ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। অক্টোবৰ: ব্যক্তিগতভাৱে প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ দুয়োখন কপি বিতৰণ কৰক। যদি লোকসকলে আগ্ৰহী তেনেহʼলে বিচাৰে ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ লক্ষ্যৰে পুনৰ সাক্ষাৎ কৰক। নবেম্বৰ: এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি। যদি এই ব্ৰচাৰখন আপোনাৰ ভাষাত উপলব্ধ নাই তেনেহʼলে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন বা সৰ্বশ্ৰেষ্ঠ মানৱ নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল কিতাপখন বিতৰণ অথবা বিকল্পিত বিতৰণ হিচাবে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন আৰু আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। জানুৱাৰী: পৃষ্ঠাবোৰ হালধীয়া নতুবা আন বৰণলৈ পৰিণত হোৱা বা ১৯৯০ চনৰ পূৰ্বে ছপা কৰা যিকোনো ১৯২ পৃষ্ঠাৰ কিতাপ বিতৰণ কৰক। যিবোৰ মণ্ডলীত এনে পুৰণি কিতাপবোৰ নাই, তেনেহʼলে ঈশ্বৰলৈ কৰা মানৱজাতিৰ অম্বেষণ অথবা পৰিয়ালৰ সুখৰ ৰহস্য কিতাপখন বিতৰণ কৰিব পাৰে।
▪ এই মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ সৈতে “২০০৫ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা” দিয়া হৈছে। সেই তালিকাখন ২০০৫ চনৰ ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণসমূহৰ বাবে সংৰক্ষণ কৰা উচিত।
▪ প্ৰচাৰকসকলে ব্যক্তিগতভাৱে আলোচনী বিচাৰি পঠোৱা আৱেদন পত্ৰ সংস্থাই গ্ৰহণ নকৰে। মণ্ডলীয়ে সংস্থালৈ মাহেকীয়া আলোচনীৰ নিৱেদন কৰাৰ আগতে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত যাতে ইচ্ছুক ভাই-ভনীসকলে ব্যক্তিগতভাৱে আলোচনীৰ নিৱেদন সেই ভাইজনক দিব পাৰে যিজনে আলোচনীৰ চোৱা-চিতা কৰে। অনুগ্ৰহ কৰি বিশেষ-অনুৰোধৰ আলোচনীবোৰৰ বিষয়ে মনত ৰখা উচিত।
▪ নতুন প্ৰকাশন উপলব্ধ:
যিহোৱালৈ স্তুতি গীত গোৱা—কেৱল গীতকথা —মালায়ালম
কেৱল গীতকথাৰ সৈতে বুলি উল্লেখ কৰাৰ (Ssbly) অৰ্থ হৈছে কোনো সঙ্গীতৰ সুৰ উল্লেখ নকৰাকৈ ছপা কৰা সৰু আকাৰৰ গীত কিতাপ। এই নতুন সুবিধা উপলব্ধ হোৱাৰ বাবে মালায়ালম ভাষাৰ গীত কিতাপৰ সকলো অপেক্ষিত নিৱেদনসমূহ বাতিল কৰা হৈছে। গতিকে মণ্ডলীক আৱশ্যক হোৱা গীত কিতাপবোৰৰ বাবে পুনৰাই নতুনকৈ নিৱেদন কৰিবলৈ অনুৰোধ কৰা হʼল।
▪পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় —তেলেগু, মালায়ালম, হিন্দী
ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? —ইংৰাজী, গুজৰাটী, তামিল, তেলেগু, নেপালী, বাংলা, মালায়ালম, মাৰাঠী, মিজো, হিন্দী