ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০৫ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • জুন ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুন ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুন ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০৫ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

জুন ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৯৮

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ জুন ১ প্ৰহৰীবুৰুজ আৰু জুন ২২ সচেতন! আলোচনীখন দিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। তদুপৰি আন ব্যৱহাৰিক প্ৰস্তাৱনাও ব্যৱহাৰ কৰিব পাৰে। এটা উপস্থাপনত প্ৰদৰ্শন কৰি দেখুৱাওক যে কেনেকৈ অনিয়মিত সাক্ষী দি আলোচনী বিতৰণ কৰিব পাৰে।

১৫ মি: আনক বাপ্তিষ্মা নোলোৱা প্ৰকাশক হʼবলৈ সহায় কৰা। এজন প্ৰাচীনে যিহোৱাৰ ইচ্ছা পালন কৰিবলৈ সংগঠিত নামৰ কিতাপখনৰ ৭৯-⁠৮১ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি এই ভাগটো ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনাৰূপে প্ৰস্তুত কৰে। এজন বাইবেল বিদ্যাৰ্থীয়ে মণ্ডলীৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ উপযুক্ত হোৱাৰ নিৰ্ণয় কেনেকৈ লোৱা হয়, এই সম্পৰ্কে থকা ব্যৱস্থাক আলোচনা কৰক। অহা সপ্তাহত ঘৰে-ঘৰে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ উপযুক্ত হোৱা এজন বাইবেল বিদ্যাৰ্থীক কেনেকৈ প্ৰশিক্ষণ দিব পাৰি, সেই বিষয়ে আলোচনা কৰা হʼব।

২০ মি: “প্ৰচাৰ কাৰ্য্যই আমাক সহন কৰিবলৈ সহায় কৰে।” a যদি সময়ে অনুমতি দিয়ে, তেন্তে শ্ৰোতাসকলক লেখটোত দিয়া শাস্ত্ৰীয় পদবোৰৰ পৰা মন্তব্য দিবলৈ আমন্ত্ৰণ কৰক।

গীত ১৪৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুন ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২০৬

১০ মি: স্থানীয় ঘোষণাসমূহ। জুলাই ২০০৩ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠাত দিয়া লেখটোৰ মুখ্য বিষয়বোৰক আলোচনা কৰক। বৰ্ণনা কৰক যে, প্ৰকাশকসকলে কেনেকৈ বিদেশী ভাষাৰ সাহিত্যবোৰ লাভ কৰিব পাৰে। এই সংবাদ কেনেকৈ স্থানীয় এলেকাৰ বাবে ব্যৱহাৰিক হʼব, সেই বিষয়ে আলোচনা কৰক। বিদেশী ভাষাৰ সাহিত্য, আনকি কম পৰিমাণে হʼলেও কেৱল সাহিত্য বিভাগৰ দ্বাৰাই নিৱেদন কৰা উচিত। এনে কৰাৰ দ্বাৰা সাহিত্য লাভ কৰোঁতে অনাৱশ্যকভাৱে পলম নহʼব।

১৫ মি: মাৰ্চ, এপ্ৰিল আৰু মে’ মাহৰ প্ৰচাৰ কাৰ্য্যত অভিজ্ঞতা হোৱা কোনো অনুভৱ বৰ্ণনা বা অভিনয় কৰি দেখুৱাওক। স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত প্ৰচাৰ কাৰ্য্যত অধিক সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰি পোৱা আশীৰ্ব্বাদৰ বিষয়ে আগতীয়াকৈ এটা বা দুটা মন্তব্য দিবলৈ ব্যৱস্থা কৰক। পৰ দি থাকক! নামৰ ব্ৰচাৰখন বিতৰণ কৰি অভিজ্ঞতা হোৱা অনুভৱৰ বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। কোনো উল্লেখনীয় অভিজ্ঞতাক অভিনয় কৰি দেখুৱাবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক। এই বিশেষ অভিযানত সকলোৱে আগবঢ়োৱা সহযোগৰ বাবে শলাগ লওক।

২০ মি: “প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা​—⁠ভাগ ১০.” b বিদ্যাৰ্থীজনৰ সৈতে অনুশীলন কৰাৰ এটা উপস্থাপন প্ৰস্তুত কৰক। বিদ্যাৰ্থীজনে যেনেকৈ প্ৰস্তাৱনাটোক অভ্যাস কৰে, তেতিয়া গৃহস্থৰ ভাও দিয়া অধ্যয়ন পৰিচালকজনে স্থানীয় এলেকাত লোকসকলে দাঙি ধৰা এটা পৰিচিত প্ৰশ্ন সোধে। বিদ্যাৰ্থীজনে কেনেকৈ সেই প্ৰশ্নৰ উত্তৰ দিব লগে বুলি যেতিয়া নাজানে, তেতিয়া কেনেকৈ তেনে প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰি, সেই বিষয়ে বৰ্ণনা কৰিব পাৰে। এই উপস্থাপনৰ উপৰিও ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ কেনে প্ৰশিক্ষণ পাইছিল, সেই বিষয়ে কʼবলৈ আগতীয়াকৈ এটা বা দুটা মন্তব্য দিবলৈ ব্যৱস্থা কৰক।

গীত ২০৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুন ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১১৩

১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰচাৰকক জুন মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। হিচাপ-লেখ ৰিপোৰ্ট আৰু দান-বৰঙণি পঠোৱাৰ বিনিময়ত শাখা কাৰ্য্যালয়ৰ পৰা পোৱা প্ৰাপ্তি স্বীকাৰ পত্ৰখন পঢ়ক। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ জুলাই ১ প্ৰহৰীবুৰুজ আৰু জুলাই ৮ সচেতন! আলোচনীখন দিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। তদুপৰি আন ব্যৱহাৰিক প্ৰস্তাৱনাও ব্যৱহাৰ কৰিব পাৰে। উপস্থাপন শেষ হোৱাৰ পিছত গৃহস্থক আগ্ৰহী কৰি তুলা আৰম্ভণিৰ মন্তব্যবোৰক পুনৰ উল্লেখ কৰক।

১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।

২০ মি: জুলাই আৰু আগষ্ট মাহত ব্ৰচাৰবোৰ বিতৰণ কৰা। অন্তপত্ৰখনৰ ওপৰত আধাৰিত কৰি এই ভাগটো ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনাৰূপে প্ৰস্তুত কৰক। জানুৱাৰী ২০০৫ চনৰ এই অন্তপত্ৰখন কেনেকৈ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠাত দিয়া মুখ্য বিষয়বোৰৰ সৈতে এই মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৩ পৃষ্ঠাত দিয়া বক্সটোৰ পৰা আলোকপাত কৰক। প্ৰথম সাক্ষাৎ কৰাৰ সময়ত ব্ৰচাৰখন গৃহস্থক দিয়াৰ বিষয়ে স্থানীয় এলেকাত ব্যৱহাৰিক হোৱা পৰামৰ্শক আলোচনা কৰক। দুটা বা তিনটা প্ৰস্তাৱনাক প্ৰদৰ্শন কৰি দেখুৱাওক। অন্ততঃ এটা উপস্থাপনত এজন কিশোৰ বা কিশোৰীয়ে অংশ গ্ৰহণ কৰে।

গীত ১৯৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৭০

১০ মি: স্থানীয় ঘোষণাসমূহ।

১৫ মি: আপুনি পৰিয়াল তালিকাখনৰ পৰা লাভৱান হৈছেনে? মে’ ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনত দিয়া বিষয়বোৰ পুনৰ আলোচনা কৰি শ্ৰোতাসকলক মন্তব্য দিবলৈ কওক যে, এই পৰামৰ্শটো পালন কৰিবলৈ কেনে প্ৰচেষ্টা কৰিছে আৰু তেনে কৰাৰ দ্বাৰা তেওঁলোক কেনেকৈ লাভৱান হৈছে।

২০ মি: “ৰাজহুৱা স্থানবোৰত কাৰ্য্যকাৰীৰূপে সাক্ষী দিয়া।” c স্থানীয় এলেকাৰ বিষয়ে মনত ৰাখি পৰামৰ্শবোৰ প্ৰযোজ্য কৰক। প্ৰকাশকসকলক উপযুক্ত হোৱা অনুসাৰে প্লিজ ফলো আপ (S-43) ফৰ্মখন ব্যৱহাৰ কৰিবলৈ সোঁৱৰাই দিয়ক।​—⁠ফেব্ৰুৱাৰী ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৬ পৃষ্ঠাত চাওক।

গীত ১২০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক