ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। মে’: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী বিতৰণ কৰক। যেতিয়া পুনৰ সাক্ষাৎ কৰা হয় তেতিয়া লোকসকলক স্মৰণীয় পৰ্ব্ব বা সংস্থাই ব্যৱস্থা কৰা আন উপলক্ষ্যবোৰত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক। একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন বিতৰণ কৰিবলৈ মনোযোগ দিয়ক। বিশেষকৈ জ্ঞান কিতাপ বা বিচাৰে ব্ৰচাৰখন অধ্যয়ন কৰা লোকসকলৰ সৈতে এটা গৃহ বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ সকলো প্ৰকাৰে প্ৰচেষ্টা কৰক। জুন: মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা নামৰ কিতাপখন বিতৰণ। যদি গৃহস্থই কয় যে তেওঁলোকৰ কোনো লʼৰা-ছোৱালী নাই, তেনেহʼলে তেওঁলোকক বিচাৰে ব্ৰচাৰখন দিব পাৰে। যেতিয়া ব্ৰচাৰখন দিয়া হয় তেতিয়া বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ লক্ষ্য ৰাখা উচিত। জুলাই আৰু আগষ্ট: ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব, সেই চৰকাৰ যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়।
▪ পৰিচালক অধ্যক্ষ বা তেওঁ নিযুক্ত কৰা কোনো ভায়ে জুন ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিচাপ-নিকাচ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপোৰ্ট পঢ়াৰ পিছত সেই বিষয়ে ঘোষণা কৰক।
▪ নতুন প্ৰকাশন উপলব্ধ:
পৰিয়াল জীৱনৰ আনন্দ লওক (ট্ৰেক্ট নং. ২১) —সিন্ধী
বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? (ট্ৰেক্ট নং. ২৬) —কোংকনী, উৰিয়া, সিন্ধী
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
আলোচনাৰ বাবে বাইবেলৰ বিষয় —হিন্দী
হতাশগ্ৰস্ত লোকলৈ শান্ত্বনা (ট্ৰেক্ট নং. ২০) —তামিল
পৰিয়াল জীৱনৰ আনন্দ লওক (ট্ৰেক্ট নং. ২১) —উৰ্দু
বাস্তৱতে জগতখনত কোনে শাসন কৰিছে? (ট্ৰেক্ট নং. ২২) —ইংৰাজী, গুজৰাটী, তেলেগু, মাৰাঠী
বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? (ট্ৰেক্ট নং. ২৬) —উৰ্দু
▪ ওৱাচ্ছাটাৱাৰ লাইব্ৰেৰী—২০০৩ সংস্কাৰণ (cdly03) চিডি-ৰʼম অতি শীঘ্ৰেই উপলব্ধ হʼব। এইটো বিশেষকৈ মণ্ডলীৰ সেইসকল সদস্যৰ বাবে যিসকলৰ কম্পিউটাৰ আছে। তেওঁলোকে এই চিডি-ৰʼম মণ্ডলীৰ আৱেদনৰ জড়িয়তে নিৱেদন কৰিব পাৰে। যিহেতু cdly03 সংস্কৰণ ইতিমধ্যেই মুক্তি পাইছে, গতিকে cdly01 সংস্কৰণৰ বাবে নিৱেদন কৰাসকলৰ স্থগিত থকা আৱেদনসমূহ আমি বাতিল কৰিছোঁ। এতেকে cdly01 সংস্কৰণৰ আৱেদন কৰাসকলে যেন cdly03 সংস্কৰণৰ বাবে নতুনকৈ তেওঁলোকৰ আৱেদন পঠিয়াই।
▪ স্মাৰক: বছেৰেকীয়া সাহিত্যৰ বিশেষ আৱেদনসমূহ ইতিমধ্যেই মণ্ডলীলৈ পঠোৱা হৈছে। যি মণ্ডলীসমূহে ২০০৪ চনৰ অধিৱেশন বেজ কাৰ্ড আৰু আন সাহিত্য যেনে, ২০০৫ চনৰ বাৰ্ষিক পুস্তক আৰু কেলেণ্ডাৰ আৱেদন কৰা নাই তেওঁলোকে পলম নকৰাকৈ বিশেষ নিৱেদন ফৰ্ম মণ্ডলীয়ে পোৱামাত্ৰকে পঠিয়াই যেন।