কথা-বতৰা আৰম্ভ কৰাৰ সময়ত
পাঠ ১
লোকসকলৰ বিষয়ে চিন্তা কৰক
সিদ্ধান্ত: ‘প্ৰেমে কেৱল নিজৰ লাভ নিবিচাৰে।’—১ কৰি. ১৩:৫.
যীচুৱে কি কৰিলে?
১. ভিডিঅʼখন চাওক বা যোহন ৪:৬-৯ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:
ক. তিৰোতাগৰাকীৰ লগত কথা পতাৰ আগতে যীচুৱে কি কথাৰ ওপৰত মন কৰিলে?
খ. যীচুৱে কৈছিল, “মোক পানী খাবলৈ দিয়া।” এয়া কথা-বতৰা আৰম্ভ কৰাৰ কিয় প্ৰভাৱশালী পদ্ধতি আছিল?
যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?
২. যদি আমি কাৰোবাৰ লগত ভালদৰে কথা পাতিব বিচাৰোঁ, তেনেহʼলে আমি তেওঁৰ আগ্ৰহ থকা বিষয়ে কথা পাতিব লাগিব।
যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?
৩. সাল-সলনি কৰক। আপুনি যি বিষয়ে কথা পাতিবলৈ তৈয়াৰী কৰিছিল, সেই বিষয়েই কথা পাতিম বুলি ভাবি নলʼব। বৰ্তমান সময়ত লোকসকলে যি বিষয়ে চিন্তা কৰি আছে, সেই বিষয়ে কথা পাতক। নিজকে সোধক:
ক. ‘বাতৰিবোৰত কি চলি আছে?’
খ. ‘মোৰ ওচৰ-চুবুৰীয়া, সহকৰ্মী বা সহপাঠীসকলে কি বিষয়ে কথা পাতিছে?’
৪. লক্ষ্য কৰক। নিজকে সোধক:
ক. ‘ব্যক্তিজনে এতিয়া কি কৰি আছে? তেওঁ হয়তো কি বিষয়ে চিন্তা কৰি আছে?’
খ. ‘ব্যক্তিজনৰ কাপোৰ-কানি, চেহেৰা আৰু ঘৰৰ পৰা কি বুজিব পাৰি? তেওঁ কʼৰ হয় আৰু কি বিশ্বাস কৰে?’
গ. ‘ব্যক্তিজনৰ লগত কথা পতাৰ এয়া সঠিক সময়নে?’
৫. শুনক।
ক. কেৱল নিজেই কথা পাতি নাথাকিব।
খ. ব্যক্তিজনক নিজৰ মনৰ কথা খুলি কʼবলৈ দিয়ক। যদি সম্ভৱ, তেনেহʼলে প্ৰশ্ন সোধক।