ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জানুৱাৰী পৃষ্ঠা ৮
  • ট্ৰেক্টৰ যোগেদি কেনেকৈ কথা-বতৰা আৰম্ভ কৰিব পাৰি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ট্ৰেক্টৰ যোগেদি কেনেকৈ কথা-বতৰা আৰম্ভ কৰিব পাৰি?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • আলোচনাৰ বাবে আৰ্হি ভালদৰে ব্যৱহাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • কথা-বতৰা আৰম্ভ কৰিবলৈ ট্ৰ্যাক্ট ব্যৱহাৰ কৰক
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • আলোচনাৰ বাবে আৰ্হি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জানুৱাৰী পৃষ্ঠা ৮
এগৰাকী ভনীয়ে ‘দুখ-কষ্টৰ অন্ত হʼবনে?’ ট্ৰেক্টখন ব্যৱহাৰ কৰিব বাছ ৰখা আস্থানত এগৰাকী মহিলাক সাক্ষ্য দিছে

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ট্ৰেক্টৰ যোগেদি কেনেকৈ কথা-বতৰা আৰম্ভ কৰিব পাৰি?

জানুৱাৰী মাহৰ ২০১৮ চনৰপৰা খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যাৰ সভাৰ বাবে অধ্যয়ন পুস্তিকাতৰ বেটুপাতত আলোচনাৰ বাবে আৰ্হি দিয়া হৈছে। কেৱল প্ৰকাশন আগবঢ়োৱাৰ পৰিৱৰ্তে লোকসকলৰ লগত কথা-বতৰা হোৱাৰ ওপৰত ধ্যান দিবলৈ আমাক উৎসাহিত কৰা হৈছে। প্ৰচাৰকসকলক তেওঁলোকৰ প্ৰদৰ্শন সাল-সলনি কৰিবলৈ আৰু বাইবেল ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰিবলৈ আলোচনাৰ বাবে আৰ্হিৰ ভিডিঅʼবোৰত দেখুৱা হৈছে। ইয়াৰ অৰ্থ এইটো নেকি যে ঘৰে ঘৰে প্ৰচাৰ কৰাৰ সময়ত আমি প্ৰকাশন ব্যৱহাৰ কৰা উচিত নহয়? এনে নহয়। উদাহৰণস্বৰূপে, ট্ৰেক্ট ব্যৱহাৰ কৰিও আমি প্ৰভাৱশালীৰূপে কথা-বতৰা আৰম্ভ কৰিব পাৰোঁ। আমি যিকোনো ট্ৰেক্ট ব্যৱহাৰ কৰাৰ সময়ত উল্লেখিত পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ:

  1. ১. সন্মুখত দিয়া প্ৰশ্নটো সুধিব পাৰে।

  2. ২. দ্বিতীয় পৃষ্ঠাৰ ওপৰত থকা শাস্ত্ৰ পদৰপৰা উত্তৰ দিয়ক। যদি সময় থাকে, তেনেহʼলে ট্ৰেক্টৰ কিছু অংশ পঢ়ক আৰু আলোচনা কৰক।

  3. ৩. গৃহস্থক ট্ৰেক্টখন দিয়ক আৰু আজৰি সময়ত পঢ়িবলৈ উৎসাহিত কৰক।

  4. ৪. গৃহস্থৰ ঘৰৰপৰা ওলাই অহাৰ আগতে “এই বিষয়ে চিন্তা কৰক” প্ৰশ্নটো দেখুৱাওক আৰু বাইবেলৰপৰা উত্তৰ দিবলৈ পুনৰ আলোচনাৰ বাবে ব্যৱস্থা কৰক।

‘ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?’ ট্ৰেক্টখনৰ চাৰিটা বিশেষ দিশ সংখ্যাৰ দ্বাৰা চিনাক্ত কৰা হৈছে।

পুনৰ সাক্ষাৎ কৰাৰ সময়ত প্ৰশ্নটোৰ ওপৰত আলোচনা কৰক আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে আন এটা প্ৰশ্ন এৰি আহক। শেষৰ পৃষ্ঠাত দিয়া আমাৰ ৱেবছাইট বা প্ৰকাশনৰপৰা আপুনি এটা প্ৰশ্ন বাছনি কৰিব পাৰে। সঠিক সময়ত ঈশ্বৰৰপৰা ভাল খবৰ! নামৰ ব্ৰচাৰখন অথবা শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা আন এখন অধ্যয়নৰ প্ৰকাশনৰ পৰিচয় দিয়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক