ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০৫ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০৫ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। ফেব্ৰুৱাৰী: যিহোৱা ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখন বিতৰণ কৰা হʼব। যিবোৰ মণ্ডলীত এই সাহিত্যখন নাই, তেওঁলোকে সৃষ্টি কিতাপখন বা বিকল্প সাহিত্য হিচাপে নিগূঢ় বাক্যসমূহৰ প্ৰকাশ​—⁠এক চৰম অৱস্থাত উপনীত হৈছে! (ৰীভেলেইশ্বন ক্লাইমেক্স) নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। মাৰ্চ: বাইবেল অধ্যয়ন আৰম্ভ কৰিবৰ চেষ্টাৰে জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখন বিতৰণ কৰক। এপ্ৰিল আৰু মে’: গৃহস্থক প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ দুয়োখন কপি দিয়ক। স্মৰণীয় দিৱস আৰু/বা আন ঈশ্বৰশাসিত উপলক্ষ্যবোৰত আগ্ৰহী লোকবিলাকে যদিও উপস্থিত হৈছিল, কিন্তু নিয়মীয়াকৈ মণ্ডলীৰ সৈতে সঙ্গতি কৰা নাই তেনে ব্যক্তিসকলক ঈশ্বৰক উপাসনা নামৰ কিতাপখন প্ৰদান কৰক। বিশেষকৈ যিসকলে বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপৰ ইতিমধ্যেই অধ্যয়ন কৰিলে তেওঁলোকৰ সৈতে গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ লক্ষ্য ৰাখা উচিত।

▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁ নিযুক্ত কৰা কোনো ভায়ে মাৰ্চ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিচাপ-নিকাচ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপোৰ্ট পঢ়াৰ পাছত ইয়াক ঘোষণা কৰক। তদুপৰি মণ্ডলীয়ে বিশ্বজুৰি সংস্থাৰ কাৰ্য্যৰ বাবে কৰা দান-বৰঙণিৰ কোনো প্ৰাপ্তি স্বীকাৰ পত্ৰ আৰু সংস্থাই নিৱেদন কৰাৰ বিষয়ে ঘোষণা কৰক।

▪ মণ্ডলীৰ চেক্ৰেটাৰী আৰু সেৱা অধ্যক্ষই সকলো নিয়মিত অগ্ৰগামীসকলৰ কাৰ্য্যকলাপক পুনৰ নিৰীক্ষণ কৰা আৱশ্যক। যদি তেওঁলোকৰ কোনো এজনে নিৰ্ধাৰিত ঘন্টাৰ লক্ষ্যত উপনীত হʼবলৈ অসুবিধা হৈছে, তেন্তে প্ৰাচীনসকলে সেই ভাই বা ভনীক সহায় কৰিবলৈ ব্যৱস্থা কৰা উচিত। পৰামৰ্শৰ বাবে বছেৰেকীয়া S-201 চিঠিখন/বোৰ পুনৰ নিৰীক্ষণ কৰক।

▪ ২০০৫ চনৰ স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত দিবলগীয়া বিশেষ ৰাজহুৱা ভাষণৰ বিষয় হৈছে, “যীচু কিয় যাতনা ভুগি মৃত্যু বৰণ কৰিবলগীয়া হʼল?” এই সম্পৰ্কে থকা ঘোষণাসমূহৰ বিষয়ে জানিবলৈ ছেপ্টেম্বৰ ২০০৪ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া ঘোষণাসমূহ বুলি উল্লেখ কৰা শিতানটোৰ অন্তৰ্গত চাওক।

▪ মাৰ্চ ২০ তাৰিখ দেওবাৰে সকলোৱে ৰাজহুৱা সভাত উপস্থিত থকাতো অনিবাৰ্য্য, কিয়নো সেই দিনা প্ৰকাশকসকলৰ বাবে কৰা এক বিশেষ প্ৰবন্ধৰ বিষয়ে ঘোষণা কৰা হʼব।

▪ প্ৰচাৰকসকলে ব্যক্তিগতভাৱে আলোচনী বিচাৰি পঠোৱা আৱেদন পত্ৰ সংস্থাই গ্ৰহণ নকৰে। মণ্ডলীয়ে সংস্থালৈ মাহেকীয়া আলোচনীৰ নিৱেদন কৰাৰ আগতে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত যাতে ইচ্ছুক ভাই-ভনীসকলে ব্যক্তিগতভাৱে আলোচনীৰ নিৱেদন সেই ভাইজনক দিব পাৰে যিজনে আলোচনীৰ চোৱা-চিতা কৰে। অনুগ্ৰহ কৰি বিশেষ-অনুৰোধৰ আলোচনীবোৰৰ বিষয়ে মনত ৰাখা উচিত।

▪ ২০০৫ চনৰ মে’ ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহত মণ্ডলীৰ পুস্তক অধ্যয়নৰ বাবে পৰ দি থাকক! আৰু জুন ২৭ তাৰিখৰ পৰা দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! নামৰ কিতাপখন ব্যৱহাৰ কৰা হʼব।

▪ মাৰ্চ ১, ২০০৫ চনৰ আৰম্ভণীৰ পৰা মাৰাঠী ভাষাৰ প্ৰহৰীবুৰুজ অৰ্ধ মাহেকীয়াৰ পৰিৱৰ্তে মাহেকীয়া সংখ্যাত প্ৰকাশ কৰা হʼব।

▪ নতুন প্ৰকাশন উপলব্ধ:

ঈশ্বৰলৈ কৰা মানৱজাতিৰ অন্বেষণ ​—⁠তামিল

পৰ দি থাকক! ​—⁠অসমীয়া, ইংৰাজী, উৰ্দু, কানাড়া, গুজৰাটী, তামিল, তেলেগু, নেপালী, পাঞ্জাৱী, বাংলা, মাৰাঠী, মালায়ালম, মিজো, হিন্দী

সকলো জাতিৰ লোকৰ বাবে শুভবাৰ্ত্তা ​—⁠ইংৰাজী, কানাড়া, তামিল, তেলেগু, মালায়ালম, হিন্দী

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

আলোচনাৰ বাবে বাইবেলৰ বিষয় ​—⁠মাৰাঠী (পুনৰ সংস্কাৰণ)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক