আন কিছুমান পৰামৰ্শ খ
আপুনি কথা-বতৰা সমাপ্ত কৰা উচিত নে?
যদি এজন ব্যক্তিয়ে কিবা জনাৰ উদ্দেশ্যৰে প্ৰশ্ন সোধে, তেনেহʼলে কথা-বতৰা আগ বঢ়াওক। আমি তেওঁলোকৰ লগত কথা পাতিব বিচাৰোঁ, যিসকলে ‘অনন্ত জীৱন পাবলৈ ভাল মন ৰাখে।’—পাঁচ. ১৩:৪৮.
কিন্তু ব্যক্তিজনে যদি খং কৰে, তৰ্ক কৰে বা কথা পাতিব নিবিচাৰে, তেনেহʼলে নো কি? শান্তভাৱে আৰু সাৱধানেৰে কথা-বতৰা সমাপ্ত কৰক। (হিতো. ১৭:১৪) যদি আমি এইদৰে কৰোঁ, তেনেহʼলে ভৱিষ্যতে হয়তো ব্যক্তিজনে আমাৰ লগত কথা পাতিবলৈ সন্মত হʼব।—১ পিত. ২:১২.