প্ৰচাৰ কাৰ্য্যত আলোচনী বিতৰণ কৰা
১ বিশ্বজুৰি প্ৰায়ে লোকসকলে আমাৰ প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰ পঢ়ি এইদৰে কয় যে, “এই আলোচনীখন অধিক ৰসলগা, সাময়িক আৰু উৎসাহজনক।” “মই পঢ়া আলোচনীবোৰৰ ভিতৰত এই আলোচনীখন অধিক উৎসাহজনক।” ইয়াত কোনো সন্দেহ নাই যে আমাৰ সাহিত্যবোৰে ‘সকলো প্ৰকাৰৰ মানুহক’ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা শুনাবলৈ এক বহুমূলীয়া সঁজুলি প্ৰমাণিত হৈছে।—১ তীম. ২:৪.
২ এজন ব্যৱসায়ী ব্যক্তিয়ে তেওঁৰ পছন্দৰ বিষয় থকা এখন সচেতন! আলোচনী গ্ৰহণ কৰে। পিছলৈ তেওঁ সেই আলোচনীখনৰ সৈতে লাভ কৰা প্ৰহৰীবুৰুজ আলোচনীখনত এনে এটা প্ৰবন্ধ পঢ়ে যিয়ে ত্ৰিমূৰ্ত্তি সম্পৰ্কে থকা তেওঁৰ বিশ্বাসক নিবিড়ভাৱে পৰীক্ষা কৰিবলৈ প্ৰেৰিত কৰে। ইয়ে তেওঁক অধিক আগ্ৰহী কৰি তুলে। ছমাহৰ পিছত তেওঁ নিজকে ঈশ্বৰলৈ সমৰ্পণ কৰি বাপ্তিষ্মা লয়। আন এজন ব্যক্তিয়ে নিয়মীয়াকৈ আলোচনীবোৰ গ্ৰহণ কৰে, কিন্তু সেইবোৰক কেতিয়াও নপঢ়িছিল। আনহাতে তেওঁৰ পত্নীয়ে যিহোৱাৰ সাক্ষীসকলৰ পৰা আঁতৰি ফুৰিছিল যদিও আলোচনীবোৰ পঢ়িছিল। বাইবেলত ধাৰ্ম্মিকলোকসকলৰ বাবে এই পৃথিৱীত পৰমদেশ স্থাপন কৰাৰ বিষয়ে কৰা প্ৰতিজ্ঞাই পত্নী গৰাকীৰ হৃদয় স্পৰ্ষ কৰিলে আৰু সময়ত তাই, তাইৰ পুতেক আৰু ভনীয়েকে যিহোৱাৰ সেৱক হৈ পৰিল।
৩ দুয়োখন আলোচনী একেলগে দিয়ক: উল্লেখ কৰা উদাহৰণবোৰত লক্ষ্য কৰিব পাৰিলোঁ যে, কোনসকলে আমাৰ আলোচনীবোৰ পঢ়িব বা কিহে তেওঁলোকক আগ্ৰহী কৰি তুলিব, সেই বিষয়ে আমি কʼব নোৱাৰোঁ। (উপ. ১১:৬) গতিকে আমি যদিও এখন আলোচনীৰ বিষয়ে কওঁ, তথাপিও প্ৰহৰীবুৰুজ আৰু সচেতন! দুয়োখন আলোচনী একেলগে লোকসকলক দিয়াটো লাভজনক হʼব। কোনো পৰিস্থিতিত প্ৰথম সাক্ষাতত আমি হয়তো কেইবাটাও বিষয়ত আলোচনীবোৰ দিব পাৰোঁ।
৪ সপ্তাহত এদিন আলোচনী বিতৰণ কৰিবলৈ তালিকা বনোৱাটো লাভজনক। প্ৰত্যেক শনিবাৰ দিনটো “আলোচনী বিতৰণৰ দিন” বুলি উল্লেখ কৰি যিহোৱাৰ সাক্ষীসকলৰ ২০০৫ চনৰ কেলেণ্ডাৰʼত উল্লেখ কৰা হৈছে। অৱশ্যে, স্থানীয় আৰু ব্যক্তিগত পৰিস্থিতি ভিন্ন হʼব পাৰে, কিছুমান প্ৰকাশকে হয়তো সপ্তাহটোৰ আন এটা দিনত আমাৰ আলোচনীবোৰ বিতৰণ কৰিবলৈ বাছনি কৰিব পাৰে। কিন্তু প্ৰশ্ন হৈছে, আলোচনী বিতৰণ কৰিবলৈ আপুনি সপ্তাহটোৰ কোনো এটা দিন বাছনি কৰি তালিকা তৈয়াৰ কৰিছেনে?
৫ এক ব্যক্তিগত লক্ষ্য ৰাখক: মাহেকত আলোচনী বিতৰণ কৰিবলৈ এক ব্যক্তিগত লক্ষ্য বনোৱাৰ দ্বাৰা আমি অধিক আলোচনী বিতৰণ কৰিব পাৰিম। আপোনাৰ এক আলোচনী প্ৰবাহ আছেনে? প্ৰচাৰ কাৰ্য্যত লগ পোৱা ব্যক্তিসকলক আপুনি আলোচনী দিয়েনে? আপুনি ৰাস্তা, ব্যৱসায় এলেকা আৰু ৰাজহুৱা স্থানবোৰত সাক্ষী দিয়াৰ সময়ত আলোচনী বিতৰণ কৰেনে? বজাৰলৈ যোৱা, কোনো ঠাইলৈ যাত্ৰা বা কোনো কাৰ্য্যৰ বাবে যাওঁতে নিজৰ সৈতে আলোচনীবোৰ ৰাখেনে? আনে প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰৰ পৰা লাভৱান হʼবলৈ সকলো সুযোগতে আলোচনী বিতৰণ কৰিবলৈ সাজু থাকক।
৬ ইয়াৰ উপৰিও আমি আমাৰ ওচৰত থকা বিগত মাহবোৰৰ আলোচনী বিতৰণ কৰিবলৈ লক্ষ্য ৰাখা উচিত। আলোচনীবোৰ যদিও এমাহ বা দুমাহ পুৰণি হয়, তথাপিও সেইবোৰত মূল্যৱান সংবাদ থাকে। গতিকে সেইবোৰক আগ্ৰহী ব্যক্তিসকলক দিয়ক। আজি বহুতো লোকৰ বাবে প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰ হৈছে ‘উচিত সময়ত কোৱা বাক্য।’ (হিতো. ২৫:১১) এতেকে আঁহক আমি যিহোৱাৰ বিষয়ে জানি তেওঁক সেৱা কৰিবলৈ আলোচনীবোৰৰ দ্বাৰা বহুতো লোকক সহায় কৰোঁহঁক।
[Study Questions]
১, ২. প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰে কেনেকৈ বহুতৰে হৃদয় স্পৰ্ষ কৰিলে?
৩. প্ৰহৰীবুৰুজ আৰু সচেতন! দুয়োখন আলোচনী একেলগে দিয়াটো কিয় লাভজনক?
৪. আলোচনী বিতৰণৰ বাবে আমি কেনেকৈ তালিকা তৈয়াৰ কৰিব পাৰোঁ?
৫. আমি কেনেবোৰ সুযোগত আলোচনী বিতৰণ কৰিবলৈ সাজু থকা আৱশ্যক আৰু কিহে আমাক তেনে কৰিবলৈ সহায় কৰিব?
৬. পুৰণি হৈ যোৱা আলোচনীবোৰ আমি কেনেকৈ উত্তমৰূপে ব্যৱহাৰ কৰিব পাৰোঁ?