ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
তলত দিয়া প্ৰশ্নসমূহ ২০০৪ চনৰ আগষ্ট মাহৰ ৩০ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৪ চনৰ জুলাই ৫ তাৰিখৰ পৰা লৈ আগষ্ট ৩০ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।—পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৩৭ পৃ. চাওক।]
বক্তৃতাৰ বৈশিষ্ট্য
১. আমি ‘নম্ৰতা আৰু গভীৰ শ্ৰদ্ধাৰ’ সৈতে কেনেকৈ আমাৰ আশাৰ বিষয়ে যুক্তি দাঙি ধৰি বুজাব পাৰোঁ? (১ পিত. ৩:১৫) [be ১৯২ পৃ. ২-৪ অনু.]
২. সম্পূৰ্ণ নিশ্চয়তাৰে কথোপকথন কৰাটো কিয় গুৰুত্বপূৰ্ণ? (ৰোমী. ৮:৩৮, ৩৯; ১ থিচ. ১:৫; ১ পিত. ৫:১২) [be ১৯৪ পৃ.]
৩.কিদৰে নিশ্চয়তা প্ৰকাশ পায়? [be ১৯৫ পৃ. ৩ অনু.–১৯৬ পৃ. ৪ অনু.]
৪.বিবেচনাশীল কি, ই কিয় গুৰুত্বপূৰ্ণ আৰু এই গুণটোক আমি কেনেকৈ দৃঢ়তাৰ সৈতে ভাৰসাম্য বজাই ৰাখিব পাৰোঁ? (ৰোমী. ১২:১৮) [be ১৯৭ পৃ.]
৫.কোনো কথোপকথন আৰম্ভ কৰাৰ পূৰ্বেই এজন বিবেচনাশীল ব্যক্তিয়ে কি বিবেচনা কৰিব? (হিতো. ২৫:১১; যোহ. ১৬:১২) [be ১৯৯ পৃ.]
ভাষণ নং ১
৬.আমি যে সত্যতাত উন্নতি কৰিলোঁ তাক আমাৰ কথোপকথন আৰু বাইবেল অধ্যয়নৰ অভ্যাসে কেনেকৈ নিৰ্দ্দেশিত কৰিব? [be ৭৪ পৃ. ৩ অনু.–৭৫ পৃ. ২ অনু.]
৭.“সুসময়ক কিনি লবা” বুলি কোৱা বাক্যশাৰীৰ অৰ্থ কি আৰু আমি কেনেকৈ তেনেদৰে কৰিব পাৰোঁ? (ইফি. ৫:১৬) [w02 ১১/১৫ ২৩ পৃ.]
৮.ঈশ্বৰৰ সম্মুখত সকলো মানুহ যে সমান তাক শাস্ত্ৰই স্পষ্টকৈ কেনেকৈ বৰ্ণনা কৰিছে আৰু ইয়ে আমাৰ পৰিচৰ্য্যা কাৰ্য্যত কেনেদৰে প্ৰভাৱিত কৰা উচিত? [w02-AE ১/১ ৫-৭ পৃ.]
৯.সৃষ্টিকৰ্ত্তাজনৰ বৈশিষ্টপূৰ্ণ যিহোৱা নামৰ অৰ্থ কি? [w02 ১/১৫ ৫ পৃ.]
১০.কিহে হেবলৰ বলিদানক কয়িনতকৈ “উত্তম” কৰিলে আৰু ইয়াৰ পৰা আমি “ওঁঠৰ ফল উৎসৰ্গ” কৰাৰ সম্বন্ধে কি শিকিব পাৰোঁ? (ইব্ৰী ১১:৪; ১৩:১৫) [w02-AE ১/১ ৩০ পৃ, ৬-৮ অনু.]
সপ্তাহিক বাইবেল পাঠ
১১.লেবীয়া পুস্তক ১৮:৩ পদে আমাক কেনেকৈ শুদ্ধ আৰু অশুদ্ধৰ সম্পৰ্কে বিকৃত অৰ্থ গ্ৰহণ কৰাৰ পৰা আঁতৰি থকাত সহায় কৰে? (ইফি. ৪:১৭-১৯) (w02 ২/১ ২৯ পৃ.)
১২.মহা পুৰোহিত “দুটা পিঠা” উৎসৱৰ সপ্তাহত (পঞ্চাশ-দিনীয়া পৰ্ব্ব) “নৈবেদ্য উৎসৰ্গ” কৰাই কেনে ভৱিষ্যতসূচক চিত্ৰৰ অঙ্কিত কৰে? (লেবী. ২৩:১৫-১৭) [w98 ৩/১ ১৩ পৃ. ২১ অনু.]
১৩.গণনাপুস্তক ৫ অধ্যায়ত ব্যভিচাৰ সম্পৰ্কে উল্লেখ কৰা অনুসাৰে কি অৰ্থত এগৰাকী দোষগ্ৰস্ত স্ত্ৰীৰ “কৰঙন শুকাই যাব”? (গণ. ৫:২৭) [w84 ৪/১৫ ২৯ পৃ.]
১৪.মিৰিয়ম আৰু হাৰোণে কিয় মোচিৰ কুচ দেশীয় পত্নীৰ অহিতে কৈছিল? (গণ. ১২:১)
১৫.‘যিহোৱাৰ যুদ্ধ-পুস্তক’ কি আছিল? (গণ. ২১:১৪)