ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৫ পৃষ্ঠা ৩
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৫ পৃষ্ঠা ৩

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। জুলাই আৰু আগষ্ট: ইয়াত উল্লেখ কৰা ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই চৰকাৰ যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি​—⁠আপুনি ইয়াক কেনেকৈ বিচাৰি পাব?, যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয় আৰু যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে? ছেপ্টেম্বৰ: এনে এজন সৃষ্টিকৰ্ত্তা আছেনে যিজনে আপোনাৰ বাবে চিন্তা কৰে? নামৰ কিতাপখন বিতৰণ। বিকল্পৰূপে জীৱন​—⁠কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশ নে সৃষ্টিৰ দ্বাৰা? নামৰ কিতাপখন বা ১৯২ পৃষ্ঠাৰ আন যিকোনো কিতাপ দিব পাৰে। যদি গৃহস্থই কিতাপখন গ্ৰহণ নকৰে, তেন্তে পৰ দি থাকক! নামৰ ব্ৰচাৰখন ব্যৱহাৰ কৰিব পাৰে। অক্টোবৰ: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ কপিবোৰ দিয়ক আৰু আগ্ৰহী হোৱা গৃহস্থক বিচাৰে ব্ৰচাৰখন দিব পাৰে।

▪ ছেপ্টেম্বৰ মাহৰ আৰম্ভণিৰ পৰা চাৰ্কিট অধ্যক্ষই দিবলগীয়া ৰাজহুৱা ভাষণৰ বিষয়বস্তু হৈছে “কিয় বাইবেলৰ দ্বাৰা পৰিচালিত হোৱা উচিত?”

▪ নিয়মিত অগ্ৰগামীসকলৰ আৱেদন পত্ৰ শাখা কাৰ্য্যালয়ত অগ্ৰগামী সেৱা আৰম্ভ কৰা তাৰিখৰ পৰা অন্ততঃ ৩০ দিনৰ পূৰ্বে জমা দিয়া উচিত। সেই আৱেদন পত্ৰবোৰ ভালদৰে ভৰ্ত্তি কৰা হৈছেনে নাই এই বিষয়ে মণ্ডলীৰ চেক্ৰেটাৰীয়ে নিশ্চিত কৰা আৱশ্যক। যদি আৱেদনকৰ্ত্তাজনৰ নিজৰ বাপ্তিষ্মাৰ তাৰিখ মনত নাই, তেন্তে এটা নিৰ্দ্দিষ্ট তাৰিখ বাছি লৈ সেই তাৰিখটো একেৰাহে বাপ্তিষ্মাৰ তাৰিখ হিচাপে ব্যৱহাৰ কৰা উচিত। মণ্ডলীৰ চেক্ৰেটাৰীয়ে প্ৰকাশকসকলৰ ৰেকৰ্ড কাৰ্ডত (S-21) লিখি ৰাখা আৱশ্যক।

▪ স্মাৰক: বছেৰেকীয়া বিশেষ সাহিত্য আৰু বস্তুবোৰ বিচাৰি আৱেদন কৰিবলৈ মণ্ডলীলৈ বিশেষ আৱেদন ফৰ্ম পঠোৱা হৈছে। যিবোৰ মণ্ডলীয়ে এতিয়ালৈকে তেওঁলোকৰ বছেৰেকীয়া বিশেষ বস্তু যেনে, ২০০৬ চনৰ বাৰ্ষিক পুস্তক, কেলেণ্ডাৰ আৰু শাস্ত্ৰবচনৰ পৰীক্ষা কৰক নামৰ সাহিত্যবোৰৰ বাবে নিৱেদন কৰা নাই, তেন্তে অনতিপলমে তেওঁলোকৰ আৱেদন পঠোৱা উচিত। যিবোৰ মণ্ডলীৰ ৰাজ্যগৃহ সাহিত্য তালিকা ব্যৱস্থাৰ অধিনত আছে, তেওঁলোকে নিজৰ আৱেদনবোৰ কেৱল “সমকক্ষ মণ্ডলীৰ” যোগেদিহে পঠোৱা উচিত। সমকক্ষ মণ্ডলীৰ চেক্ৰেটাৰীয়ে নিশ্চিত হোৱা উচিত যে প্ৰয়োজনীয় প্ৰকাশনসমূহ যেন প্ৰত্যেক মণ্ডলীয়ে লাভ কৰে।

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভৱান হোৱা ​—⁠কানাড়া

আমাৰ সমস্যাসমূহ​—⁠সমাধান কৰাত কোনে আমাক সহায় কৰিব? ​—⁠নেপালী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক