ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
তলত দিয়া প্ৰশ্নসমূহ ২০০৪ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৩ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৪ চনৰ জানুৱাৰী ৫ তাৰিখৰ পৰা লৈ ফেব্ৰুৱাৰী ২৩ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।—পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৭ পৃ. চাওক।]
বক্তৃতাৰ বৈশিষ্ট্য
১. প্ৰস্তুত কৰা বিষয়বস্তুৰ কাৰ্য্যকাৰী দিশটো শ্ৰোতাসকলে লাভৱান হʼব পৰাকৈ স্পষ্টকৈ প্ৰকাশ পাইছেনে নাই তাক নিশ্চিত কৰিবলৈ আমি কি কৰিব পাৰোঁ? [ht-AE ৭৮ পৃ. ১১-১৩ অনু.]
২. আমি উপযুক্ত শব্দবোৰক কিয় সাৱধানে বাছনি কৰা আৱশ্যক? [be ১৬০ পৃ. ১ অনু. আৰু দ্বিতীয় বক্সটো]
৩. উত্তম কথোপকথনৰ বাবে থকা কেনে আৱশ্যকতাৰ সম্পৰ্কে ১ কৰিন্থীয়া ১৪:৯ পদত উল্লেখ কৰা হৈছে আৰু এই সিদ্ধান্তটো আমি কেনেকৈ আমাৰ শিক্ষাদান কৰা কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰোঁ? [be ১৬১ পৃ. ১-৪ অনু.]
৪. মথি ৫:৩-১২ আৰু মাৰ্ক ১০:১৭-২১ পদত যীচুৰ শিক্ষাদানৰ সম্পৰ্কে উল্লেখ কৰা উল্লেখনীয় বৈশিষ্ট্যতাটো কি যাক আমি অনুকৰণ কৰিব পাৰোঁ? [be ১৬২ পৃ. ৪ অনু.]
৫. আমি সভাত মন্তব্য দিওঁতে বা আমাৰ পৰিচৰ্য্যাত আমি কোৱা বিচাৰধাৰা কিয় উৎসাহী, অনুভূতিপূৰ্ণ আৰু জীৱন্তৰে প্ৰকাশ কৰা উচিত? (মথি ২৩:৩৭, ৩৮) [be ১৬৩ পৃ. ৩ অনু.–১৬৪ পৃ. ১ অনু.]
ভাষণ নং ১
৬. এটা ভাষণৰ বিষয়বস্তু কি আৰু আমি ইয়াক বাছনি আৰু সংগঠিত কৰাৰ সময়ত কেনেকৈ কাৰ্য্যকাৰীৰূপে মনত ৰাখিব পাৰি? [be ৩৯ পৃ. ৬ অনু.–৪০ পৃ. ১ অনু.]
৭. (ক) আধ্যাত্মিক শুদ্ধতা হোৱাৰ অৰ্থ কি আৰু ইয়াক কিয় সকলোতকৈ অধিক গুৰুত্ব দিব পাৰি? (খ) প্ৰকৃত খ্ৰীষ্টানসকলে কেনেকৈ জগতত সাধাৰণ বিষয় হৈ পৰা নৈতিক অপৰিষ্কাৰ হোৱাৰ পৰা আঁতৰি থাকিব পাৰে? [w০২-AE ৫-৬ পৃ.]
৮. বাইবেলত উল্লেখ কৰা সকলোবোৰ নীতিৰ ভিতৰত কোনবোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ? [w02 ২/১৫ ৫ পৃ. ১, ৪, ৬ অনু.]
৯. সমঅনুভূতি কি আৰু যীচুৱে কেনেকৈ এই গুণটো প্ৰকাশ কৰিছিল? [w০২ ৪/১৫ ২৫ পৃ. ৪-৫ অনু.]
১০. হিতোপদেশ ১১:১১ পদত উল্লেখ কৰা পৰামৰ্শটো যিহোৱাৰ লোকসকলৰ মণ্ডলীত কেনেকৈ প্ৰযোজ্য হয়? [w০২ ৫/১৫ ২৭ পৃ. ১-৩ অনু.]
সপ্তাহিক বাইবেল পাঠ
১১. আদিপুস্তক ২:৯ পদত উল্লেখ কৰা “জীৱন-বৃক্ষ” কিহৰ চিহ্নিত কৰিছিল?
১২. লোটৰ পত্নীয়ে কিয় নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হʼল? (আদি. ১৯:২৬) [w৯০ ৪/১৫ ১৮ পৃ. ১০ অনু.]
১৩. আদিপুস্তক ২৪ অধ্যায়ত পোৱা ভৱিষ্যতবাণীমূলক নাটকৰ অনুসাৰে কাক (ক) অব্ৰাহাম, (খ) ইচ্হাক, (গ) অব্ৰাহামৰ সেৱক ইলীয়েজৰ, (ঘ) দহোটা উট আৰু (ঙ) ৰিবেকা বুলি চিত্ৰিত কৰা হৈছে?
১৪. ঈশ্বৰে যাকোব আৰু এচৌৰ ভাগ্য নিৰূপিত কৰি দিছিলনে? (আদি. ২৫:২৩)
১৫. হৃদয়ৰে প্ৰচেষ্টা কৰি যিহোৱাৰ আশীৰ্ব্বাদৰ ভাগী হোৱাজনলৈ ৰাহেলে কি ধৰণে উত্তম আৰ্হি ৰাখিলে? (আদি. ৩০:১-৮) [w০২ ৮/১ ২৯-৩০ পৃ.]