ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৪ পৃষ্ঠা ৮
  • অগ্ৰগামী মনোবৃত্তি প্ৰকাশ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অগ্ৰগামী মনোবৃত্তি প্ৰকাশ কৰক
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • স্বাভাৱিকভাৱে কথা পাতক
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৪ পৃষ্ঠা ৮

অগ্ৰগামী মনোবৃত্তি প্ৰকাশ কৰক

১ বৰ্তমান সময়ত তেওঁলোকে অগ্ৰগামী হৈ সেৱা কৰিবলৈ সক্ষম নহʼবও পাৰে, কিন্তু সকলো ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰকে অগ্ৰগামী মনোবৃত্তি প্ৰকাশ কৰিব পাৰে। কিয়নো তেওঁলোকে প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা আজ্ঞাৰ প্ৰতি অতিশয় আগ্ৰহী। (মথি ২৮:⁠১৯, ২০; পাঁচ. ১৮:⁠৫) তেওঁলোকে লোকসকলৰ প্ৰতি যত্ন লয় আৰু তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্য সম্পন্ন কৰিবলৈ বহুতো প্ৰকাৰৰ ত্যাগ কৰে। (মথি ৯:⁠৩৬; পাঁচ. ২০:⁠২৪) আনক সত্যতাৰ বিষয়ে শিকাবলৈ যিহোৱাৰ উপাসকসকলে সকলো প্ৰচেষ্টা কৰিবলৈ আগ্ৰহী। (১ কৰি. ৯:⁠১৯-২৩) আঁহক আমি ফিলিপ নামৰ এনে এজন উৎসাহী প্ৰচাৰকৰ উদাহৰণৰ বিষয়ে বিবেচনা কৰোঁহঁক, যিজনে তেনে মনোবৃত্তি ৰাখিলে।

২ প্ৰচাৰ কৰা আৰু শিক্ষা দিয়া: প্ৰথম শতাব্দীত ফিলিপে এক গভীৰ দায়িত্ব বহন কৰিছিল। (পাঁচ. ৬:⁠১-৬) কিন্তু তেওঁক প্ৰধানকৈ শুভবাৰ্ত্তাৰ উৎসাহী প্ৰচাৰক হিচাবে জনা গৈছিল। (পাঁচ. ৮:⁠৪০) একেইদৰে প্ৰাচীন আৰু সহায়ক সেৱকসকলে বৰ্তমানে তেওঁলোকৰ নিযুক্ত কৰ্তব্যবোৰ চোৱা-চিতা কৰাৰ উপৰিও উৎসাহেৰে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ অগ্ৰগামী মনোবৃত্তি প্ৰকাশ কৰিব পাৰে। তেওঁলোকৰ মনোবৃত্তি দেখি মণ্ডলীয়ে কিমান যে উৎসাহী হʼব!​—⁠ৰোমী. ১২:⁠১১.

৩ স্তিফানৰ মৃত্যুৰ পিছত হোৱা উৎপীড়নৰ বাবে শিষ্যসকলৰ জীৱন বৃহৎভাৱে বিদীৰ্ণ হৈ পৰিছিল। কিন্তু ফিলিপে একেৰাহে উৎসাহী হৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰি থাকিল আৰু চমৰিয়াত থকা ভাই-ভনীসকলক প্ৰচাৰ কৰাত উৎসাহী কৰিবলৈ এক মুখ্য ভূমিকা আদায় কৰিলে। (পাঁচ. ৮:⁠১, ৪-৬, ১২, ১৪-১৭) তেওঁৰ সেই আৰ্হিক অনুকৰণ কৰি আমি সাক্ষাৎ কৰা লোকসকলক যাতনাৰ সম্মুখীন হোৱাৰ সময়তো একেৰাহে শুভবাৰ্ত্তা প্ৰচাৰ কৰা আৱশ্যক।​—⁠যোহ. ৪:⁠৯.

৪ ঈশ্বৰৰ বাক্যৰ শিক্ষা দিয়াত ফিলিপ যে এজন নিপুণ শিক্ষক আছিল, সেই বিষয়ে আমি কুচ-দেশীয় নপুংসক ব্যক্তিজনৰ সৈতে কৰা কথোপকথনত স্পষ্টকৈ দেখিবলৈ পাওঁ। (পাঁচ. ৮:⁠২৬-৩৮) বাইবেলখন ব্যৱহাৰ আৰু ‘শাস্ত্ৰীয় পদৰ পৰা যুক্তি দাঙি ধৰাত’ পাকৈত হৈ আমি আন এক প্ৰকাৰে অগ্ৰগামী মনোবৃত্তি প্ৰকাশ কৰিব পাৰোঁ। (পাঁচ. ১৭:⁠২, ৩) ফিলিপৰ দৰে আমিও লোকসকলক যʼতেই লগ নাপাওঁ কিয়, সকলো সুযোগতে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ সাজু থকা উচিত।

৫ পৰিয়াল আৰু মণ্ডলী: ইয়াত কোনো সন্দেহ নাই যে ফিলিপে ৰাখা আৰ্হিয়ে তেওঁৰ চাৰিজনী জীয়েকৰ ওপৰত এক কাৰ্য্যকাৰী প্ৰভাৱ পৰিছিল। (পাঁচ. ২১:⁠৯) একেইদৰে, খ্ৰীষ্টান পিতৃ-মাতৃসকলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ক জীৱনত প্ৰথম স্থান দিয়াৰ দ্বাৰা তেওঁলোকৰ সন্তানকো তেনেদৰে কৰিবলৈ উৎসাহিত কৰে। পিতৃ-মাতৃসকলে সপ্তাহৰ গোটেই দিনকেইটাত কামত ব্যস্ত থাকাৰ স্বত্ত্বেও আগ্ৰহেৰে প্ৰচাৰ কাৰ্য্যত অংশ গ্ৰহণ কৰাৰ যোগেদি তেওঁলোকৰ লʼৰা-ছোৱালীৰ হৃদয় চিৰস্থায়ীভাৱে প্ৰভাৱিত কৰিব পাৰে।​—⁠হিতো. ২২:⁠৬.

৬ ফিলিপে পৌল আৰু লূক নামৰ উৎসাহী যিহোৱাৰ উপাসক দুজনক অতিথিপৰায়ণতা দেখুৱাইছিল। (পাঁচ. ২১:⁠৮, ১০) বৰ্তমান সময়ৰ উৎসাহী উপাসকসকলক আমি কেনেকৈ প্ৰশংসা আৰু সহযোগ আগবঢ়াব পাৰোঁ? আমিও হয়তো অগ্ৰগামীসকলৰ সৈতে কোনো এটা ৰাতিপুৱা বা আবেলিৰ সময়ত তেওঁলোকৰ লগত প্ৰচাৰ কৰিবলৈ জড়িত হৈ তেনেদৰে কৰিব পাৰোঁ। (ফিলি. ২:⁠৪) তদুপৰি আমি তেওঁলোকৰ সৈতে উৎসাহজনক সঙ্গতি কৰিবলৈ নিজৰ ঘৰলৈ আমন্ত্ৰণ কৰিব পাৰোঁ। আমাৰ পৰিস্থিতি যিয়েই নহওঁক কিয়, আমিও অগ্ৰগামী মনোবৃত্তি প্ৰকাশ কৰিবলৈ প্ৰচেষ্টা কৰিব পাৰোঁ।

[Study Questions]

১.আপুনি কেনেকৈ অগ্ৰগামী মনোবৃত্তিক ব্যাখ্যা কৰিব?

২.প্ৰাচীন আৰু সহায়ক সেৱকসকলে কেনেকৈ পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি ফিলিপৰ দৰে উৎসাহী হʼব পাৰে?

৩.উৎপীড়নৰ সম্মুখীন হোৱাৰ সময়ত আমি কেনেকৈ অগ্ৰগামী মনোবৃত্তি প্ৰকাশ কৰিব পাৰোঁ?

৪.শিক্ষক হিচাবে ফিলিপে কেনে উত্তম আৰ্হি ৰাখিলে?

৫.সন্তানবিলাকৰ মনত অগ্ৰগামী মনোবৃত্তি জগাই তুলিবলৈ পিতৃ-মাতৃক কিহে সহায় কৰিব পাৰে?

৬.আমাৰ মণ্ডলীত থকা অগ্ৰগামী ভাই-ভনীসকলৰ প্ৰতি কেনেকৈ প্ৰশংসা দেখুৱাব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক