ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
তলত দিয়া প্ৰশ্নসমূহ ২০০৪ চনৰ অক্টোবৰ মাহৰ ২৫ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৪ চনৰ ছেপ্টেম্বৰ ৬ তাৰিখৰ পৰা লৈ অক্টোবৰ ২৫ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।—পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৩৭ পৃ. চাওক।]
বক্তৃতাৰ বৈশিষ্ট্য
১. আমি খ্ৰীষ্টান কাৰ্য্যৰ কিছুমান বিষয়ে ভাষণ দিয়াৰ সময়ত কেনেকৈ আমাৰ কথোপকথনৰ উত্তম দিশবোৰত ধ্যান কেন্দ্ৰিত কৰিব পাৰোঁ? [১, be ২০৩ পৃ. ৩-৪ অনু.]
২. পুনৰুক্তি কি আৰু কিয় ইয়াৰ আৱশ্যক? [৩, ht-AE ৩৩ পৃ. ১-৩ অনু.]
৩. আমাৰ ভাষণৰ মূল বিষয়বস্তুক আমি কেনেকৈ গুৰুত্বতাৰে উল্লেখ কৰিব পাৰোঁ? [৬, be ২১০ পৃ. ১-৫ অনু. আৰু বক্স]
৪. আমাক নিযুক্তি কৰা এটা ভাষণৰ মুখ্য বিষয়বোৰক আমি কেনেকৈ নিৰ্দ্ধাৰিত কৰিব পাৰোঁ? [৭, be ২১২ পৃ. ১-৪ অনু.]
৫. ভাষণত অধিক বিষয়বোৰ সন্মিলিত নকৰিবলৈ আমি কিয় সাৱধান হোৱা উচিত? [৮, be ২১৩ পৃ. ২-৪ অনু.]
ভাষণ নং ১
৬. নোহৰ জল-প্ৰলয়ৰ পূৰ্বে কেনে পৰিস্থিতিৰ বিকশিত হৈছিল যাৰ বাবে সকলোকে ধ্বংস কৰা হʼব বুলি দিয়া সতৰ্কবাণীক লোকসকলে বিশ্বাস কৰিবলৈ টান পালে? [১, w02 ৩/১ ৫-৬ পৃ.]
৭. যীচুৰ সময়ত থকা লোকবিলাকে তেওঁক “আৰোগ্যকৰ্তা” বুলি সম্বোধন কৰাৰ পৰিৱৰ্তে “গুৰু” বুলি সম্বোধিত কৰাটো কিয় মন কৰিবলগীয়া? (লূক ৩:১২; ৭:৪০) [২, w02 ৫/১ ৪ পৃ. ৩ অনু.; ৬ পৃ. ৬ অনু.]
৮. হিতোপদেশ ১১:২৪, ২৫ পদে পৰিচৰ্য্যা কাৰ্য্যত সম্পূৰ্ণকৈ ভাগ লোৱাৰ গুৰুত্বতাৰ ওপৰত কেনেকৈ আলোকপাত কৰিছে? [৩, w02 ৭/১৫ ৩০ পৃ. ২-৪ অনু.]
৯. এদন বাগিছাত হোৱা বিৰোধীতাত কেনে নৈতিক বিবাদ উত্থাপন হʼল আৰু তেনে বিৰোধীতাৰ কেনে পৰিণাম পোৱা গʼল? (আদি. ৩:১-৬) [৫, w02-AE ১০/১ ৫ পৃ. ৬ অনু.; ৬ পৃ. ২-৩ অনু.]
১০. যিৰূচালেমত সত্য উপাসনাৰ পুনৰ স্থাপনৰ তাৰিখ কেনেকৈ নিৰ্দ্ধাৰণ কৰা হʼল? [৬, si ২৮৫ পৃ. ৫ অনু.]
সপ্তাহিক বাইবেল পাঠ
১১. যিহেতু যিহোৱা ঈশ্বৰে বিলিয়মক বালাকৰ মানুহৰ ওচৰলৈ যাবলৈ কোৱাৰ স্বত্ত্বেও, বিলিয়মে যোৱাত তেওঁৰ ওপৰত কিয় ঈশ্বৰৰ ক্ৰোধ প্ৰজ্জ্বলিত হʼল? (গণ. ২২:২০-২২)
১২. এগৰাকী খ্ৰীষ্টান স্ত্ৰীয়ে কৰা প্ৰতিজ্ঞাক তাইৰ স্বামীয়ে ভঙ্গ কৰাব পাৰেনে? (গণ. ৩০:৬-৮)
১৩. বৰ্তমান সময়ত “আশ্ৰয়-নগৰ” কিহক চিহ্নিত কৰে? (গণ. ৩৫:৬) [৪, w95 ১১/১৫ ১৭ পৃ. ৮ অনু.]
১৪. দ্বিতীয় বিবৰণ ৬:৬-৯ পদত ‘ঈশ্বৰৰ ব্যৱস্থা হাতত চিনস্বৰূপে বন্ধা আৰু দুই চকুৰ মাজত ভূষণস্বৰূপ’ পিন্ধা বুলি কোৱা আজ্ঞাক আমি আক্ষৰিক অৰ্থত বুজা উচিতনে?
১৫. “গাত তোমাৰ কাপোৰ পুৰণি হৈ ফাটি যোৱা নাই” বুলি উল্লেখ কৰা বাক্যশাৰীৰ অৰ্থ এইটোনে যে ইস্ৰায়েলসকলৰ বাবে কেৱল পিন্ধা কাপোৰৰহে ব্যৱস্থা কৰিছিল? (দ্বিতী. ৮:৪)