পৰিচৰ্য্যা সভাৰ তালিকা
মে’ ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২১৭
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ মে’ ১ প্ৰহৰীবুৰুজ আৰু মে’ ২২ সচেতন! আলোচনীখন দিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। তদুপৰি আন ব্যৱহাৰিক প্ৰস্তাৱনাও ব্যৱহাৰ কৰিব পাৰে। এটা উপস্থাপনত ৰাজহুৱা পৰিবহনত অনিয়মিতভাৱে আলোচনী বিতৰণ কৰি দেখুৱাউক। মে’ ১৫ তাৰিখে পৰ দি থাকক! ব্ৰচাৰখন বিতৰণ কৰা বিশেষ অভিযানৰ অন্ত পৰিব। মে’ মাহৰ বাকী থকা দিন কেইটাত আমি আলোচনী বিতৰণ কৰিম।
১৫ মি: নতুন ব্ৰচাৰখন বিতৰণ কৰি লোকসকলৰ আগ্ৰহকতা জগাই তুলা। এই ভাগটো সেৱা ওভাৰচিয়াৰে ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা কৰি পৰিচালনা কৰে। পৰ দি থাকক! ব্ৰচাৰখন গ্ৰহণ কৰা প্ৰত্যেকজন ব্যক্তিক আগ্ৰহী কৰি তুলিবলৈ তেওঁলোকক পুনৰ সাক্ষাৎ কৰক। ব্ৰচাৰখনৰ ২ পৃষ্ঠাত দিয়া সূচীপত্ৰখন ব্যৱহাৰ কৰি চমুকৈ উল্লেখ কৰা বিষয়বোৰৰ সম্পৰ্কে কওক আৰু তাৰ পিছত আলোকপাত কৰা (তলত দিয়া ডাঠ আখৰৰ নিয়মিত তালিকাখন) অংশটোৰ প্ৰতি লোকসকলক মন দিবলৈ কওক। এই চমু বিষয়বোৰ পিছৰ সাক্ষাতত অৰ্থপূৰ্ণৰূপে আলোচনা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, ৩-৪ পৃষ্ঠাত দিয়া বিষয়টো যদি আৰম্ভণীৰ সাক্ষাতত আলোচনা কৰা হৈছে, তেন্তে ৫ পৃষ্ঠাত আলোকিত কৰা অংশটো অৰ্থাৎ “ঈশ্বৰে বাস্তৱতে আমাৰ প্ৰতি চিন্তা কৰেনে?” বিষয়টো পুনৰ সাক্ষাতৰ সময়ত ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ তেনে কৰিব পাৰি, সেই বিষয়ে আলোচনা কৰক। আলোচনীখনৰ ৬-৮ পৃষ্ঠা আৰু ১৭-১৮ পৃষ্ঠা বা আন পৃষ্ঠাবোৰত আলোকপাত কৰা অংশবোৰক আপোনাৰ প্ৰচাৰ এলেকাৰ বাবে উপযুক্ত হোৱা অনুসৰি আলোচনা কৰিব পাৰে। সেই আলোকপাত কৰা অংশৰ কোনো এটাক ব্যৱহাৰ কৰি পুনৰ সাক্ষাৎ কৰাৰ উপস্থাপন প্ৰস্তুত কৰক। উদ্ধৃত কৰা এটা বা তাতকৈ অধিক শাস্ত্ৰীয় পদ পঢ়ি আলোচনা কৰা উচিত। পিছৰ সাক্ষাতত আলোচনা কৰিবলগীয়া আন এটা আলোকপাতৰ অংশলৈ গৃহস্থক মনোযোগ দিবলৈ কৈ প্ৰকাশকে সমাপ্তি কৰে।
২০ মি: “পৰিয়াল অধ্যয়নৰ বাবে এক ব্যৱহাৰিক তালিকা বনাওক।” দুই মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয়ক ভাষণ দি লিখিত তালিকাখনৰ পৰা ব্যৱহাৰিক বিষয় আৰু ৬ পৃষ্ঠাত দিয়া খালী তালিকাখন কেনেকৈ সম্পূৰ্ণ কৰিব পাৰে, সেই বিষয়ে আলোচনা কৰক। তাৰ পিছত “মণ্ডলীৰ সভাৰ বাবে তৈয়াৰ কৰিবলৈ পৰিয়াল তালিকা” নামৰ লেখটোৰ পৰা প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। মণ্ডলীৰ সভাৰ বাবে কেনেকৈ আন কাৰ্য্যবোৰে বাধা উৎপন্ন কৰিবলৈ নিদিয়ে, সেই বিষয়ে শ্ৰোতাসকলক মন্তব্য দিবলৈ আমন্ত্ৰণ কৰক। পৰিয়াল তালিকাৰ অতিৰিক্ত দিশবোৰৰ বিষয়ে আগন্তুক সপ্তাহৰ সেৱা সভাত আলোচনা কৰা হʼব।
গীত ১৭৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২০১
১০ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: “পৰিয়ালৰ সদস্যসকলৰ সৈতে প্ৰচাৰ কাৰ্য্য কৰা পৰিয়াল তালিকা।” a পৰিয়ালৰ সদস্যসকলে একেলগে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ পোৱা লাভসমূহৰ বিষয়ে মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
২০ মি: নতুন ব্ৰচাৰখন গ্ৰহণ কৰা সকলৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰা। এই ভাগটো ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা কৰি সেৱা ওভাৰচিয়াৰে পৰিচালনা কৰে। বিগত সেৱা সভাত প্ৰদৰ্শন কৰা পুনৰ সাক্ষাতৰ বিষয়ে চমুকৈ আলোচনা কৰি বিশেষকৈ সাক্ষাতৰ সমাপ্তিত উল্লেখ কৰা ভাগটোৰ পৰা আলোকপাত কৰে। (যদি সম্ভৱ) সেই ভাগটো ব্যৱহাৰ কৰি আগন্তুক সাক্ষাতৰ বিষয়ে উল্লেখ কৰি কিছুমান প্ৰকাশকৰ দ্বাৰা উপস্থাপন প্ৰস্তুত কৰক। তাৰ পিছত প্ৰকাশকে ব্ৰচাৰখনৰ শেষ পৃষ্ঠা ব্যৱহাৰ কৰি বাইবেল অধ্যয়নৰ বাবে গৃহস্থক আমন্ত্ৰণ কৰে আৰু পিছৰ সাক্ষাতত বিচাৰে ব্ৰচাৰখনৰ ১ নম্বৰ পাঠটো আলোচনা কৰাৰ বাবে ব্যৱস্থা কৰে। পৰ দি থাকক! নামৰ ব্ৰচাৰখন গ্ৰহণ কৰা গৃহস্থসকলৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সকলো প্ৰকাশকক উৎসাহিত কৰক।
গীত ৫৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯৪
১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট আৰু দান প্ৰাপ্তি স্বীকাৰ কৰা পত্ৰখনক পঢ়ক। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ জুন ১ প্ৰহৰীবুৰুজ আৰু জুন ৮ সচেতন! আলোচনীখন দিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। তদুপৰি আন ব্যৱহাৰিক প্ৰস্তাৱনাও ব্যৱহাৰ কৰিব পাৰে।
১৮ মি: “যিহোৱাৰ সেই দিন নিকটৱৰ্ত্তী হৈছে।” b এই ভাগটোৰ বাবে তৈয়াৰ কৰাৰ সময়ত দানিয়েলৰ ভৱিষ্যতবাণী নামৰ কিতাপখনৰ ৫৯ পৃষ্ঠাৰ ২৮ অনুচ্ছেদটো চাওক।
১৫ মি: “পৰিয়াল অধ্যয়নৰ বাবে পৰিয়াল তালিকা।” c পৰিয়াল অধ্যয়নৰ বাবে কেনেকৈ তালিকা বনোৱা হৈছে আৰু নিয়মিতৰূপে পৰিচালনা কৰিবলৈ কেনে প্ৰচেষ্টাৰ আৱশ্যক, সেই বিষয়ে এটা বা দুটা মন্তব্য দিবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক।
গীত ১৫২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯০
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰচাৰকক মে’ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। জুন মাহত বিতৰণ কৰিবলগীয়া প্ৰকাশনসমূহৰ বিষয়ে উল্লেখ কৰক। জানুৱাৰী, ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া অন্তপত্ৰখনৰ পৰা পৰামৰ্শ ব্যৱহাৰ কৰি (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) কেনেকৈ প্ৰকাশনবোৰ বিতৰণ কৰিব পাৰি, সেই সম্পৰ্কে এটা বা দুটা উপস্থাপন প্ৰস্তুত কৰক। কথোপকথন আৰম্ভ কৰা আন ব্যৱহাৰিক পদ্ধতিও ব্যৱহাৰ কৰিব পাৰে।
২০ মি: “দৈনিক পাঠৰ পৰিয়াল তালিকা।” d একেলগে দৈনিক পাঠ বিবেচনা কৰি তেওঁলোকৰ পৰিয়ালে কেনেকৈ লাভৱান আৰু কেনে ধৰণৰ তালিকা তেনেদৰে কৰিবলৈ কাৰ্য্যকাৰী প্ৰমাণিত হৈছে, সেই বিষয়ে মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
১৫ মি: “প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা—ভাগ ৯.” e লেখটোৰ ২ অনুচ্ছেদ আলোচনা কৰাৰ সময়ত ডিচেম্বৰ, ২০০৪ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠাত দিয়া বিষয়টোৰ পৰা এটা বা দুটা বিষয়ৰ আলোকপাত কৰক। চমুকৈ এটা বাইবেল অধ্যয়ন পৰিচালনা কৰাৰ উপস্থাপন প্ৰস্তুত কৰক। বিচাৰে ব্ৰচাৰখনৰ ২ নম্বৰ পাঠটো সমাপ্তি কৰাৰ পিছত অধ্যয়ন পৰিচালকে বিদ্যাৰ্থীজনক এইদৰে সোধে: “ঈশ্বৰৰ নামৰ বিষয়ে আপুনি কেনেকৈ নিজৰ বন্ধু-বান্ধৱক বৰ্ণনা কৰিব?” বিদ্যাৰ্থীজনে কয় যে তেওঁ গীত ৮৩:১৮ পদটো ব্যৱহাৰ কৰি কেনেকৈ বৰ্ণনা কৰিব, ইয়াকে শুনি অধ্যয়ন পৰিচালকে বিদ্যাৰ্থীজনক প্ৰশংসা কৰে।
গীত ১৩৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৫৫
১০ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: “আলোচনী প্ৰবাহত লোকসকলৰ আগ্ৰহকতা জগাই তুলা।” f লেখটোৰ ৩ অনুচ্ছেদ আলোচনা কৰাৰ সময়ত ৰীজনিং কিতাপৰ ২২৭-২৩২ পৃষ্ঠাত মনোযোগ দিয়ক। ঈশ্বৰৰ ৰাজ্যই কি সম্পন্ন কৰিব, সেই সম্পৰ্কে লেথাৰিকৈ শাস্ত্ৰীয় পদবোৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰিবলৈ ৰীজনিং কিতাপখনত দিয়া বিষয়বস্তুবোৰক ব্যৱহাৰ কৰিব পাৰি। আলোচনী প্ৰবাহত সাক্ষাৎ কৰা ব্যক্তিজনৰ সৈতে কেনেকৈ এটা শাস্ত্ৰীয় পদ আলোচনা কৰিব পাৰি, সেই বিষয়ে এটা উপস্থাপন প্ৰস্তুত কৰক। প্ৰকাশকজনে চমুকৈ আলোচনা কৰি ব্যৱহাৰিকৰূপে প্ৰযোজ্য কৰি গৃহস্থক সঠিকভাৱে বুজাই দি বিষয়বোৰ কেনেকৈ তেওঁ জীৱনৰ বাবে মূল্যৱান, সেই বিষয়ে উচিত দৃষ্টি কৰিবলৈ সহায় কৰে।
গীত ১০৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
f এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।