ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০৪ পৃষ্ঠা ৩
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০৪ পৃষ্ঠা ৩

প্ৰশ্ন বক্স

▪ এটা অতিৰিক্ত ভাষাৰ সমূহ গঠন কৰাটো কেতিয়া উপযুক্ত হʼব?

যদি মণ্ডলীৰ এলেকাত আন ভাষা কোৱা অলপ বেছি সংখ্যক লোক থাকে তেন্তে প্ৰাচীনসকলে সেই ভাষাত প্ৰচাৰ কৰিবলৈ যি কৰা আৱশ্যক তাৰ বাবে ব্যৱস্থা কৰা উচিত। (km-AE ৭/০২ ১ পৃ.; km ২/৯৮ ৩-৪ পৃ.) কেতিয়াবা দুটা বা তাতকৈ অধিক চুবুৰীয়া মণ্ডলীৰ এলেকাবোৰত আন ভাষা কোৱা লোক অধিককৈ বৃস্তাৰিত হৈ থাকিব পাৰে। এনে ক্ষেত্ৰত পৰিব্ৰাজক অধ্যক্ষ বা অধ্যক্ষসকলে আৱশ্যকীয় নিৰ্দ্দেশনা আগবঢ়োৱা উচিত। এইদৰে মণ্ডলীসমূহে তেনে এলেকাবোৰত প্ৰচাৰ কাৰ্য্য কৰাত সহযোগ কৰিবলৈ সহায় লাভ কৰিব। সাময়িকভাৱে বৈদেশিক ভাষাত এটা ৰাজহুৱা ভাষণ বা প্ৰহৰীবুৰুজ অধ্যয়নৰ ব্যৱস্থা কৰি নিৰ্ণয় কৰিব পাৰে যে সেই সভাত আন ভাষা কোৱা কিমান লোকে উপস্থিত হয়।

তলত দিয়া আৱশ্যকতাবোৰ পূৰণ হʼলেহে আন ভাষা কোৱা এটা সমূহ গঠন কৰিব পাৰি: (১) আন ভাষা কোৱা প্ৰকাশক বা সেই ভাষাত শুভবাৰ্ত্তা বুজি পোৱা আগ্ৰহী লোকসকল থকা আৱশ্যক। (২) সপ্তাহিক সভা পৰিচালনা কৰিবলৈ এজন উপযুক্ত প্ৰাচীন বা সহায়ক সেৱক থাকিব লাগিব। (৩) প্ৰাচীন গোষ্ঠীয়ে সেই সমূহক সহায় কৰিবলৈ ইচ্ছুক হোৱা উচিত। যেতিয়া এই আৱশ্যকতাবোৰ পূৰণ হয় তেতিয়া প্ৰাচীনসকলে শাখা কাৰ্য্যালয়ক জনোৱা আৱশ্যক যাতে সেই সমূহক অনুষ্ঠানিকভাৱে স্বীকৃতি আৰু নিৰ্দ্দেশনা দিব পাৰে।

বেছিভাগ সমূহে সপ্তাহত এবাৰকৈ পুস্তক অধ্যয়ন পৰিচালনা কৰে। পিছলৈ প্ৰাচীনসকলে হয়তো আন সভা যেনে, ৰাজহুৱা ভাষণ আৰু প্ৰহৰীবুৰুজ অধ্যয়নৰ বাবে অনুমতি দিব পাৰে। যদি পৰামৰ্শদাতা হিচাবে কাৰ্য্য কৰিবলৈ সেই ভাষা কোৱা এজন উপযুক্ত প্ৰাচীন বা সহায়ক সেৱক আছে তেন্তে এটা পৃথক কক্ষত ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ ২, ৩ আৰু ৪ নং ভাষণসমূহ পৰিচালিত কৰিব পাৰে। তথাপিও সেই সমূহে মণ্ডলীৰ সৈতে উপদেশমূলক ভাষণ, বাইবেলৰ আলোকপাত আৰু সেৱা সভাৰ বাবে মিলিত হʼব। সেই সমূহৰ বাবে পৰিচৰ্য্যাৰ সেৱা পৰিচালনা কৰাৰো ব্যৱস্থা কৰিব পাৰে।

সকলো সমূহে প্ৰাচীন গোষ্ঠীৰ তত্বাৱধানত নিবিড়ভাৱে কাৰ্য্য কৰা আৱশ্যক। প্ৰাচীনসকলে সেই সমূহৰ আৱশ্যকতা অনুসৰি ভাৰসাম্য বজাই ৰাখি নিৰ্দ্দেশনা প্ৰদান আৰু সক্ৰিয়ভাৱে আগ্ৰহী হোৱা প্ৰয়োজন। যেতিয়া পৰিব্ৰাজক অধ্যক্ষই নিৱেদক মণ্ডলীক সাক্ষাৎ কৰে তেতিয়া তেওঁ সেই সমূহৰ সৈতে কাৰ্য্য কৰিবলৈ ব্যৱস্থা কৰি আধ্যাত্মিকৰূপে গঢ়ি তুলিব পাৰে। যিহোৱাৰ আশীৰ্ব্বাদত এদিন আন ভাষা কোৱা সমূহে অৱশ্যেই এটা মণ্ডলী স্থাপন কৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক