ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
তলত দিয়া প্ৰশ্নসমূহ ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৫ চনৰ জানুৱাৰী ৩ তাৰিখৰ পৰা লৈ ফেব্ৰুৱাৰী ২৮ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।—পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৩৭ পৃ. চাওক।]
বক্তৃতাৰ বৈশিষ্ট্য
১. আমি আমাৰ ভাষণ কেনেকৈ অধিক বুজিব পৰা কৰিব পাৰোঁ? [be ২২৬ পৃ. ১ অনু.–২২৭ পৃ. ১ অনু.]
২. কেনে ধৰণৰ উক্তিবোৰ অতিৰিক্তভাৱে বৰ্ণনা কৰা আৱশ্যক হʼব পাৰে? [be ২২৭ পৃ. ২ অনু.–২২৮ পৃ. ১ অনু.]
৩. কেনে পদ্ধতিৰে ভাষণৰ বিষয়টো প্ৰস্তুত কৰিলে শ্ৰোতাসকলে প্ৰকৃততে শিকিব পাৰিব? [be ২৩১ পৃ. ১-৩ অনু.]
৪. শ্ৰোতাসকলে ইতিমধ্যেই ভালকৈ পৰিচিত হোৱা শাস্ত্ৰীয় পদটোক কেনেকৈ শিক্ষামূলকভাৱে প্ৰস্তুত কৰিব পাৰি? [be ২৩১ পৃ. ৪-৫ অনু.]
৫. বাইবেলৰ পৰা পৰিচিত এটা ঘটনাৰ বৃতান্তৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিবলৈ উৎসাহিত কৰাত শ্ৰোতাসকলে কেনেদৰে প্ৰভাৱিত হʼব পাৰে? [be ২৩২ পৃ. ২-৪ অনু.]
ভাষণ নং ১
৬. “ঈশ্বৰলৈ ভয় ৰাখা আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা” বুলি লোকসকলক শিকোৱাত কি সন্মিলিত আছে? (উপ. ১২:১৩) [be ২৭২ পৃ. ৩ অনু.–২৭৩ পৃ. ১ অনু.]
৭. কেৱল যিহোৱাৰ নামৰ ওপৰত নহয় কিন্তু সেই নাম ধাৰণ কৰা ব্যক্তিজনৰ বিষয়ে আমি কেনেকৈ লোকসকলৰ ধ্যান কেন্দ্ৰিত কৰিব পাৰোঁ? (যোৱে. ২:৩২) [be ২৭৪ পৃ. ৩-৫ অনু.]
৮. যীচুৰ বিষয়ে জ্ঞান লৈ তেওঁৰ বিষয়ে সাক্ষী দিয়াটো কিমান গুৰুত্বপূৰ্ণ? (যোহ. ১৭:৩) [be ২৭৫ পৃ. ১ অনু.]
৯. ঈশ্বৰৰ সৈতে থকা অনুমোদিত সম্বন্ধ আৰু বাইবেলৰ বিষয়ে বুজি পোৱাটো যীচুৱে আদায় কৰা ভূমিকাৰ সম্পৰ্কে বুজি পোৱাৰ সৈতে কেনেকৈ পোনপটীয়াকৈ জড়িত আছে? [be ২৭৬ পৃ. ২ অনু.]
১০. যীচু খ্ৰীষ্টই যে ঈশ্বৰৰ সেই নিযুক্ত ৰজা, সেই বিষয়ে আমি বাস্তৱতে বিশ্বাস কৰোঁ বুলি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ? [be ২৭৭ পৃ. ৪ অনু.]
সপ্তাহিক বাইবেল পাঠ
১১. অব্ৰাহামৰ পিতৃ তেৰহ মূৰ্ত্তি পূজক আছিলনে? (যিহো. ২৪:২)
১২. যিহোৱাই দিয়া নিযুক্তিক সম্পন্ন কৰিবলৈ গিদিয়োনে ভয় কৰিছিলনে? আপুনি কিহৰ আধাৰিত উত্তৰ দিব? (বিচা. ৬:২৫-২৭)
১৩. গিদিয়োনে যি প্ৰকাৰে ইফ্ৰয়িমৰ লোকবিলাকৰ সৈতে কথোপকথন কৰিলে তাৰ পৰা আমি কি শিকিব পাৰোঁ? (বিচা. ৮:১-৩)
১৪. গিবিয়াৰ লোকবিলাকে অতিথিপৰায়ণতা দেখুৱাবলৈ আগ্ৰহী নোহোৱা মনোবৃত্তিয়ে কি নিৰ্দ্দেশিত কৰে? (বিচা. ১৯:১৪, ১৫)
১৫. যদি “যেয়ে যিহকে ভাল দেখিছিল, সি তাকেই কৰিছিল,” তেন্তে এনে মনোবৃত্তিয়ে অৰাজকতা সৃষ্টি কৰিছিলনে? (বিচা. ২১:২৫)