ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। ফেব্ৰুৱাৰী: ঈশ্বৰৰ কাষ চাপা। যদি এই কিতাপখন মণ্ডলীত উপলব্ধ নাই তেনেহʼলে আপুনি হয়তো জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? অথবা নিগূঢ় বাক্যসমূহৰ প্ৰকাশ—এক চৰম অৱস্থাত উপনীত হৈছে! কিতাপখনক বিকল্পৰূপে বিতৰণ কৰিব পাৰে। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এক বিশেষ প্ৰচেষ্টা কৰা আৱশ্যক। যদি লোকসকলে ইতিমধ্যেই এই কিতাপখন লৈছে, তেন্তে দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! নামৰ কিতাপখন তেওঁলোকক দিব পাৰে। এপ্ৰিল আৰু মে’: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী বিতৰণ কৰক। যেতিয়া পুনৰ সাক্ষাৎ কৰা হয় তেতিয়া লোকসকলক স্মৰণীয় পৰ্ব্ব বা সংস্থাই ব্যৱস্থা কৰা আন উপলক্ষবোৰত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক। একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন বিতৰণ কৰিবলৈ মনোযোগ দিয়ক। বিশেষকৈ জ্ঞান কিতাপ বা বিচাৰে ব্ৰচাৰখন অধ্যয়ন কৰা লোকসকলৰ সৈতে এটা গৃহ বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ সকলো প্ৰকাৰে প্ৰচেষ্টা কৰক।
▪ পৰিচালক অধ্যক্ষ বা তেওঁ নিযুক্ত কৰা কোনো ভায়ে মাৰ্চ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিচাপ-নিকাচ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপোৰ্ট পঢ়াৰ পাছত ইয়াক ঘোষণা কৰক। তদুপৰি মণ্ডলীয়ে বিশ্বজুৰি সংস্থাৰ কাৰ্য্যৰ বাবে কৰা দান-বৰঙণিৰ কোনো প্ৰাপ্তি স্বীকাৰ পত্ৰ আৰু সংস্থাই নিৱেদন কৰাৰ বিষয়ে ঘোষণা কৰক।
▪ মণ্ডলীৰ চেক্ৰেটাৰী আৰু সেৱা অধ্যক্ষই সকলো নিয়মিত অগ্ৰগামীসকলৰ কাৰ্য্যকলাপক পুনৰ নিৰীক্ষণ কৰা আৱশ্যক। যদি তেওঁলোকৰ কোনো এজনে নিৰ্ধাৰিত ঘন্টাৰ লক্ষ্যত উপনীত হʼবলৈ অসুবিধা হৈছে, তেন্তে প্ৰাচীনসকলে সেই ভাই বা ভনীক সহায় কৰিবলৈ ব্যৱস্থা কৰা উচিত। পৰামৰ্শৰ বাবে বছেৰেকীয়া S-201 চিঠিখন পুনৰ নিৰীক্ষণ কৰক।
▪ ২০০৪ চনৰ স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত দিবলগীয়া বিশেষ ৰাজহুৱা ভাষণৰ বিষয় হৈছে, “সাহসী হওক আৰু যিহোৱাক ভাৰসা কৰক।” এই সম্পৰ্কে থকা ঘোষণাসমূহৰ বিষয়ে জানিবলৈ ছেপ্টেম্বৰ ২০০৩ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া ঘোষণাসমূহ বুলি উল্লেখ কৰা শিতানটোৰ অন্তৰ্গত চাওক।
▪ এক সীমিত সংখ্যাত কম্পেক্ট ডিক্স (১) কিংডম মেলডিছ্ [নং ১-৯] আৰু (২) ছিঙগিং কিংডম চংগচ্ উপলব্ধ আছে। যি মণ্ডলীয়ে তেওঁলোকৰ ৰাজ্যগৃহত ব্যৱহাৰ কৰিবলৈ সেইবোৰৰ আৱশ্যক তেওঁলোকে অনতিপলমে আৱেদন কৰিব পাৰে। আৱশ্যক থকা ব্যক্তিসকলেও ছিঙগিং কিংডম চংগচ্ কম্পেক্ট ডিক্স বিচাৰি আৱেদন কৰিব পাৰে।
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
বাইবেলৰ পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি —কানাড়া
জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? —ইংৰাজী, নেপালী
বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে? —নেপালী, পাঞ্জাৱী