পৰিচৰ্য্যা সভাৰ তালিকা
জুলাই ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১০৮
১২ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ জুলাই ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু জুলাই ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, তাক প্ৰদৰ্শন কৰি দেখুৱাউক। এটা প্ৰদৰ্শনত দেখুৱাউক যে বাটত লগ পোৱা এনে এজন ব্যক্তিৰ সৈতে কেনেকৈ কথোপকথন কৰিব পাৰি যিজনে ভালকৈ আপোনাৰ ভাষা কʼব নোৱাৰে।
১৮ মি: “যিহোৱাৰ ন্যায়-বিচাৰক অনুকৰণ কৰক।”a সময়ে অনুমতি দিয়াৰ অনুসাৰে লেখটোত উল্লেখ কৰা শাস্ত্ৰীয় পদবোৰৰ আধাৰিত মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
১৫ মি: বাইবেল—এখন নিৰ্ভৰযোগ্য ভৱিষ্যতবাণীৰ পুস্তক। সকলোৰে বাবে এখন কিতাপ, ২৭-২৯ পৃষ্ঠাত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা। আমি প্ৰচাৰ এলেকাবোৰত প্ৰায়ে এনে ব্যক্তিসকলক লগ পাওঁ যিসকলে ভৱিষ্যতৰ বিষয়ে জানিবলৈ ইচ্ছুক। একমাত্ৰ বাইবেলে নিৰ্ভৰযোগ্য সংবাদৰ পৰিলেখ দিছে যে আজ্ঞাকাৰী মানৱৰ বাবে এক উজ্জ্বল ভৱিষ্যত আছে। ভৱিষ্যতে হʼবলগীয়া ঘটনাৰ বিষয়ে বাইবেলে কৰা কিছুমান ভৱিষ্যতবাণীক বিবেচনা কৰক। এজন প্ৰকাশকে প্ৰদৰ্শন কৰি দেখুৱাই যে বাইবেলৰ ঘটনাবোৰ ব্যৱহাৰ কৰি কেনেকৈ এজন আগ্ৰহী ব্যক্তিক বাইবেলৰ ওপৰত ভৰাসা কৰিবলৈ সহায় কৰিব পাৰে।
গীত ১৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুলাই ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৮৩
১০ মি: স্থানীয় ঘোষণাসমূহ। যদিও আন কাৰ্য্য বা ছুটিৰ বাবে আমাৰ দৈনন্দিন তালিকাত বাধা জন্মে তথাপিও নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰাটো যে গুৰুত্বপূৰ্ণ, সেই বিষয়ে আলোচনা কৰক। ২০০০ চনৰ আগষ্ট ১৫, প্ৰহৰীবুৰুজ, ৩২ পৃষ্ঠাত দিয়া মন্তব্যবোৰ সন্মিলিত কৰক।
১৫ মি: প্ৰশ্ন বক্স। এই ভাগটো এজন প্ৰাচীনে পৰিচালনা কৰে। গোটেই লেখটো পঢ়ক আৰু আলোচনা কৰক। জোৰ দি উল্লেখ কৰক যে দান-বৰঙণি দিবলৈ গৃহস্থসকলৰ ক্ষমতা আছে নে নাই তাৰ ওপৰত নহয়, কিন্তু তেওঁলোক বাস্তৱতে আগ্ৰহীনে সেই বিষয়ৰ ওপৰত আমাৰ প্ৰকাশনসমূহ দিয়াতো নিৰ্ভৰ কৰে। বিশ্বব্যাপী কাৰ্য্যৰ বাবে মাহেকীয়া দান-বৰঙণি পৰিমাণ কম হোৱাৰ বাবে আলোচনী বিতৰণ অভিযানত কোনো প্ৰতিবন্ধ নলগাবলৈ প্ৰাচীনসকলক অনুৰোধ কৰা হʼল। অগ্ৰগামী আৰু প্ৰকাশকসকলৰ বাবে মণ্ডলীৰ ষ্টকত যথেষ্ট মাত্ৰাত আলোচনী থকা আৱশ্যক। স্বইচ্ছাৰে দান-বৰঙণি দিয়াৰ বিষয়ে গৃহস্থক বুজাবলৈ কেনেকৈ সুযোগ উলিয়াব পাৰি এই সম্পৰ্কে চমুকৈ এটা উপস্থাপন প্ৰস্তুত কৰক।
২০ মি: “এক প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা—ভাগ ১.” এই ভাগটো সেৱা অধ্যক্ষই পৰিচালিত কৰে। প্ৰক্লেইমাৰচ্ কিতাপৰ ৫৭২-৫৭৪ পৃষ্ঠাত আধুনিক সময়ত বাইবেল অধ্যয়ন পৰিচালনা কৰাত বৃদ্ধি হোৱাৰ সম্পৰ্কে দিয়া পৰিলেখৰ পৰা মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। আগন্তুক ধাৰাবাহিক লেখবোৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিবলৈ সকলোকে উৎসাহিত কৰক। আগন্তুক আলোচনাৰ সৈতে, বাইবেল অধ্যয়নৰ বাবে আমি কেনেকৈ তৈয়াৰ, কেনেকৈ বাইবেল বিদ্যাৰ্থীক তৈয়াৰ কৰিবলৈ সহায়, এবাৰত কিমান পৰিমাণে বিষয়বস্তু অধ্যয়ন, কিদৰে শাস্ত্ৰীয় পদবোৰক কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ, বিদ্যাৰ্থীয়ে কৰা প্ৰশ্নবোৰৰ উত্তৰ কেনেকৈ দিব, কেনেকৈ প্ৰাৰ্থনাৰ আৰম্ভণী আৰু বিদ্যাৰ্থীজনক সংগঠনলৈ নিৰ্দেশিত কৰিব পাৰি এই বিষয়েও বিবেচনা কৰা হʼব। সকলোকে ইয়াত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰিবলৈ আৰু এই লেখটো ভৱিষ্যতৰ বাবে সংৰক্ষিত কৰি থবলৈ উৎসাহিত কৰক।
গীত ১০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুলাই ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২১৬
১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট। সকলো প্ৰচাৰকক জুলাই মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ জুলাই ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু আগষ্ট ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, তাক প্ৰদৰ্শন কৰি দেখুৱাউক। প্ৰত্যেকটো উপস্থাপনত প্ৰদৰ্শন কৰি দেখুৱাউক যে যেতিয়া লোকসকলে “আপোনালোকে কিয় বাৰে বাৰে লোকবিলাকৰ ওচৰলৈ যায়?” বুলি কৈ আমাৰ কথোপকথনত বাধা জন্মায় তেতিয়া কেনেকৈ তেনে ধৰণৰ প্ৰত্যাহ্বানক সমাধান কৰিব পাৰি।—বাইবেল পৰিচৰ্চ্চা নামৰ সৰু পুস্তিকাখনৰ ১২ পৃষ্ঠা চাওক।
৮ মি: স্থানীয় আৱশ্যকতাসমূহ।
২৫ মি: “ব্যৱসায় এলেকাবোৰত কেনেকৈ প্ৰচাৰ কৰিব পাৰি।”b স্থানীয় ব্যৱসায় এলেকাবোৰত প্ৰচাৰ কৰিবলৈ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰক। ৪-৫ অনুচ্ছেদত দিয়া বা স্থানীয় এলেকাৰ বাবে ব্যৱহাৰিক হোৱা পৰামৰ্শৰ অনুসৰি চমুকৈ দুটা উপস্থাপন প্ৰস্তুত কৰক। সময়ে অনুমতি দিয়াৰ অনুসৰি ব্যৱসায় এলেকাত কাৰ্য্য কৰি পোৱা উৎসাজনক অনুভৱৰ বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
গীত ১৭৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
আগষ্ট ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৬০
৮ মি: স্থানীয় ঘোষণাসমূহ।
২২ মি: আপুনি যুক্তিদৰ্শাই বৰ্ণনা কৰেনে? পৰিচৰ্য্যা স্কুল কিতাপৰ ২৫৪ পৃষ্ঠা, ১-২ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি ভাষণ আৰু আলোচনাৰূপে এই ভাগটো প্ৰস্তুত কৰক। আমি প্ৰচাৰ কাৰ্য্য আৰু মঞ্চৰ পৰা শিক্ষাদান কৰাৰ সময়ত শাস্ত্ৰৰ পদসমূহ সাধাৰণভাৱে কোৱাৰ পৰিৱৰ্তে যদি যুক্তিদৰ্শাই বৰ্ণনা কৰোঁ, তেনেহʼলে অধিক কাৰ্য্যকাৰী হʼব। স্থানীয় প্ৰচাৰ এলেকাত প্ৰযোজ্য হোৱা অনুসাৰে ৰীজনিং কিতাপত দিয়া উদাহৰণবোৰ ব্যৱহাৰ কৰি (১) শাস্ত্ৰীয় পদৰ পৰা মুখ্য অভিব্যক্তিটো বাছি উলিয়াই বৰ্ণনা কৰক, (২) একেই বিষয়ৰ সম্পৰ্কে ব্যাখ্যা কৰা আন এটা আনুষঙ্গিক কথাৰ প্ৰমাণ বা শাস্ত্ৰীয় পদটোৰ সৈতে বিষয়টোক সমৰ্থন কৰক, (৩) এটা উদাহৰণ ব্যৱহাৰ কৰি আপুনি কোৱা বিষয়টোৰ যুক্তি দাঙি ধৰক আৰু (৪) শুনা বিষয়টোক যুক্তি দাঙি ধৰি বুজিবলৈ শ্ৰোতাসকলক প্ৰশ্ন দ্বাৰা সহায় কৰক। যুক্তি দাঙি লোকসকলৰ সৈতে কথোপকথন কৰি পোৱা লাভসমূহৰ বিষয়ে আলোকপাত কৰক।
১৫ মি: স্থানী অভিজ্ঞতাসমূহ। যোৱা বছৰৰ জিলা অধিৱেশনত উপস্থিত, সহযোগী অগ্ৰগামী বা গীষ্মকালত আন আধ্যাত্মিক কাৰ্য্যবোৰত ভাগ লৈ পোৱা অভিজ্ঞতাৰ বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
গীত ৩২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।