অধ্যায় ২০
প্ৰভাৱশালী সামৰণি
উপদেশক ১২:১৩, ১৪
সাৰাংশ: আপোনাৰ ভাষণৰ শেষৰফালে, শিকা বিষয়বোৰ গ্ৰহণ কৰিবলৈ আৰু নিজৰ জীৱনত পালন কৰিবলৈ শ্ৰোতাসকলক উৎসাহিত কৰক।
ইয়াক কেনেকৈ কৰিব:
মূল বিষয়টো জড়িত কৰি সামৰণি কৰক। মূল বিষয়বোৰ আৰু ভাষণৰ বিষয় পুনৰ উল্লেখ কৰক।
শ্ৰোতাসকলক অনুপ্ৰাণিত কৰক। শ্ৰোতাসকলে কি কৰা উচিত, তাক উল্লেখ কৰক আৰু এনে কৰাৰ কিছুমান যুক্তিসংগত কাৰণ তুলি ধৰক। আন্তৰিকতাৰে আৰু নিশ্চয়তাৰে বৰ্ণনা কৰক।
ভাষণৰ সামৰণি সৰল আৰু চমু হোৱা উচিত। নতুনকৈ কোনো মূল বিষয় তুলি ধৰা উচিত নহয়। শ্ৰোতাসকলক পদক্ষেপ লʼবলৈ উৎসাহিত কৰাৰ বাবে প্ৰয়োজন অনুসৰি চমুকৈ কওক।