছোৱাত বিষয়টোৰ মূল শব্দবোৰ বাৰে বাৰে বৰ্ণনা কৰাৰ যোগেদি অথবা ইয়াৰ সমাৰ্থক শব্দ ব্যৱহাৰ কৰাৰ যোগেদি ভাষণৰ বিষয়টো তুলি ধৰক।

  • বিষয়টো স্পষ্ট আৰু সৰলভাৱে তুলি ধৰক। আপুনি যাতে নিৰ্ধাৰিত সময়ত প্ৰভাৱশালীৰূপে শিক্ষা দিব পাৰে, তাৰ বাবে বিষয়টোৰ লগত জড়িত থকা কেৱল মূল বিষয়বোৰ বাছনি কৰক। সকলো মূল বিষয় তুলি ধৰাৰ প্ৰয়োজন নাই, প্ৰতিটো মূল বিষয় স্পষ্টভাৱে বৰ্ণনা কৰক, এটা মূল বিষয়ৰপৰা আন এটা মূল বিষয় তুলি ধৰাৰ আগতে কিছু সময় ৰওক আৰু এটাৰ পাছত আনটো বিষয় সৰলভাৱে তুলি ধৰক।

    ব্যৱহাৰিক পৰামৰ্শ

    শ্ৰোতাসকলে আপোনাৰ ভাষণ মনোযোগেৰে শুনাৰ বাবে আৰম্ভণিতে মূল বিষয়টো বৰ্ণনা কৰিব পাৰে বা সামৰণিত শ্ৰোতাসকলে যাতে মনত ৰাখিব পাৰে, তাৰ বাবে মূল বিষয়টো পুনৰ উল্লেখ কৰিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক