ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০৫ পৃষ্ঠা ১
  • যিহোৱাৰ সেই দিন নিকৱৰ্ত্তী হৈছে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সেই দিন নিকৱৰ্ত্তী হৈছে
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • বাইবেলৰ ভৱিষ্যতবাণীৰ পৰা শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০৫ পৃষ্ঠা ১

যিহোৱাৰ সেই দিন নিকৱৰ্ত্তী হৈছে

১ যিহোৱাৰ সাক্ষীসকলে যিহোৱাৰ সেই দিনটোৰ প্ৰতি আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিয়নো যিহোৱাই বৰ্তমানৰ দুষ্টতাক ধ্বংস কৰি এই পৃথিৱীত এক ধাৰ্ম্মিকাতৰ জগতৰ স্থাপন কৰিব। (২ পিত. ৩:⁠১২, ১৩) যিহেতু আমি সেই দিনৰ সময়ৰ বিষয়ে একো নাজানো, গতিকে আমি আমাৰ সতৰ্কতা বজাই ৰাখি আনকো সেইদৰে কৰিবলৈ সহায় কৰা উচিত। (যিহি. ৩৩:⁠৭-⁠৯; মথি ২৪:⁠৪২-⁠৪৪) ঈশ্বৰৰ বাক্যক ধ্যান কৰি “যিহোৱাৰ মহাদিন ওচৰ” হʼল বুলি আমাৰ দৃঢ় বিশ্বাস বজাই ৰাখিব পাৰোঁ।​—⁠চফ. ১:⁠১৪.

২ বিশ্ব শক্তিবোৰৰ ৰাজত্ব: প্ৰকাশিত বাক্য ১৭:⁠৯-⁠১১ পদত লিপিবদ্ধ কৰা বিৱৰণীত পাঁচনি যোহনে ‘সাত জন ৰজাৰ’ বিষয়ে উল্লেখ কৰিছিল, যি সাতোটা বিশ্ব শক্তিক চিহ্নিত কৰে। তদুপৰি যোহনে ‘অষ্টম ৰজাৰ’ বিষয়ে উল্লেখ কৰিছিল, যি সংযুক্ত ৰাষ্ট্ৰক চিহ্নিত কৰে। বৰ্তমান সময়ত আমি আন এটা বিশ্ব শক্তি অহাৰ বিষয়ে আশা কৰিব পাৰোঁনে? অৱশ্যেই আশা কৰিব নোৱাৰোঁ, কিয়নো ভৱিষ্যতবাণীত কোৱা হৈছে যে অষ্টম ৰজাজনে “বিনাশৰ ঠাইলৈ যাব” আৰু তাৰ পিছত কোনো পাৰ্থিৱ ৰজাৰ বিষয়ে উল্লেখ কৰা নাই। এই ভৱিষ্যতবাণীয়ে আমি বাস কৰা সময়ৰ বিষয়ে বুজিবলৈ আপোনাক সহায় কৰা নাইনে?

৩ দানিয়েল ২:⁠৩১-⁠৪৫ পদে আমাক নিকটৱৰ্ত্তী হোৱা যিহোৱাৰ সেই দিনৰ বিষয়ে বুজিবলৈ সহায় কৰিছে। সেই ভৱিষ্যতবাণীত বিশ্ব শক্তিবোৰে ৰাজত্ব কৰাৰ বিষয়ে চিহ্নিত কৰা নবুখদ্‌নেচৰে দেখা সেই বিয়াগোম মূৰ্ত্তিটোৰ বিষয়ে উল্লেখ কৰা হৈছে। সেই শক্তিবোৰ ইতিমধ্যেই দৃশ্যমান হʼল। বৰ্তমান আমি ইতিহাসৰ কোনটো সময়ত বাস কৰিছোঁ? এই সময়ছোৱাক মূৰ্ত্তিটোৰ ভৰিৰ অংশখিনিৰ সৈতে চিহ্নিত কৰিছে। সেই ভৱিষ্যতবাণীত স্পষ্টকৈ বৰ্ণনা কৰা হৈছে যে ইয়াৰ পিছত কি ঘটিব। মানৱ শাসকসকলক সম্পূৰ্ণকৈ ধ্বংস কৰি “এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব।” ইয়াত আপুনি লক্ষ্য কৰিব পাৰিছেনে যে আমি যিহোৱাৰ সেই মহান দিনৰ কিমান কাষত বাস কৰিছোঁ?

৪ আন প্ৰমাণসমূহ: যিহোৱাৰ সেই দিন যে একেবাৰে নিকটৱৰ্ত্তী হৈছে, আমি তাৰ প্ৰমাণবোৰ নিজ চকুৰে দেখিবলৈ পাইছোঁ। পাঁচনি পৌলে ভৱিষ্যতবাণীত কোৱা অনুসাৰে এই “শেষ-কালত” মানুহবিলাকৰ মাজত হোৱা বৈশিষ্ট্যবোৰৰ পূৰ্ণতা আমি দেখিবলৈ পাইছোঁ। (২ তীম. ৩:⁠১-⁠৫) তদুপৰি আমি বিশ্বব্যাপী ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত ভাগ লৈছোঁ, যিটো এই জগতখনৰ অন্ত হোৱাৰ পূৰ্বেই সম্পন্ন হোৱা অতি আৱশ্যক। (মথি ২৪:⁠১৪) এতেকে আঁহক আমি সকলোৱে সময়ৰ গুৰুত্বতাৰ বিষয়ে মনত ৰাখি এই স্বৰ্গদূতীয় বাৰ্ত্তাটো ঘোষণা কৰোঁ: “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ কৰাহঁক।”​—⁠প্ৰকা. ১৪:⁠৬, ৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক