ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৩-৫
প্ৰথম মিছাৰ পৰিণাম হৈছে ধ্বংস
৩:১-৬, ১৫-১৯
চয়তানে হৱাক মিছা কথা কৈছিল আৰু তেতিয়াৰেপৰা সি মানৱজাতিক ভুল পথলৈ পৰিচালিত কৰি আহিছে। (প্ৰকা ১২:৯) নিম্নলিখিত মিছা কথাবোৰে কেনেকৈ চয়তানৰ দ্বাৰা প্ৰভাৱিত হয় আৰু ইয়ে মানুহক যিহোৱা ঈশ্বৰৰ কাষ চাপিবলৈ কেনেকৈ বাধা দিয়ে?
পৃথিৱীত কোনো সৰ্ব্বশক্তিমান ঈশ্বৰ নাই
ঈশ্বৰ হৈছে এক ৰহস্যময় ত্ৰিয়ক
ঈশ্বৰৰ কোনো নাম নাই
ঈশ্বৰে মানুহক জ্বলি থকা নৰকত সদায় কালৰ বাবে শাস্তি দিয়ে
সকলো ঈশ্বৰৰ ইচ্ছাৰ বাবে ঘটে
ঈশ্বৰে মানৱজাতিৰ কোনো যত্ন নলয়
ঈশ্বৰৰ বিষয়ে কোৱা এই মিছা কথাৰ প্ৰতি আপুনি কেনে অনুভৱ কৰে?
ঈশ্বৰৰ নামৰ বিষয়ে জানিবলৈ আপুনি লোকসকলক কেনেকৈ সহায় কৰিব?