ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lmd পাঠ ২
  • স্বাভাৱিকভাৱে কথা পাতক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • স্বাভাৱিকভাৱে কথা পাতক
  • লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ফিলিপে কি কৰিলে?
  • ফিলিপৰ পৰা আমি কি শিকিব পাৰোঁ?
  • ফিলিপৰ দৰে আমি কি কৰিব পাৰোঁ?
  • লোকসকলৰ বিষয়ে চিন্তা কৰক
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—সাধাৰণ বিষয় উল্লেখ কৰি কথা-বতৰা আৰম্ভ কৰক, যাতে আপুনি সাক্ষ্য দিব পাৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • অগ্ৰগামী মনোবৃত্তি প্ৰকাশ কৰক
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি কথা-বতৰা সমাপ্ত কৰা উচিত নে?
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
আৰু চাওক
লোকসকলক প্ৰেম কৰক আৰু শিকাওক
lmd পাঠ ২

কথা-বতৰা আৰম্ভ কৰাৰ সময়ত

ৰথত বহি নুৰা পঢ়ি থকা এজন কূচ দেশীয় ব্যক্তিৰ লগত ফিলিপে কথা পাতি আছে।

পাঁচ. ৮:৩০, ৩১

পাঠ ২

স্বাভাৱিকভাৱে কথা পাতক

সিদ্ধান্ত: “উচিত সময়ত কোৱা বাক্য কেনে উত্তম!”—হিতো. ১৫:২৩.

ফিলিপে কি কৰিলে?

ৰথত বহি নুৰা পঢ়ি থকা এজন কূচ দেশীয় ব্যক্তিৰ লগত ফিলিপে কথা পাতি আছে।

ভিডিঅʼ: ফিলিপে কূচ দেশীয় ব্যক্তিজনক প্ৰচাৰ কৰিলে

১. ভিডিঅʼখন চাওক বা পাঁচনিৰ কৰ্ম্ম ৮:৩০, ৩১ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1. ক. ফিলিপে কেনেকৈ কথা-বতৰা আৰম্ভ কৰিলে?

  2. খ. স্বাভাৱিকভাৱে কথা-বতৰা আৰম্ভ কৰাৰ আৰু ব্যক্তিজনক নতুন বিষয়ে জনোৱাৰ এয়া কিয় ভাল পদ্ধতি আছিল?

ফিলিপৰ পৰা আমি কি শিকিব পাৰোঁ?

২. শুভবাৰ্তা জনাবলৈ খৰ-ধৰ কৰাৰ পৰিৱৰ্তে যদি আমি কথা-বতৰা স্বাভাৱিকভাৱে আগবাঢ়িবলৈ দিওঁ, তেনেহʼলে হয়তো ব্যক্তিজনক বাইবেলৰ পৰা কোনো কথা জনালে তেওঁ আমাৰ কথা শুনিব।

ফিলিপৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. লক্ষ্য কৰক। এজন ব্যক্তিৰ অংগি-ভংগি আৰু কথা পতাৰ ধৰনে বহুতো কথা প্ৰকাশ কৰে। যদি ব্যক্তিজনে আপোনাৰ কথা শুনিব বিচাৰে, তেনেহʼলে বাইবেলৰ সত্যতাৰ বিষয়ে জনাবলৈ আপুনি তেওঁক এইদৰে সুধিব পাৰে, “আপুনি জানেনে . . . ?” যদি কোনোবাই কথা পাতিব নিবিচাৰে, তেনেহʼলে জোৰ-জবৰদস্তি নকৰিব।

৪. ধৈৰ্য্য ধৰক। ব্যক্তিজনক বাইবেলৰ বিষয়ে এতিয়াই জনাব লাগিব বুলি নাভাৱিব। সঠিক সময়ৰ বাবে অপেক্ষা কৰক। ব্যক্তিজনৰ লগত প্ৰথমবাৰ কথা পাতোঁতে বাইবেলৰ কোনো কথা জনাবলৈ সুযোগ নাপাবও পাৰে। কিন্তু ব্যক্তিজনক পুনৰ লগ কৰোঁতে, হয়তো আপুনি স্বাভাৱিকভাৱে তেওঁক বাইবেলৰ বিষয়ে জনাব পাৰে।

৫. পৰিস্থিতিৰ অনুসৰি বিষয় সলনি কৰক। আপুনি হয়তো কোনো এটা বিষয় তৈয়াৰী কৰি গৈছে, কিন্তু ব্যক্তিজনে আন কিবা বিষয়ে কথা পাতে, তেনেহʼলে নিজৰ বিষয় সলনি কৰক। তাৰ পাছত ব্যক্তিজনৰ প্ৰয়োজনীয়তা অনুসৰি বাইবেলৰ পৰা কোনো কথা জনাওক।

এয়াও চাওক

উপ. ৩:১, ৭; ১ কৰি. ৯:২২; ২ কৰি. ২:১৭; কল. ৪:৬

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক