ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৫ পৃষ্ঠা ৪
  • যিমান সম্ভৱ বহুতো লোকক শুভবাৰ্ত্তাৰ বিষয়ে জনোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিমান সম্ভৱ বহুতো লোকক শুভবাৰ্ত্তাৰ বিষয়ে জনোৱা
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • যিহোৱাই পথ যুগুত কৰে
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • “জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা” লোকসকলে শুভবাৰ্ত্তা শুনিব
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • সকলো জাতিৰ বাবে শুভবাৰ্ত্তা
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰচাৰ কাম কৰি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৫ পৃষ্ঠা ৪

যিমান সম্ভৱ বহুতো লোকক শুভবাৰ্ত্তাৰ বিষয়ে জনোৱা

১ প্ৰাৰম্ভিক সময়ৰ যীচুৰ শিষ্যসকলে উৎসাহেৰে সকলোকে শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। যিমান সম্ভৱ বহুতো লোকক শুভবাৰ্ত্তা জনাবলৈ কাৰ্য্যকাৰী পদক্ষেপ লৈছিল। বাইবেলৰ লিখকসকলে বাইবেলখন ৰোমান সাম্ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সৰল গ্ৰীক ভাষাত লিখিছিল। তদুপৰি সা.যু. দ্বিতীয় আৰু তৃতীয় শতাব্দীত উৎসাহী প্ৰচাৰকসকলে নুৰাবোৰৰ সলনি পাণ্ডুলিপি ব্যৱহাৰ কৰিবলৈ আগভাগ লৈছিল। কিয়নো সেইবোৰ ব্যৱহাৰ কৰিবলৈ সহজ আছিল।

২ প্ৰযুক্তি শিল্পৰ ব্যৱহাৰ: যিচয়া ভৱিষ্যতবক্তাৰ দ্বাৰা যিহোৱাই এইদৰে ভৱিষ্যতবাণী কৰিছিল: “তুমি জাতিবিলাকৰ দুগ্ধ পান কৰিবা।” (যিচ. ৬০:⁠১৬) বৰ্তমান সময়ত এই ভৱিষ্যতবাণীৰ পূৰ্ণতাৰ অনুসাৰে যিহোৱাৰ উপাসকসকলে প্ৰচাৰ কাৰ্য্যক উন্নত কৰিবলৈ জাতিবিলাকৰ মূল্যৱান ধন-সম্পত্তি ব্যৱহাৰ কৰিছে। উদাহৰণস্বৰূপে, ১৯১৪ চনত ব্যৱসায়ী জগতত চলচিত্ৰ সফলতা পোৱাৰ পিছত বাইবেল বিদ্যাৰ্থীসকলে “ফটো-ড্ৰামা অৱ ক্ৰীয়েশ্বন” প্ৰদৰ্শন কৰে। সম্পূৰ্ণ ৰঙীণ আৰু ধ্বনিৰ সৈতে আঠ ঘন্টীয়া চলচিত্ৰ আৰু স্লাইড চিত্ৰৰ দ্বাৰা লাখ লাখ লোকক এক শক্তিশালীৰূপে সাক্ষী দিয়া হʼল।

৩ বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলে বাইবেল আৰু বাইবেল আধাৰিত প্ৰকাশনবোৰ বিভিন্ন ভাষাত ছপা কৰিবলৈ কম্পিউটাৰ আৰু দ্ৰুতগতিত ছপা কৰা প্ৰিটিং প্ৰেছ ব্যৱহাৰ কৰিছে। বাইবেল প্ৰকাশনবোৰ পৃথিৱীৰ ২৩৫ খন দেশত থকা লোকসকলক বিতৰণ কৰিবলৈ বিভিন্ন প্ৰকাৰৰ যান-বাহন ব্যৱহাৰ কৰিছে। যিহোৱাৰ পবিত্ৰ আত্মাই তেওঁৰ সেৱকসকলক এনে ধৰণৰ প্ৰযুক্তি শিল্পক কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰি বাইবেলৰ সত্যতাক অধিক লোকলৈ উপলব্ধ কৰাত প্ৰেৰিত কৰিছে।

৪ ব্যক্তিগত সাল-সলনি কৰা: অধিক লোকক শুভবাৰ্ত্তা শুনাবলৈ সত্য উপাসকসকলে নিজৰ ব্যক্তিগত জীৱনটো সাল-সলনি কৰিবলৈ প্ৰেৰিত হৈছে। সম্পূৰ্ণকৈ প্ৰচাৰ কাৰ্য্য কৰিবলৈ বহুতে নিজৰ জীৱনধাৰাক সৰলীকৰণ কৰিছে। কিছুমানে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ অধিক প্ৰচাৰকৰ আৱশ্যক হোৱা ঠাইবোৰলৈ স্থানান্তৰিত হৈছে। আনসকলে নতুন ভাষা শিকি নিজৰ পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰিছে।

৫ তদুপৰি আমি অধিক লোকক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ এনে সময়ৰ বাছনি কৰা আৱশ্যক যেতিয়া আৰু যʼত বেছিভাগ লোকক তেওঁলোকৰ ঘৰত বা আন স্থানত লগ পাব পাৰি। যদি আপোনাৰ এলেকাত থকা অধিক সংখ্যক লোকে দিনৰ ভাগত নিজৰ ঘৰত নাথাকে, তেন্তে তেওঁলোকক আবেলিৰ সময়ত প্ৰচাৰ কৰিবলৈ নিজৰ তালিকা সাল-সলনি কৰিব পাৰিবনে? প্ৰচাৰ কৰিবলৈ এনে কোনো ৰাজহুৱা স্থান আছেনে? আপুনি টেলিফোনৰ দ্বাৰা আৰু ব্যৱসায়ী অঞ্চলত সাক্ষী দিবলৈ চেষ্টা কৰিলেনে? অনিয়মিতভাৱে সাক্ষী দিবলৈ আপুনি সকলো সুযোগ গ্ৰহণ কৰেনে?

৬ যিহোৱাৰ নাম আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে সাক্ষী দিয়াটো আমাৰ বাবে বাস্তৱতে এক বিশেষাধিকাৰ নহয়নে বাৰু! এতেকে আঁহক আমি ঈশ্বৰৰ জীৱন-দায়ক বাক্যৰ সত্যতাৰ সাক্ষী দিবলৈ একেৰাহে অংশ গ্ৰহণ কৰোঁহঁক।​—⁠মথি ২৮:⁠১৯, ২০.

[Study Questions]

১. যিমান সম্ভৱ সকলো লোকক শুভবাৰ্ত্তা শুনাবলৈ প্ৰাৰম্ভিক সময়ৰ খ্ৰীষ্টানসকলে কি কৰিছিল?

২, ৩. (ক) বৰ্তমান সময়ত যিচয়া ৬০:⁠১৬ পদটো কেনেকৈ পূৰ্ণতা হৈছে? (খ) সত্য উপাসনাৰ উন্নতিৰ বাবে কিদৰে প্ৰযুক্তি শিল্পক ব্যৱহাৰ কৰা হৈছে?

৪. বহুতো লোকক শুভবাৰ্ত্তা শুনাবলৈ কিছুমানে নিজৰ ব্যক্তিগত জীৱনধাৰাত কেনে ধৰণৰ সাল-সলনি কৰিছে?

৫, ৬. আপোনাৰ এলেকাত থকা অধিক সংখ্যক লোক সাক্ষী দিবলৈ কি কৰিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক