খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—সাধাৰণ বিষয় উল্লেখ কৰি কথা-বতৰা আৰম্ভ কৰক, যাতে আপুনি সাক্ষ্য দিব পাৰে
যীচুৱে তিৰাতাগৰাকীৰ লগত সাধাৰণ বিষয়ৰ ওপৰত কথা-বতৰা হোৱাৰ বাবে, সুযোগ বিচাৰি সাক্ষ্য দিবলৈ সক্ষম হৈছিল। আমি অচিনাকী লোকসকলৰ লগত কথা-বতৰা হোৱাৰ দক্ষতা কেনেকৈ উন্নতি কৰিব পাৰোঁ?
লোকসকলৰ লগত বন্ধুত্বপৰায়ণ আৰু মৰমেৰে কথা-বতৰা হওক। ভাগৰি পৰাৰ সত্ত্বেও যীচুৱে খাবলৈ পানী খোজাৰ যোগেদি কথা-বতৰা আৰম্ভ কৰিছিল। আৰম্ভণিতে আপুনি হাঁহি মুখেৰে, অলপতে ঘটি যোৱা কিবা ঘটনা অথবা বতৰৰ বিষয়ে উল্লেখ কৰি কথা-বতৰা আৰম্ভ কৰিব পাৰে। মনত ৰখা উচিত হʼব যে আপোনাৰ উদ্দেশ্য হৈছে ব্যক্তিজনৰ লগত কথা-বতৰা হোৱা। সেইবাবে, এনে বিষয়ৰ ওপৰত কথা-বতৰা হওক যি বিষয়ৰ প্ৰতি ব্যক্তিজন আগ্ৰহী। যদি তেওঁ বা তাই কথা পাতিব নিবিচাৰে, তেনেহʼলে চিন্তা কৰাৰ প্ৰয়োজন নাই। কোনো আন ব্যক্তিৰ লগত কথা-বতৰা হওক। সাহসৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰক।—নহি ২:৪, ৫; পাঁচ ৪:২৯, ৩০.
সাধাৰণ বিষয়বোৰ আলোচনা কৰি থকাৰ মাজতে শুভবাৰ্ত্তা জনাবলৈ সুযোগ বিচাৰি থাকক। কিন্তু খৰ-ধৰ নকৰিব। স্বাভাৱিকভাৱে কথা-বতৰা হওক আৰু সুযোগ পালে ৰাজ্যৰ বাৰ্ত্তা জনাওক। যদি আপুনি জোৰ কৰি সাক্ষ্য দিব বিচাৰে, তেনেহʼলে হয়তো তেওঁ ভাল নাপাব আৰু কথা-বতৰা বন্ধ কৰিব। আপুনি ৰাজ্যৰ বাৰ্ত্তা জনোৱাৰ আগতেই যদি কথা-বতৰা বন্ধ হয়, তেনেহʼলে নিৰাশ নহʼব। যদি আপুনি কথা-বতৰা কোৱাৰ মাজতে শুভবাৰ্ত্তা জনাবলৈ অসুবিধা হয়, তেনেহʼলে শুভবাৰ্ত্তা জনোৱাৰ বিষয়ে চিন্তা নকৰাকৈ কাৰোবাৰ লগত কথা-বতৰা হʼবলৈ অভ্যাস কৰক। [প্ৰথম ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।]
আপোনাৰ বিশ্বাসৰ বিষয়ে আন্তৰিকতাৰে এক মন্তব্য কৰাৰ যোগেদি সাক্ষ্য দিয়াৰ বাবে এক পৰিস্থিতি তৈয়াৰ কৰক, যাতে তেওঁ শুভবাৰ্ত্তা শুনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব পাৰে। যীচুৱেও তিৰোতাগৰাকীক এনে কিছুমান কথা কৈছিল, যাৰ বাবে তিৰোতাগৰাকী আগ্ৰহী হৈছিল আৰু তাই যীচুক কিছুমান প্ৰশ্ন সুধিছিল। যেতিয়া যীচুৱে শুভবাৰ্ত্তা জনাবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ আচলতে তাইৰ প্ৰশ্নবোৰৰ উত্তৰ দি আছিল। [দ্বিতীয় ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক। তাৰ পাছত তৃতীয় ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।]