ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৮/১৫ পৃষ্ঠা ১৭-২২
  • যিহোৱাই পথ যুগুত কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই পথ যুগুত কৰে
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • এক কঠিন কাৰ্য্য
  • ধৰ্ম্মীয় পৰিৱেশ
  • আইনৰ পৰা লাভৱান
  • শান্তি আৰু সহনশীলতাৰ সময়
  • প্ৰযুক্তিবিদ্যাৰ ভূমিকা
  • সত্য খ্ৰীষ্টান ধৰ্ম্ম প্ৰবল হৈছে!
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৮/১৫ পৃষ্ঠা ১৭-২২

যিহোৱাই পথ যুগুত কৰে

“ৰাজ্যৰ এই শুভবাৰ্ত্তা . . . ঘোষণা কৰা হব।”—মথি ২৪:১৪.

১. প্ৰথম শতাব্দী আৰু ২০ শতাব্দীত হোৱা প্ৰচাৰ কাৰ্য্যই কি সমাধা কৰিছে?

কি য়নো যিহোৱা হৈছে প্ৰেমৰ ঈশ্বৰ, তেওঁৰ ইচ্ছা এই যে “সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীমথিয় ২:৪) ইয়াৰ বাবে অন্তৰাষ্ট্ৰীয় প্ৰচাৰ আৰু শিক্ষা আভিযান চলোৱা আৱশ্যক। এই প্ৰচাৰ কাৰ্য্যই প্ৰথম শতাব্দীত খ্ৰীষ্টান মণ্ডলীক “সত্যতাৰ স্তম্ভ আৰু ভিত্তিমূলস্বৰূপ” কৰি তুলিছিল। (১ তীমথিয় ৩:১৫) তাৰ পাছত দীৰ্ঘ সময় ধৰি ধৰ্ম্মত্যাগী সকলৰ বাবে সত্যৰ পোহৰ ম্লান হৈছিল। বৰ্তমান সময়ত, অৰ্থাত ‘শেষকালত,’ ‘সত্যৰ জ্ঞান’ বৃদ্ধি হব, লাখ-লাখ মানুহৰ অনন্তকালৰ বাবে উদ্ধাৰ যি বাইবেল আধাৰিত আশা কঢ়িয়াই আনিব।—দানিয়েল ১২:৪.

২. প্ৰচাৰ কাৰ্য্যক চলাই যাবলৈ যিহোৱাই কি কৰিলে?

২ ঈশ্বৰৰ উদ্দেশ্য অৰ্থাত প্ৰচাৰ কাৰ্য্যক বাধা দিবলৈ কৰা চয়তানৰ প্ৰতিৰোধ স্বত্তেও, প্ৰথম শতাব্দী আৰু ২০ শতাব্দী প্ৰচাৰ কাৰ্য্য আচৰিতৰূপে সফলতা লাভ কৰিছে। ইয়ে যিচয়াই কৰা ভৱিষ্যতবাণীৰ কথা স্মৰণ কৰাই দিয়ে। যিহূদীসকলে সা.যূ.পূ. ৬ চনত যিহূদালৈ ঘূৰি অহা সম্পৰ্কে যিচয়া ভৱিষ্যতবক্তাই লিখিছিল: “প্ৰত্যেক উপত্যকা ওখ কৰা হব; প্ৰত্যেক পৰ্ব্বত আৰু উপপৰ্ব্বত চাপৰ কৰা হব, বেঁকাবেঁকি ঠাই পোন কৰা হব, খলাবমা মাটি সমান কৰা হব।” (যিচয়া ৪০:৪) প্ৰথম আৰু ২০ শতাব্দীত মহান প্ৰচাৰ কাৰ্য্যৰ অভিযান নিমাজভাৱে চলাবলৈ আৰু প্ৰস্তুত কৰিবলৈ যিহোৱাই পথ যুগুত কৰিছে।

৩. কি পথৰে যিহোৱাই নিজৰ উদ্দেশ্যক সমাধা কৰে?

৩ ইয়াৰ অৰ্থ এইটো নহয় যে যিহোৱাই পৃথিৱীত হোৱা শুভবাৰ্ত্তাৰ প্ৰচাৰ কাৰ্য্যক উন্নত কৰিবলৈ পোনচাটেই হস্তক্ষেপ নকৰে; নতুবা ইয়াৰ অৰ্থ এইটোও নহয় যে যিহোৱাই নিজৰ দূৰদৰ্শিতাৰ জ্ঞান সকলোবিলাক ঘটিবলগীয়া ঘটনাক জনাবলৈ ব্যৱহাৰ কৰে। এইটো সচাঁ যে যদি তেওঁ বিচাৰে তেতিয়াহʼলে ভৱিষ্যতৰ বিষয়ে সকলো কব পাৰে আৰু তেওঁৰ ইচ্ছাৰ অনুসাৰে সকলোবিলাক কৰিব পাৰে। (যিচয়া ৪৬:৯-১১) তাৰ ওপৰিও যেতিয়া কোনো ঘটনা অপুনা-আপুনি ঘটে, তেতিয়া যিহোৱাই নিজৰ উদ্দেশ্য পূৰ্ণ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰে। এজন অনুভৱ থকা ৰখীয়াৰদৰে কেনেকৈ পৰিচলনা কৰিব পাৰে আৰু জাকক কেনেকৈ ৰক্ষা কৰিব পাৰি এই উভয়কে তেওঁ জানে, যিহোৱাই তেওঁৰ লোকসকলক পথ-পৰিদৰ্শন দেখুৱায়। তেওঁ, তেওঁলোকক উদ্ধাৰ, তেওঁলোকৰ আধ্যাত্মিকতা ৰক্ষা কৰি এনে পৰিস্থিতি পৰিচলনা কৰে যিয়ে তেওঁলোকক গোটেই বিশ্বত সফলতাৰে শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰিবলৈ উত্তেজিত কৰে।—গীতমালা ২৩:১-৪.

এক কঠিন কাৰ্য্য

৪, ৫. শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো কি প্ৰত্যাহ্বানজনক হৈ পৰিছে?

৪ নোহৰ জাহাজ নিৰ্ম্মাণ কৰা কাৰ্য্যৰ দৰে, ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যও প্ৰথম শতাব্দী আৰু বৰ্তমান সময়ৰ বাবে এক বিপুল আচঁনি আছিল। যিকোনো বাৰ্ত্তা সকলো মানুহলৈ বিলোৱাটো কঠিন কাৰ্য্য, কিন্তু এই কাৰ্য্যটো তাতকৈও প্ৰত্যাহ্বানজনক কাৰ্য্য। প্ৰথম শতাব্দীত শিষ্যসকলৰ সংখ্যা তাকৰ আছিল। তেওঁলোকৰ মুখিয়ালে যীচুক ৰাজদ্ৰোহৰ মিছা অপবাদ দি হত্যা কৰিলে। যিহূদী ধৰ্ম্ম অতি শক্তিশালী আছিল। যিৰূচালেমত এটা ঐশ্বৰ্য্যশালী মন্দিৰ আছিল। ভূমধ্যাসাগৰৰ অঞ্চলবিলাকত থকা আন মন্দিৰ আৰু ইয়াৰ পুৰোহিতবিলাকৰ সৈতে আন মিছা ধৰ্ম্মবিলাকো ভালকৈ খোপনি পোতা হৈছিল। ঠিক একেইদৰে ১৯১৪ চনত হোৱা ‘শেষকালৰ’ আৰম্ভণীত অভিষিক্ত খ্ৰীষ্টানসকলৰো সংখ্যা তাকৰ আছিল আৰু আন ধৰ্ম্মৰ অনুগামীসকল যি সকলে ঈশ্বৰক সেৱা কৰিছোঁ বুলি দাবী কৰে তেওঁলোকৰ সংখ্যা বহুত আছিল।—দানিয়েল ১২:৯.

৫ যীচুৱে তেওঁৰ শিষ্যসকলক সতৰ্ক কৰিছিল যে তেওঁলোকক উৎপীড়ন কৰা হʼব। তেওঁ কৈছিল: “ক্লেশভোগ কৰিবলৈ মানুহবিলাকে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব; আৰু মোৰ নামৰ কাৰণে তোমালোক সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হবা।” (মথি ২৪:৯) বিশেষকৈ “শেষ-কালত” বসবাস কৰাৰ কাৰণে খ্ৰীষ্টানসকলৰ বাবে “ভয়ঙ্কৰ সময় উপস্থিত হব।” (২ তীমথিয় ৩:১) কাৰ্য্যৰ বিস্তাৰ কৰা মানেই হৈছে যাতনা নিশ্চিত, আৰু ভয়ঙ্কৰ সময় হোৱাৰ কাৰণে বহুতো ধৰণৰ বাধা আহিব পাৰে আৰু প্ৰচাৰ কাৰ্য্য প্ৰত্যাহ্বানজনক হʼব। ইয়াৰ বাবে দৃঢ় বিশ্বাসৰ আৱশ্যক আছে।

৬. যিহোৱাই তেওঁৰ লোকসকলক কি সফলতা আশা দিছে?

৬ যেতিয়া যিহোৱাই জানে যে এই কাৰ্য্য কৰাটো কঠিন কাম তেওঁ এইটোও জানে যে কোনো কাৰ্য্যই ইয়াক বাধা দিব নোৱাৰে। প্ৰথম শতাব্দী আৰু বিংশ শতাব্দীত হোৱা সফলতাৰ সম্পৰ্কে পৰিচিত ভৱিষ্যতবাণীত ইয়াৰ আচৰিত পূৰ্ণতাৰ বিষয়ে কোৱা হৈছে: “ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।”—মথি ২৪:১৪.

৭. প্ৰথম শতাব্দীত প্ৰচাৰ কাৰ্য্য কিমান ব্যাপকৰূপে কৰা হৈছিল?

৭ প্ৰথম শতাব্দীত ঈশ্বৰৰ লোকসকলে পৱিত্ৰ আত্মাত পূৰ্ণ হৈ তেওঁলোকলৈ দিয়া আজ্ঞাক সম্পূৰ্ণ কৰিছিল। কিয়নো যিহোৱাই তেওঁলোকৰ সৈতে আছিল, সেইবাবে তেওঁলোকে আশা কৰাতকৈ বেছি সফলতা লাভ কৰিছিল। পৌলে যীচুৰ মৃত্যু ২৭ বছৰৰ পাছত কলচীয়া মণ্ডলীলৈ লিখিব পাৰিছিল, শুভবাৰ্ত্তা “আকাশ-মণ্ডলৰ তলত থকা গোটেই সৃষ্টিৰ আগত প্ৰচাৰিত” হʼল। (কলচীয়া ১:২৩) তুলনাত্মকৰূপে বিংশ শতাব্দীত ২৩৩ খন দেশত শুভবাৰ্ত্তাৰ প্ৰচাৰ কাৰ্য্য চলি আছে।

৮. বহুতে কি পৰিস্থিতিৰ মাজত থাকি শুভবাৰ্ত্তাক আঁকোৱালি লৈছে? তাৰে কিছু উদাহৰণ দিয়ক।

৮ এই দৰ্শকত লাখ লাখ লোকে শুভবাৰ্ত্তা আঁকোৱালি লৈছে। বহুতে অনুকূলজনক পৰিস্থিতিৰ নোহোৱা স্বত্তেও প্ৰচাৰ কাৰ্য্য কৰি আছে—যুদ্ধৰ সময়ত, প্ৰতিবন্ধকৰ সময়ত আৰু নিৰ্য্যাতনৰ সময়ত। প্ৰথম শতাব্দীতো সেই একেইদৰে হৈছিল। এক সময়ত পৌল আৰু চীলক নিৰ্দয়ভাৱে বেত্ৰঘাত কৰিছিল আৰু বন্দীগৃহত আটক কৰি ৰাখিছিল। শিষ্য বনোৱাৰ বাবে কিযে বেয়া পৰিস্থিতি আছিল! অৱশ্যে, যিহোৱাই প্ৰচাৰ কৰিবলৈ পৰিস্থিতিক অনুকূল কৰিছিল। পৌল আৰু চীলক বন্দীগৃহৰ পৰা মুকলি কৰা হয় আৰু দাৰোগা আৰু তেওঁৰ পৰিয়ালবৰ্গই সত্য ঈশ্বৰৰ বিশ্বাসী হৈ পৰিল। (পাঁচনিৰ কৰ্ম্ম ১৬:১৯-৩৩) এই অনুভৱৰ পৰা জানিব পৰা গʼল যে কোনো বিৰোধিতাই শুভবাৰ্ত্তাক ক্ষান্ত কৰিব নোৱাৰে। (যিচয়া ৫৪:১৭) এতিয়াও, খ্ৰীষ্টানসকলৰ ইতিহাসত একেৰাহে বিৰোধিতা আৰু নিৰ্য্যাতনৰে ভৰি আছে। আহক আমি তাৰে কিছু অনুকূল পৰিস্থিতিৰ সম্পৰ্কে আলোচনা কৰোঁহক যিয়ে প্ৰথম শতাব্দী আৰু বিংশ শতাব্দীত প্ৰচাৰ কাৰ্য্যক সফলৰূপে কৰিবলৈ সহায় কৰিছে।

ধৰ্ম্মীয় পৰিৱেশ

৯, ১০. যিহোৱাই প্ৰথম আৰু বিংশ শতাব্দীত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ কিদৰে পথ তৈয়াৰ কৰিলে?

৯ দুয়োটা দশকত হোৱা বিশ্বজুৰি প্ৰচাৰ কাৰ্য্যৰ অভিযান চলোৱা পৰিস্থিতিৰ সম্পৰ্কে বিবেচনা কৰক। প্ৰথম শতাব্দীত দানিয়েল ৯:২৪-২৭ পদত দিয়া ৭০ সপ্তাহৰ ভৱিষ্যতবাণীত, সেই বছৰৰ সম্পৰ্কে অৰ্থাত সা.যূ. ২৯ চনৰ বিষয়ে নিৰ্দ্দেশিত কৰিছে যি সময়ত মচীহ প্ৰকাশ হবলগীয়া আছিল। যিহেতু প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে এইটো নাজানিছিল যে মচীহ সঠিকৈ কেতিয়া আহিব, তথাপিও তেওঁলোকে আগ্ৰহী হৈ অপেক্ষা কৰি আছিল। (লূক ৩:১৫) ফ্ৰেন্চ মেনুৱেল বীবলীকে এইদৰে কয়: “লোকসকলে জানিছিল যে দানিয়েলৰ দ্বাৰা কোৱা সত্তৰ সপ্তাহৰ বছৰ এতিয়া প্ৰায় শেষ হৈ আহিছে; সেইকাৰণে যেতিয়া বাপ্তিষ্মা দিয়া যোহনে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কৈছিল তেতিয়া কোনেও আচৰিত হোৱা নাছিল।”

১০ আমাৰ বৰ্তমানৰ সময়ৰ সম্পৰ্কে কি কব পাৰি? এই শতাব্দীৰ আৰম্ভণীত স্বৰ্গত এটা বিৰাট ঘটনা ঘটিল, সেইটো হৈছে যীচুক ৰজা নিযুক্ত কৰা হʼল। এই ঘটনাৰ সৈতে যীচুৰ উপস্থিতিৰ আৰম্ভ হʼল। বাইবেলৰ ভৱিষ্যতবাণীয়ে কৈছে যে এই উপস্থিতি ১৯১৪ চনত আৰম্ভ হʼল। (দানিয়েল ৪:১৩-১৭) এই শতাব্দীৰ আৰম্ভণীতে বহুত ধৰ্ম্মীয় লোকে তেওঁৰ উপস্থিতিৰ বাবে অপেক্ষা কৰি আছিল। আৰু সত্য বাইবেল বিদ্যাৰ্থীসকলেও অপেক্ষা কৰি আছিল, এইটো এইকাৰণে জানিব পৰা যায়, কিয়নো তেওঁলোকে ১৮৭৯ চনত যেতিয়া এখন আলোচনী প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে তাৰ নাম আছিল জায়ন ওৱাচ্‌ টাৱাৰ এন্ড হেৰেল্ড অৱ খ্ৰাইষ্ট প্ৰেজেন্চ। এইদৰে প্ৰথম শতাব্দী আৰু বৰ্তমান সময়টো ধাৰ্ম্মীক লোকসকলে যি ধৰণে আশা কৰি আছিল, তাৰ পৰা শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ পথ মুকলি হৈছিল।a

১১. কি ধৰণৰ ধাৰ্ম্মিক পৰিৱেশৰ কাৰণে দুয়োটা শতাব্দীতে শুভবাৰ্ত্তাৰ প্ৰচাৰ কাৰ্য্য সহজ হৈছিল?

১১ আৰু এটা কাৰণে দুয়োটা শতাব্দীৰ খ্ৰীষ্টানসকলৰ বাবে প্ৰচাৰ কাৰ্য্য কাম সহজ হৈ পৰিল, সেইটো হৈছে বহুতো পৱিত্ৰ শাস্ত্ৰ বাইবেলৰ সৈতে পৰিচিত হৈছিল। প্ৰথম শতাব্দীত যিহূদীসকলে আশে-পাশে থকা পৰজাতিসকলৰ দেশৰ সকলো ঠাইত বিয়পী পৰিছিল। সেই যিহূদীসকলৰ নিজ আৰাধনালয় আছিল যʼত নিয়মিতৰূপে শাস্ত্ৰৰ পঢ়া হৈছিল আৰু আলোচনা কৰা হৈছিল। এইদৰে প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে নতুন লোকসকলক সত্য শিকোৱাৰ বাবে সহজ আছিল, কিয়নো তেওঁলোকৰ ওচৰত পূৰ্বৰে পৰা শাস্ত্ৰৰ সম্পৰ্কে বহুতো কথা জানাইছিল। (পাঁচনিৰ কৰ্ম্ম ৮:২৮-৩৬; ১৭:১, ২) সেইদৰে বিংশ শতাব্দীৰ আৰম্ভণীতো, যিহোৱাৰ লোকসকলে বহুতো দেশত সেই একেধৰণৰ পৰিৱেশ গঢ়িছিলে। খ্ৰীষ্টীয়জগতৰ এলেকাত, বিশেষকৈ প্ৰটেষ্টান্ত দেশবিলাকৰ সকলো স্থানত বাইবেল আছিল। বহুতো গীৰ্জা ঘৰত ইয়াক পঢ়া হৈছিল। লাখ সংখ্যক লোকৰ ওচৰত বাইবেল পোৱা গৈছিল, কিন্তু তেওঁলোকৰ কাৰণে বুজিবলৈ সহায়ৰ আৱশ্যক আছিল।

আইনৰ পৰা লাভৱান

১২. প্ৰথম শতাব্দীত কেনেকৈ ৰোমৰ আইনে দৰাচলতে নিৰাপত্তা দিছিল?

১২ প্ৰচাৰ কাৰ্য্যত খ্ৰীষ্টানসকলে চৰকাৰৰ আইনৰ পৰা প্ৰায়ে লাভৱান হয়। প্ৰথম শতাব্দীত গোটেই জগতত ৰোমী সম্ৰাজ্যৰ অধীনত আছিল আৰু এই সম্ৰাজ্যৰ লিখিত আইনবোৰ প্ৰতিদিন জীৱনত গভীৰভাৱে প্ৰভাৱিত কৰিছিল। এই আইনে লোকসকলক সুৰক্ষা কৰিছিল আৰু ইয়াৰ দ্বাৰা সেই সময়ৰ খ্ৰীষ্টানসকলো লাভৱান হৈছিল। উদাহৰণস্বৰূপে, পৌলে ৰোমৰ আইন অনুসৰি আপীল কৰাত তেওঁক এৰি দিয়া হʼল আৰু বেত্ৰাঘাতৰ পৰা ৰক্ষা পালে। (পাঁচনিৰ কৰ্ম্ম ১৬:৩৭-৩৯; ২২:২৫, ২৯) যেতিয়া ৰোমত আইনৰ ব্যৱস্থাৰ সমন্ধে কোৱা হʼল তেতিয়া ইফিচয়াত থকা খঙাল জনতাক শান্ত কৰিবলৈ সহায় হʼল। (পাঁচনিৰ কৰ্ম্ম ১৯:৩৫-৪১) এবাৰ যিৰূচালেমৰ বিদ্ৰোহৰ পৰা পৌলক উদ্ধাৰ কৰা হৈছিল কাৰণ তেওঁ এজন ৰোমৰ নাগৰিক আছিল। (পাঁচনিৰ কৰ্ম্ম ২৩:২৭) পিছলৈ, ৰোমৰ আইনে তেওঁক বিশ্বাসত অলৰ হৈ থাকিবলৈ ন্যায়ৰ প্ৰতিৰক্ষাৰে কৈচৰৰ সন্মূখত শক্তি যোগাইছিল। যদিও কৈচৰৰ বহুতো আইন-বিধি অৰাজকতাপূৰ্ণ আছিল, তথাপি প্ৰথম শতাব্দীৰ আইনে দৰাচলতে “শুভবাৰ্ত্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিয়া কথাত” অনুমোদন দিয়াইছিল।—ফিলিপীয়া ১:৭.

১৩. আমাৰ সময়ত প্ৰচাৰ কাৰ্য্যক পূৰ্ণ কৰিবলৈ আইনৰ পৰা কেনেকৈ সহায় পাইছো?

১৩ বৰ্তমান সময়তো বহুতো ঠাইত সেই একেদৰে প্ৰমাণিত হৈছে। যদিও কিছুমান লোকে “দুষ্টতাৰ সিংহাসনে বিধি স্থাপন কৰি অপকাৰ কৰে,” কিন্তু তথাপি বহুতো দেশত লিখিত আইনে যিকোনো ধৰ্ম্মক পালন কৰিবলৈ স্বাধীনতা দিয়ে আৰু ইয়াক এক বুনিয়াদী অধিকাৰ মনা হয়। (গীতমালা ৯৪:২০) বৰ্তমান সময়ত বহুতো দেশৰ চৰকাৰবিলাকে যিহোৱাৰ সাক্ষীক আইনৰূপে মান্যতা দিছে, কিয়নো তেওঁলোক জানিলে যে সাক্ষীসকলৰ সমাজ শান্তিৰ বাবে ভয়া লগা নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাক্ষীসকলৰ অধিক পৰিমাণে ছপাৰ কাৰ্য্য হৈ আছে আৰু তাত এনে আইন আছে যাৰ দ্বাৰা প্ৰহৰীদূৰ্গ আলোচনীক একেৰাহে ১২০ বছৰ ধৰি ছপোৱা আৰু পঢ়িবৰ বাবে গোটেই বিশ্বত পঠিয়াবলৈ সম্ভৱ হৈছে।

শান্তি আৰু সহনশীলতাৰ সময়

১৪, ১৫. প্ৰথম শতাব্দীত সামাজিক স্থিৰতায়ে পৰিচৰ্য্যা কাৰ্য্যৰ বাবে সহায়ক হৈছিল?

১৪ পৰিচৰ্য্যা কাৰ্য্য নিদ্ধাৰিত শান্তি সময়ৰ পৰাই লাভজনক। যদিও যীচুৱে সঠিকভাৱে ভৱিষ্যতবাণী কৰিছিল যে এনে এটা সময়ত ‘জাতিৰ বিৰুদ্ধে জাতি উঠিব,’ কিন্তু তাত স্থিৰতাৰ ব্যৱধান হবলৈ আছিলে যিয়ে ৰাজ্য প্ৰচাৰক প্ৰখৰ কৰিবলৈ সম্ভৱ কৰিব। (মথি ২৪:৭) প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে ৰোমানা পেক্স বা ৰোমৰ শান্তিৰ অধীনত বাস কৰিছিল। এজন বুৰঞ্জীবিদে লিখিলে: “ৰোমে সম্পূৰ্ণকৈ ভূমধ্যসাগৰীয় অঞ্চলৰ নিবাসীসকলক অধীনস্থ কৰিলে যাৰ দ্বাৰা ৰোমে বছৰ ধৰি অহৰহ হৈ থকা যুদ্ধ অৱসান ঘটালে।” এই স্থিৰতায় প্ৰাৰম্ভিক খ্ৰীষ্টানসকলৰ বাবে গোটেই ৰোম সম্ৰাজ্যত নিৰাপত্তাৰে সম্পৰ্কীয় গঢ়ি ঘুৰি ফুৰা পথ মুকলি হʼল।

১৫ ৰোমৰ সম্ৰাটে প্ৰৱল শক্তিশালী ব্যৱস্থাৰে লোকবিলাকক একগোট কৰিলে। এই ব্যৱস্থাই কেৱল যাতায়ত, সহনশীলতা আৰু ভাৱ-বিনিময়ে নহয় কিন্তু অন্তঃৰাষ্ট্ৰীয় ভাতৃত্ববোধৰ ধাৰণাৰ উন্নতি সাধিলে। অন দ্যা ৰʼড টু চিভিলাইজেছন নামৰ কিতাপত বৰ্ণনা কৰিছে: “[ৰোমান] সম্ৰাজ্যৰ একতা [খ্ৰীষ্টানসকলৰ প্ৰচাৰৰ বাবে] অনুকুল আছিল। জাতীয়তা প্ৰাচীৰ শেষ হʼল। ৰোমৰ নাগৰিক বিশ্বৰ নাগৰিক হʼল। . . . তদুপৰি, যিটো ধৰ্ম্মই ভাতৃত্ববোধৰ শিক্ষা দিছিল তাক ৰাষ্ট্ৰই বুজি পালে যাৰ ফলত সাৰ্ব্বজনিক নাগৰিকতাৰ ধাৰণা গঢ়ি উঠিল।”—পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫; ১ পিতৰ ২:১৭ তুলনা কৰক।

১৬, ১৭. বৰ্তমান সময়ত কিহৰ বাবে দেশৰ মাজত কিছু পৰিমাণে শান্তি বিৰাজ কৰিছে আৰু কিছুমান লোকে কি আৱশ্যকতাক অনুভৱ কৰে?

১৬ আমাৰ সময়ৰ বিষয়ে কি বৰ্ণনা কৰে? কুৰি শতাব্দীতো আটাইতকৈ বেছি ধ্বংস যুদ্ধৰে হোৱা বুৰঞ্জীত লিপিবদ্ধ হৈছিল, আৰু বহুতো দেশত আঞ্চলিক যুদ্ধসমূহে একেৰাহে বিভিষিকা সৃষ্টি কৰিছিল। (প্ৰকাশিত বাক্য ৬:৪) তথাপি, ইয়াত সামঞ্জস্য শান্তিৰ সময় আগৰে পৰা আছে। পৃথিৱীৰ মূখ্য শক্তিসমূহ ৫০ বছৰতকৈ অধিক সময়ৰ পৰা ইজনে সিজনৰ মাজত হতাহতি হোৱা নাই। এই পৰিস্থিতিয়ে সেই ঠাইবিলাকত শুভবাৰ্ত্তা প্ৰচাৰ কৰাত অশেষ অৰিহনা যোগাইছে।

১৭ কুৰি শতিকাৰ যুদ্ধৰ বিভিষীকাই বহুতো মানুহক এটা বিশ্ব চৰকাৰৰ আৱশ্যকতা যাৰ দ্বাৰা সকলোৰে উন্নতি হব বুলি ধাৰণা কৰিছে। বিশ্বৰ যুদ্ধৰ প্ৰতি ত্ৰাসৰ বাবেই গঠিত হʼল ৰাষ্ট্ৰ সংঘ আৰু যুক্তৰাষ্ট্ৰ। (প্ৰকাশিত বাক্য ১৩:১৪) আৰু এই দুয়ো সংঘই নিজৰ উদ্দেশ্য প্ৰকাশ কৰিলে যে বিশ্বৰ সকলো দেশৰ মাজত সহযোগিতা আৰু শান্তিক বৃদ্ধি কৰিব। লোকসকলেও ইয়াৰ অনুভৱ কৰিলে আৰু সেইবাবে তেওঁলোকে এনে এক চৰকাৰ অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কোৱা শুভবাৰ্ত্তাক শুনে যিয়ে চিৰকালৰ বাবে পৃথিৱীত শান্তি আনিব, সেইয়ে তেওঁলোকে ইয়াৰ বিষয়ে অধিক জানিব বিচাৰে।

১৮. পৰিচৰ্য্যা কাৰ্য্যত কি ধৰ্ম্মীয় দৃষ্টিভঙ্গী দেখা গৈছে?

১৮ যিহেতু খ্ৰীষ্টানসকলে এটা সময়ত নিষ্ঠুৰভাৱে অত্যাচাৰ কৰা হৈছিল, কিন্তু প্ৰথম শতাব্দী আৰু কুৰি শতিকাত এনে সময় হয় যʼত তেওঁলোকে অত্যাচাৰৰ পৰা উদ্ধাৰ আৰু নিজৰ ধৰ্ম্মক পালন কৰিবলৈ স্বাধীনতা পাইছে। (যোহন ১৫:২০; পাঁচনিৰ কৰ্ম্ম ৯:৩১) ৰোমৰ সম্ৰাজ্যতো এনেধৰণৰ স্বাধীনতা আছিল আৰু তেওঁলোকে মুকলিকৈ সিহঁতে জয় কৰা দেৱ-দেৱীক উপাসনা কৰিছিল। অধ্যাপক ৰʼডন স্তাৰকে লিখিছিল: “বহুতো ৰোমবাসীয়ে ব্যাপক স্তৰত ধৰ্ম্মীয় স্বাধীনতা আমেৰিকা বিপ্লৱ শেষ হোৱাৰ ঠিক পাছৰে পৰা বেছিকৈ বৃদ্ধি হৈছিল।” আধুনিক সময়তো, বহুতো দেশৰ মানুহে এই দৃষ্টিভঙ্গীক অতি বেছিকৈ উদঙাই দিছে, যাৰ ফলত যিহোৱা সাক্ষীসকলে প্ৰচাৰ কৰা বাইবেলৰ বাৰ্ত্তা ইচ্ছাকৃতভাৱে তেওঁলোকে শুনিছে।

প্ৰযুক্তিবিদ্যাৰ ভূমিকা

১৯. প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে পাণ্ডুলিপিৰ ব্যৱহাৰ কেনেদৰে কৰিছিল?

১৯ অৱশেষত, কেনেকৈ যিহোৱাই তেওঁৰ লোকবিলাকক প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰে লাভৱান কৰিছে বিবেচনা কৰক। যদিও প্ৰাৰম্ভিক খ্ৰীষ্টানে দ্ৰুতগতিত প্ৰযুক্তিবিদ্যাৰ অগ্ৰসৰ যুগত বাস কৰা নাছিল, তথাপি তেওঁলোকে পাণ্ডুলিপি, বা সাঁচী-পাতৰ পুস্তক ব্যৱহাৰ কৰিছিল। পাণ্ডুলিপি পৰিবৰ্তে আভঁজা নুৰা ব্যৱহাৰ কৰা হʼল। দ্যা বাৰ্থ অৱ দ্যা কডেক্স নামৰ পুস্তকত বাখ্যা কৰা হৈছে: “জাগতিক সাহিত্য, পাণ্ডুলিপিৰ ব্যৱহাৰৰ তুলনা ধীমাগতিৰ হলেও খ্ৰীষ্টানসকলে সাৰ্ব্বজনিকভাৱে পাণ্ডুলিপি ব্যৱহাৰ কৰা দেখা গৈছে।” এই কিতাপখনে আৰু কৈছে: “সাৰ্ব্বজনিকভাৱে খ্ৰীষ্টানসকলে পাণ্ডুলিপি ব্যৱহাৰ দ্বিতীয় শতাব্দীত প্ৰয়োগ কৰিছিল যাৰ বাবে ইয়াৰ ব্যৱহাৰৰ তাৰিখ সা.যু. ১০০ শতাব্দীৰ আগত।” পাণ্ডুলিপি প্ৰয়োগ নুৰাতকৈ সহজ। শাস্ত্ৰীয় পদৰ স্থান খৰতকীয়া কৰিব পাৰিছিল। ই প্ৰাৰম্ভিক খ্ৰীষ্টানসকলক বহুত সহায় কৰিছিল, যাৰ ভিতৰত আছিল পৌলৰ দৰে লোক, যিজনে শাস্ত্ৰীয় পদৰ বাখ্যাই নহয় কিন্তু ‘যুক্তি দেখুৱাই, ভাঙি বুজাই’ দিছিল।—পাঁচনিৰ কৰ্ম্ম ১৭:২, ৩.

২০. বিশ্বজুৰি পৰিচৰ্য্যা কাৰ্য্যত ঈশ্বৰৰ লোকসকলে আধুনিক প্ৰযুক্তিবিদ্যাক ব্যৱহাৰ কৰিছে, আৰু কিয়?

২০ আমাৰ শতাব্দীত প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিয়ে অভিলেশ স্থাপন কৰিছিল। দ্ৰুতগতিৰ প্ৰকাশন ব্যৱস্থাই সমানে বাইবেলৰ প্ৰকাশন, সাহিত্য বহুতো ভাষাত প্ৰকাশ কৰিবলৈ সহায়ক হৈছে। আধুনিক প্ৰযুক্তিবিদ্যাই বাইবেল অনুমোদিত কাৰ্য্য দ্ৰুতগতিত বৃদ্ধি কৰিছে। গোটেই পৃথিৱীজুৰি বাইবেল সাহিত্যক দ্ৰুতগতিৰে যিমান সম্ভৱ ট্ৰাক, ট্ৰেইন, জাহাজ আৰু উৰাজাহাজৰ যাতায়ত ব্যৱস্থাই যোগান ধৰিছে। টেলিফোন আৰু ফেক্স মেচিনৰ যোগেদি এটা বাস্তৱিক যোগাযোগ সমাধান কৰিছে। যিহোৱাই তেওঁৰ আত্মাৰ যোগেদি এনে প্ৰযুক্তিৰে বিশ্বজুৰি শুভবাৰ্ত্তা প্ৰচাৰৰ অগ্ৰসৰ ব্যৱহাৰিকতাই সহায়ক কৰি তুলিছে। তেওঁলোকে এনে উন্নতিবোৰৰ ক্ষেত্ৰত ব্যৱহাৰিকতাৰ কথা নাজানি অভিপ্ৰায়েৰে পৃথিৱীৰ এই আধুনিকতাৰ প্ৰাধান্য দিছে। যিয়ে নহওঁক কিয়, তেওঁলোকৰ প্ৰথম আৰু আটাইতকৈ উল্লেখযোগ্য আগ্ৰহ হʼল প্ৰচাৰ কাৰ্য্যৰ দায়ীত্বক কেনেকৈ ফলপ্ৰসু কৰি পালন কৰিব পৰা যায়।

২১. আমি কিহত বিশ্বাস ৰাখিব পাৰোঁ?

২১ যীচুৱে ভৱিষ্যতবাণী কৰিছিল: “ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব।” (মথি ২৪:১৪) সেই ভৱিষ্যতবাণীৰ এটা পূৰ্ণতাক যেনেকৈ প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে দেখিছিল, তেনেকৈ আমি বৃহত আকাৰত ভৱিষ্যতবাণীৰ পূৰ্ণতা দেখিবলৈ পাইছো। এই কাৰ্য্যত কষ্ট আৰু বাধা-বিঘিনি থকাৰ স্বত্তেও, গ্ৰহণীয় আৰু অগ্ৰহণীয় সময়ত, যদিও আইন আৰু দৃষ্টিভঙ্গী সলনি হৈছে, যুদ্ধ আৰু শান্তিৰ সময়ত, সকলো ধৰণৰ প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ শুভবাৰ্ত্তাৰ আগৰে পৰা আৰু এতিয়াও প্ৰচাৰ কৰা হৈছে। যিহোৱাৰ জ্ঞান আৰু চমৎকাৰৰ দুৰদৰ্শিতাই আপোনাক বিমোৰত নেপেলাই নে? আমি চূড়ান্তভাৱে নিশ্চিত যে প্ৰচাৰ কাৰ্য্য যিহোৱাৰ নিদ্ধাৰ্ৰিত সময় মতে সম্পূৰ্ণ হব কাৰণে এই সু-উদ্দেশ্যৰ সৈতে এই কাৰ্য্য সমাধান কৰিবলৈ ধাৰ্ম্মিকসকলৰ ওপৰত আশীৰ্ব্বাদ থাকিব। তেওঁলোকে পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব। (গীতমালা ৩৭:২৯; হবক্কুক ২:৩) যদি আমি যিহোৱাৰ উদ্দেশ্যৰ সৈতে আমাৰ জীৱনক সামঞ্জস্যত ৰাখো, আমি তেওঁলোকৰ ভিতৰৰ এজন হব পাৰিম।—১ তীমথিয় ৪:১৬.

[Footnotes]

a মচীহৰ বিষয়ে থকা এই দুয়োটা ভৱিষ্যতবাণীক ভালকৈ বুজিবলৈ ওৱাচ্‌ টাৱাৰ বাইবেল এণ্ড ট্ৰেক্ট চোচাইটিৰ দ্বাৰ প্ৰকাশ কৰা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপৰ পৃষ্ঠা ৩৬, ৯৭, আৰু ৯৮-১০৭ চাওঁক।

পুনৰ আলোচনা কৰা বিষয়

◻ শুভবাৰ্ত্তা প্ৰচাৰ কৰা কাৰ্য্য কিয় প্ৰত্যাহ্বানজনক?

◻ কিদৰে চৰকাৰৰ ব্যৱস্থা আৰু সম্পৰ্কীত সামাজিক স্থিৰতাই খ্ৰীষ্টানসকলৰ প্ৰচাৰ কাৰ্য্যক লাভৱান কৰিছে?

◻ প্ৰচাৰ কাৰ্য্যত যিহোৱাৰ আশীৰ্ব্বাদে কি ভৱিষ্যতৰ উন্নতিৰ আস্থা ৰাখিছে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক