প্ৰশ্ন বক্স
▪ এজন বক্তাই ভাষণ দি থকাৰ সময়ত শ্ৰোতাসকলক যেতিয়া শাস্ত্ৰ পদসমূহ খুলি চাবলৈ কয়, তেতিয়া শ্ৰোতাসকলে কেনেদৰে লাভৱান হʼব?
সৰ্বপ্ৰথমে বক্তাই শ্ৰোতাসকলক খুলিবলৈ কোৱা পদসমূহ তেওঁ কি বিষয়ৰ ওপৰত ভাষণ দিছে তাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াৰ উপৰিও তেওঁৰ ভাষণত যদি কোনো এটা অধ্যায়ৰ পদ এটা এটাকৈ বৰ্ণনা কৰা থাকে তেতিয়াও বক্তাই শ্ৰোতাসকলক বাইবেলৰ পদসমূহ খুলি চাবলৈ আমন্ত্ৰণ কৰিব পাৰে।
বক্তাই মনত ৰখা আৱশ্যক যে শাস্ত্ৰ পদসমূহক খুলি চোৱাৰ এটা কাৰণ হৈছে বাইবেলত যি কৈছে ভাষণটোৰ সৈতে জৰিত আছে নে নাই তাক নিশ্চিত কৰা। (পাঁচ. ১৭:১১) আনটো কাৰণ হৈছে শাস্ত্ৰীয় প্ৰমাণসমূহে বক্তাই দিয়া ভাষণটোৰ ওপৰত শ্ৰোতাসকলৰ বিশ্বাস দৃঢ় কৰে। শ্ৰোতাসকলে শাস্ত্ৰত দিয়া মুখ্য পদসমূহক নিৰীক্ষণ কৰাৰ দ্বাৰাই এইটো জানিব পাৰিব যে বাইবেলে প্ৰকৃততে কি কৈছে। ইয়ে তেওঁলোকৰ হৃদয়ত ঈশ্বৰৰ বাক্যৰ প্ৰতি গভীৰভাৱে প্ৰভাৱিত কৰিব আৰু শাস্ত্ৰ পদসমূহ খুলি পঢ়া আৰু টোকা লোৱাৰ দ্বাৰা শ্ৰোতাসকলে লাভৱান হʼব পাৰিব।
সংস্থাই ভাষণৰ পৰিলেখত বহুতো শাস্ত্ৰৰ পদৰ উল্লেখ কৰিছে যিয়ে বক্তাজনক ভাষণৰ বিষয়টোক সুন্দৰকৈ তৈয়াৰী কৰিবলৈ সহায় কৰে। এই শাস্ত্ৰীয় পদবোৰে বাইবেলত থকা কোনো ঘটনাৰ পৃষ্ঠভূমিৰ বিৱৰণি বা বাইবেলৰ সিদ্ধান্তসমূহে বক্তাজনক ভাষণত শ্ৰোতাসকলক সুন্দৰকৈ বুজাই দিবলৈ সহজ কৰি তুলে। শ্ৰোতাসকলক কোনটো শাস্ত্ৰীয় বচন পঢ়িবলৈ আমন্ত্ৰণ কৰিব আৰু কোনটোক তেওঁ বৰ্ণনা কৰিব, এই বিষয়ে বক্তাজনে নিজেই নিৰ্ধাৰিত কৰা আৱশ্যক। পৰিলেখত উল্লেখ কৰা সকলোবোৰ শাস্ত্ৰৰ পদ বক্তাজনে নপঢ়িবও পাৰে, তেওঁ মাত্ৰ কিছুমান পদহে উল্লেখ কৰি বৰ্ণনা কৰিব পাৰে। তেতিয়া সেই পদসমূহক শ্ৰোতাসকলে বাইবেল খুলি পঢ়াৰ আৱশ্যক নাই।
বক্তাজনে বাঁচনি কৰা শাস্ত্ৰৰ পদবোৰ কম্পিউটাৰ দ্বাৰা প্ৰিন্ট কৰা কাকতখন পঢ়াৰ পৰিৱৰ্তে বাইবেল খুলি শাস্ত্ৰ বচন পঢ়া উচিত হʼব। যেতিয়া বক্তাজনে তেওঁৰ সৈতে বাইবেলৰ পদসমূহ পঢ়িবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰে, সেইসময়ত তেওঁ স্পষ্টৰূপে বাইবেলৰ কিতাপৰ নাম, অধ্যায় আৰু কোন পদৰ পৰা পঢ়িব তাক উল্লেখ কৰা উচিত। পদবোৰ খুলাৰ সময়ত ক্ষন্তেক ৰওক আৰু শ্ৰোতাসকলক প্ৰশ্ন কৰক যে সেই পদটো কিয় পঢ়া আৱশ্যক। এনে কৰাৰ দ্বাৰা শ্ৰোতাসকলে বাইবেল খুলিবলৈ সময় পাব আৰু তেওঁলোকে ভালদৰে বুজি পাব যে সেই পদটো কিয় পঢ়া আৱশ্যক। বক্তাজনে সেই শাস্ত্ৰ পদটোক বাৰে বাৰে উল্লেখ কৰিলে শ্ৰোতাসকলে মনত ৰাখিবলৈ সহজ হʼব। কিন্তু বাইবেল খুলাৰ সময়ত শাস্ত্ৰ পদৰ পৃষ্ঠাৰ নম্বৰ কোৱাটো উচিত নহয়। কিয়নো এইদৰে কৰিলে শ্ৰোতাসকলে ভৱিষ্যতে ব্যক্তিগতভাৱে নিজে বাইবেল খুলি পঢ়াটো কঠিন হৈ পৰিব। গতিকে বক্তাজনে ভাষণ দি থকাৰ সময়ত শাস্ত্ৰ পদসমূহক খুলিবলৈ আমন্ত্ৰণ কৰিলে, ভাষণত বৰ্ণনা কৰা ঈশ্বৰৰ বাক্যৰ পৰা শ্ৰোতাসকলে সহায় লাভ কৰিব পাৰিব।—ইব্ৰী ৪:১২.