ঘোষণাসমূহ
◼ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। ছেপ্টেম্বৰ: এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি। যদি এই ব্ৰচাৰখন আপোনাৰ ভাষাত উপলব্ধ নাই তেনেহʼলে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন বা সৰ্বশ্ৰেষ্ঠ মানৱ নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। অক্টোবৰ: ব্যক্তিগতভাৱে প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ দুয়োখন কপি বিতৰণ কৰক। যদি লোকসকলে আগ্ৰহী তেনেহʼলে বিচাৰে ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ লক্ষ্যৰে পুনৰ সাক্ষাৎ কৰক। নবেম্বৰ: এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি। যদি এই ব্ৰচাৰখন আপোনাৰ ভাষাত উপলব্ধ নাই তেনেহʼলে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন বা সৰ্বশ্ৰেষ্ঠ মানৱ নামৰ কিতাপখন বিতৰণ কৰিব পাৰে।
◼ মণ্ডলীৰ পৰিচালক অধ্যক্ষ বা তেওঁৰ দ্বাৰা নিযুক্তি কৰা কোনো ভায়ে ছেপ্টেম্বৰ মাহৰ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ লেখসমূহ হিচাপ কৰা উচিত। হিচাপৰ পাছত মণ্ডলীত লেখ ৰিপোৰ্ট পঢ়াৰ সময়ত হিচাপ-নিকাচসমূহ ঘোষণা কৰা আৱশ্যক।
◼ আগষ্ট মাহত প্ৰত্যেকখন মণ্ডলীয়ে মণ্ডলী বিশ্লেষণ ৰিপোৰ্ট (S-AB-10) ফৰ্মৰ কপিবোৰ লাভ কৰিব। এই ফৰ্মখন আগষ্ট মাহৰ সেৱা ৰিপোৰ্টখন ভৰ্ত্তি কৰা সম্পূৰ্ণ হোৱাৰ পিছতহে ভৰ্ত্তি কৰা আৱশ্যক। এই ফৰ্মখন শুদ্ধকৈ ভৰ্ত্তি কৰাটো নিশ্চিত কৰিবলৈ মণ্ডলীৰ চেক্ৰেটাৰী আৰু সেৱা অধ্যক্ষই একেলগে বহি কাৰ্য্য কৰা আৱশ্যক। ফৰ্মখনৰ পিছৰ পৃষ্ঠাত নিয়মিত অগ্ৰগামীৰ বাবে সংবাদ ভৰ্ত্তি কৰা আৱশ্যক। অনুগ্ৰহ কৰি মুল কপিখন ছেপ্টেম্বৰ ১০ তাৰিখলৈকে শাখা কাৰ্য্যালয়লৈ পঠোৱা আৱশ্যক। ৰিপোৰ্টৰ নকল কপিখন মণ্ডলীৰ ফাইলত ৰাখা উচিত।
◼ ২০০৪ চনৰ আগষ্ট ৩১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হাতত থকা সকলোবোৰ সাহিত্য আৰু আলোচনী হিচাপ কৰি বছেৰেকীয়া তালিকাত লিপিবদ্ধ কৰা আৱশ্যক। এই তালিকাখন একেই দৰে প্ৰস্তুত কৰা হয়, যিদৰে সাহিত্য কৰডিনেটৰে সাহিত্যসমূহৰ মাহেকীয়া তালিকা প্ৰস্তুত কৰে। তাৰ পিছত সকলোবোৰ সাহিত্যৰ হিচাপ-নিকাচ মুঠ সংখ্যা (S-18) ফৰ্মখনত ভৰ্ত্তি কৰা আৱশ্যক। প্ৰত্যেকখন মণ্ডলীত আলোচনী চোৱা-চিতা কৰা ভাইসকলৰ পৰা তেওঁলোকৰ হাতত থকা আলোচনীসমূহৰ মুঠ সংখ্যা সংগ্ৰহ কৰিব পাৰে। প্ৰত্যেকখন কৰডিনেটিং মণ্ডলীয়ে তিনিখনকৈ সাহিত্য ইনভেনট্ৰী (S-18) ফৰ্ম পাব। অনুগ্ৰহ কৰি ছেপ্টেম্বৰ ৬ তাৰিখৰ আগতেই মূল কপিখন শাখা কাৰ্য্যালয়লৈ প্ৰেৰণ কৰক। দ্বিতীয়খন অৰ্থাৎ কাৰ্বন কপিখন আপোনাৰ ফাইলত সংৰক্ষণ কৰি ৰাখক। তৃতীয়খনক প্ৰাথমিকভাৱে কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে। এই ইনভেনট্ৰী ফৰ্মখনক কৰডিনেটিং মণ্ডলীৰ চেক্ৰেটাৰীয়ে নিৰীক্ষণ কৰা উচিত। তাৰ পাছত এই ফৰ্মখনত তেওঁ আৰু কৰডিনেটিং মণ্ডলীৰ প্ৰিজাইডিং ওভাৰচিয়াৰে চহী কৰা আৱশ্যক।
◼ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে? —বাংলা
যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয় —গুজৰাটী আৰু পাঞ্জাৱী
বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে? —মাৰাঠী
জীৱনৰ উদ্দেশ্য কি? আপুনি ইয়াক কেনেকৈ বিচাৰি পাব পাৰে? —মাৰাঠী
ফিৰদৌচৰ ৰাস্তা কেনেকৈ তালাচ কৰিব (মুছলমান ব্যক্তিসকলৰ বাবে) —তামিল