২০০৫ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা
পৰামৰ্শসমূহ
২০০৫ চনত ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল পৰিচালনা কৰাৰ সময়ত তলত দিয়া অনুসাৰে কৰা হʼব।
মূল বিষয়বস্তু: কাৰ্য্য-নিযুক্তিৰ বাবে প্ৰহৰীবুৰুজ [w], পবিত্ৰ বাইবেল, ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভৱান হোৱা [be], “কথোপকথন আৰু শিক্ষা দিয়া আপোনাৰ দক্ষতাক কেনেকৈ উন্নত কৰিব” [ht-AE], একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা [wt] আৰু আলোচনাৰ বাবে বাইবেলৰ বিষয় [td-AE] ব্যৱহাৰ কৰা হʼব।
গীত আৰু প্ৰাৰ্থনা সৈতে সঠিক সময়ত স্কুল আৰম্ভ কৰি সকলোকে আদৰণি জনাই তলত দিয়া ধৰণে পৰিচালনা কৰক:
বক্তৃতাৰ বৈশিষ্ট্য: ৫ মিনিট। স্কুল অধ্যক্ষ, অতিৰিক্ত পৰামৰ্শদাতা বা আন উপযুক্ত প্ৰাচীনে পৰিচৰ্য্যা স্কুল পাঠ্যপুথিৰ পৰা বক্তৃতাৰ গুণ নামৰ অংশটো পৰিচালনা কৰে। (যদি মণ্ডলীত সীমিত সংখ্যক প্ৰাচীন আছে তেনেহʼলে এজন উপযুক্ত সহায়ক সেৱকে এই ভাগটো পৰিচালনা কৰিব পাৰে।) ভাষণ নিযুক্তি কৰা পৃষ্ঠাত যদি কোনো বক্স আছে তেনেহʼলে সেইবোৰক আলোচনাত সন্মিলিত কৰা আৱশ্যক। তাত উল্লেখ কৰা অনুশীলনীবোৰক বাতিল কৰা প্ৰয়োজন। প্ৰাথমিকৰূপে এইবোৰ ব্যক্তিগত ব্যৱহাৰ আৰু আছুতীয়াকৈ পৰামৰ্শ দিয়াৰ সময়ত ব্যৱহাৰ কৰা হয়।
ভাষণ নং ১: ১০ মিনিট। এই ভাগটোক এজন প্ৰাচীন বা এজন সহায়ক সেৱকে প্ৰহৰীবুৰুজ, ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভৱান হোৱা বা “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত আৰু লাভজনক” কিতাপৰ ওপৰত আধাৰিত কৰি ভাষণ দিয়ে। এই ভাষণ উপদেশমূলক ভাষণৰূপে ১০ মিনিট সময়ত দিয়া আৱশ্যক। ভাষণত কোনো মৌখিক পুনৰ নিৰীক্ষণ কৰা প্ৰয়োজন নাই। ভাষণত সকলোবোৰ বিষয় বিতংকৈ বৰ্ণনা কৰাৰ পৰিৱৰ্তে তাত উল্লেখ কৰা ব্যৱহাৰিক বিষয়বোৰক প্ৰয়োগ কৰিলেহে মণ্ডলীয়ে বেছি লাভৱান হʼব। উল্লেখ কৰা বিষয়বস্তুক ব্যৱহাৰ কৰা উচিত। ইয়াৰ উপৰিও যি জন ভায়ে এই ভাষণ দিয়ে তেওঁ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ভাষণ শেষ কৰা আৱশ্যক। আৱশ্যকীয় অনুসাৰে এই ভাষণ দিয়া ভাইজনক আছুতীয়াকৈ পৰামৰ্শ দিব পাৰে।
বাইবেল পাঠৰ আলোকপাত: ১০ মিনিট। এই ভাষণৰ প্ৰথম ছয় মিনিট সময় এজন উপযুক্ত প্ৰাচীন বা সহায়ক সেৱকে স্থানীয়ভাৱে প্ৰযোজ্য হোৱা বিষয়বোৰক উল্লেখ কৰা উচিত। তেওঁ হয়তো সেই সপ্তাহটোৰ বাইবেল পাঠৰ যি কোনো অংশৰ ওপৰত মন্তব্য দিব পাৰে। এনে কৰোঁতে নিযুক্তি পাঠৰ কেৱল সাৰাংশ দিয়াটোৱেই যথেষ্ট নহয়। এই ভাষণৰ মূল লক্ষ্য হৈছে শ্ৰোতাসকলৰ বাবে বাইবেল পাঠত থকা সংবাদসমূহ কেনেকৈ আৰু কিয় বহুমূলীয়া তাক উপলব্ধি কৰাত সহায় কৰা। আলোকপাতৰ বাবে দিয়া বাইবেল পাঠৰ পৰা কেনেকৈ লাভৱান হʼল, সেই বিষয়ে চমুকৈ (৩০ চেকেণ্ড বা তাতকৈ কম সময়ৰ ভিতৰত) মন্তব্য দিবলৈ বক্তাই শ্ৰোতাসকলক আমন্ত্ৰণ কৰে। তাৰ পিছত স্কুল অধ্যক্ষজনে দ্বিতীয় ক্লাচ ৰুমত ভাগ লোৱা বিদ্যাৰ্থীসকলক যাবলৈ অনুৰোধ কৰে।
ভাষণ নং ২: ৪ মিনিট। এই ভাগটো পাঠ কৰিবলৈ এজন ভাইক নিযুক্তি কৰা হয়। সাধাৰণতে সেই পাঠ বাইবেলৰ পৰা পঢ়া হয়। মাহত এবাৰকৈ এই নিযুক্তিটোত প্ৰহৰীবুৰুজ আলোচনীখনৰ বিষয়বস্তু ব্যৱহাৰ কৰা হʼব। বিদ্যাৰ্থীজনে এই ভাগটোত কোনো পৰিচয় বা উপসংহাৰ নিদিয়াকৈ পাঠ কৰা উচিত। প্ৰত্যেক সপ্তাহে এই ভাষণৰ পাঠ কৰা পৰিমাণ একেই নহʼবও পাৰে, তথাপিও ইয়াৰ বাবে চাৰি মিনিট বা তাতকৈ কম সময় লোৱা উচিত। স্কুল অধ্যক্ষই এই ভাষণৰ বিষয়বস্তুক ভালকৈ নিৰীক্ষণ কৰি বয়স আৰু পাৰ্গতালিৰ অনুসাৰে বিদ্যাৰ্থীসকলক নিযুক্ত কৰা আৱশ্যক। স্কুল অধ্যক্ষই বিশেষকৈ বিদ্যাৰ্থীজনে স্পষ্টকৈ পাঠ কৰা, সঠিক অৰ্থত গুৰুত্ব দিয়া, প্ৰয়োজন অনুসাৰে সুৰ উচ্চ বা নিম্ন কৰা, পাঠ কৰোঁতে যতি বা দাঢ়ি, কমা আদি চিহ্নত বিৰতি লোৱা আৰু ভাষণৰ স্বাভাৱিকতাৰ ওপৰত মনোনিৱেশ কৰিব।
ভাষণ নং ৩: ৫ মিনিট। এই ভাষণৰ বাবে কোনো এগৰাকী ভনীক নিযুক্তি কৰা হয়। এই ভাষণৰ বিদ্যাৰ্থীজনে নিৰ্বাচিত কৰা কোনো পটভূমি বা আমাৰ পৰিচৰ্য্যা পাঠ্যপুথিখনৰ ৮২ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি কোনো উপযুক্ত পটভূমি নিৰ্দ্ধাৰিত কৰা হʼব। বিদ্যাৰ্থীজনে নিযুক্তি ভাষণৰ বিষয়বস্তুক ব্যৱহাৰ কৰি তাক স্থানীয় প্ৰচাৰ এলেকাৰ বাবে ব্যৱহাৰিক আৰু সত্যসদৃশ্যতা কৰা উচিত। যেতিয়া ভাষণৰ বিষয়ৰ বাবে তথ্যৰ মূল উৎস উদ্ধৃতি কৰা নাথাকে তেতিয়া বিদ্যাৰ্থীজনে বিশ্বাসী বুদ্ধিমান দাস বৰ্গই প্ৰবন্ধ কৰা আলোচনীসমূহৰ পৰা নিজেই ভাষণৰ বিষয়বস্তু অনুসন্ধান কৰা আৱশ্যক। নতুন বিদ্যাৰ্থীসকলক তেনেবোৰ ভাষণৰ বাবে নিযুক্তি কৰা আৱশ্যক যিবোৰ ভাষণৰ বিষয়বস্তুৰ উৎস উদ্ধৃতি কৰা থাকে। স্কুল অধ্যক্ষজনে বিশেষকৈ বিদ্যাৰ্থীজনে কিদৰে ভাষণৰ বিষয়বস্তুক বিকশিত কৰিছে আৰু ভনীগৰাকীয়ে প্ৰস্তুত কৰা মূল বিষয়বোৰক গৃহস্থক বুজাবলৈ কেনেকৈ শাস্ত্ৰীয় পদসমূহৰ যুক্তি দাঙি ধৰিছে তাৰ ওপৰত মনোযোগ দিব। এই ভাষণত নিযুক্তি কৰা বিদ্যাৰ্থীজনে অৱশ্যে পঢ়িবলৈ জনা আৱশ্যক। স্কুল অধ্যক্ষজনে বিদ্যাৰ্থীজনৰ বাবে এজন সহায়কাৰীৰ নিযুক্তি কৰিব।
ভাষণ নং ৪: ৫ মিনিট। এই ভাষণৰ বিদ্যাৰ্থীজনে নিজেই নিযুক্তি ভাষণৰ বিষয়বস্তুক বিকশিত কৰা উচিত। যেতিয়া ভাষণৰ বিষয়বস্তুত কোনো উদ্ধৃতি দিয়া নাথাকে তেতিয়া বিদ্যাৰ্থীজনে ভাষণৰ বাবে নিজেই বিশ্বাসী বুদ্ধিমান দাস বৰ্গই প্ৰবন্ধ কৰা আলোচনীসমূহৰ পৰা অনুসন্ধান কৰা উচিত। যেতিয়া এই ভাষণৰ বাবে কোনো ভাইক নিযুক্তি দিয়া হয় তেতিয়া তেওঁ ৰাজ্যগৃহৰ শ্ৰোতাসকলৰ বিষয়ে মনত ৰাখি এই ভাগটোক এটা ভাষণৰূপে প্ৰস্তুত কৰিব। নতুবা স্কুল অধ্যক্ষজনে বক্তৃতাৰ কোনো এক বিশেষ গুণত কাৰ্য্য কৰিবলৈ পৰামৰ্শ দিব পাৰে। এই ভাষণত ভাগ লোৱা ভাইজনে তেওঁৰ বিষয়বস্তুক প্ৰচাৰ কাৰ্য্যক পৃষ্ঠভূমি হিচাবে ৰাখি প্ৰস্তুত কৰিব পাৰে। এই ভাষণৰ বাবে যেতিয়া কোনো ভনীক নিযুক্তি দিয়া হয় তেতিয়া ভাষণ সদায়ে ৩ নং ভাষণৰ পৰিলেখৰ দৰে প্ৰস্তুত কৰা উচিত। অনুগ্ৰহ কৰি মনত ৰাখক যে তৰা চিহ্ন থকা বিষয়বোৰক কেৱল ভাইসকলক প্ৰস্তুত কৰিবলৈ নিযুক্তি কৰা উচিত।
নিৰ্দ্ধাৰিত সময়: কোনো ভাষণ বা পৰামৰ্শ দিয়াৰ বাবে অতিৰিক্ত সময় লোৱা উচিত নহয়। ২ নং ভাষণৰ পৰা ৪ নং ভাষণৰ বাবে নিযুক্ত কৰা বিদ্যাৰ্থীসকলে যদি অতিৰিক্ত সময় লয়, তেনেহʼলে সাৱধানে তাক সমাপ্ত কৰা উচিত। যদি ১ নং ভাষণ আৰু বাইবেলৰ আলোকপাত কৰা বক্তাজনে অতিৰিক্ত সময় লয়, তেন্তে তেওঁক অকলশৰীয়াকৈ পৰামৰ্শ দিয়া উচিত। সকলো বক্তা আৰু বিদ্যাৰ্থীয়ে নিযুক্তি সময়ৰ প্ৰতি মনত ৰাখা উচিত। গীত আৰু প্ৰাৰ্থনাৰ বাহিৰে সম্পূৰ্ণ কাৰ্য্যক্ৰম ৪৫ মিনিটত সমাপ্তি হোৱা আৱশ্যক।
পৰামৰ্শদান: ১ মিনিট। স্কুল অধ্যক্ষজনে প্ৰত্যেকজন বিদ্যাৰ্থীৰ ভাষণৰ শেষত তেওঁৰ ভাষণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কিছুমান সঠিক দৃষ্টিভঙ্গী দাঙি ধৰা প্ৰয়োজন। তাৰ বাবে স্কুল অধ্যক্ষজনে ১ মিনিটতকৈ অধিক সময় লোৱা উচিত নহয়। পৰামৰ্শ প্ৰদান কৰোঁতে কেৱল “অতি উত্তম” বা “চাবাইচ” বুলি কোৱাটোৱেই তেওঁৰ লক্ষ্য হোৱা উচিত নহয়। বৰঞ্চ, তেওঁ বিদ্যাৰ্থীজনৰ ভাষণটোক কিহে অতি কাৰ্য্যকাৰী কৰিলে তাৰ নিৰ্দ্দিষ্ট কিছুমান যুক্তি দাঙি ধৰা উচিত। প্ৰত্যেকজন বিদ্যাৰ্থীৰ আৱশ্যকতাৰ অনুসাৰে অকলশৰীয়াকৈ বা আন এটা সময়ত অতিৰিক্ত বিকাশমূলক পৰামৰ্শ দিয়া প্ৰয়োজন।
সহযোগী পৰামৰ্শদাতা: প্ৰাচীন গোষ্ঠীয়ে স্কুল অধ্যক্ষৰ অতিৰিক্ত আন এজন উপযুক্ত ভাইক নিযুক্তিবোৰক চোৱা-চিতা কৰিবলৈ সহযোগী পৰামৰ্শদাতা হিচাবে নিৰ্ব্বাচিত কৰে। তেওঁৰ দায়িত্ব হৈছে ১ নং ভাষণ আৰু বাইবেল আলোকপাত কৰা ভাইক অকলশৰীয়াকৈ পৰামৰ্শ প্ৰদান কৰা। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ প্ৰত্যেকটো ভাষণৰ পিছত সঙ্গী প্ৰাচীন বা সহায়ক সেৱকক পৰামৰ্শ প্ৰদান কৰা। এই ব্যৱস্থা ২০০৫ চনৰ পৰা কাৰ্য্যকাৰী হʼব আৰু পিছলৈ সম্ভৱতঃ সাল-সলনিও হʼব পাৰে।
পৰামৰ্শ ফৰ্ম: পাঠ্যপুস্তকত দিয়া আছে।
মৌখিক পুনৰ নিৰীক্ষণ: ৩০ মিনিট। প্ৰত্যেক দুমাহত স্কুল অধ্যক্ষই এটা মৌখিক পুনৰ নিৰীক্ষণ পৰিচালিত কৰিব। ইয়াক ওপৰৰ পৰিলেখত দিয়া অনুসাৰে বক্তাৰ গুণ আৰু বাইবেল আলোকপাতৰ পৰা আলোচনা কৰা হʼব। সেই মৌখিক পুনৰ নিৰীক্ষণৰ বিষয়বস্তু হৈ যোৱা পূৰ্বৱৰ্তী দুমাহ আৰু চলিত সপ্তাহৰ ভাষণৰ ওপৰত আধাৰিত কৰি পৰিচালিত কৰা হʼব। যদি মৌখিক পুনৰ নিৰীক্ষণৰ উক্ত সপ্তাহটোত আপোনাৰ মণ্ডলীৰ বাবে চাৰ্কিত সন্মিলন বা চাৰ্কিত ওভাৰচিয়াৰ পৰিদৰ্শনৰ সপ্তাহ, তেনেহʼলে তালিকাৰ সম্পৰ্কে ডিচেম্বৰ ২০০৩ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৪ পৃষ্ঠাত দিয়া নিৰ্দ্দেশনাবোৰ পালন কৰা আৱশ্যক।
তালিকা
জানুৱাৰী ৩ বাইবেল পাঠ: যিহোচূৱা ১৬-২০ গীত ৬
বক্তৃতাৰ বৈশিষ্ট্য: আনে বুজি পোৱা (ht-AE ১৫ পৃ. ১৪-১৬ অনু.)
১ নং: সত্য ঈশ্বৰলৈ ভয় কৰা (be ২৭২ পৃ. ১ অনু.–২৭৩ পৃ. ১ অনু.)
২ নং: যিহোচূৱা ১৬:১-১৭:৪
৩ নং: td-AE ৩৭ক যীচু ঈশ্বৰৰ পুত্ৰ আৰু নিযুক্ত ৰজা
৪ নং: বৰ্তমান সময়ত ধনী বা দৰিদ্ৰ হোৱাটোৱে নিৰ্দ্দেশিত কৰেনে যে আপুনি বাস্তৱতে এজন ঈশ্বৰলৈ ভয় ৰাখোঁতা ব্যক্তি?
জানুৱাৰী ১০ বাইবেল পাঠ: যিহোচূৱা ২১-২৪ গীত ১০০
বক্তৃতাৰ বৈশিষ্ট্য: অপৰিচিত উক্তিবোৰ বৰ্ণনা কৰা (ht-AE ১৫ পৃ. ১৭-১৮ অনু.)
১ নং: সকলোকে ঈশ্বৰৰ নামৰ বিষয়ে জনোৱা (be ২৭৩ পৃ. ২ অনু.–২৭৪ পৃ. ১ অনু.)
২ নং: যিহোচূৱা ২৩:১-১৩
৩ নং: td-AE ৩৭খ পৰিত্ৰাণৰ বাবে যীচু খ্ৰীষ্টত বিশ্বাস কৰা কিয় অতি আৱশ্যক
৪ নং: যীচু খ্ৰীষ্টক উপাসনা কৰাটো উচিতনে?
জানুৱাৰী ১৭ বাইবেল পাঠ: বিচাৰকৰ্ত্তাবিলাক ১-৪ গীত ৯৭
বক্তৃতাৰ বৈশিষ্ট্য: আৱশ্যকীয় বৰ্ণনা আগবঢ়োৱা (be ২২৮ পৃ. ২-৩ অনু.)
১ নং: নামৰ দ্বাৰা এজন ব্যক্তিক চিনিব পাৰি (be ২৭৪ পৃ. ২-৫ অনু.)
২ নং: বিচাৰকৰ্ত্তাবিলাক ২:১-১০
৩ নং: td-AE ৩৭গ উদ্ধাৰ পাবলৈ যীচুত বিশ্বাস কৰাৰ উপৰিও অধিক কিছু কৰা আৱশ্যকনে?
৪ নং: হানিকাৰক ভিডিঅ’ সংগীতৰ পৰা আপুনি নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰে?
জানুৱাৰী ২৪ বাইবেল পাঠ: বিচাৰকৰ্ত্তাবিলাক ৫-৭ গীত ৪৭
বক্তৃতাৰ বৈশিষ্ট্য: হৃদয় কেনেকৈ জড়িত আছে (be ২২৮ পৃ. ৪ অনু.–২২৯ পৃ. ১ অনু.)
১ নং: ঈশ্বৰৰ নাম হৈছে ‘এক দৃঢ় দুৰ্গস্বৰূপ’ (be ২৭৪ পৃ. ৬ অনু.–২৭৫ পৃ. শিৰোনামা)
২ নং: বিচাৰকৰ্ত্তাবিলাক ৬:২৫-৩৫
৩ নং: বাইবেলে আমি স্বাধীনভাৱে বাছনি কৰাৰ উপৰত কেনেদৰে প্ৰভাৱিত কৰা উচিত?
৪ নং: atd-AE ৩৮ক ঈশ্বৰৰ ৰাজ্যই মানৱজাতিলৈ কঢ়িয়াই আনিবলগীয়া আশীৰ্ব্বাদসমূহ
জানুৱাৰী ৩১ বাইবেল পাঠ: বিচাৰকৰ্ত্তাবিলাক ৮-১০ গীত ১৭৪
বক্তৃতাৰ বৈশিষ্ট্য: শ্ৰোতাসকলৰ বাবে উপদেশমূলক (ht-AE ১৩ পৃ. ৪-৬ অনু.)
১ নং: যীচুৰ সাক্ষী দিয়া (be ২৭৫ পৃ. শিৰোনামা–২৭৬ পৃ. ১ অনু.)
২ নং: w03-AE ১/১৫ ২৯-৩০ পৃ. ১৬-১৮ অনু.
৩ নং: td-AE ৩৮খ শত্ৰুবোৰ সক্ৰিয় হৈ থকাৰ সময়তে খ্ৰীষ্টৰ শাসন আৰম্ভ হোৱা
৪ নং: ভৌতিকতাবাদী হোৱাৰ অৰ্থ হৈছে আৱশ্যকতকৈ অধিক সা-সম্পত্তি সংগ্ৰহ কৰা
ফেব্ৰুৱাৰী ৭ বাইবেল পাঠ: বিচাৰকৰ্ত্তাবিলাক ১১-১৪ গীত ২০৯
বক্তৃতাৰ বৈশিষ্ট্য: অনুসন্ধান কৰি এটা ভাষণ শিক্ষামূলকৰূপে প্ৰস্তুত কৰা (be ২৩১ পৃ. ১-৩ অনু.)
১ নং: ত্ৰাণকৰ্ত্তাৰূপে যীচুৰ ভূমিকাক গুৰুত্ব দি উল্লেখ কৰা (be ২৭৬ পৃ. ২-৩ অনু.)
২ নং: বিচাৰকৰ্ত্তাবিলাক ১২:১-১৫
৩ নং: যিহোৱাৰ সাক্ষীসকল কিয় ঐক্যতাবদ্ধ
৪ নং: td-AE ৩৮গ মানুহৰ প্ৰচেষ্টাৰে ঈশ্বৰৰ ৰাজ্য নাহে
ফেব্ৰুৱাৰী ১৪ বাইবেল পাঠ: বিচাৰকৰ্ত্তাবিলাক ১৫-১৮ গীত ১০৫
বক্তৃতাৰ বৈশিষ্ট্য: শাস্ত্ৰীয় পদক বৰ্ণনা কৰা (be ২৩১ পৃ. ৪-৫ অনু.)
১ নং: মহা পুৰোহিত আৰু মণ্ডলীৰ মূৰস্বৰূপে আদায় কৰা যীচুৰ ভূমিকাক গুৰুত্ব দি উল্লেখ কৰা (be ২৭৭ পৃ. ১-২ অনু.)
২ নং: বিচাৰকৰ্ত্তাবিলাক ১৫:৯-২০
৩ নং: td-AE ৩৯ক “জগতৰ শেষ” বুলিলে কি বুজায়
৪ নং: সন্মোহন বিদ্যাত প্ৰকৃত খ্ৰীষ্টানসকলে কিয় ভাগ লোৱা উচিত নহয়
ফেব্ৰুৱাৰী ২১ বাইবেল পাঠ: বিচাৰকৰ্ত্তাবিলাক ১৯-২১ গীত ৫৩
বক্তৃতাৰ বৈশিষ্ট্য: উক্তিবোৰৰ অৰ্থ বৰ্ণনা কৰা (be ২৩২ পৃ. ১ অনু.)
১ নং: ৰজা হিচাবে যীচুৰ ভূমিকাক গুৰুত্বতাৰে উল্লেখ কৰা (be ২৭৭ পৃ. ৩-৪ অনু.)
২ নং: w03-AE ২/১ ১৬-১৭ পৃ. ১৮-২১ অনু.
৩ নং: ‘ঈশ্বৰৰ গভীৰ কথাবোৰ’ কি কি? (১ কৰি. ২:১০)
৪ নং: btd-AE ৩৯খ শেষকালৰ প্ৰমাণবোৰৰ সম্পৰ্কে আধ্যাত্মিকভাৱে সজাগ হোৱা উচিত
ফেব্ৰুৱাৰী ২৮ বাইবেল পাঠ: ৰূথ ১-৪ গীত ১২০
বক্তৃতাৰ বৈশিষ্ট্য: আনুসঙ্গিক বিষয়বোৰক যুক্তিসহকাৰে দাঙি ধৰা (be ২৩২ পৃ. ২-৪ অনু.)
মৌখিক পুনৰ নিৰীক্ষণ
মাৰ্চ ৭ বাইবেল পাঠ: ১ চমূৱেল ১-৪ গীত ২২১
বক্তৃতাৰ বৈশিষ্ট্য: আপোনাৰ শ্ৰোতাসকলে লাভৱান হʼবলৈ সংবাদবোৰৰ বাছনি কৰা (be ২৩৩ পৃ. ১-৫ অনু.)
১ নং: খ্ৰীষ্টক আধাৰশিলা কৰা (be ২৭৮ পৃ. ১-৪ অনু.)
২ নং: ১ চমূৱেল ২:১-১১
৩ নং: td-AE ৮ক অনন্ত জীৱন কোনো এক সপোন নহয়
৪ নং: প্ৰকৃত খ্ৰীষ্টানসকলে কিয় জন্মপত্ৰিকাৰ পৰামৰ্শ নলয়
মাৰ্চ ১৪ বাইবেল পাঠ: ১ চমূৱেল ৫-৯ গীত ১৫১
বক্তৃতাৰ বৈশিষ্ট্য: নিযুক্ত বিষয়বস্তুৰ ব্যৱহাৰ (be ২৩৪ পৃ. ১ অনু.–২৩৫ পৃ. ৩ অনু.)
১ নং: ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা (be ২৭৯ পৃ. ১-৪ অনু.)
২ নং: ১ চমূৱেল ৫:১-১২
৩ নং: td-AE ৮খ কোনসকল স্বৰ্গলৈ যায়?
৪ নং: যিহোৱাৰ সৈতে থকা আমাৰ বন্ধুত্ব কেনেকৈ দৃঢ় কৰিব পাৰোঁ
মাৰ্চ ২১ বাইবেল পাঠ: ১ চমূৱেল ১০-১৩ গীত ১৬৬
বক্তৃতাৰ বৈশিষ্ট্য: কাৰ্য্যকাৰীৰূপে প্ৰশ্নসমূহৰ ব্যৱহাৰ (be ২৩৬ পৃ. ১-৫ অনু.)
১ নং: ঈশ্বৰৰ ৰাজ্য কি, বৰ্ণনা কৰক (be ২৮০ পৃ. ১-৫ অনু.)
২ নং: ১ চমূৱেল ১০:১-১২
৩ নং: সত্যত নথকা আত্মীয় লোকসকলৰ প্ৰতি প্ৰকৃত খ্ৰীষ্টানসকলে কেনে ব্যৱহাৰ কৰা উচিত?
৪ নং: td-AE ৮গ পৃথিৱীত অনন্ত জীৱন পাবলগীয়া সকলৰ সংখ্যা অনেক
মাৰ্চ ২৮ বাইবেল পাঠ: ১ চমূৱেল ১৪-১৫ গীত ১৭২
বক্তৃতাৰ বৈশিষ্ট্য: গুৰুত্বপূৰ্ণ বিচাৰধাৰাক প্ৰবিষ্ট কৰাৰ প্ৰশ্নসমূহ (be ২৩৭ পৃ. ১-২ অনু.)
১ নং: ঈশ্বৰৰ ৰাজ্যই আমাক কেনেদৰে প্ৰভাৱিত কৰিব, বৰ্ণনা কৰক (be ২৮১ পৃ. ১-৪ অনু.)
২ নং: w03-AE ৩/১ ২৩-২৪ পৃ. ১৭-২১ অনু.
৩ নং: প্ৰকৃত খ্ৰীষ্টানসকলে কিয় কৰ দিয়ে
৪ নং: ctd-AE ২৭ক বিবাহ বন্ধন অৱশ্যেই সন্মানীয় হোৱা উচিত
এপ্ৰিল ৪ বাইবেল পাঠ: ১ চমূৱেল ১৬-১৮ গীত ২৭
বক্তৃতাৰ বৈশিষ্ট্য: এটা বিষয়ৰ সম্পৰ্কে যুক্তি দাঙি ধৰা প্ৰশ্নসমূহ (be ২৩৭ পৃ. ৩ অনু.–২৩৮ পৃ. ২ অনু.)
১ নং: খ্ৰীষ্টানসকলৰ বাবে শিক্ষা গ্ৰহণ কৰাটো কিয় গুৰুত্বপূৰ্ণ (w03 ৩/১৫ ১০ পৃ. ১ অনু.–১১ পৃ. ৫ অনু.
২ নং: ১ চমূৱেল ১৭:৪১-৫১
৩ নং: td-AE ২৭খ খ্ৰীষ্টানসকলে নিশ্চয়ে মূৰস্বৰূপ ব্যৱস্থাক সন্মান কৰা আৱশ্যক
৪ নং: কোনো কাৰ্য্যৰ পৰিণামৰ ওপৰত ধ্যান কৰি যি ভাল তাক প্ৰেম আৰু যি বেয়া তাক ঘিণ কৰিবলৈ সহায় লাভ কৰিব পাৰি
এপ্ৰিল ১১ বাইবেল পাঠ: ১ চমূৱেল ১৯-২২ গীত ৭৩
বক্তৃতাৰ বৈশিষ্ট্য: আন্তৰিক অনুভূতিক আবৃত কৰাৰ প্ৰশ্নসমূহ (be ২৩৮ পৃ. ৩-৫ অনু.)
১ নং: ডেকাসকলে কেনেকৈ আধ্যাত্মিকতাত উন্নতি কৰিব পাৰে (w03-AE ৪/১ ৮-১০ পৃ.)
২ নং: ১ চমূৱেল ২০:২৪-৩৪
৩ নং: অকৃত্ৰিম শালীনতা কিয় এক আকৰ্ষণীয় গুণ
৪ নং: td-AE ২৭গ সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ দায়িত্ব
এপ্ৰিল ১৮ বাইবেল পাঠ: ১ চমূৱেল ২৩-২৫ গীত ৬১
বক্তৃতাৰ বৈশিষ্ট্য: গুৰুত্বতাৰে উল্লেখ কৰিবলৈ থকা প্ৰশ্নসমূহ (be ২৩৯ পৃ. ১-২ অনু.)
১ নং: সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক ভাৰসা কৰা (w03 ১১/১ ৪-৭ পৃ.)
২ নং: w03-AE ৫/১ ১৫ পৃ. ১১-১৪ অনু.
৩ নং: td-AE ২৭ঘ কেৱল প্ৰকৃত খ্ৰীষ্টানসকলৰ মাজত বিবাহ হোৱা উচিত
৪ নং: অব্ৰাহামৰ সৈতে কিয় এক নিয়ম স্থাপন কৰা হৈছিল
এপ্ৰিল ২৫ বাইবেল পাঠ: ১ চমূৱেল ২৬-৩১ গীত ২১৭
বক্তৃতাৰ বৈশিষ্ট্য: ভুল ভাৱধাৰাক উন্মোচন কৰা প্ৰশ্নসমূহ (be ২৩৯ পৃ. ৩-৫ অনু.)
মৌখিক পুনৰ নিৰীক্ষণ
মে’ ২ বাইবেল পাঠ: ২ চমূৱেল ১-৩ গীত ৯১
বক্তৃতাৰ বৈশিষ্ট্য: শিক্ষাদান কৰা উপমা আৰু ৰূপক অৰ্থৰ ব্যৱহাৰ (be ২৪০ পৃ. ১ অনু.–২৪১ পৃ. ১ অনু.)
১ নং: কেৱল চাকৰি পাবলৈ শিক্ষা গ্ৰহণ কৰা নহয় (w03 ৩/১৫ ১১ পৃ. ৬ অনু.–১৪ পৃ. ৫ অনু.)
২ নং: ২ চমূৱেল ২:১-১১
৩ নং: সদাচাৰী হোৱাৰ লাভসমূহ
৪ নং: dtd-AE ২৭ঙ প্ৰকৃত খ্ৰীষ্টানসকলে বহুবিবাহ নকৰে
মে’ ৯ বাইবেল পাঠ: ২ চমূৱেল ৪-৮ গীত ১৮৩
বক্তৃতাৰ বৈশিষ্ট্য: উদাহৰণবোৰৰ ব্যৱহাৰ (be ২৪১ পৃ. ২-৪ অনু.)
১ নং: যিহোৱা ঈশ্বৰে কিশোৰ-কিশোৰীসকলৰ প্ৰতি প্ৰকৃততে আগ্ৰহী (w03 ৪/১৫ ২৯ পৃ. ৪ অনু.–৩১ পৃ. ৪ অনু.)
২ নং: ২ চমূৱেল ৫:১-১২
৩ নং: মোচিৰ ব্যৱস্থাই কি সম্পন্ন কৰিলে?
৪ নং: td-AE ৩৩ক মৰিয়ম যীচুৰ পাৰ্থিৱ মাতৃ, কিন্তু “ঈশ্বৰৰ মাতৃ” নাছিল
মে’ ১৬ বাইবেল পাঠ: ২ চমূৱেল ৯-১২ গীত ৬৬
বক্তৃতাৰ বৈশিষ্ট্য: উদাহৰণবোৰ বাইবেলত পোৱা যায় (be ২৪২ পৃ. ১-২ অনু.)
১ নং: আপুনি যি কৰে ঈশ্বৰে সেই বিষয়ে লক্ষ্য কৰেনে? (w03 ৫/১ ২৮-৩১ পৃ.)
২ নং: ২ চমূৱেল ৯:১-১৩
৩ নং: td-AE ৩৩খ বাইবেলে দেখুৱাইছে যে মৰিয়ম “চিৰকুমাৰী” হৈ নাথাকিল
৪ নং: কি অৰ্থত ঈশ্বৰৰ বাক্য জীয়া? (ইব্ৰী ৪:১২)
মে’ ২৩ বাইবেল পাঠ: ২ চমূৱেল ১৩-১৫ গীত ১০৩
বক্তৃতাৰ বৈশিষ্ট্য: ব্যৱহাৰ কৰা উদাহৰণ বা দৃষ্টান্ত বুজি পোৱা যাবনে? (be ২৪২ পৃ. ৩ অনু.–২৪৩ পৃ. ১ অনু.)
১ নং: নোহৰ জাহাজ—আমাৰ বাবে কেনে অৰ্থ ৰাখে? (w03 ৫/১৫ ৪-৭ পৃ.)
২ নং: ২ চমূৱেল ১৩:১০-২২
৩ নং: যোহন ১১:২৫, ২৬ পদটোক আমি কি অৰ্থত বুজি পোৱা উচিত?
৪ নং: td-AE ৪২ক যীচুৰ মৃত্যু দিবসৰ স্মৰণীয় পৰ্ব্ব পালন কৰাৰ বাবে বাইবেলে কি কৈছে
মে’ ৩০ বাইবেল পাঠ: ২ চমূৱেল ১৬-১৮ গীত ১৩২
বক্তৃতাৰ বৈশিষ্ট্য: পৰিচিত দৃষ্টান্তৰ বাছনি কৰা (ht-AE ৭৪ পৃ. ১৭-১৯ অনু.)
১ নং: যুক্তিসঙ্গতভাৱে চিন্তা আৰু বুদ্ধিমানপূৰ্বক কাৰ্য্য কৰক (w03 ৭/১৫ ২১-২৩ পৃ)
২ নং: w03-AE ৫/১ ২৯-৩০ পৃ. ৮-১১ অনু.
৩ নং: td-AE ৪২খ মাচ্ উদ্যাপন কৰাটো অশাস্ত্ৰীয়
৪ নং: নম্ৰতা কিয় দুৰ্ব্বলতাৰ গুণ নহয়
জুন ৬ বাইবেল পাঠ: ২ চমূৱেল ১৯-২১ গীত ২২৪
বক্তৃতাৰ বৈশিষ্ট্য: শ্ৰোতাসকলৰ বাবে উপযুক্ত হোৱা দৃষ্টান্তসমূহ (ht-AE ৭৪ পৃ. ১৫, ১৬ অনু.)
১ নং: অনুযোগৰ প্ৰতি মূল্যাঙ্কন কৰক (w03-AE ১০/১ ৮ পৃ. ১ অনু.–৯ পৃ. ৫ অনু.)
২ নং: ২ চমূৱেল ১৯:১-১০
৩ নং: এজন খ্ৰীষ্টান ব্যক্তিয়ে কেনেকৈ ঈশ্বৰৰ বিশ্ৰামত প্ৰবেশ কৰিব পাৰে?
৪ নং: td-AE ১৭ক সকলো খ্ৰীষ্টান পৰিচাৰক হোৱা উচিত
জুন ১৩ বাইবেল পাঠ: ২ চমূৱেল ২২-২৪ গীত ৭৪
বক্তৃতাৰ বৈশিষ্ট্য: কাৰ্য্যকাৰীৰূপে দৃষ্টিভিত্তিক সহায়ৰ ব্যৱহাৰ কৰা (be ২৪৭ পৃ. ১-২ অনু.)
১ নং: শিক্ষনীয় হওক আৰু নিজৰ জিভাক প্ৰতিৰক্ষা কৰক (w03 ৯/১৫ ২১ পৃ. ১ অনু.–২২ পৃ. ৩ অনু)
২ নং: ২ চমূৱেল ২৪:১০-১৭
৩ নং: কি প্ৰকাৰে এজন প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে জগতৰ পৰা পৃথকে থকা উচিত?
৪ নং: etd-AE ১৭খ পৰিচৰ্য্যাৰ বাবে যোগ্যতাসমূহ
জুন ২০ বাইবেল পাঠ: ১ ৰাজাৱলি ১-২ গীত ২
বক্তৃতাৰ বৈশিষ্ট্য: যীচুৱে কিদৰে দৃশ্যমান সহায়ৰ ব্যৱহাৰ কৰিলে (be ২৪৭ পৃ. ৩ অনু.)
১ নং: আত্মনিৰ্ভৰশীলতা হʼবলৈ শিকাৰ ৰহস্য (w03 ৬/১ ৮-১১ পৃ.)
২ নং: w03-AE ৬/১ ৮-৯ পৃ. ১-৪ অনু.
৩ নং: দহ আজ্ঞাৰ গুৰুত্বৰ তাৎপৰ্য্যতা কি আছিল?
৪ নং: td-AE ২৮ক প্ৰকৃত খ্ৰীষ্টানসকলে কিয় ঘৃণাৰ পাত্ৰ হʼবলগীয়া হয়
জুন ২৭ বাইবেল পাঠ: ১ ৰাজাৱলি ৩-৬ গীত ১৬৭
বক্তৃতাৰ বৈশিষ্ট্য: দৃশ্যমান সহায়ৰ ব্যৱহাৰ কৰা পদ্ধতিসমূহ (be ২৪৮ পৃ. ১-৩ অনু.)
মৌখিক পুনৰ নিৰীক্ষণ
জুলাই ৪ বাইবেল পাঠ: ১ ৰাজাৱলি ৭-৮ গীত ১৯৪
বক্তৃতাৰ বৈশিষ্ট্য: মানচিত্ৰ, ছপা কৰা সন্মিলনৰ কাৰ্য্যসূচী আৰু ভিডিঅʼবোৰৰ ব্যৱহাৰ (be ২৪৮ পৃ. ৪ অনু.–২৪৯ পৃ. ২ অনু.)
১ নং: বয়সস্থ বিশ্বাসী সঙ্গী ভাই-ভনীসকলক মূল্যাঙ্কন কৰা (w03-AE ৯/১ ৩০-৩১ পৃ.)
২ নং: ১ ৰাজাৱলি ৮:১-১৩
৩ নং: যীচুৱে কিদৰে জগতখন জয় কৰিলে?
৪ নং: td-AE ২৮খ ঈশ্বৰৰ পৰা আঁতৰ কৰিবলৈ পত্নীয়ে তাইৰ স্বামীক অনুমতি দিয়া উচিত নহয়
জুলাই ১১ বাইবেল পাঠ: ১ ৰাজাৱলি ৯-১১ গীত ১৯১
বক্তৃতাৰ বৈশিষ্ট্য: বৃহৎ সমূহৰ বাবে দৃশ্যমান সহায়ৰ ব্যৱহাৰ কৰা (be ২৪৯ পৃ. ৩ অনু.–২৫০ পৃ. ১ অনু.)
১ নং: যীচুৱে যে বাস্তৱতে পৃথিৱীত আছিল তাৰ প্ৰমাণ (w03 ৬/১৫ ৪-৭ পৃ.)
২ নং: ১ ৰাজাৱলি ৯:১-৯
৩ নং: বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰি ড্ৰাগ্ছ সেৱনত আসক্ত হোৱাৰ পৰা ৰক্ষা পাব পাৰি
৪ নং: ftd-AE ২৮গ স্বামীয়ে পত্নীক ঈশ্বৰৰ সেৱাত বাধা জন্মাবলৈ দিয়া উচিত নহয়
জুলাই ১৮ বাইবেল পাঠ: ১ ৰাজাৱলি ১২-১৪ গীত ১৬২
বক্তৃতাৰ বৈশিষ্ট্য: কিয় এটা যুক্তি দাঙি ধৰা পদ্ধতিৰ আৱশ্যক (be ২৫১ পৃ. ১-৩ অনু.)
১ নং: ভাৱধাৰাৰ পৰা কাৰ্য্যলৈ আৰু কাৰ্য্যৰ পৰা পৰিণামলৈ (w03 ১/১৫ ৩০ পৃ. ১-৩ অনু.)
২ নং: ১ ৰাজাৱলি ১২:১-১১
৩ নং: বিশ্বাসে কেনেকৈ পৰীক্ষাসমূহৰ সম্মুখীন হোৱাত সহায় কৰিব পাৰে
৪ নং: td-AE ১৮ক ঈশ্বৰে শুনা প্ৰাৰ্থনাবোৰ
জুলাই ২৫ বাইবেল পাঠ: ১ ৰাজাৱলি ১৫-১৭ গীত ১৫৮
বক্তৃতাৰ বৈশিষ্ট্য: আৰম্ভ কʼৰ পৰা (be ২৫১ পৃ. ৪ অনু.–২৫২ পৃ. ৩ অনু.)
১ নং: ‘যিহোৱা ঈশ্বৰৰ ইচ্ছা কি তাক কেনেকৈ জ্ঞাত হʼব’ (w03 ১২/১ ২১ পৃ. ৩ অনু.–২৩ পৃ. ৩ অনু.)
২ নং: w03-AE ৭/১ ২৯ পৃ. ১৫-১৭ অনু.
৩ নং: td-AE ১৮খ কিছুমান বিশেষ প্ৰাৰ্থনা কিয় ঈশ্বৰৰ গ্ৰহণযোগ্য নহয়
৪ নং: ঈশ্বৰৰ পবিত্ৰ আত্মাই কেনেকৈ প্ৰকৃত খ্ৰীষ্টানসকলক শান্ত্বনা প্ৰদান কৰে?
আগষ্ট ১ বাইবেল পাঠ: ১ ৰাজাৱলি ১৮-২০ গীত ২০৭
বক্তৃতাৰ বৈশিষ্ট্য: কেতিয়া যুক্তিযুক্ততা হোৱা আৱশ্যক (be ২৫২ পৃ. ৪ অনু.–২৫৩ পৃ. ২ অনু.)
১ নং: ডেকাসকল, উপযুক্তৰূপে যিহোৱাৰ অনুসাৰে চলক (w03 ১০/১৫ ২৩ পৃ. ১ অনু.–২৪ পৃ. ১ অনু.)
২ নং: ১ ৰাজাৱলি ১৮:১-১৫
৩ নং: সকলো খ্ৰীষ্টান ব্যক্তিয়ে অধিককৈ ফল উৎপন্ন কৰিব পাৰে
৪ নং: td-AE ১৯ক মানুহৰ ভাগ্য নিৰ্দ্ধাৰিত কৰি সৃষ্টি কৰা নাই
আগষ্ট ৮ বাইবেল পাঠ: ১ ৰাজাৱলি ২১-২২ গীত ৯২
বক্তৃতাৰ বৈশিষ্ট্য: প্ৰশ্ন সোধক আৰু যুক্তি দাঙি ধৰক (be ২৫৩ পৃ. ৩ অনু.–২৫৪ পৃ. ২ অনু.)
১ নং: দৰিদ্ৰতাৰ স্থায়ী সমাধান (w03-AE ৮/১ ৪-৭ পৃ.)
২ নং: ১ ৰাজাৱলি ২১:১৫-২৬
৩ নং: td-AE ৩৩ক যীচুৰ মানৱজীৱন সকলোৰে বাবে এক মুক্তিপণ আছিল
৪ নং: আমি কিয় সাহসী হোৱা উচিত আৰু এই গুণটো কেনেকৈ বিকশিত কৰিব পাৰি?
আগষ্ট ১৫ বাইবেল পাঠ: ২ ৰাজাৱলি ১-৪ গীত ১৬
বক্তৃতাৰ বৈশিষ্ট্য: ঈশ্বৰৰ বাক্যক দৃঢ়ভাৱে আধাৰিত কৰি উপযুক্তৰূপে বিতৰ্ক কৰক (be ২৫৫ পৃ. ১ অনু.–২৫৬ পৃ. ২ অনু.)
১ নং: বিনামূল্যে লাভ কৰিলে, গতিকে বিনামূল্যেই দান কৰক (w03 ৮/১ ২০-২২ পৃ.)
২ নং: ২ ৰাজাৱলি ৩:১-১২
৩ নং: নোহৰ জল-প্লাৱনৰ পূৰ্বে লোকবিলাকৰ আয়ুসৰ পৰিমাণ কিয় অধিক আছিল?
৪ নং: td-AE ৩৩খ যীচুৱে কিয় মুক্তিপণ দিব পাৰিলে
আগষ্ট ২২ বাইবেল পাঠ: ২ ৰাজাৱলি ৫-৮ গীত ১৯৩
বক্তৃতাৰ বৈশিষ্ট্য: দাঙি ধৰা যুক্তিক প্ৰতিপন্ন কৰক (be ২৫৬ পৃ. ৩-৫ অনু.)
১ নং: বিবেচনাপূৰ্ণ হোৱাৰ কলা শিকা (w03 ৮/১ ২৯-৩১ পৃ.)
২ নং: w03-AE ৮/১ ১৬-১৭ পৃ. ১৮-২২ পৃ.
৩ নং: td-AE ১৩ক সত্য ধৰ্মক কেনেকৈ চিনাক্ত কৰিব পাৰি
৪ নং: আমি যোনাৰ কেনে উত্তম গুণসমূহ অনুকৰণ কৰা উচিত?
আগষ্ট ২৯ বাইবেল পাঠ: ২ ৰাজাৱলি ৯-১১ গীত ১২৯
বক্তৃতাৰ বৈশিষ্ট্য: উপযুক্ত মাত্ৰাত প্ৰমাণ দিয়া (be ২৫৬ পৃ. ৬ অনু.–২৫৭ ৩ অনু.)
মৌখিক পুনৰ নিৰীক্ষণ
ছেপ্টেম্বৰ ৫ বাইবেল পাঠ: ২ ৰাজাৱলি ১২-১৫ গীত ১৭৫
বক্তৃতাৰ বৈশিষ্ট্য: হৃদয় স্পৰ্ষ কৰাৰ প্ৰচেষ্টা (be ২৫৮ পৃ. ১-৫ অনু.)
১ নং: আপুনি যিহোৱা ঈশ্বৰক সযত্নেৰে বিচাৰিছেনে? (w03 ৮/১৫ ২৫-২৮ পৃ.)
২ নং: ২ ৰাজাৱলি ১২:১-১২
৩ নং: নম্ৰতা গুণটো কিয় বিকশিত কৰা আৱশ্যক?
৪ নং: td-AE ১৩খ মিছা ধৰ্মীয় শিক্ষাক দোষী সাব্যস্ত কৰাটো ভুলনে?
ছেপ্টেম্বৰ ১২ বাইবেল পাঠ: ২ ৰাজাৱলি ১৬-১৮ গীত ২০৩
বক্তৃতাৰ বৈশিষ্ট্য: লোকসকলক নিজৰ অভিমত প্ৰকাশ কৰিবলৈ সহায় কৰা (be ২৫৯ পৃ. ১-৩ অনু.)
১ নং: যীচুৰ বিষয়ে লোকসকলে কি মনত ৰাখিলে? (w03 ৮/১৫ ৬ পৃ. ৬ অনু.–৮ পৃ. ৬ অনু.)
২ নং: ২ ৰাজাৱলি ১৬:১০-২০
৩ নং: td-AE ১৩গ এটা ধৰ্ম পৰিৱৰ্তন কৰিবলৈ ঈশ্বৰে কেতিয়া অনুমতি দিয়ে
৪ নং: প্ৰভুৰ বাবে গ্ৰহণযোগ্য কি তাক কেনেকৈ নিশ্চিত কৰিব পাৰি?
ছেপ্টেম্বৰ ১৯ বাইবেল পাঠ: ২ ৰাজাৱলি ১৯-২২ গীত ৮৯
বক্তৃতাৰ বৈশিষ্ট্য: লাভজনক অনুভূতি জগাই তুলা (be ২৫৯ পৃ. ৪ অনু.–২৬০ পৃ. ১ অনু.)
১ নং: ‘নিৰাময় বাক্যৰ আৰ্হিক বিশ্বাস কৰা’ (w03 ১/১ ২৯ পৃ. ৩ অনু.–৩০ পৃ. ৪ অনু.)
২ নং: ২ ৰাজাৱলি ১৯:২০-২৮
৩ নং: td-AE ১৩ঘ ঈশ্বৰৰ দৃষ্টিত “সকলো ধৰ্ম্ম ভাল” নে?
৪ নং: প্ৰাচীন স্মুৰ্ণা মণ্ডলীৰ খ্ৰীষ্টান ভাইসকলৰ পৰা আমি কি শিকিব পাৰোঁ?
ছেপ্টেম্বৰ ২৬ বাইবেল পাঠ: ২ ৰাজাৱলি ২৩-২৫ গীত ৮৪
বক্তৃতাৰ বৈশিষ্ট্য: ঈশ্বৰৰ প্ৰতি সম্ভ্ৰম ভয় বিকশিত কৰিবলৈ আনক সহায় কৰা (be ২৬০ পৃ. ২-৩ অনু.)
১ নং: আমাৰ সময়ত উপাসনাত ঐক্যতা—ইয়াৰ অৰ্থ কি? (wt ৫-৮, ১২, ১৩ পৃ. ১-৯, ১২-১৪ অনু.)
২ নং: w03-AE ৮/১ ২৭ পৃ. ৬ অনু.–২৮ পৃ. ১০ অনু.
৩ নং: td-AE ২০ক কোনসকলৰ পুনৰুত্থান হʼব?
৪ নং: আমি ভৱিষ্যতৰ বিষয়ে আশাবাদী
অক্টোবৰ ৩ বাইবেল পাঠ: ১ বংশাৱলি ১-৪ গীত ৫১
বক্তৃতাৰ বৈশিষ্ট্য: আমাৰ আচাৰ-ব্যৱহাৰৰ প্ৰতি ঈশ্বৰে দৃষ্টি কৰে (be ২৬০ পৃ. ৪ অনু.–২৬১ পৃ. ১ অনু.)
১ নং: কেনে কাৰণবোৰে ঐক্যতা কঢ়িয়াই আনে (wt ৯-১১ পৃ. ১০-১১ অনু.)
২ নং: ১ বংশাৱলি ৪:২৪-৪৩
৩ নং: td-AE ২০খ মৃতবিলাকক কʼত পুনৰুত্থান কৰা হʼব?
৪ নং: যিহোৱা ঈশ্বৰে আমাক ব্যক্তিগতভাৱে প্ৰেম কৰে
অক্টোবৰ ১০ বাইবেল পাঠ: ১ বংশাৱলি ৫-৭ গীত ১৯৫
বক্তৃতাৰ বৈশিষ্ট্য: নিৰীক্ষণ কৰিবলৈ আনক সহায় কৰা (be ২৬১ পৃ. ২-৪ অনু.)
১ নং: একমাত্ৰ সত্য ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰা—ভাগ ১ (wt ১৫-১৮ পৃ. ১-৯ অনু.)
২ নং: ১ বংশাৱলি ৫:১৮-২৬
৩ নং: ‘যিহোৱাৰ দিনৰ’ বিষয়ে আমি কি জানো
৪ নং: td-AE ৫ক খ্ৰীষ্টৰ অদৃশ্য পুনৰাগমন
অক্টোবৰ ১৭ বাইবেল পাঠ: ১ বংশাৱলি ৮-১১ গীত ২০১
বক্তৃতাৰ বৈশিষ্ট্য: আন্তৰিক আজ্ঞাকাৰীতা বিকশিত কৰা (be ২৬২ পৃ. ১-৪ অনু.)
১ নং: একমাত্ৰ সত্য ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰা—ভাগ ২ (wt ১৯-২২ পৃ. ১০-১৬ অনু.)
২ নং: ১ বংশাৱলি ১০:১-১৪
৩ নং: td-AE ৫খ খ্ৰীষ্টৰ পুনৰাগমণ বাস্তৱিক ঘটনাৰ দ্বাৰা চিনাক্ত কৰিব পাৰি
৪ নং: কেনে লোকৰ সৈতে বিবেচনাপূৰ্ণ হোৱা উচিত?
অক্টোবৰ ২৪ বাইবেল পাঠ: ১ বংশাৱলি ১২-১৫ গীত ৮০
বক্তৃতাৰ বৈশিষ্ট্য: লোকসকলৰ হৃদয় স্পৰ্ষ কৰিবলৈ যিহোৱাৰ সৈতে সহযোগিতা কৰা (be ২৬২ পৃ. ৫ অনু.)
১ নং: ঈশ্বৰৰ বাক্যৰ সৈতে ভালকৈ পৰিচিত হোৱা (wt ২৩-২৭ পৃ. ১-১০ অনু.)
২ নং: w03-AE ১০-১১ পৃ. ১০-১৩ অনু.
৩ নং: যিহোৱাৰ নামৰ সৈতে চলাৰ প্ৰকৃত অৰ্থ কি
৪ নং: td-AE ২৯ক খ্ৰীষ্টানসকলে বিশ্ৰামবাৰ পালন কৰাৰ প্ৰয়োজন নাই
অক্টোবৰ ৩১ বাইবেল পাঠ: ১ বংশাৱলি ১৬-২০ গীত ১২৯
বক্তৃতাৰ বৈশিষ্ট্য: উপযুক্ত সময়ত ভাষণ সমাপ্তি কৰা (ht-AE ৮১ পৃ. ১৫ অনু.–৮৪ পৃ. ২৯ অনু.)
মৌখিক পুনৰ নিৰীক্ষণ
নবেম্বৰ ৭ বাইবেল পাঠ: ১ বংশাৱলি ২১-২৫ গীত ২১৫
বক্তৃতাৰ বৈশিষ্ট্য: কাৰ্য্যকাৰী উপদেশ আৰু উৎসাহিত কৰা (be ২৬৫ পৃ. ১-৩ অনু.)
১ নং: ঈশ্বৰৰ বাক্যৰ সৈতে ভালকৈ পৰিচিত হোৱাটোৱেই আমাৰ লক্ষ্য হোৱা উচিত (wt ২৮-৩১ পৃ. ১১-১৩ অনু.)
২ নং: ১ বংশাৱলি ২২:১-১০
৩ নং: td-AE ২৯খ খ্ৰীষ্টানসকলক বিশ্ৰামবাৰ পালন কৰিবলৈ আজ্ঞা দিয়া নাছিল
৪ নং: gবিবাহ বন্ধন কেনেকৈ অটুত ৰাখিব পাৰি
নবেম্বৰ ১৪ বাইবেল পাঠ: ১ বংশাৱলি ২৬-২৯ গীত ৩৫
বক্তৃতাৰ বৈশিষ্ট্য: প্ৰেমেৰে উৎসাহিত কৰা (be ২৬৬ পৃ. ১-৪ অনু.)
১ নং: ভৱিষ্যতবক্তাসকলে সাক্ষী দিয়া ব্যক্তিজন (wt ৩২-৩৭ পৃ. ১-৯ অনু.)
২ নং: ১ বংশাৱলি ২৯:১-৯
৩ নং: যিহোৱাৰ উপাসকসকলে কিয় উৎপীড়নৰ সম্মুখীন হʼবলগীয়া হয়
৪ নং: td-AE ২৯গ ঈশ্বৰৰ বিশ্ৰামবাৰ কেতিয়া আৰম্ভ আৰু সমাপ্ত হয়
নবেম্বৰ ২১ বাইবেল পাঠ: ২ বংশাৱলি ১-৫ গীত ৪৬
বক্তৃতাৰ বৈশিষ্ট্য: শাস্ত্ৰীয় পদসমূহৰ ওপৰত আধাৰিত কৰি উৎসাহিত কৰা (be ২৬৭ পৃ. ১-২ অনু.)
১ নং: যীচুক বিশ্বাস কৰক (wt ৩৭-৪০ পৃ. ১০-১৫ অনু.)
২ নং: ২ বংশাৱলি ২:১-১০
৩ নং: শিক্ষাদানৰ উদ্দেশ্যৰ প্ৰতি মূল্যাঙ্কন কৰা
৪ নং: td-AE ২১ক ঈশ্বৰে কেৱল যীচু খ্ৰীষ্টৰ দ্বাৰাহে পৰিত্ৰাণৰ ব্যৱস্থা কৰিলে
নবেম্বৰ ২৮ বাইবেল পাঠ: ২ বংশাৱলি ৬-৯ গীত ১০৬
বক্তৃতাৰ বৈশিষ্ট্য: ‘বাক-স্বাধীনতা’ থকা (be ২৬৭ পৃ. ৩-৪ অনু.)
১ নং: যিহোৱাৰ উপাসকসকলে লাভ কৰা স্বাধীনতা (wt ৪১-৪৫ পৃ. ১-৯ অনু.)
২ নং: w03-AE ১২/১ ১৫-১৬ পৃ. ৩-৬ অনু.
৩ নং: যিহোৱাত যে আমি পৰম হৰ্ষিত তাক কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ
৪ নং: td-AE ২১খ “এবাৰ ৰক্ষা পোৱা মানে সদায়ে ৰক্ষা পোৱা” বুলি কোৱা কথাষাৰ কিয় শাস্ত্ৰীয় সামঞ্জস্যত নহয়
ডিচেম্বৰ ৫ বাইবেল পাঠ: ২ বংশাৱলি ১০-১৪ গীত ১১৬
বক্তৃতাৰ বৈশিষ্ট্য: উৎসাহদায়ক হোৱাটো কিয় গুৰুত্বপূৰ্ণ (be ২৬৮ পৃ. ১-৩ অনু.)
১ নং: জগতে বিবেচনা কৰা স্বাধীনতাৰ পৰিণাম সন্তাপজনক (wt ৪৫-৪৯ পৃ. ১০-১৪ অনু.)
২ নং: ২ বংশাৱলি ১২:১-১২
৩ নং: আমাক কিয় ঈশ্বৰৰ মহা-অনুগ্ৰহৰ আৱশ্যক
৪ নং: td-AE ২১গ “সাৰ্বজনীক পৰিত্ৰাণ” শাস্ত্ৰীয়সঙ্গত নহয়
ডিচেম্বৰ ১২ বাইবেল পাঠ: ২ বংশাৱলি ১৫-১৯ গীত ১৮২
বক্তৃতাৰ বৈশিষ্ট্য: আমালৈ যিহোৱা ঈশ্বৰে যি কৰিলে তাক স্মৰণ কৰা (be ২৬৮ পৃ. ৪ অনু.–২৬৯ পৃ. ২ অনু.)
১ নং: আমাৰ সকলোৱে সম্মুখীন হʼবলগীয়া বাদ-বিষয়—ভাগ ১ (wt ৫০-৫৩ পৃ. ১-৮ অনু.)
২ নং: ২ বংশাৱলি ১৯:১-১১
৩ নং: td-AE ২২ক পাপ কি
৪ নং: যীচুৰ পৰিয়ালৰ পৰা আমি কি শিকিব পাৰোঁ
ডিচেম্বৰ ১৯ বাইবেল পাঠ: ২ বংশাৱলি ২০-২৪ গীত ১৮৬
বক্তৃতাৰ বৈশিষ্ট্য: যিহোৱা ঈশ্বৰে কেনেকৈ তেওঁৰ লোকবিলাকক সহায় কৰে, সেই বিষয়ে বুজাই দিয়া (be ২৬৯ পৃ. ৩-৫ অনু.)
১ নং: আমাৰ সকলোৱে সম্মুখীন হʼবলগীয়া বাদ-বিষয়—ভাগ ২ (wt ৫৪-৫৯ পৃ. ৯-১৮ অনু.)
২ নং: w03-AE ১২/১ ২২-২৩ পৃ. ১৩-১৫ অনু.
৩ নং: স্বয়ংসম্পূৰ্ণতা হোৱা ৰহস্যৰ বিষয়ে শিকি লাভৱান হোৱা
৪ নং: td-AE ২২খ আদমে কৰা পাপৰ বাবে কিয় সকলো মানৱজাতিয়ে ভুগীবলগীয়া হৈছে
ডিচেম্বৰ ২৬ বাইবেল পাঠ: ২ বংশাৱলি ২৫-২৮ গীত ১৩৭
বক্তৃতাৰ বৈশিষ্ট্য: বৰ্তমান ঈশ্বৰে যি কৰিছে তাত আনন্দিত হোৱাটো প্ৰকাশ কৰা (be ২৭০ পৃ. ১ অনু.–২৭১ পৃ. ২ অনু.)
মৌখিক পুনৰ নিৰীক্ষণ
[Footnotes]
a কেৱল ভাইসকলক নিযুক্তি দিয়ক।
b কেৱল ভাইসকলক নিযুক্তি দিয়ক।
c কেৱল ভাইসকলক নিযুক্তি দিয়ক।
d কেৱল ভাইসকলক নিযুক্তি দিয়ক।
e কেৱল ভাইসকলক নিযুক্তি দিয়ক।
f কেৱল ভাইসকলক নিযুক্তি দিয়ক।
g কেৱল ভাইসকলক নিযুক্তি দিয়ক।